আৰ পাৰ্থসাৰথি (Indira Parthasarathy; জন্ম:৭ জুলাই, ১৯৩০) যাক সাধাৰণতে ইন্দিৰা পাৰ্থসাৰথি বা ঈ-পা বুলিও জনা যায়; এগৰাকী ভাৰতীয় তামিল লেখক আৰু নাট্যকাৰ। তেওঁ ঘাইকৈ ঔৰংগজেৱ, নন্দন কতাই আৰু ৰামানুজন নাটকৰ বাবে বিশেষ পৰিচিতি লাভ কৰিছিল।১ ইন্দিৰা পাৰ্থসাৰথিয়ে ৪০ বছৰ দিল্লী বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু পোলেণ্ডৰ ৱাৰ্ছৰ ৱাৰ্ছ বিশ্ববিদ্যালয়ত ভাৰতীয় দৰ্শন আৰু সংস্কৃতি পঢ়াইছিল। বৰ্তমানলৈকে তেওঁ ১৬খন উপন্যাস, ১০খন নাটক, ৬খন চুটি গল্প সংকলন আৰু বিভিন্ন প্ৰৱন্ধ লিখিছে।২
তেওঁক ১৯৯৯ চনত সৰস্বতী সন্মানেৰে সন্মানিত কৰা হৈছিল। ১৯৭৭চনত সাহিত্য অকাডেমি বঁটা আৰু ২০০৪ চনত সংগীত নাটক একাডেমী, এই দুয়োটি সন্মান লাভ কৰা তেওঁ একমাত্ৰ তামিল লেখক।২১ ২০১০ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে।৩
জীৱনপঞ্জী
১৯৩০ চনৰ ১০ জুলাই তাৰিখে চেন্নাইৰ এটা পৰম্পৰাগত আয়েংগাৰ পৰিয়ালত ইন্দিৰা পাৰ্থসাৰথিৰ জন্ম হৈছিল। কুম্বাকোনামত তেওঁ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। বিদ্যালয়ত ইংৰাজী শিক্ষক ৰূপে কৰ্মৰত লেখক জানকীৰমণৰ অধীনত তেওঁ বিদ্যালাভ কৰিছিল।
তেওঁ তামিল ভাষাত বহুকেইখন গল্প সংকলন, নাটক আৰু উপন্যাস লিখিছে আৰু এইবোৰ কেইবাটাও ভাৰতীয় ভাষাৰ লগতে আন্তৰ্জাতিক ভাষালৈ অনুবাদ হৈছে।
তেওঁ তেওঁৰ চৰিত্ৰসমূহৰে তামিল ভাষাত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। তেওঁৰ চৰিত্ৰসমূহৰ বেছিভাগেই নগৰীয়া বুদ্ধিজীৱী, যি মুকলিকৈ কথা কয় আৰু আনে কি কয় সেয়া গভীৰভাৱে বিশ্লেষণ কৰে। তেওঁৰ বেছিভাগ উপন্যাসৰে পৃষ্ঠভূমি হৈছে দিল্লী; য’ত তেওঁ তেওঁৰ কৰ্মজীৱন অতিবাহিত কৰিছিল। তেওঁ শৈশৱ অতিবাহিত কৰিছিল তামিলনাডুৰ শ্ৰীৰংগমত। এই ঠাইখিনিয়েও কোনো কোনো সময়ত তেওঁৰ সৃষ্টিশীল লেখনীত ভুমূকি মাৰিছে। তেওঁৰ ‘কুৰুতি পুনাল’ উপন্যাসত এই দুই পৰিৱেশৰ মিশ্ৰন দেখা যায়।
তেওঁ সংগীত নাটক একাডেমী, সাহিত্য অকাডেমি আৰু সৰস্বতী সন্মানকে ধৰি বহুকেইটা বঁটাৰে সন্মানিত হৈছে। সংগীত নাটক একাডেমী আৰু সাহিত্য অকাডেমি, এই দুয়োটি বঁটা লাভ কৰা তেওঁ একমাত্ৰ তামিল লেখক।
সৃষ্টিশীল কাম
উপন্যাস
- তিৰাইগল্লকু আপাল
- কুৰুতি পুনাল
- আকাশ তামৰেই
- হেলিকপ্টাৰ্গল কীল্লে ইৰাংগি ভিত্তানা
- মায়ামান ভিত্তাই
- তিভুকল
- য়েছুভিন তৰাংগাল
- সুচতান্তিৰা ভূমি
- কৃষ্ণা কৃষ্ণা
নাটক
- উচ্ছি ভেইল
- পৰৱেই পৰত্তিয়া উডালগাল
- ঔৰংগজেৱ
- নন্দন কথাই
- ৰামানুজন
তথ্যসূত্ৰ
- ↑ (9 September 2005). Some poignant moments. দ্য হিন্দু
- ↑ Ramnarayan, Gowri. The Saturday Interview — The write stuff. The Hindu
- ↑ Press Information Bureau Padma Shri # 37
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দিৰা পাৰ্থসাৰথি” প্ৰবন্ধৰ সংশোধন ৫৫৭৫২৯ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।