মনালিছা শইকীয়া (Monalisha Saikia; জন্ম: ১৯৭৫ ) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ। কেইবাটাও সাহিত্য বঁটাৰে সন্মানিত জনপ্ৰিয় লেখিকা গৰাকী ‘আচাম স্কুল অৱ জাৰ্নেলিজম’ৰ কাৰ্যবাহী নিৰ্দেশক। তেখেতে ‘গুমৰাগ’ নামৰ অসমীয়া আলোচনীখনো সম্পাদনা কৰিছিল।১
শিক্ষা
মনালিছা শইকীয়াই কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।
কৰ্ম জীৱন
গল্পকাৰ ৰূপে সাহিত্য জীৱন আৰম্ভ কৰা শ্ৰীমতী মনালিছা শইকীয়াই ১৯৯৭ চনত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে নিজৰ নিয়মিত কৰ্মজীৱন আৰম্ভ কৰে। ২০০৬ চনত তেখেতে সাংবাদিকতাৰ সৈতে জড়িত হৈ ২০০৬ ৰ পৰা ২০০৮ চনলৈ সাদিন আৰু ২০০৮ ৰ পৰা ২০১১ চনলৈ দৈনিক জনমভূমি কাকতৰ সৈতে জড়িত হয়। ২
ব্যক্তিগত জীৱন
১৯৯৮ চনত শ্ৰীমতী শইকীয়া প্ৰতিষ্ঠিত লেখক সাংবাদিক মনোৰম গগৈৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোকৰ একমাত্ৰ সন্তানৰ নাম সুগন্ধিপ্ৰাপ্তি (কাংকান)।
সাহিত্যকৃতি
উপন্যাস
- আন্দোলিত আকাশ
- শংখনিনাদ
- আবৰিৰ আকাশ আৰু পৃথিৱী
- পাপৰ পৃথিৱী
- সত্যবান দূৰ হৈ নেযাবা
- নাৰ্চিছাছৰ চহৰ
গল্প সংকলন
- পুনৰ জনম লৈ তেজীমলাই
- পানীৰ এই জীৱন নীলপৱন
- সংগোপনে সেউজীয়া
- বিগ বজাৰ
- কেতিয়াবা পখিলা
- এম আৰ টি ৰোড আৰু যত শেষ হয় শূণ্যতা (মৃতুঞ্জয় মহন্তৰ সৈতে যুটীয়া ভাৱে)
- পানীৰ পালক
সম্পাদিত গ্ৰন্থ
- অসমীয়া লোক সংস্কৃতি (ধৰণী লাহনৰ সৈতে যুটীয়া ভাৱে)
বঁটা/সন্মান
- ২০১৬ চনৰ উপন্যাস শংখনিনাদৰ বাবে দৈনিক অসম সাহিত্য বঁটা
- ২০০৪ চনত গল্প সংকলন ‘পুণৰ জনম লয় তেজীমলাই’ ৰ বাবে মুনীন বৰকটকী বঁটা
তথ্যসূত্ৰ
- ↑ The Assam Tribune|Sunday Reading| title="Playing With the words"|date= January 1,2017
- ↑ (January 1, 2019). সাক্ষাৎকাৰ- মনালিছা শইকীয়াৰ সৈতে এখন্তেক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনালিছা শইকীয়া” প্ৰবন্ধৰ সংশোধন ৪৭৫২৯৮ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।