ঔপন্যাসিক
৬৮ প্ৰবন্ধ
-
অসমীয়া সাহিত্য
অসমীয়া সাহিত্য হৈছে অসমীয়া ভাষাত ৰচিত কাব্য, গদ্য, নাটক, লোকধাৰা আৰু জ্ঞানমূলক গ্ৰন্থৰ সমষ্টি। এই সাহিত্যৰ বিকাশত আৰ্যভাষা-সম্ভৱ ভাষাগত ধাৰা, থলুৱা ভাষাৰ প্ৰভাৱ, ধৰ্মীয়-সামাজিক আন্দোলন, আৰু ছপাশাল-আলোচনীকেন্দ্ৰিক আধুনিকতাৰ বিশেষ ভূমিকা আছে।
-
পি. বি. শ্বেলী
পি. বি. শ্বেলী বা পাৰ্চি বাইশ্বে শ্বেলী চমুকৈ শ্বেলী (Percy Bysshe Shelley) (৪ আগষ্ট ১৭৯২ – ৮ জুলাই ১৮২২) এজন ইংৰাজী লেখক আছিল যাক ইংৰাজী ৰোমান্টিক কবিসকলৰ অন্যতম বুলি গণ্য কৰা হয়।
-
চাইৰাছ মিষ্ট্ৰী
চাইৰাছ মিষ্ট্ৰী (Cyrus Mistry; জন্ম: ১১ মাৰ্চ ১৯৫৬) এগৰাকী ভাৰতীয় লেখক আৰু নাট্যকাৰ। তেওঁ ২০১৪ চনত ক্ৰনিকেল অৱ আ কৰ্পচ্ বিয়েৰাৰ গ্ৰন্থৰ বাবে দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল। ২০১৫ চনত কিতাপখনে ইংৰাজী সাহিত্যত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
অৰবিন্দ আদিগা
অৰবিন্দ আদিগা( Aravind Adiga); জন্ম হৈছিল ২৩ অক্টোবৰ ১৯৭৪ চনত)। অৰবিন্দ ভাৰতত জন্মগ্ৰহণ কৰা এজন অষ্ট্ৰেলিয়ান লেখক আৰু সাংবাদিক। তেওঁৰ প্ৰথম উপন্যাস দ্য হোৱাইট টাইগাৰে ২০০৮ চনত মেন বুকাৰ বঁটা লাভ কৰে।
-
খাদিজা মাস্তুৰ
খাদিজা মাস্তুৰ (Khadija Mastoor; উৰ্দু: خدیجہ مستور; ১১ ডিচেম্বৰ ১৯২৭ – ২৫ জুলাই ১৯৮২) এগৰাকী পাকিস্তানী চুটি গল্প লেখক আৰু ঔপন্যাসিক। তেওঁ আছিল উৰ্দু সাহিত্যৰ এগৰাকী বিশিষ্ট সাহিত্যকাৰ।
-
জয়শংকৰ প্ৰসাদ
জয়শংকৰ প্ৰসাদ (৩০ জানুৱাৰী ১৮৮৯ আধুনিক হিন্দী সাহিত্য আৰু হিন্দী নাট্যশালাৰ প্ৰধান ব্যক্তিত্ব আছিল। প্ৰসাদ আছিল তেওঁৰ ছদ্মনাম। তেওঁক ছায়াবাদী কবি বুলিও জনা যায়।
-
মনোজ দাস
মনোজ দাস (Manoj Das; ২৭ ফেব্ৰুৱাৰী ১৯৩৪ – ২৭ এপ্ৰিল ২০২১) এগৰাকী ভাৰতীয় লেখক; যি ওড়িয়া আৰু ইংৰাজী ভাষাত লেখা-মেলা কৰিছিল। ১৯৭১ চনত লণ্ডন আৰু এডিনবাৰ্গৰ আৰ্কাইভত কৰা তেওঁৰ গৱেষণাই শ্ৰী অৰবিন্দৰ নেতৃত্বত বিংশ শতিকাৰ প্ৰথম দশকত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কিছুমান অতি কম পৰিচিত তথ্য পোহৰলৈ আনিছিল; যাৰ…
-
মহচিন হামিদ
মহচিন হামিদ (Mohsin Hamid; জন্ম: ২৩ জুলাই ১৯৭১) এগৰাকী পাকিস্তানী ব্ৰিটিছ ঔপন্যাসিক, লেখক আৰু কোম্পানী পৰামৰ্শদাতা (ব্ৰেণ্ড কনচালটেণ্ট)। তেওঁৰ উপন্যাসসমূহ হৈছে; ‘মথ স্মক’ (২০০০), ‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট’ (২০০৭), ‘হাও টু গেট ফ্লিথি ৰিচ্ ইন ৰাইজিং এছিয়া’ (২০১৩), ‘একজিট ৱেষ্ট’ (২০১৭) আৰু…
