অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মনোজ দাস

মনোজ দাস (Manoj Das; ২৭ ফেব্ৰুৱাৰী ১৯৩৪ – ২৭ এপ্ৰিল ২০২১) এগৰাকী ভাৰতীয় লেখক; যি ওড়িয়া আৰু ইংৰাজী ভাষাত লেখা-মেলা কৰিছিল। ১৯৭১ চনত লণ্ডন আৰু এডিনবাৰ্গৰ আৰ্কাইভত কৰা তেওঁৰ গৱেষণাই শ্ৰী অৰবিন্দৰ নেতৃত্বত বিংশ শতিকাৰ প্ৰথম দশকত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কিছুমান অতি কম পৰিচিত তথ্য পোহৰলৈ আনিছিল; যাৰ…

হালনাগাদ: ২৬ নৱেম্বৰ ২০২৫ ৬০৫ শব্দ · ৩ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মনোজ দাস (Manoj Das; ২৭ ফেব্ৰুৱাৰী ১৯৩৪ – ২৭ এপ্ৰিল ২০২১) এগৰাকী ভাৰতীয় লেখক; যি ওড়িয়া আৰু ইংৰাজী ভাষাত লেখা-মেলা কৰিছিল।১ ১৯৭১ চনত লণ্ডন আৰু এডিনবাৰ্গৰ আৰ্কাইভত কৰা তেওঁৰ গৱেষণাই শ্ৰী অৰবিন্দৰ নেতৃত্বত বিংশ শতিকাৰ প্ৰথম দশকত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কিছুমান অতি কম পৰিচিত তথ্য পোহৰলৈ আনিছিল; যাৰ বাবে তেওঁক প্ৰথম শ্ৰী অৰবিন্দ পুৰস্কাৰ (কলকাতা) প্ৰদান কৰা হৈছিল। ১৯৬৩ চনৰপৰা তেওঁ পুডুচেৰীৰ শ্ৰী অৰবিন্দ আশ্ৰমৰ এগৰাকী বাসিন্দা আছিল আৰু ইয়াৰ শ্ৰী অৰবিন্দ আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্য আৰু শ্ৰী অৰবিন্দৰ দৰ্শন পঢ়াইছিল।২৩

২০০০ চনত তেওঁক সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল। ২০০১ চনত তেওঁক ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী,৪ আৰু ২০২০ চনত সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্ৰদান কৰা হৈছিল।৫ সাহিত্য অকাডেমিয়ে তেওঁক তেওঁলোকৰ সৰ্বোচ্চ সন্মান সাহিত্য অকাডেমি ফেলোশ্বিপ প্ৰদান কৰিছিল।৬

প্ৰাৰম্ভিক জীৱন

উৰিষ্যাৰ সৰু উপকূলীয় গাওঁ বালাচ’ৰত দাসৰ জন্ম হৈছিল। তেওঁৰ পিতৃ মধুসূদন দাসে৭ ব্ৰিটিছ চৰকাৰৰ অধীনত কাম কৰিছিল। স্কুলত পঢ়ি থাকোঁতেই দাসে লিখিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথমখন গ্ৰন্থ আছিল শতাব্দীৰ আৰ্তনাদ নামে এটি ওড়িয়া ভাষাৰ কাব্য সংকলন। ১৯৫০ চনত তেওঁ ‘দিগন্ত’ নামে এখন সাহিত্য আলোচনী মুকলি কৰে। তেওঁ ১৯৫১ চনত উচ্চ বিদ্যালয়ৰ শিক্ষা সাং কৰি কটক মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিল। বিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁৰ প্ৰথম চুটি গল্প সংকলন সমুদ্ৰ ক্ষুধা (হাংগাৰ অৱ চি) প্ৰকাশ হৈছিল। কটকত ডিগ্ৰী পঢ়ি থাকোঁতে তেওঁ ছাত্ৰ ৰাজনীতিত যোগদান কৰিছিল। কলেজীয়া দিনত তেওঁ মৌলবাদী দৃষ্টিভংগীৰ এগৰাকী যুৱ নেতা আছিল আৰু বৈপ্লৱিক কাৰ্যকলাপৰ বাবে এবছৰ কাৰাগাৰত কটাইছিল। ১৯৫৯ চনত তেওঁ ইণ্ডোনেছিয়াৰ বাণ্ডুঙত অনুষ্ঠিত আফ্ৰো-এছিয়ান ছাত্ৰ সন্মিলনৰ প্ৰতিনিধি আছিল। তেওঁ কটকত ডিগ্ৰী সম্পূৰ্ণ কৰা নাছিল। ১৯৫৫ চনত তেওঁ পুৰীৰ সামন্ত চন্দ্ৰ শেখৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সমাপ্ত কৰিছিল। কলেজীয়া কালছোৱাত তেওঁ ‘জীৱনৰ স্বাদ’ নামৰ এখন উপন্যাস লিখি প্ৰকাশ কৰিছিল; এই সময়ত প্ৰকাশিত তেওঁৰ আন দুখন কিতাপ আছিল চুটি গল্পৰ সংকলন ‘বিশ্বকন্যাৰ কাহিনী’ আৰু কবিতা সংকলন ‘পদধ্বনি’। ইংৰাজী সাহিত্যত ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ৰেভেনশ্ব মহাবিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ক্ৰিষ্ট কলেজ (কটক)ত প্ৰবক্তা হিচাপে কিছু বছৰ কাম কৰাৰ পিছত, তেওঁ পুডুচেৰীৰ শ্ৰী অৰবিন্দ আশ্ৰমত যোগদান কৰে।৮ ১৯৬৩ চনৰ পৰা তেওঁ পুডুচেৰীৰ শ্ৰী অৰবিন্দ আন্তঃৰাষ্ট্ৰীয় শিক্ষা কেন্দ্ৰত ইংৰাজী সাহিত্যৰ অধ্যাপক ৰূপে কৰ্মৰত আছিল।৯

