ইন্দিৰা মিৰি (Indira Miri) আছিল অসমৰ এগৰাকী শিক্ষাবিদ, বিদূষী মহিলা, এ'ডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল। তেখেতে কৰ্মজীৱনৰ আৰম্ভণিতে মেৰীয়া মণ্টেছৰীৰ পৰা প্ৰত্যক্ষভাৱে দীক্ষা পাইছিল। সৰুকালত তেখেতৰ নাম মেৰেং আছিল বুলি অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ মেৰেং উপন্যাসত লিখিছে।১মেৰেং ইন্দিৰা মিৰিৰ জীৱনভিত্তিক উপন্যাস। শিক্ষাক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ভাৰত চৰকাৰে ১৯৭৭ চনত ইন্দিৰা মিৰিক পদ্মশ্ৰী বঁটা প্ৰদান কৰে। ১৯৮৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মিৰিক সন্মানীয় ডি লিট উপাধি প্ৰদান কৰিছিল।
জন্ম আৰু পৰিয়াল
ইন্দিৰা মিৰিৰ জন্ম হৈছিল ১৯১০ চনৰ বিজয়া দশমী তিথিত। তেওঁৰ পিতৃৰ নাম আছিল স্বৰ্গীয় ৰায়বাহাদুৰ সোণাধৰ সেনাপতি।২ তেওঁৰ ঘৰ আছিল শিৱসাগৰ জিলাৰ অৰ্জুনগুড়ি গাঁৱত। পাছত তেওঁ শ্বিলংত ঘৰ লৈছিল।
শিক্ষা
দেউতাক সোণাধৰ সেনাপতিয়ে নিজৰ ল’ৰা-ছোৱালীক সমানে শিক্ষা দিব বিচাৰিছিল। সেই সময়ত শ্বিলঙত কোনো অসমীয়া মাধ্যমৰ বিদ্যালয় নাছিল। সেয়ে ইন্দিৰা মিৰিয়ে প্ৰথমতে বঙালী মাধ্যমতহে শিক্ষাগ্ৰহণ কৰিছিল। ইয়াৰ পিছত দেউতাকে ইন্দিৰা মিৰিক কলিকতাৰ বেথুন হাইস্কুলত নামভৰ্তি কৰাই দিয়েগৈ। ইয়াৰপৰাই সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈ ১৯৩২ চনত তেওঁ স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।২
কলিকতা বিশ্ববিদ্যালয়ৰপৰা ১৯৪৩ চনত তেওঁ বি টি ডিগ্ৰী লাভ কৰে আৰু ককায়েক এম পি মহেন্দ্ৰ পাল দাসৰ লগত দিল্লীত থাকিবলৈ লয়। তেতিয়াৰ শিক্ষা মন্ত্ৰীৰ পৰামৰ্শক্ৰমে তেওঁ বিলাতত পঢ়িবলৈ যোৱাৰ সিদ্ধান্ত লয় আৰু সেইসূত্ৰে ১৯৪৫ চনত ইন্দিৰা মিৰি এ'ডিনবাৰ্গ বিশ্ববিদ্যালয়ত বি.এড পঢ়িবলৈ যুক্তৰাজ্যলৈ যাত্ৰা কৰে। তাৰপৰা বিএড ডিগ্ৰী লৈ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰপৰা শিক্ষক প্ৰশিক্ষণ বিষয়ত মানপত্ৰ লাভ কৰে।২
কৰ্ম জীৱন
১৯৪৭ চনত ইন্দিৰা মিৰি ভাৰতলৈ উভতি আহে। তাৰ পিছতে ভাৰত চৰকাৰে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সী (চমুকৈ নেফা)-ৰ অবিভক্ত লোকসকলৰ শিক্ষাৰ উন্নতিৰ কাৰণে শিক্ষা বিষয়া হিচাপে ইন্দিৰা মিৰিক নিয়োগ কৰে। তেওঁ ১৯৪৭ চনৰ অক্টোবৰ মাহত শদিয়াত শিক্ষা বিষয়া হিচাপে যোগদান কৰে। প্ৰথমতে, ইন্দিৰা মিৰিয়ে পাছিঘাট আৰু শদিয়া ভ্ৰমণ কৰে।২ সেই সময়তে তেওঁ শদিয়াত এটা শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰে।৩ নেফাত চাকৰিত যোগদান কৰাৰ সময়ত সমগ্ৰ নেফা(নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সী) অঞ্চলত মাত্ৰ দুখন স্কুল আছিল। ইয়াৰে এখন আছিল পাছিঘাটত আৰু আনখন আছিল মেকাত (লোহিত জিলা)। মিৰিয়ে বিভিন্ন অঞ্চলৰ ভিতৰুৱা গাঁওসমূহ খোজকাঢ়ি অথবা হাতীৰ পিঠিত উঠি পৰিভ্ৰমণ কৰিছিল। ১৯৫০ চনৰ ভূমিকম্পত শদিয়াকে ধৰি নেফাৰ বহুতো ঠাইৰ ক্ষয়-ক্ষতি হয়। ইন্দিৰা মিৰিৰ নেতৃত্বত এই অঞ্চলসমূহত সাহায্য আগবঢ়োৱা হৈছিল।
