অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জে. এম. কয়েৎজে

জন মেক্সৱেল কয়েৎজে (John Maxwell Coetzee) (, বা; একাধাৰে ঔপন্যাসিক, নিবন্ধকাৰ, সাহিত্য সমালোচক কয়েৎজেই দুবাৰকৈ বুকাৰ বঁটা আৰু এবাৰ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে। এনে অসামান্য সাহিত্যিক কৃতিত্ব লাভ কৰা ব্যক্তি বৰ্তমানলৈকে এজনেই।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৬৬৪ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

জন মেক্সৱেল কয়েৎজে (John Maxwell Coetzee) (,১ বা;২ একাধাৰে ঔপন্যাসিক, নিবন্ধকাৰ, সাহিত্য সমালোচক কয়েৎজেই দুবাৰকৈ বুকাৰ বঁটা আৰু এবাৰ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে। এনে অসামান্য সাহিত্যিক কৃতিত্ব লাভ কৰা ব্যক্তি বৰ্তমানলৈকে এজনেই।

শৈশৱকাল আৰু শিক্ষা জীৱন

১৯৪০ চনৰ ৯ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ কেইপটাউন চহৰত জন্ম হোৱা৩ এজন শ্বেতাংগ (আফ্ৰিকান)৪ হিচাপে জাতি বিভাজিত সমাজৰ অস্বাভাৱিক পৰিস্থিতি কয়েৎজেই সৰুৰে পৰা দেখি আহিছিল। কয়েৎজেৰ দেউতাক এজন উকীল আৰু মাক বিদ্যালয়ৰ শিক্ষক আছিল৫৬। শৈশৱ কালৰ অধিক সময় কেইপটাউনতে কটোৱা কয়েৎজেই ছেণ্ট্ জোচেফ কলেজত অধ্যয়ন কৰে আৰু পিছলৈ কেইপটাউন ইউনিভৰ্চিটিৰ পৰা গণিত আৰু ইংৰাজী ভাষাৰ শিক্ষা গ্ৰহণ কৰে। ১৯৬৩ চনত কয়েৎজেই Master of Arts ডিগ্ৰী গ্ৰহণ কৰে। ইউনিভাৰ্চিটি অব্ টেক্সাচৰ পৰা লিংগুইষ্টিকচত তেওঁ পি.এইচ.ডি. ১৯৬৮ চনত ডিগ্ৰী গ্ৰহণ কৰে।৭

কৰ্মজীৱন

১৯৬২ চনৰ পৰা ১৯৬৫ চনলৈ কয়েৎজে লণ্ডনত থাকি আই.বি.এম. ত কম্পিউটাৰ প্ৰগ্ৰেমাৰ হিচাপে কাম কৰিছিল। পি.এইচ.ডি. ডিগ্ৰী লৈ টেক্সাচৰ পৰা ওভটাৰ পাছত ১৯৭১লৈকে ষ্টেট ইউনিভাৰ্চিটি অব্ নিউয়ৰ্কত ইংৰাজী আৰু সাহিত্যৰ শিক্ষক ৰূপে কাম কৰে। তেতিয়া তেওঁ যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব বিচাৰিছিল যদিও ভিয়টনাম-বিৰোধী যুদ্ধৰ প্ৰতিবাদত অন্তৰ্ভুক্ত হোৱাৰ বাবে সেইয়া লাভ নকৰিলে। ফলত তেওঁ দক্ষিণ আফ্ৰিকালৈ উভতি গৈ কেইপটাউন ইউনিভৰ্চিটিত ইংৰাজী সাহিত্যৰ অধ্যাপক হিচাপে কৰ্মৰত হয়। কয়েৎজেই চিকাগো বিশ্ববিদ্যালয়তো অধ্যাপনা কৰে। ২০০৬ চনৰ ৬ মাৰ্চত কয়েৎজেই অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব গ্ৰহণ কৰে।৮

