বুকাৰ বঁটা বিজয়ী
১৩ প্ৰবন্ধ
-
অৰুন্ধতী ৰায়
সুজানা অৰুন্ধতী ৰায় (Suzanna Arundhati Roy; জন্ম: ২৪ নৱেম্বৰ ১৯৬১)
-
চলমান ৰুশ্বদি
আহমেদ চলমান ৰুশ্বদি (Salman Rushdie; জন্ম জুন ১৯, ১৯৪৭) এজন ব্ৰিটিছ ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেওঁৰ দ্বিতীয় উপন্যাস মিডনাইটছ চিলড্ৰেনে ১৯৮১ চনত মেন বুকাৰ বঁটা লাভ কৰিছিল। তেওঁৰ বেছিভাগ লিখনিয়ে ভাৰতীয় উপমহাদেশক সামৰি লৈছে। কোৱা হয় যে তেওঁ যাদুৰ বাস্তৱৰ আধাৰত ঐতিহাসিক কল্পকাহিনী লিখে।
-
কিৰণ দেশাই
কিৰণ দেশাই (Kiran Desai; জন্ম: ৩ ছেপ্টেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় লেখিকা। তেওঁ ইংৰাজী ভাষাত ৰচনা কৰা উপন্যাস 'দা ইনহেৰিটেন্স অফ লষ্ট'ৰ বাবে ২০০৬ চনত মেন বুকাৰ বঁটা লাভ কৰে। একেখন উপন্যাসৰ বাবে তেওঁ ৰাষ্ট্ৰীয় গ্ৰন্থ সমালোচক চক্ৰৰ ফিক্সন বঁটাও লাভ কৰিছিল।
-
জে. এম. কয়েৎজে
জন মেক্সৱেল কয়েৎজে (John Maxwell Coetzee) (, বা; একাধাৰে ঔপন্যাসিক, নিবন্ধকাৰ, সাহিত্য সমালোচক কয়েৎজেই দুবাৰকৈ বুকাৰ বঁটা আৰু এবাৰ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে। এনে অসামান্য সাহিত্যিক কৃতিত্ব লাভ কৰা ব্যক্তি বৰ্তমানলৈকে এজনেই।
-
অৰবিন্দ আদিগা
অৰবিন্দ আদিগা( Aravind Adiga); জন্ম হৈছিল ২৩ অক্টোবৰ ১৯৭৪ চনত)। অৰবিন্দ ভাৰতত জন্মগ্ৰহণ কৰা এজন অষ্ট্ৰেলিয়ান লেখক আৰু সাংবাদিক। তেওঁৰ প্ৰথম উপন্যাস দ্য হোৱাইট টাইগাৰে ২০০৮ চনত মেন বুকাৰ বঁটা লাভ কৰে।
-
ডগলাছ ষ্টুৱাৰ্ট
ডগলাছ ষ্টুৱাৰ্ট (Douglas Stuart; জন্ম: ১৯৭৬)এজন স্কটিছ-আমেৰিকান লেখক আৰু ফেশ্বন ডিজাইনাৰ। তেওঁৰ প্ৰথমখন উপন্যাস শ্বাগি বেইন হৈছে ২০২০ চনত বুকাৰ বঁটা লাভ কৰা গ্ৰন্থ।
-
চেহান কৰুণাতিলকা
চেহান কৰুণাতিলকা (Shehan Karunatilaka; জন্ম: ১৯৭৫) শ্ৰীলংকাৰ এগৰাকী লেখক। তেওঁ কলম্বোত ডাঙৰ-দীঘল হৈছিল, নিউজিলেণ্ডত পঢ়া-শুনা কৰিছিল আৰু লণ্ডন, আমষ্টাৰডাম আৰু ছিংগাপুৰত থাকি কাম কৰিছিল।
-
হান কাং
হান কাং (Han Kang; কোৰিয়ান: 한강; জন্ম:২৭ নৱেম্বৰ, ১৯৭০) এগৰাকী দক্ষিণ কোৰিয়ান লেখক। তেওঁক বিশেষকৈ তেওঁৰ দ্য ভেজিটেৰিয়ান উপন্যাসখনৰ বাবে জনা যায়; য’ত এগৰাকী মহিলাৰ মানসিক স্বাস্থ্য আৰু পৰিয়ালৰ পৰা পোৱা উপেক্ষাৰ বিষয়ে বৰ্ণিত হৈছে।
-
গীতাঞ্জলি শ্ৰী
গীতাঞ্জলি শ্ৰী (Geetanjali Shree) (তেখেত গীতাঞ্জলি পাণ্ডে নামেৰেও জনাজাত, আৰু তেখেতে মাকৰ প্ৰথম নাম শ্ৰীক শেষ নাম হিচাপে লৈছে।) ) (জন্ম ১৯৫৭) ভাৰতৰ নতুন দিল্লীত বাস কৰা এগৰাকী হিন্দী ঔপন্যাসিক আৰু চুটিগল্পকাৰ। গীতাঞ্জলি শ্ৰী কেইবাটাও চুটিগল্প আৰু পাঁচখন উপন্যাসৰ লেখিকা।
-
দ্য ইনহেৰিটেন্স অৱ লছ (উপন্যাস)
দ্য ইনহেৰিটেন্স অৱ লছ (The Inheritance of Loss) হৈছে ২০০৬ চনত ভাৰতীয় লেখিকা কিৰণ দেশাইৰ উপন্যাস। এই উপন্যাসখনে কেইবাটাও বঁটা লাভ কৰিছে, সেই বছৰতে লাভ কৰিছে বুকাৰ বঁটা, ২০০৭ চনৰ ৰাষ্ট্ৰীয় কিতাপ সমালোচক চক্ৰ কল্পকাহিনী বঁটা, আৰু ২০০৬ চনৰ ভোডাফোন ক্ৰছৱৰ্ড বুক বঁটা।
-
বানু মুস্তাক
বানু মুস্তাক (Banu Mushtaq) (জন্ম ১৯৪৮) দক্ষিণৰ কৰ্ণাটক ৰাজ্যৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী, অধিবক্তা আৰু সাহিত্যিক। তেওঁ কানাড়া ভাষাত লিখে৷ তেওঁৰ ৰচনাসমূহ উৰ্দু, হিন্দী, তামিল, মালায়ালম আৰু শেহতীয়াকৈ ইংৰাজী ভাষাতো প্ৰকাশ পাইছে।
-
ভি এচ নাইপল
ছাৰ বিদ্যাধৰ সুৰজপ্ৰসাদ নাইপল { (জন্ম ১৭ আগষ্ট ১৯৩২ – মৃত্যু ১১ আগষ্ট ২০১৮) ত্ৰিনিদাদত জন্মগ্ৰহণ কৰা নাইপলে ইংৰাজীত কল্পকাহিনী আৰু অকল্পকাহিনী লিখা এগৰাকী বৃটিছ লেখক।
-
লাছলো ক্ৰাছনাহৰ্কাই
লাছলো ক্ৰাছনাহৰ্কাই ((জন্ম হৈছিল: ৫ জানুৱাৰী ১৯৫৪ চনত) হ'ল এজন হাঙ্গেৰীৰ ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ। তেওঁক ২০২৫ চনৰ সাহিত্যৰ নোবেল বঁটা দিয়া হৈছে। সাহিত্যৰ নবেল বঁটা পোৱাৰ আগেয়ে ২০১৫ চনত তেওঁ পুৰুষৰ আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰিছিল।