ইলা অৰুণ এগৰাকী ভাৰতীয় গায়িকা, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব, ৰাজস্থানী লোক কণ্ঠশিল্পী।১ লমহে, জোধা আকবৰ, ছাদি কে ছাইদ এফেক্টছ আৰু বেগম জান আদি ছবিত তেখেতে অভিনয় কৰিছে।২ হিন্দী ছবি "খলনায়ক"ত কণ্ঠদান কৰা "ছোলী কে পিছে ক্যা হ্যে" গীতটোৰ বাবে তেখেতে শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ শিতানত বঁটা লাভ কৰিছিল। তেখেতে গোৱা "ভোট ফ'ৰ ঘাগ্ৰা" একক গীতটো এক লাখতকৈও অধিক কপি বিক্ৰী হৈছে।৩
ব্যক্তিগত জীৱন
ইলা অৰুণৰ জন্ম হয় ৰাজস্থানৰ জয়পুৰত। ১৯৫২ চনৰ ১৫ মাৰ্চত।৪৫ তেখেতে অভিনেত্ৰী ঈশিতা অৰুণৰ মাতৃ।৬ তেখেতে জয়পুৰস্থিত মহাৰাণী ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৭
অৰুণ বাজপেইৰ লগত ইলা অৰুণৰ বিবাহ হয়।৮
নেপথ্য কণ্ঠশিল্পী
ইলা অৰুণে কেইবাখনো ছবিৰ গীতত কণ্ঠদান কৰিছে। তদুপৰি তামিল আৰু তেলেগু ছবিতো গীত গাইছে। অলকা য়াগনিকৰ লগত যুটীয়াভাৱে কণ্ঠদান কৰা "ছ'লি কে পিছে ক্যা হ্যে" শীৰ্ষক গীতটো আজিও জনপ্ৰিয়। গীতটো আছিল খলনায়ক নামৰ হিন্দী ছবিখনৰ। ছবিখনত মাধুৰী দীক্ষিতে অভিনয় কৰিছিল। এই গীতটোৰ বাবে তেখেতে ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছিল।৯ "কৰণ অৰ্জুন" ছবিত গোৱা আন এটি গীত "গুপ চুপ"ৰ বাবেও তেখেত পৰিচিত। "লমহে" ছবিত লতা মংগেশকাৰৰ লগত কণ্ঠদান কৰা "মোৰনি বাগা মা বোলে" গীতটো তেখেতৰ দ্বাৰা পৰিৱেশিত আন এটি জনপ্ৰিয় গীত। ছবিখনত শ্ৰীদেৱীয়ে অভিনয় কৰিছিল। তেখেতে তামিল ভাষাৰ ছবি "মিষ্টাৰ ৰ'মিঅ"ত গোৱা "মুথু মুথু মাজাই" গীতটো এ.আৰ. ৰেহমানৰ দ্বাৰা সুৰাৰোপিত। বহুচৰ্চিত আৰু অ'স্কাৰ বঁটাৰে সন্মানীত ছবি "শ্লামড'গ মিলিয়েনৰি"ত তেখেতে "ৰিংগা ৰিংগা" গীতটো গাইছিল। এইটো গীতো সুৰ কৰিছিল এ.আৰ. ৰেহমানেই।১০
একক সৃষ্টি
তেখেতে কেইবাটাও একক গীত জনপ্ৰিয় হৈছে। তাৰ ভিতৰত "ভোট ফ'ৰ ঘাগ্ৰা", আই.পি.এল.ৰ ক্ৰিকেট দল ৰাজস্থান ৰয়েলছৰ প্ৰচাৰৰ কাৰণে ৰচনা কৰা "হাল্লা বোল" প্ৰধান।১১ এইটো গীতে কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰে। তেখেতে বহুতো ৰাজস্থানী গীত আৰু এলবাম ৰচনা কৰিছে। ১২
অভিনয়
টেলিভিছনত প্ৰদৰ্শিত "লাইফলাইন"(জীৱনৰেখা) নামৰ হিন্দী ধাৰাবাহিকখনত তেখেতে প্ৰথমবাৰৰ কাৰণে ভূমুকি মাৰে। ২০০৮ চনত মুক্তি লাভ কৰা জোধা আকবৰত তেখেতে অনবদ্য অভিনয় কৰিছিল। ছবিখনত তেখেতে আকবৰৰ ধাত্ৰী আৰু ৰাজনৈতিক পৰামৰ্শদাতা "মাহাম আংগা"ৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল। ইয়াৰ বাহিৰেও তেখেতে বিভিন্ন ছবিত অভিনয় কৰিছে। কেইখনমান হৈছে-