সাহিত্যিক জীৱন আৰু ব্যক্তিত্ব

১৯৬৯ চনত কয়েৎজেই লেখকজীৱন আৰম্ভ কৰে। ১৯৭৪ চনত তেওঁৰ প্ৰথম গ্ৰন্থ ‘‘ডাক্সলেণ্ড’’ দক্ষিণ আফ্ৰিকাত প্ৰকাশ হয়। ১৯৭৭ চনত প্ৰকাশ হোৱা ‘‘ইন ডা হাৰ্ট অৱ ডা কাণ্ট্ৰি’’ য়ে দক্ষিণ আফ্ৰিকাৰ মুখ্য সাহিত্যিক বঁটা ‘‘CNA Prize’’ লাভ কৰে আৰু কিতাপখন ব্ৰিটেইন আৰ ইউ.এচ.এ.ত প্ৰকাশ হয়। ইয়াৰ পাছতে ১৯৮০ চনত প্ৰকাশ হোৱা ‘‘ৱেইটিং ফৰ ডা বাৰ্বেৰিয়ান্স’’য়ে আন্তঃৰাষ্ট্ৰীয়ভাবে পৰিচিত কৰি তোলে।৯

মানুহ আৰু মানুহেই সৃষ্টি কৰা জগতখনৰ এটা নিৰ্মোহ প্ৰতিচ্ছবি তেওঁৰ লেখাত প্ৰকাশ কৰিবলৈ তেওঁ প্ৰতিশ্ৰুতিবদ্ধ।
কয়েৎজেৰ লেখাৰ এটা উল্লেখনীয় লক্ষণ হ’ল মিতব্যয়িতা। অতি কম শব্দ প্ৰয়োগ কৰে, কিন্তু প্ৰতিটো শব্দ এনেকৈ সুচিন্তিতভাৱে প্ৰয়োগ কৰে যে অধিক বলিষ্ঠ আৰু অৰ্থবহ হৈ পৰে।
... মহান ৰচনাসমূহৰ পৰাও আমি এইটো আশা কৰোঁ- আমাৰ সুপ্ত অথচ একেবাৰে বিসৰ্জন দিব নোৱাৰা মনুষ্যত্বৰ উপলব্ধিৰ উমান দিয়া। কয়েৎজে সন্ত-মহাজন নহয়। শুনা মতে, অতি সাধাৰণ, অনাড়ম্বৰ মানুহ, কিন্তু তেওঁ এজন লেখক। তেওঁ প্ৰচাৰধৰ্মী বা কোনো বাণী কঢ়িয়াই অনা বিধৰ লেখক নহয়। মানুহ হিচাপে তেওঁ আঁৰত থাকিয়েই ভাল পায় বুলি শুনা যায়। অন্য বহু লেখকৰ দৰে তেওঁ প্ৰচাৰ মাধ্যমৰ লগত প্ৰায় সংযোগ নাৰাখে, সাক্ষাৎকাৰ নিদিয়ে। দুবাৰ বুকাৰ প্ৰাইজ পায়ো এবাৰো প্ৰাইজটো গ্ৰহণ কৰিবলৈ যোৱা নাছিল। –ড॰ অৰ্পণা মহন্ত১০ ১১

বঁটা

১৯৮৩ চনত ‘‘ডা লাইফ এণ্ড টাইমছ্ অৱ মাইকেল কে’’ ৰ বাবে আৰু ১৯৯৯ চনত ‘‘ডিচগ্ৰেছ’’ ৰ বাবে কয়েৎজে বুকাৰ বঁটা লাভ কৰে। ২০০৩ চনত তেওঁ নবেল বঁটা লাভ কৰাৰ উপৰিও অলেখ বঁটা-পুৰস্কাৰে তেখেতক বিভূষিত কৰা হৈছে।১২ কয়েৎজেৰ বহুকেইখন উপন্যাসেই বুকাৰ নমিনেচন লাভ কৰিছিল।১৩