১৯৫৭ চনত তেওঁ নেফা(নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সী)ৰ পৰা গুছি আহে। সেই সময়ছোৱাত তেতিয়ালৈকে নেফাত প্ৰায় ১০০০খন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।২ তাৰ পিছত ইন্দিৰা মিৰিয়ে যোৰহাটৰ বিটি কলেজত প্ৰতিষ্ঠাপক অধ্যক্ষ হিচেপে যোগদান কৰে। ১৯৬৮ চনত তাৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে আৰু গুৱাহাটীলৈ উভতি আহে। গুৱাহাটীত তেওঁ বাণীকান্ত বি টি কলেজৰ অধ্যক্ষা হিচাপে নিযুক্ত হয়। এই পদৰপৰা ১৯৮৭ চনত অৱসৰ লয় আৰু সমাজ কল্যাণ পৰিষদত সভানেত্ৰী হিচাপে যোগদান কৰে। তেওঁ গুৱাহাটী কন্যা মহাবিদ্যালয়ৰো প্ৰতিষ্ঠাপক অধ্যক্ষা আছিল। ইয়াৰ উপৰি তেওঁ দুটা কাৰ্যকালৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আছিল।২
ব্যক্তিগত জীৱন
স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ অসমলৈ ঘূৰি আহে। তাৰ পিছতেই ১৯৩২ চনত তেওঁৰ পিতৃ সোণাধৰ সেনাপতিৰ কথামতে মিচিং সম্প্ৰদায়ৰে মহীচন্দ্ৰ মিৰিৰ লগত বিবাহ পাশত আৱদ্ধ হয়। মহীচন্দ্ৰ মিৰি অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক (চীফ কন্জাৰভেটৰ অব ফৰেষ্টচ) আছিল। মহীৰ লগত কলিকতাত প্ৰেম আৰু পৰিণয় হোৱাৰ পাচত ইন্দিৰা কিছুদিন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু যোৰহাটত থাকে, লগতে মহীৰ গাঁৱৰ ঘৰতো থাকে। উক্ত সময়তে তেখেতৰ সন্তান উৎপল মিৰি, চপলা মিৰি আৰু মৃণাল মিৰিৰ জন্ম হয়। কাজিৰঙাত মহী ক'লাজ্বৰত ঢুকোৱাৰ পাচত ইন্দিৰাই পিতৃৰ তথা মহীৰ (আগৰ) অনুপ্ৰেৰণাক্ৰমে পঢ়া-শুনা আৰু সমাজ সেৱাত মনোনিৱেশ কৰে; আৰু অসমৰ শিক্ষা-সমাজলৈ বৃহৎ অৱদান আগবঢ়ায়।
বঁটা
- ১৯৭৭ চনত কেন্দ্ৰীয় চৰকাৰে ইন্দিৰা মিৰিক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।
- ১৯৭৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়-এ ডি লিট উপাধি প্ৰদান কৰে।
- ২০০৪ চনত অসম চৰকাৰে শংকৰদেৱ বঁটা প্ৰদান কৰে
মৃত্যু
২০০৪ চনৰ ৫ ছেপ্তেম্বৰত ইন্দিৰা মিৰিৰ ৯৪ বছৰ বয়সত মৃত্যু হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Mereng latest Assamese novel by Anuradha Sharma Pujari সংগ্ৰহৰ সময়- ০৩ ফেব্ৰুৱাৰী ২০১২
- ↑ AT Editorial www.assamtribune.com. (14 Sept 2004). Indira Miri - a born educationist. Zoom Information
- ↑ Education In Arunachal Pradesh Since 1947: Constraints, Opportunities, Initiatives and Needs. By Joram Begi সংগ্ৰহৰ সময়- ০৩ ফেব্ৰুৱাৰী ২০১২
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দিৰা মিৰি” প্ৰবন্ধৰ সংশোধন ৪৮৫১৯০ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।