-
আন্দলিব ৱাজিদ
আন্দলিব ৱাজিদ (ইংৰাজী: Andaleeb Wajid) এগৰাকী বেংগালুৰু নিবাসী ভাৰতীয় লেখিকা। তেওঁ ২০০৯ চনত তেওঁৰ প্ৰথম উপন্যাস কাইট ষ্ট্ৰিংছ প্ৰকাশ কৰে আৰু এতিয়ালৈকে প্ৰায় ৪০খন গ্ৰন্থ লিখিছে। তেওঁৰ লেখাসমূহ বিশেষকৈ মুছলমান পৰিয়াল, সামাজিক সম্পৰ্ক, পৰিৱৰ্তন, প্ৰেম আৰু দৈনন্দিন জীৱনৰ অভিজ্ঞতাক কেন্দ্ৰ কৰি থাকে।
-
আব্দুলৰাজাক গুৰ্নাহ
আব্দুলৰাজাক গুৰ্নাহ (Abdulrazak Gurnah;জন্ম ২০ ডিচেম্বৰ ১৯৪৮) এজন তাঞ্জানিয়াৰ ঔপন্যাসিক। তেওঁৰ সাহিত্যৰাজিৰ লিখিত ভাষা ইংৰাজী। বৰ্তমান তেওঁ যুক্তৰাজ্যত বসবাস কৰে। তেওঁৰ বিখ্যাত উপন্যাস পেৰাডাইজ (১৯৯৪), বুকাৰ আৰু হুইটব্ৰেড পুৰস্কাৰৰ বাবে মনোনীত হৈছিল।
-
ইন্দিৰা পাৰ্থসাৰথি
আৰ পাৰ্থসাৰথি (Indira Parthasarathy; জন্ম:৭ জুলাই, ১৯৩০) যাক সাধাৰণতে ইন্দিৰা পাৰ্থসাৰথি বা ঈ-পা বুলিও জনা যায়; এগৰাকী ভাৰতীয় তামিল লেখক আৰু নাট্যকাৰ। তেওঁ ঘাইকৈ ঔৰংগজেৱ, নন্দন কতাই আৰু ৰামানুজন নাটকৰ বাবে বিশেষ পৰিচিতি লাভ কৰিছিল।
-
এইচ এম নাকভি
এইচ এম নাকভি (H.M. Naqvi; জন্ম:১৯৭৩)হৈছে বৰ্তমান কৰাচী নিবাসী এগৰাকী পাকিস্তানী ঔপন্যাসিক। তেওঁ হ’ম বয় উপন্যাসখনৰ ৰচক আৰু এই উপন্যাসখনৰ বাবে ২০১১ চনত তেওঁ দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল।
-
কালিন্দী চৰণ পাণিগ্ৰাহী
কালিন্দী চৰণ পাণিগ্ৰাহী (ইংৰাজী: Kalindi Charan Panigrahi; ২ জুলাই ১৯০১ – ১৫ মে' ১৯৯১) এজন বিশিষ্ট ওড়িয়া কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু প্ৰবন্ধকাৰ। ‘সবুজ যুগ’ সাহিত্য-আন্দোলনৰ অন্যতম মুখ্য ধাৰাৰ সাহিত্যিক হিচাপে তেওঁ ওড়িয়া সাহিত্যত আধুনিক মনোভাব সাৰ্থকভাৱে প্ৰতিষ্ঠা কৰিছিল।
-
খলিল জিব্ৰান
খালিল জিব্ৰান (Khalil Jibran) এজন লেবাননীয়-আমেৰিকাৰ কবি আৰু লেখক আছিল। খালিল জিব্ৰানক দাৰ্শনিক বুলিও গণ্য কৰা হয় যদিও তেখেতে নিজকে দাৰ্শনিক হিচাপে পৰিচয় দিবলৈ ভাল নাপাইছিল।
-
গোৱিন্দ মিশ্ৰ
গোৱিন্দ মিশ্ৰ (জন্ম ১ আগষ্ট ১৯৩৯) এগৰাকী ভাৰতীয় ঔপন্যাসিক। তেওঁ ৫৩ খনতকৈও অধিক কিতাপ লিখিছে। তেওঁ ভাৰতীয় ৰাজহ সেৱা (আইআৰএছ)ৰ এজন অসামৰিক কৰ্মচাৰী আছিল আৰু ১৯৯৭ চনত কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।
