অষ্ট্ৰেলিয়াৰ ব্যক্তি
৩০ প্ৰবন্ধ
-
জে. এম. কয়েৎজে
জন মেক্সৱেল কয়েৎজে (John Maxwell Coetzee) (, বা; একাধাৰে ঔপন্যাসিক, নিবন্ধকাৰ, সাহিত্য সমালোচক কয়েৎজেই দুবাৰকৈ বুকাৰ বঁটা আৰু এবাৰ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে। এনে অসামান্য সাহিত্যিক কৃতিত্ব লাভ কৰা ব্যক্তি বৰ্তমানলৈকে এজনেই।
-
অৰবিন্দ আদিগা
অৰবিন্দ আদিগা( Aravind Adiga); জন্ম হৈছিল ২৩ অক্টোবৰ ১৯৭৪ চনত)। অৰবিন্দ ভাৰতত জন্মগ্ৰহণ কৰা এজন অষ্ট্ৰেলিয়ান লেখক আৰু সাংবাদিক। তেওঁৰ প্ৰথম উপন্যাস দ্য হোৱাইট টাইগাৰে ২০০৮ চনত মেন বুকাৰ বঁটা লাভ কৰে।
-
ফিয়েৰলেচ নাদিয়া
মেৰী এন ইভান্স বা জনপ্ৰিয়ভাবে ফিয়েৰলেচ নাদিয়া (Mary Ann Evans বা Fearless Nadia; ৮ জানুৱাৰী ১৯০৮ - ৯ জানুৱাৰী ১৯৯৬) এগৰাকী অষ্ট্ৰেলিয়ান-ভাৰতীয় অভিনেত্ৰী তথা ষ্টাণ্ট ৱমেন। তেওঁৰ মঞ্চ নাম 'ফিয়েৰলেচ নাদিয়া' বা 'নিৰ্ভীক নাদিয়া'ৰ দ্বাৰা জনাজাত আছিল।
-
অনিতা আৰণচ্
অনিতা আৰনচ্ ( Anita Aarons; ৬ নৱেম্বৰ ১৯১২ – ৩ জানুৱাৰী ২০০০) আছিল এগৰাকী অষ্ট্ৰেলিয়ান-কানাডিয়ান ভাস্কৰ্য শিল্পী।
-
অলিভিয়া ৱেলছ
অলিভিয়া জেনেভিভ ৱেলছ (ইংৰাজী: Olivia Genevieve Wells; জন্ম: ২৯ এপ্ৰিল ১৯৯৪) এগৰাকী অষ্ট্ৰেলিয়ান পৰোপকাৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে ২০১৩ চনৰ মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল।
-
ইনা গ্ৰেগৰী
জৰ্জিনা এলিছ গ্ৰেগৰী (১৮ অক্টোবৰ ১৮৭৪ – ৫ জুন ১৯৬৪) এগৰাকী অষ্ট্ৰেলিয়ান শিল্পী আছিল। ১৮৭৪ চনৰ ১৮ অক্টোবৰ তাৰিখে ইষ্ট মেলবৰ্ণত এলিছ (জন্ম-সূত্ৰে টপ) আৰু আইনজীৱী জন বাৰ্ছলেম গ্ৰেগৰীৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰে। সাতজন সন্তানৰ ভিতৰত তেওঁ দ্বিতীয় আছিল।
-
এলিছ পেৰী
এলিছ আলেক্সান্দ্ৰা পেৰী (জন্ম ৩ নৱেম্বৰ ১৯৯০) এগৰাকী অষ্ট্ৰেলীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আৰু প্ৰাক্তন ফুটবল খেলুৱৈ। ১৬ বছৰ বয়সত তেওঁ অষ্ট্ৰেলিয়াৰ জাতীয় ক্ৰিকেট দল আৰু জাতীয় ফুটবল দল দুয়োটাৰ হৈ অভিষেক কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা সৰ্বকনিষ্ঠ অষ্ট্ৰেলীয় খেলুৱৈ হিচাপে পৰিচিত হয় আৰু একে…
-
এলিজাবেথ আৰ্মষ্ট্ৰং
এলিজাবেথ কেৰ'লিন আৰ্মষ্ট্ৰং (২৮ ছেপ্টেম্বৰ ১৮৫৯ – ২১ ফেব্ৰুৱাৰী ১৯৩০), লিজি আৰ্মষ্ট্ৰং নামেৰে পৰিচিত, এগৰাকী অষ্ট্ৰেলিয়ান শিল্পী আৰু শিল্প শিক্ষয়িত্ৰী আছিল।
