গল্পকাৰ
৩২ প্ৰবন্ধ
-
অনুভৱ তুলসী
অনুভৱ তুলসী (Anubhav Tulasi) একাধাৰে কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ, সম্পাদক। বিংশ শতিকাৰ শেষৰপৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ ক্ষেত্ৰখনত তেওঁ অৱদান আগবঢ়াই আহিছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৪ চনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে।
-
অৰবিন্দ আদিগা
অৰবিন্দ আদিগা( Aravind Adiga); জন্ম হৈছিল ২৩ অক্টোবৰ ১৯৭৪ চনত)। অৰবিন্দ ভাৰতত জন্মগ্ৰহণ কৰা এজন অষ্ট্ৰেলিয়ান লেখক আৰু সাংবাদিক। তেওঁৰ প্ৰথম উপন্যাস দ্য হোৱাইট টাইগাৰে ২০০৮ চনত মেন বুকাৰ বঁটা লাভ কৰে।
-
খাদিজা মাস্তুৰ
খাদিজা মাস্তুৰ (Khadija Mastoor; উৰ্দু: خدیجہ مستور; ১১ ডিচেম্বৰ ১৯২৭ – ২৫ জুলাই ১৯৮২) এগৰাকী পাকিস্তানী চুটি গল্প লেখক আৰু ঔপন্যাসিক। তেওঁ আছিল উৰ্দু সাহিত্যৰ এগৰাকী বিশিষ্ট সাহিত্যকাৰ।
-
মনোজ দাস
মনোজ দাস (Manoj Das; ২৭ ফেব্ৰুৱাৰী ১৯৩৪ – ২৭ এপ্ৰিল ২০২১) এগৰাকী ভাৰতীয় লেখক; যি ওড়িয়া আৰু ইংৰাজী ভাষাত লেখা-মেলা কৰিছিল। ১৯৭১ চনত লণ্ডন আৰু এডিনবাৰ্গৰ আৰ্কাইভত কৰা তেওঁৰ গৱেষণাই শ্ৰী অৰবিন্দৰ নেতৃত্বত বিংশ শতিকাৰ প্ৰথম দশকত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কিছুমান অতি কম পৰিচিত তথ্য পোহৰলৈ আনিছিল; যাৰ…
-
ইন্দিৰা পাৰ্থসাৰথি
আৰ পাৰ্থসাৰথি (Indira Parthasarathy; জন্ম:৭ জুলাই, ১৯৩০) যাক সাধাৰণতে ইন্দিৰা পাৰ্থসাৰথি বা ঈ-পা বুলিও জনা যায়; এগৰাকী ভাৰতীয় তামিল লেখক আৰু নাট্যকাৰ। তেওঁ ঘাইকৈ ঔৰংগজেৱ, নন্দন কতাই আৰু ৰামানুজন নাটকৰ বাবে বিশেষ পৰিচিতি লাভ কৰিছিল।
-
দলিপ কৌৰ তিৱানা
দলিপ কৌৰ তিৱানা (Dalip Kaur Tiwana; ৪ মে’ ১৯৩৫ – ৩১ জানুৱাৰী ২০২০) হ’ল সমসাময়িক পাঞ্জাৱী সাহিত্যৰ এগৰাকী আগশাৰীৰ ঔপন্যাসিক আৰু চুটি-গল্প লেখক। তেওঁ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত সাহিত্যিক আছিল আৰু এই দুয়ো ক্ষেত্ৰতে বিভিন্ন বঁটা-বাহন লাভ কৰিছিল।
-
নাইয়াৰ মাছুদ
নাইয়াৰ মাছুদ(Naiyer Masud; (জন্ম: ১৯৩৬ – ২৪ জুলাই, ২০১৭) এগৰাকী ভাৰতীয় উৰ্দু পণ্ডিত আৰু উৰ্দু চুটি গল্প অফছানাৰ লেখক।
-
শামীম আজাদ
শামীম আজাদ (Shamim Azad; জন্ম:১১ নৱেম্বৰ, ১৯৫২) এগৰাকী বাংলাদেশী মূলৰ দ্বিভাষিক ব্ৰিটিছ কবি, কাহিনী কথক তথা লেখক।