- চাইনা গেইট(১৯৯৮)
- চিংগাৰী (২০১২)
- ৱেল ডান আব্বা
- ৱেলকাম টু চাজ্জনপুৰ
- ৱেষ্ট ইজ ৱেষ্ট(২০১০)
- ঘাতক
- ছাদী কে ছাইদ এফেক্টছ
- বেগম জান।১৩
ছবিত অভিনয় কৰাৰ উপৰিও ইলা অৰুণে ১৯৮০ চনত দুৰদৰ্শনত সম্প্ৰচাৰিত হোৱা "ভাৰত এক খৌজ"১৪, "য়াত্ৰা"তো১৫অৱদান আগবঢ়াইছিল। ২০১৪ চনত শ্যাম বেনেগালে পৰিচালনা কৰা "সংবিধান" নামৰ দহ খণ্ডৰ মিনি-চিৰিজ এটাত ইলা অৰুণে হান্সা মেহতা নামৰ এগৰাকী স্বাধীন সমাজকৰ্মীৰ চৰিত্ৰত অভিনয় কৰিছিল, যি সাংবিধানিক সমিতিৰ উপদেষ্টা সমিতিৰ সদস্যা আছিল। ভাৰতৰ সংবিধান-নিৰ্মাণৰ কাহিনীটো এইটো মিনি-চিৰিজত খণ্ড খণ্ডকৈ দেখুউৱা হৈছিল।১৬
সংগীতপঞ্জী
| এলবাম | টোকা |
|---|---|
| ভোট ফ'ৰ ঘাগৰা | |
| নিগোৰি কেইছি জৱানি হ্যে | |
| ম্যে হো গয়ী ছৱা লাখ কী | |
| বঞ্জাৰন | |
| দ্য ভেৰি বেষ্ট অৱ ইলা | সঙ্কলন |
| খীচৰি | |
| হৌলে হৌলে | |
| মেলা | |
| ইলা অৰুণ পপ হিটছ | সঙ্কলন |
| চ্চাপন চুৰী | |
| মাৰে হিৱৰা মা | |
| নিম্ৰী নিমোলী | এম টিভি কোক ষ্টুডিঅ' (একক কণ্ঠ ) |
তথ্যসূত্ৰ
- ↑ Jha, Shuchita. (2 September 2019). Singer Ila Arun remembers BV Karanth's contribution · Bhopal News - Times of India. The Times of India
- ↑ Ila Arun
- ↑ www.filmibeat.com/celebs/ila-arun/biography.html
- ↑ timesofindia.indiatimes.com/topic/Ila-Arun
- ↑ (7 May 2011). Rajasthan's culture is rich: Ila Arun. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (5 October 2018). My Career in Bollywood Bloomed After Becoming A Mother: Ila Arun. Outlook
- ↑ www.filmibeat.com/celebs/ila-arun/biography.html
- ↑ আৰ্কাইভ কপি
- ↑ Ila Arun. IMDb
- ↑ Slumdog Millionaire music review: glamsham.com. glamsham.com
- ↑ Hungama, Bollywood. (25 March 2008). Ila Arun to say 'Halla Bol' for IPL team of Rajasthan – Bollywood Hungama. Bollywood Hungama
- ↑ www.filmibeat.com/celebs/ila-arun/biography.html
- ↑ আৰ্কাইভ কপি
- ↑ www.imdb.com/title/tt0155424/fullcredits
- ↑ www.hindustantimes.com/tv/yatra-the-series-that-
- ↑ movies.ndtv.com/bollywood/shyam-benegal-samvidha
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলা অৰুণ” প্ৰবন্ধৰ সংশোধন ৬১২৫৫৫ (১৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।