তেওঁ ফকীৰ মোহন সেনাপতি, ব্যাস আৰু বাল্মিকীয়ে তেওঁক প্ৰভাৱিত কৰিছিল বুলি উল্লেখ কৰিছে।১০

স্বীকৃতি

  1. উৰিষ্যা সাহিত্য অকাডেমি বঁটা, ১৯৬৫ আৰু ১৯৮৭
  2. কেন্দ্ৰ সাহিত্য অকাডেমি বঁটা, ১৯৭২
  3. সৰলা বঁটা, ১৯৮১
  4. বিষুৱা বঁটা, ১৯৮৬
  5. সাহিত্য ভাৰতী বঁটা, ১৯৯৫
  6. সৰস্বতী সন্মান, ২০০০১১১২
  7. শ্ৰেষ্ঠ কাহিনীৰ বাবে উৰিষ্যা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, ২০০১
  8. পদ্মশ্ৰী, ২০০১
  9. পদ্মভূষণ, ২০২০
  10. সাহিত্য একাডেমী ফেলোশ্বিপ,১৩ ২০০৬১৪
  11. অতিবাদী জগন্নাথ দাস এৱাৰ্ড, ২০০৭১৫
  12. এনটিআৰ লিটাৰেৰী এৱাৰ্ড, ২০১৩১৬
  13. অমৃতা কীৰ্তি পুৰস্কাৰ, ২০১৩১৭১৮
  14. বেদ ব্যাস সন্মান১৯
  15. মিষ্টিক কলিংগ লিটাৰেৰী এৱাৰ্ড (২০২০)২০

গ্ৰন্থপঞ্জী

উপন্যাস

  1. The Escapist, ২০০১
  2. ত্ৰন্দ্ৰালোকৰ প্ৰহৰী, ২০০০
  3. Aakashra Isara, ১৯৯৭
  4. অমৃত ফল, ১৯৯৬ (সৰস্বতী সন্মান)
  5. আ টাইগাৰ এট টুইলাইট, ১৯৯১
  6. বুলডজাৰ এণ্ড ফেবলচ্‌ এণ্ড ফেনটাচাইজ ফৰ এডাল্টচ্‌, (১৯৯০)
  7. চাইক্লনচ্‌, ১৯৮৭
  8. প্ৰভঞ্জন
  9. গধূলিৰে বাঘ
  10. কনকা উপত্যকাৰ কাহিনী