-
এৰিন হোলেণ্ড
এৰিন ভিক্টোৰিয়া হোলেণ্ড (ইংৰাজী: Erin Victoria Holland; জন্ম: ২১ মাৰ্চ ১৯৮৯) এগৰাকী অষ্ট্ৰেলিয়ান গায়িকা, টেলিভিছন ঘোষিকা, মডেল, নৃত্যশিল্পী, দানশীল কৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৩ চনৰ ২০ জুলাইত মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়া খিতাপ অৰ্জন কৰিছিল।
-
কেৰ'লিন গ্ৰীলছ
কেৰ'লিন গ্ৰীলছ (জন্ম নাম মিকেলছন; ১৮৮৮ আৰু ১৮৯০ চনৰ ভিতৰত – ৬ অক্টোবৰ ১৯৬০) আছিল এগৰাকী অষ্ট্ৰেলিয়ান ছিৰিয়েল কিলাৰ যিয়ে তেওঁৰ ভুক্তভোগীসকলক বিষাক্ত কৰিছিল।
-
কেৰোলাইন পেম্বাৰ্টন
কেৰোলাইন পেম্বাৰ্টন (ইংৰাজী: Caroline Pemberton) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, টেলিভিছন পৰিচালিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ ২০০৭ চনত মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়াৰ খিতাপ লাভ কৰি বিশেষ খ্যাতি অৰ্জন কৰে।
-
জেচিকা লেন
জেচিকা মে' লেন (ইংৰাজী: Jessica May Lane; জন্ম: ৫ অক্টোবৰ ২০০২) এগৰাকী অষ্ট্ৰেলিয়ান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০২৪ চনৰ ৯ নৱেম্বৰত ফিলিপাইনছত মিছ আৰ্থ ২০২৪ ৰ মুকুট লাভ কৰে। তেওঁ এই খিতাপ জয় কৰা প্ৰথমগৰাকী অষ্ট্ৰেলিয়ান।
-
জেচিণ্টা ফ্ৰেঙ্কলিন
জেচিণ্টা ফ্ৰেঙ্কলিন (ইংৰাজী: Jesinta Franklin; জন্ম: ১২ আগষ্ট ১৯৯১) এগৰাকী অষ্ট্ৰেলিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া ২০১০ ৰ মুকুট লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০১০-ত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰি দ্বিতীয় ৰানাৰ-আপৰ স্থান দখল কৰিছিল।
-
জেন চাথাৰলেণ্ড
জেন চাথাৰলেণ্ড (২৬ ডিচেম্বৰ ১৮৫৩ – ২৫ জুলাই ১৯২৮) আছিল এগৰাকী অষ্ট্ৰেলিয়ান প্ৰাকৃতিক দৃশ্য চিত্ৰশিল্পী। তেওঁ অষ্ট্ৰেলিয়াত পথ-প্ৰদৰ্শক প্লেইন-এয়াৰ আন্দোলনৰ অংশ আছিল আৰু হাইডেলবাৰ্গ স্কুলৰ সদস্যা আছিল।
-
জেনিফাৰ হকিংছ
জে্নিফাৰ লুইচ হকিংছ-ৱাল (ইংৰাজী: Jennifer Louise Hawkins-Wall; জন্ম: ২২ ডিচেম্বৰ ১৯৮৩) এগৰাকী অষ্ট্ৰেলিয়ান টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য ৰাণী, যিয়ে ২০০৪ চনৰ মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ২০০৪ চনৰ মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল।