সাহিত্য কৰ্মৰাজি

উপন্যাস

  • Dusklands (১৯৭৪) ISBN 0-14-024177-9১৪
  • In the Heart of the Country (১৯৭৭) ISBN 0-14-006228-9
  • Waiting for the Barbarians (১৯৮০) ISBN 0-14-006110-X
  • Life & Times of Michael K (১৯৮৩) ISBN 0-14-007448-1
  • Foe (১৯৮৬) ISBN 0-14-009623-X
  • Age of Iron (১৯৯০) ISBN 0-14-027565-7
  • The Master of Petersburg (১৯৯৪) ISBN 0-14-023810-7
  • The Lives of Animals (১৯৯৯) ISBN 0-691-07089-X
  • Disgrace (১৯৯৯) ISBN 978-0143115281
  • Elizabeth Costello (২০০৩) ISBN 0-670-03130-5
  • Slow Man (২০০৫) ISBN 0-670-03459-2
  • Diary of a Bad Year (২০০৭) ISBN 1-846-55120-X

আত্মজীৱনীমূলক উপন্যাস

  • Boyhood: Scenes from Provincial Life (১৯৯৭) ISBN 0-14-026566-X
  • Youth: Scenes from Provincial Life II (২০০২) ISBN 0-670-03102-X
  • Summertime (২০০৯) ISBN 1-846-55318-0
  • Scenes from Provincial Life (২০০১) ISBN 1-846-55485-3.

অন্যন্য

  • White Writing: On the Culture of Letters in South Africa (১৯৮৮) ISBN 0-300-03974-3
  • Doubling the Point: Essays and Interviews (১৯৯২) ISBN 0-674-21518-4
  • Giving Offense: Essays on Censorship (১৯৯৬), ISBN 0-226-11176-8
  • Stranger Shores: Literary Essays, 1986–1999 (২০০২) ISBN 0-142-00137-6
  • Inner Workings: Literary Essays, 2000–2005 (২০০৭) ISBN 0-099-50614-9

১৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ David Malouf with J. M. Coetzee, Adelaide Writers Week
  2. ↑ Sangster, Catherine. (1 October 2009). How to Say: JM Coetzee and other Booker authors. BBC News
  3. ↑ Attridge, Derek. (2004). J. M. Coetzee and the Ethics of Reading: Literature in the Event. University of Chicago Press. পৃ. 94. ISBN 978-0-226-03117-0
  4. ↑ Richards Cooper, Rand. (2 November 1997). Portrait of the writer as an Afrikaner. New York Times
  5. ↑ Head, Dominic. (2009). The Cambridge Introduction to J. M. Coetzee. Cambridge University Press. পৃ. 1–2. ISBN 0-521-68709-8
  6. ↑ Price, Jonathan. (Autumn 2000). J.M. Coetzee. Emory University
  7. ↑ NobelPrize.org, The Nobel Prize in Literature 2003 J. M. Coetzee
  8. ↑ JM Coetzee becomes an Australian citizen
  9. ↑ NobelPrize.org, The Nobel Prize in Literature 2003 J. M. Coetzee
  10. ↑ [ গৰীয়সী, ডিচেম্বৰ ২০০৩]
  11. ↑ Time Magazine, A Veiled Genius
  12. ↑ www.english.emory.edu/Bahri/Coetzee.html english.emory.edu]
  13. ↑ TheManBookerPrize.com
  14. ↑ Denman Flanery, Patrick. (9 September 2009). J. M. Coetzee's autre-biography. The Times Literary Supplement
  15. ↑ NobelPrize.org,Bibliography

সম্পৰ্কিত শ্ৰেণী

দক্ষিণ আফ্ৰিকাৰ ব্যক্তিঅষ্ট্ৰেলিয়াৰ ব্যক্তিসাহিত্যিকসাহিত্যৰ ন'বেল বঁটা বিজয়ীবুকাৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জে. এম. কয়েৎজে” প্ৰবন্ধৰ সংশোধন ৬৩২১৮৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।