-
জীত থাইল
জীত থাইল (Jeet Thayil; জন্ম:১৯৫৯) এগৰাকী ভাৰতীয় কবি, ঔপন্যাসিক, লিব্ৰেট্টিছ তথা সংগীতকাৰ। তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰা ডিজ এৰ’জ আৰ কৰেক্ট (২০০৮)কে ধৰি কেইবাখনো কবিতা সংকলন লিখিছে। তেওঁৰ প্ৰথমখন উপন্যাস নাৰ্ক’পলিচ (২০১২)য়ে দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ লাভ কৰিছিল।
-
দলিপ কৌৰ তিৱানা
দলিপ কৌৰ তিৱানা (Dalip Kaur Tiwana; ৪ মে’ ১৯৩৫ – ৩১ জানুৱাৰী ২০২০) হ’ল সমসাময়িক পাঞ্জাৱী সাহিত্যৰ এগৰাকী আগশাৰীৰ ঔপন্যাসিক আৰু চুটি-গল্প লেখক। তেওঁ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত সাহিত্যিক আছিল আৰু এই দুয়ো ক্ষেত্ৰতে বিভিন্ন বঁটা-বাহন লাভ কৰিছিল।
-
নাদিম আচলম
নাদিম আচলম (Nadeem Aslam; জন্ম: ১১ জুলাই ১৯৬৬) এগৰাকী ব্ৰিটিছ পাকিস্তানী ঔপন্যাসিক। তেওঁৰ প্ৰথম উপন্যাস চিজন অৱ দ্য ৰেইন বাৰ্ডচে বেটি ট্ৰাস্ক এৱাৰ্ড আৰু অথ’ৰ্চ ক্লাব ফাৰ্ষ্ট ন’ভেল বঁটা লাভ কৰিছিল।
-
পলি সেনগুপ্তা
পলি সেনগুপ্তা (Poile Sengupta; জন্ম: অম্বিকা গোপালকৃষ্ণন; জন্ম ১৯৪৮) ইংৰাজী ভাষাৰ এগৰাকী ভাৰতীয় লেখক।[1] বিশেষকৈ শিশুৰ বাবে নাট্যকাৰ আৰু লেখিকা হিচাপে তেওঁ সুপৰিচিত। তেওঁৰ আনুষ্ঠানিক প্ৰথম নাম অম্বিকা যদিও তেওঁৰ পলি সেনগুপ্তা নামেৰেহে অধিক পৰিচিত।
-
পাওলো কোৱেলহো
পাওলো কোৱেলহো ( ; জন্ম: ২৪ আগষ্ট ১৯৪৭) এজন ব্ৰাজিলৰ গীতিকাৰ আৰু ঔপন্যাসিক আৰু ২০০২ চনৰ পৰা ব্ৰাজিলিয়ান একাডেমী অৱ লেটাৰ্ছৰ সদস্য। ১৯৮৮ চনত তেওঁৰ দ্য এলকেমিষ্ট উপন্যাসখন আন্তঃৰাষ্ট্ৰীয় বেষ্ট চেলাৰত পৰিণত হয়।
-
বিক্ৰম চন্দ্ৰা (ঔপন্যাসিক)
বিক্ৰম চন্দ্ৰা ( জন্ম: ২৩ জুলাই, ১৯৬১) এজন ভাৰতীয়-আমেৰিকাৰ লেখক। তেওঁৰ প্ৰথম উপন্যাস 'ৰেড আৰ্থ এণ্ড প'ৰিং ৰেইনে' ১৯৯৬ চনত শ্ৰেষ্ঠ প্ৰথম কিতাপৰ কমনৱেলথ ৰাইটাৰ্ছ বঁটা লাভ কৰে।
-
শামীম আজাদ
শামীম আজাদ (Shamim Azad; জন্ম:১১ নৱেম্বৰ, ১৯৫২) এগৰাকী বাংলাদেশী মূলৰ দ্বিভাষিক ব্ৰিটিছ কবি, কাহিনী কথক তথা লেখক।
-
হানিফ কুৰেছি
হানিফ কুৰেছি চিবিই ( ইংৰাজী: Hanif Kureishi CBE; জন্ম: ৫ ডিচেম্বৰ ১৯৫৪) এজন ব্ৰিটিছ পাকিস্তানী নাট্যকাৰ, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু ঔপন্যাসিক। তেওঁ ‘মাই বিউটিফুল লণ্ড্ৰেট’ চলচ্চিত্ৰ আৰু ‘দ্য বুদ্ধা অৱ চাবাৰ্বিয়া’ উপন্যাসৰ বাবে পৰিচিত।