-
টেগান মাৰ্টিন
টেগান জাড মাৰ্টিন (ইংৰাজী: Tegan Jade Martin; জন্ম: ৭ ছেপ্টেম্বৰ ১৯৯২) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, হেয়াৰড্ৰেছাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে ২০১৪ চনৰ ৬ জুনত মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল।
-
ডেনা কেপলান
ডেনা এমি কেপলান ( Dena Amy Kaplan); জন্ম: ২০ জানুৱাৰী ১৯৮৯, দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী, গায়িকা, নৃত্যশিল্পী আৰু ডিজে। ডান্স একাডেমীত এবিগেল আৰ্মষ্ট্ৰংৰ ভূমিকাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
থিয়ডোৰা কোৱান
থিয়ডোৰা এষ্টাৰ কোৱান (থিও) (১৮৬৮–১৯৪৯) এজনী অষ্ট্ৰেলিয়ান শিল্পী আছিল আৰু তেওঁক অষ্ট্ৰেলিয়াত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা ভাস্কৰ হিচাপে গণ্য কৰা হয়। তেওঁ ঊনবিংশ শতিকাৰ শেষভাগত কৰ্মৰত থকা কেইগৰাকীমান মহিলা ভাস্কৰৰ ভিতৰত অন্যতম আছিল।
-
বিদা লাহেই
ফ্ৰান্সিছ বিদা লাহেই এম বি ই (২৬ আগষ্ট ১৮৮২ – ২৯ আগষ্ট ১৯৬৮) কুইন্সলেণ্ড, অষ্ট্ৰেলিয়াৰ এগৰাকী বিশিষ্ট শিল্পী আছিল। তেওঁ ১৯০২ চনৰ পৰা ১৯৬৫ চনলৈকে ব্যাপকভাৱে প্ৰদৰ্শনী কৰিছিল।
-
বেৰিল মিল্ছ
বেৰিল লূচী মিল্ছ (ইংৰাজী: Beryl Lucy Mills; জন্ম: ৩ জানুৱাৰী ১৯০৭ – ১৩ জুলাই ১৯৭৭) এগৰাকী বিজ্ঞাপন এজেণ্ট, পুথিভঁৰালী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আছিল। তেওঁ ১৯২৬ চনত মিছ অষ্ট্ৰেলিয়া প্ৰতিযোগিতাত জয়লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল।
-
মনিকা ৰাডুলোভিচ
মনিকা ৰাডুলোভিচ (ইংৰাজী: Monika Radulovic; জন্ম: ২০ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী অষ্ট্ৰেলিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া ২০১৫ৰ মুকুট লাভ কৰিছিল।
-
মাৰ্গাৰেট বাস্কাৰভিল
মাৰ্গাৰেট ফ্ৰান্সিছ এলেন বাস্কাৰভিল (১৪ ছেপ্টেম্বৰ ১৮৬১ – ৬ জুলাই ১৯৩০) এগৰাকী অষ্ট্ৰেলিয়ান ভাস্কৰ্য্যশিল্পী, জলৰঙীয়া চিত্ৰশিল্পী আৰু শিক্ষিকা আছিল। তেওঁক ভিক্টোৰিয়াৰ প্ৰথমগৰাকী পেছাদাৰী মহিলা ভাস্কৰ্য্যশিল্পী হিচাপে গণ্য কৰা হয়।
-
মিৰাণ্ডা কেৰ
