ৰেচুল পুকুট্টি ( ইংৰাজী: Resul Pookutty; জন্ম: ৩০ মে' ১৯৭১)১ এজন ভাৰতীয় চলচ্চিত্ৰৰ ধ্বনি ডিজাইনাৰ, ধ্বনি সম্পাদক আৰু অডিঅ' মিক্সাৰ।২৩ তেওঁ ৰিচাৰ্ড প্ৰাইক আৰু ইয়ান টেপৰ সৈতে শ্লামডগ মিলিয়নেয়াৰ বাবে শ্ৰেষ্ঠ শব্দ মিশ্ৰণৰ একাডেমী বঁটা লাভ কৰে।৪ পুকুট্টিয়ে ব্ৰিটিছ ছবিৰ উপৰিও হিন্দী ভাষা, তামিল ভাষা, তেলুগু ভাষা,৫৬ মাৰাঠী ৭ আৰু মালয়ালম ভাষা ভাষাত কাম কৰিছে। এতিয়া তেওঁ একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছ (অস্কাৰ কমিটি), মোচন পিকচাৰ চাউণ্ড এডিটৰছ গিল্ড (এমপিএছই) আৰু চিএএছ (চিনেমা অডিঅ’ ছ’চাইটি) অৱ আমেৰিকাৰ কাৰ্যবাহী সমিতিৰ সদস্য। শেহতীয়াকৈ পুকুট্টিক নিউয়ৰ্কৰ ৰচেষ্টনে ডিষ্টিংচড ইঞ্জিনিয়াৰ উপাধিৰে সন্মানিত কৰিছে। (বিশিষ্ট অভিযন্তা হৈছে দক্ষতা, কাৰিকৰী উৎকৰ্ষতাৰ দিশত প্ৰেৰণাদায়ক সাফল্যৰ স্বীকৃতি স্বৰূপে সমগ্ৰ বিশ্বৰ পৰা নিৰ্বাচিত স্বনামধন্য অভিযন্তাসকলক প্ৰদান কৰা সন্মান।)৮ চিনেমাৰ জগতলৈ তেওঁৰ অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে ২০১০ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।৮৯ সেই বছৰতে ভাৰতৰ কেৰালাত অৱস্থিত শ্ৰী শংকৰাচাৰ্য সংস্কৃত বিশ্ববিদ্যালয়ৰ পৰাও তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।
প্ৰাথমিক জীৱন
ভাৰতৰ কেৰেলাৰ কোল্লামৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগত আঞ্চলৰ সমীপৰ ভিলাক্কুপাৰাত এটা পৰিয়ালত ৰেচুল পুুকুট্টিৰ জন্ম হৈছিল। তেওঁ আঠটা সন্তানৰ ভিতৰত কনিষ্ঠ আছিল। দেউতাক ব্যক্তিগত বাছৰ টিকট নিৰীক্ষক আছিল। পুকুট্টিয়ে ৬ কিলোমিটাৰ খোজ কাঢ়ি ওচৰৰ বিদ্যালয়খনলৈ গৈ কেৰাচিন লেম্পৰ পোহৰত পঢ়িবলগীয়া হৈছিল কাৰণ তেওঁৰ গাঁৱত বিদ্যুৎ নাছিল।১০১১
১৯৮৭–১৯৯০ চনত তেওঁ কায়ামকুলামৰ মিলাদ-ই-শ্বেৰিফ মেম'ৰিয়েল কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।১২ তেওঁ তিৰুৱনন্তপুৰমৰ চৰকাৰী আইন মহাবিদ্যালয়ত আইনৰ স্নাতক (এল এল বি) ডিগ্ৰী অধ্যয়নৰ বাবে যোগদান কৰে, অৱশ্যে সেই ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাছিল। ১৯৯৫ চনত পুনেৰ ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। বাকী থকা এলএলবি পৰীক্ষা সম্পূৰ্ণ কৰি তেওঁ ২০১২ চনত অধিবক্তাৰ সাজ পিন্ধে। পুকুট্টিয়ে কয় যে তেওঁক অধিবক্তা হিচাপে গঢ়ি তোলাটো তেওঁৰ পিতৃৰ ইচ্ছা আছিল।১৩
কৰ্মজীৱন
স্নাতক হোৱাৰ পিছত পুকুট্টি মুম্বাইলৈ গুচি যায়। তেওঁ ইয়াক "প্ৰতিষ্ঠানৰ স্নাতক হিচাপে স্বাভাৱিক অনুপ্ৰৱেশ" বুলি অভিহিত কৰে। তেওঁ আঙুলিয়াই দিছিল যে "মুম্বাই চলচ্চিত্ৰ উদ্যোগৰ ৯৫ শতাংশ কাৰিকৰী বিদ্যাবিদ এফ টি আই আই, পুনেৰ প্ৰাক্তন ছাত্ৰ।"৩ পুকুট্টিয়ে ১৯৯৭ চনত পৰিচালনা কৰা প্ৰাইভেট ডিটেক্টিভ: টু প্লাছ টু প্লাছ ৱান ছবিৰ জৰিয়তে শব্দ ডিজাইনত আত্মপ্ৰকাশ কৰে। ছবিখনৰ পৰিচালক আছিল ৰজত কাপুৰ৷ ২০০৫ চনত সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালনাত নিৰ্মিত সমালোচকৰ প্ৰশংসিত ছবি ব্লেকৰ জৰিয়তে তেওঁ গুৰুত্বপূৰ্ণ পৰিচিতি লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ মুছাফিৰ (২০০৪), জিন্দা (২০০৬), ট্ৰেফিক চিগনেল (২০০৭), গান্ধী, মাই ফাদাৰ (২০০৭), সাৱৰিয়া (২০০৭), দুছ কাহানিয়ান, কেৰেলা বৰ্মা পাঝাছি ৰাজা (২০০৯) আৰু এন্থিৰান (২০০৭) আদি ছবিত ধ্বনি অভিযন্তা হিচাপে কাম কৰে।২
ব্যক্তিগত জীৱন
পুকুট্টিৰ সহধৰ্মিনী হৈছে ছাদিয়া৷ তেওঁলোকৰ দুটা সন্তান আছে।১৪
তথ্যসূত্ৰ
- ↑ (30 May 2013). Resul Pookutty, happy 42nd birthday!
- ↑ Resul – the other Indian Oscar nominee. NDTV Movies
- ↑ K.K. GOPALAKRISHNAN. (23 September 2005). Directing sound. দ্য হিন্দু
- ↑ The 81st Academy Awards (2009) Nominees and Winners. oscars.org
- ↑ Pushpa: The Rise - Part 1 (2021) - IMDb
- ↑ (2021-04-07). Oscar-winning Sound Designer Resul Pookutty Joins Allu Arjun's Pushpa. News18
- ↑ (2013-12-19). Resul Pookutty gives music for Marathi film. The Times of India
- ↑ (2018-06-14). Resul Pookutty · WEF
- ↑ IANS. The 'Oscar Curse': 2009 awardee Resul Pookutty looks back at his struggles. Deccan Herald
- ↑ Indian Express article
- ↑ Tough journey for sound wizard Resul Pookutty The Economic Times, 24 February 2009
- ↑ (24 February 2009). Resul Pookutty: The man who treasures silence | India News - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (5 March 2012). Oscar winner Resul Pookutty enrols as advocate. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Sen, Zinia. (25 February 2009). Pookutty: What do I dream about?. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেচুল পুকুট্টি” প্ৰবন্ধৰ সংশোধন ৫৯৭৪৪০ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।