-
হাজৰা মাছৰুৰ
হাজৰা মাছৰুৰ (Hajra Masroor; জন্ম: ১৭ জানুৱাৰী, ১৯৩০, মৃত্যু: ১৫ ছেপ্টেম্বৰ ২০১২) এগৰাকী পাকিস্তানী গল্পকাৰ আৰু নাৰীবাদী লেখক। উৰ্দু সাহিত্যত অফছানা নামেৰে জনাজাত একপ্ৰকাৰ চুটি কল্পকাহিনী লেখনৰ জৰিয়তে মাছৰুৰে নিজকে প্ৰতিষ্ঠা কৰিছিল।
-
হৰ্হে লুইছ বৰ্হেছ
হৰ্হে লুইছ বৰ্হেছ (স্পেনিছ: Jorge Luis Borges, জন্মঃ ২৪ আগষ্ট ১৮৯৯ – মৃত্যুঃ ১৪ জুন ১৯৮৬) এগৰাকী বিশিষ্ট আৰ্জেণ্টাইন লেখক, কবি, প্ৰবন্ধকাৰ আৰু ভাবুক ব্যক্তি আছিল। তেওঁৰ সৃষ্টিত চেতনা, বাস্তৱতা, সময়, অসীমতা, পৰিচয় আদি বিষয়বোৰ গভীৰ দাৰ্শনিক দৃষ্টিৰে প্ৰকাশ পাইছে।
-
অৰ্চনা শৰৎ
অৰ্চনা শৰৎ (ইংৰাজী: Archana Sarat) এগৰাকী ভাৰতীয় লেখিকা, চুটিগল্প লেখক, ফ্ল্যাশ ফিকচন লেখক আৰু কবি। তেওঁ তেওঁৰ ২০১৬ চনৰ উপন্যাস বাৰ্ডছ অৱ প্ৰেৰ বাবে পৰিচিত, যিখন এখন মানসিক অপৰাধমূলক থ্ৰিলাৰ। এই উপন্যাসখন অ’টিটি প্লেটফৰ্ম আহা তামিলত তামিল ভাষাত পৰ্দাৰ বাবে অভিযোজন কৰা হৈছে।
-
ইফ্ফত আৰা
শামসুন নাহাৰ ইফ্ফত আৰা (Shamsun Nahar Iffat Ara; জন্ম: ১৯৩৯) বা ইফ্ফত আৰা এগৰাকী বাংলাদেশী লেখক, সমাজ কৰ্মী আৰু সাহিত্য উদ্যোগী। ১৯৫০চনৰ শেষৰ ফালৰপৰা তেওঁ চুটি গল্প লিখিবলৈ আৰম্ভ কৰিছিল আৰু সেইবোৰ ‘দ্য আজাদ’ৰ দৰে বাংলাদেশৰ নামী কাকতত প্ৰকাশ হৈছিল।
-
ইয়েমোদিছ বেকেলে
ইয়েমোদিছ বেকেলে (Yemodish Bekele, জন্ম-১৯৬০) কবিতা, চুটিগল্প আৰু এখন উপন্যাসকে ধৰি সাতখনতকৈও অধিক গ্ৰন্থৰ প্ৰকাশিত লেখিকা আৰু নিজাকৈ চুটিগল্প সংকলন প্ৰকাশ কৰা প্ৰথমগৰাকী ইথিঅ'পিয়ান মহিলা।
-
কমলা চৌধুৰী
কমলা চৌধৰী (Kamla Chaudhry;২২ ফেব্ৰুৱাৰী ১৯০৮ – ১৯৭০) হিন্দী ভাষাৰ এগৰাকী ভাৰতীয় চুটিগল্প লেখিকা আৰু তৃতীয় লোকসভাৰ হাপুৰৰ সাংসদ।
-
জাইটুন বানো
জাইটুন বানো (Zaitoon Bano; ১৮ জুন ১৯৩৮ – ১৪ ছেপ্টেম্বৰ ২০২১) এগৰাকী পাকিস্তানী কবি, চুটিগল্প লেখক, ঔপন্যাসিক, সম্প্ৰচাৰক আৰু খাইবাৰ পখতুনখোৱাত নাৰী অধিকাৰৰ সমৰ্থক আছিল। তেওঁ মূলতঃ পাষ্টো আৰু উৰ্দু ভাষাত লিখিছিল।
-
জিন্তু গীতাৰ্থ
জিন্তু ঠাকুৰীয়া (Jintu Thakuria) একাধাৰে গল্পকাৰ, সম্পাদক তথা অধ্যাপক। কৰ্মসূত্ৰে বৰ্তমান তেওঁ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক। তেখেতে ২০২৩ বৰ্ষৰ জুন মাহত 'মন মৰা তৰা’ শীৰ্ষক চুটিগল্প সংকলনৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰে।