-
অ'. ভি. ঊষা
অ'. ভি. ঊষা (ইংৰাজী: O. V. Usha; জন্ম: ৪ নৱেম্বৰ ১৯৪৮) এগৰাকী মালয়ালম কবি আৰু ঔপন্যাসিকা। কে. এম. জৰ্জে তেওঁক "গভীৰ নৈতিক চিন্তা আৰু কাৰিকৰী দক্ষতা" থকা এগৰাকী কবি বুলি অভিহিত কৰিছে। তেওঁ চাৰিখন কবিতা পুথি আৰু কেইটামান চুটি গল্পৰ লগতে এখন উপন্যাসো ৰচনা কৰিছে।
-
অনুক অৰুদপ্ৰগাশম
অনুক অৰুদপ্ৰগাশম (Anuk Arudpragasam, তামিল ভাষাত:அனுக் அருட்பிரகாசம் জন্ম:১৯৮৮) এগৰাকী শ্ৰী লংকান ঔপন্যাসিক, যি ইংৰাজী আৰু তামিল দুয়োটা ভাষাতে লেখা-মেলা কৰে।
-
আলতাফ ফাতিমা
আলতাফ ফাতিমা (উৰ্দু: الطاف فاطمہ) (জন্ম:১০ জুন ১৯২৭ – মৃত্যু:২৯ নৱেম্বৰ ২০১৮) এগৰাকী পাকিস্তানী উৰ্দু ভাষাৰ ঔপন্যাসিক, চুটি গল্প লেখিকা আৰু শিক্ষয়ত্ৰী (মুহাম্মাদ ইকবালত বিশেষজ্ঞ) আছিল। আলতাফ ফাতিমাৰ জন্ম লক্ষ্ণৌত হৈছিল আৰু ভাৰত বিভাজনৰ সময়ত লাহোৰলৈ গুচি গৈছিল।
-
আলাউদ্দিন আল আজাদ
আলাউদ্দিন আল আজাদ (Alauddin Al-Azad; জন্ম: ৬ মে' ১৯৩২ - মৃত্যু: ৩ জুলাই ২০০৯)) বাংলাদেশৰ এজন ঔপন্যাসিক, প্ৰবন্ধকাৰ, কবি, নাট্যকাৰ, গৱেষক আৰু অধ্যাপক। তেওঁৰ লিখনিবিলাক আছিল সংগ্ৰামী আৰু আশাবাদী। সমসাময়িক নাগৰিক জীৱনৰ সমস্যাসমূহ তেওঁ লিখিছিল। ১৯৫২ চনৰ ভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল তেওঁ।
-
আলেক্সঁদ্ৰ দ্যুমা
আলেক্সঁদ্ৰ দ্যুমা (Alexandre Dumas,; ২৪ জুলাই ১৮০২ – ৫ ডিচেম্বৰ ১৮৭০), যিজন আলেক্সঁদ্ৰ দ্যুমা পেৰ নামেৰেও পৰিচিত, আছিল এজন ফৰাছী ঔপন্যাসিক, নাট্যকাৰ,প্ৰবন্ধকাৰ। তেওঁ মূলত: ঐতিহাসিক সমল আৰু দুঃসাহসিক ৰোমাঞ্চকৰ অভিযানক লৈ লিখা উপন্যাস সমূহৰ বাবে বিখ্যাত।
-
আহমদ আলি
আহমদ আলি (Ahmed Ali; ১ জুলাই ১৯১০ দিল্লীত – ১৪ জানুৱাৰী ১৯৯৪) এগৰাকী পাকিস্তানী ঔপন্যাসিক, কবি, সমালোচক, অনুবাদক, কূটনীতিবিদ আৰু পণ্ডিত আছিল। আধুনিক উৰ্দু চুটি গল্পৰ তেওঁ আছিল এগৰাকী পথপ্ৰদৰ্শক।
-
ই গুমচ'ল
ই গুমচ'ল (কোৰিয়ান: 리금철, Yi Kŭmch'ŏl) এগৰাকী উত্তৰ কোৰিয়াৰ সাহিত্যিক, যি গুপ্তচৰ কাহিনী, বিজ্ঞান কল্পকাহিনী আৰু প্ৰযুক্তি-থ্ৰিলাৰ উপন্যাস লিখাৰ বাবে জনাজাত। কোৰিয়ান বিজ্ঞান কল্পকাহিনীৰ অন্যতম প্ৰধান ব্যক্তিত্ব হিচাপে ই গুমচ'ল উত্তৰ কোৰিয়াৰ আটাইতকৈ অধিক বিজ্ঞান কল্পকাহিনী লিখা লেখকসকলৰ ভিতৰত এজন।