মিৰাণ্ডা মে' কেৰ (ইংৰাজী: Miranda Kerr; জন্ম: ২০ এপ্ৰিল ১৯৮৩) এগৰাকী অষ্ট্ৰেলিয়ান মডেল। ২০০৭ চনত ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেলছৰ অন্যতম মডেল হিচাপে তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে।
-
মৌড এডিথ ভিক্টোৰিয়া ফ্লে
মৌড এডিথ ভিক্টোৰিয়া গ্ল’ভাৰ ফ্লে (১৮৬৯–১৯৬৫) অষ্ট্ৰেলিয়াৰ প্ৰথম দিশৰ বন্যপ্ৰাণী চিত্ৰশিল্পীসকলৰ মাজৰ এগৰাকী আছিল। তেওঁ অষ্ট্ৰেলিয়ান মাৰ্ছুপিয়াল জন্তুসমূহৰ চিত্ৰাংকনৰ বাবে বিশেষকৈ জনাজাত আছিল।
-
লুইচ মেক
মেৰী লুইচ হেমিল্টন মেক (১০ অক্টোবৰ ১৮৭০ – ২৩ নৱেম্বৰ ১৯৩৫) এগৰাকী অষ্ট্ৰেলিয়ান কবি, সাংবাদিক আৰু ঔপন্যাসিক আছিল। লেখা আৰু ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ সৈতে জড়িত হোৱাৰ বাবে বেলজিয়ামৰ প্ৰথম মহিলা যুদ্ধ সংবাদদাতা হিচাপে তেওঁ বেছিকৈ পৰিচিত।
-
লুইছা এন্নে মেৰেডিথ
লুইছা এন্নে মেৰেডিথ (২০ জুলাই ১৮১২ – ২১ অক্টোবৰ ১৮৯৫), যাক লুইছা এন্নে ট্ৱামলি বুলিও জনা যায়, এগৰাকী ইংৰাজ-মূলৰ অষ্ট্ৰেলিয়ান লেখিকা আৰু চিত্ৰাঙ্কনশিল্পী আছিল। তেওঁ সম্ভৱতঃ অষ্ট্ৰেলিয়াৰ প্ৰাৰম্ভিক মহিলা আলোকচিত্ৰশিল্পীসকলৰ মাজৰ এগৰাকী আছিল।
-
ল’ৰা চৰ্টান
ল’ৰা চৰ্টান (জন্ম: ৯ নৱেম্বৰ ১৯৭৬) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, টেলিভিছন উপস্থাপিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ১৯৯৭ চনত মিছ অষ্ট্ৰেলিয়া খিতাপ জয় কৰাৰ বাবে পৰিচিত।
-
ৰাচেল ফিঞ্চ
ৰাচেল ফিঞ্চ (ইংৰাজী: Rachael Finch; জন্ম: ৮ জুলাই ১৯৮৮) এগৰাকী অষ্ট্ৰেলিয়ান টেলিভিছন পৰিচালিকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ ২০০৬ চনৰ মিছ টিন অষ্ট্ৰেলিয়াৰ 'পিপলছ চয়েচ এৱাৰ্ড' লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৯ ত তৃতীয় ৰানাৰ-আপ হিচাপে নিৰ্বাচিত হৈছিল।
-
ৰুবী লিণ্ডছে
ৰুবী লিণ্ডছে (২০ মাৰ্চ ১৮৮৫ – ১২ মাৰ্চ ১৯১৯) এগৰাকী অষ্ট্ৰেলিয়ান চিত্ৰকৰ আৰু অংকন শিল্পী আছিল। তেওঁ নৰ্মান লিণ্ডছে আৰু পাৰ্চী লিণ্ডছেৰ ভগ্নী আছিল।
-
ৰেনা আইৰিছ
ৰেনা আইৰিছ (ইংৰাজী: Renae Ayris; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী অষ্ট্ৰেলিয়ান নৃত্যশিল্পী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে ২০১২ চনৰ মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ইউনিভাৰ্ছ ২০১২ প্ৰতিযোগিতাত তৃতীয় ৰানাৰ-আপৰ স্থান লাভ কৰিছিল।