-
জিবা চিৰাজী
জিবা চিৰাজী (Ziba Shirazi) এগৰাকী ইৰাণী-আমেৰিকান লেখিকা, কবি, কণ্ঠশিল্পী, গীতিকাৰ, গল্পকাৰ আৰু ছদ্মনামধাৰী লেখিকা। এগৰাকী কবি আৰু সংগীত শিল্পী হিচাপে তেওঁ নিজৰ মৰ্মস্পৰ্শী গীত আৰু কবিতাৰ জৰিয়তে কৰা কাহিনী কথনৰ বাবে বিশেষভাৱে পৰিচিত।
-
জৰ্জ জোচেফ কে
জৰ্জ জোচেফ কে (George Joseph K., জন্ম:১৯৫৫), এগৰাকী ভাৰতীয় গল্পকাৰ, ঔপন্যাসিক, কবি আৰু সাংবাদিক, যি মালয়ালম ভাষাত লিখে। বৰ্তমানলৈ তেওঁৰ ৯ খন কিতাপ প্ৰকাশ হৈছে।
-
টাই নিং
টাই নিং (Tie Ning; জন্ম: ছেপ্টেম্বৰ ১৯৫৭) এগৰাকী চীনা গল্পকাৰ আৰু ঔপন্যাসিক। তেওঁ বেইজিঙত থাকে। ২০০৬ চনৰপৰা তেওঁ চীন ৰাইটাৰ্ছ এছ’চিয়েচনৰ সভাপতি আৰু চীনা কমিউনিষ্ট পাৰ্টিৰ ১৮ তম কেন্দ্ৰীয় সমিতিৰ সদস্য।
-
দিনেশ নন্দিনী ডালমিয়া
দিনেশ নন্দিনী ডালমিয়া (Dinesh Nandini Dalmia; ১৬ ফেব্ৰুৱাৰী ১৯২৮ – ২৫ অক্টোবৰ, ২০০৭), বা দিনেশনন্দিনী ডালমিয়া হিন্দী সাহিত্যৰ এগৰাকী ভাৰতীয় কবি, গল্পকাৰ আৰু ঔপন্যাসিক। তেওঁ ডালমিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰামকৃষ্ণ ডালমিয়াৰ পঞ্চম পত্নী।
-
পূৰবী বসু
পূৰবী বসু (Purabi Basu; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৪৯) এগৰাকী বাংলাদেশী চুটিগল্পকাৰ, ফাৰ্মাক'লজিষ্ট আৰু সমাজকৰ্মী। ২০০৫ চনত তেওঁ অনন্য সাহিত্য বঁটাআৰু ২০১৩ চনত বাংলা একাডেমী সাহিত্য বঁটা লাভ কৰে। ২০০৫ চনৰ পৰা তেওঁ নিউয়ৰ্কৰ ৱাইথ ফাৰ্মাচিউটিকেলছ নামৰ ঔষধ কোম্পানীত জ্যেষ্ঠ কাৰ্যবাহী হিচাপে কাম কৰি আহিছে।
-
বলৱন্ত গাৰ্গী
বলৱণ্ত গাৰ্গী ( জন্ম, ৪ ডিচেম্বৰ ১৯১৬ –মৃত্যু, ২১ এপ্ৰিল ২০০৩) এজন ভাৰতীয় পাঞ্জাবী ভাষাৰ নাট্যকাৰ, নাট্য পৰিচালক, ঔপন্যাসিক, চুটিগল্প লেখক, আৰু শিক্ষাবিদ আছিল।
-
মনোৰমা দাস মেধি
মনোৰমা দাস মেধি (জন্ম:১৯৫০-) এগৰাকী বিশিষ্ট গল্পকাৰ। এক নাৰীকেন্দ্ৰিক সমালোচনামূলক ভঙ্গীৰ লগতে সমাজ জীৱনৰ প্ৰতি থকা সচেতনতা, গ্ৰামীণ সমাজ আৰু পৰম্পৰাগত যৌথ পৰিয়ালৰ নানা আভ্যন্তৰীণ দ্বন্দ্ব তেওঁৰ গল্পত প্ৰকাশ পাইছে। টংলাৰ পৰা প্ৰকাশিত দামল নামৰ লিটল্ মেগাজিন এখনৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত।