গল্প সংকলন

  1. উপকথা সতকা
  2. আবু পুৰুষ
  3. শেষ বসন্তৰ চিঠি, ১৯৬৬
  4. Manoj Dasanka Katha O Kahani, 1971
  5. Dhumabha Diganta O Anyana Kahani, 1971
  6. দ্য ক্ৰকডাইলচ্‌ লেডী:আ কালেকচন অৱ ষ্ট’ৰিজ, ১৯৭৫
  7. Manoj-pancha-bimsati, 1977
  8. The Submerged Valley and Other Stories, 1986
  9. ফেয়াৰৱেল টু আ ঘষ্ট: চৰ্ট ষ্ট’ৰিজ এণ্ড আ নভেলিটি, ১৯৯৪
  10. লিজেণ্ড অৱ দ্য গল্ডেন ভেলী, ১৯৯৬
  11. Samudra-kulara Eka Grama (Balya Smruti), 1996
  12. Aranyaka; (adapted to Aranyaka, 1994)
  13. ভিন্ন মনীষা ও অন্যান্য কাহিনী
  14. Abupurusha O Anyana Kahani
  15. Lakshmira Abhisara
  16. Abolakara Kahani
  17. অৰণ্য উল্লাশ
  18. চিলেকটেড ফিকচন
  19. চেজিং দ্য ৰেইনব’: গ্ৰৱিং আপ ইন এন ইণ্ডIয়ান ভিলেজ, ২০০৪

ভ্ৰমণ কাহিনী

  1. Keta Diganta (Part I)
  2. Keta Diganta (Part -II)
  3. অন্তৰংগ ভাৰত (প্ৰথম খণ্ড) (মাই লিটল ইণ্ডিয়া)
  4. অন্তৰংগ ভাৰত (দ্বিতীয় খণ্ড)
  5. দূৰ-দূৰান্তৰ
  6. অদূৰ বিদেশ – ২০০৪

কবিতা

  1. তুম গান ও অন্যান্য কবিতা, ১৯৯২
  2. কবিতা উৎকলা

বুৰঞ্জী আৰু সংস্কৃতি

  1. Bharatara Aitihya: Shateka Prashnara Uttara,১৯৯৯
  2. Manoj Das Paribesita Upakatha Shataka (টেলচ্‌ টল্ড বাই মিষ্টিক), ২০০২
  3. Mahakalara Prahelika O Anyana Jijnansa, ২০০৬
  4. Jibana Jijnasa o Smaraika Stabaka
  5. Prajna Pradeepika
  6. Sesha tantrikara sandhanare

তথ্যসূত্ৰ

  1. ↑ (27 April 2021). Noted Odia and English writer Manoj Das passes away at 87 in Puducherry. New Indian Express
  2. ↑ (2012). Famous eminent persons poets freedom fighters of Orissa.. insideorissa.co.in
  3. ↑ (28 April 2021). Odisha: Writer Manoj Das dies, leaves behind a void in Odia literature. Minati Singha. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ পদ্মশ্ৰী ২০১০. চৰকাৰী বিজ্ঞপ্তি
  5. ↑ Padma Awards List 2020. Govt. of India
  6. ↑ Akademi Awards. Sahitya Akademi
  7. ↑ Padhi, S.C. (2007). Historians and historiography: twentieth-century Orissa. Sundeep Prakashan. পৃ. 10. ISBN 978-81-7574-177-5
  8. ↑ Benson, E.; Conolly, L.W. (2004). Encyclopedia of Post-Colonial Literatures in English. Taylor & Francis. পৃ. 338. ISBN 978-1-134-46848-5
  9. ↑ (2012). Manoj Das – Odia Writer: The South Asian Literary Recordings Project (Library of Congress New Delhi Office). loc.gov
  10. ↑ Kumar, Ramendra. (2012). Tete-A-Tete with A Wizard of the Words by Ramendra Kumar. boloji.com
  11. ↑ (2009). K.K. Birla Foundation. kkbirlafoundation.org
  12. ↑ Archived copy
  13. ↑ (2007). Other States / Orissa News: Highest literary honour for Manoj Das. দ্য হিন্দু
  14. ↑ (2012). .:: SAHITYA: Fellows and Honorary Fellows::.. sahitya-akademi.gov.in
  15. ↑ (2011). Atibadi Jagannath Das Award for 4- Orissa- IBNLive. ibnlive.in.com
  16. ↑ (2013). NTR literary award for Oriya writer – The Hindu. thehindu.com
  17. ↑ Dominique, Bosco. (18 September 2013). Writer Manoj Das selected for Amrita Keerti Puraskar instituted by Mata Amritanandamayi Math. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  18. ↑ (2013). Amritakeerti Puraskar for litterateur Manoj Das | Business Standard. business-standard.com
  19. ↑ Manoj Das conferred with Vedvyas Samman Puraskar. Odisha Sun Times
  20. ↑ (2020). Odisha writer Manoj Das receives Mystic Kalinga Literary Award – The Hindu. thehindu.com

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকঔপন্যাসিকগল্পকাৰওড়িয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীওড়িয়া ব্যক্তিওড়িয়া কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোজ দাস” প্ৰবন্ধৰ সংশোধন ৫৫৭৫১৭ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।