-
মিখাইল শ্বলখভ
মিখাইল শ্বলখভ (সম্পূৰ্ণ নাম: মিখাইল আলেক্সাণ্ডাৰভিচ শ্বলখভ,, ৰাছিয়ান: Михаил Александрович Шолохов), জন্ম ১৯০৫ – মৃত্যু ১৯৮৪) এজন ৰাছিয়াৰ ঔপন্যাসিক আৰু ১৯৬৫ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী আছিল।
-
মিয়েক' কাৱাকামি
মিয়েক' কাৱাকামি (Mieko Kawakami; জন্ম: ২৯ আগষ্ট, ১৯৭৬) অ’ছাকাৰ এগৰাকী জাপানীজ লেখক আৰু কবি। সাহিত্যৰ কেইবাটাও ধাৰাত তেওঁ সন্মানীয় জাপানী সাহিত্য বঁটা লাভ কৰিছে।
-
মোহন ৰাকেশ
মোহন ৰাকেশ (৮ জানুৱাৰী ১৯২৫ – ৩ ডিচেম্বৰ ১৯৭২) ১৯৫০ চনত ভাৰতৰ হিন্দী সাহিত্যৰ ‘নয়ী কাহিনী’ সাহিত্য আন্দোলনৰ পুৰোধা লেখকসকলৰ ভিতৰত অন্যতম। সংগীত নাটক অকাডেমীৰ আয়োজন কৰা প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথম আধুনিক হিন্দী নাট আছাধ কা এক দিন (১৯৫৮) ৰচনা কৰে।
-
য়িয়ুন লি
য়িয়ুন লি (Yiyun Li, জন্ম:৪ নৱেম্বৰ, ১৯৭২) হৈছে আমেৰিকাত অধ্যাপনা কৰি থকা চীনত জন্মা এগৰাকী লেখক। অলেখ পুৰস্কাৰ আৰু প্ৰশংসাৰে তেওঁৰ গল্প আৰু উপন্যাসে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে।
-
শেহনাজ মুন্নী
শেহনাজ মুন্নী (Shahnaz Munni, জন্ম ১৯৬৯) এগৰাকী বাংলাদেশী সাংবাদিক, কবি আৰু লেখক। ২০১৬ চনৰ জানুৱাৰী মাহৰপৰা তেওঁ ঢাকাস্থিত টেলিভিছন চেনেল নিউজ ২৪ৰ মুখ্য নিউজ এডিটৰ ৰূপে কৰ্মৰত। শেহনাজ শিশু কল্যাণমূলক কাম-কাজৰ সৈতে জড়িত।
-
সাৱিত্ৰী ৰাজীৱন
সাৱিত্ৰী ৰাজীৱন (ইংৰাজী: Savithri Rajeevan; জন্ম: ১৯৫৬) এগৰাকী ভাৰতীয় কবি, চুটিগল্প লেখিকা আৰু চিত্ৰশিল্পী। মালয়ালম ভাষাৰ এগৰাকী আগশাৰীৰ মহিলা লেখিকা হিচাপে তেওঁ সাহিত্য আৰু চিত্ৰকলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁ চাৰিখন কবিতা সংকলন আৰু এটা চুটিগল্পৰ খণ্ড প্ৰকাশ কৰিছে।
-
হুমায়ুন আজাদ
হুমায়ুন আজাদ (Humayun Azad, ২৮ এপ্ৰিল ১৯৪৭ – ১২ আগষ্ট ২০০৪) এজন বাংলাদেশী কবি, ঔপন্যাসিক, চুটিগল্প লেখক, সমালোচক, ভাষাবিদ, স্তম্ভলেখক আৰু ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপক। ১৯৮৬ চনত বাংলা ভাষাবিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বাংলা একাডেমী সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।