অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মঙলদৈ বিধানসভা সমষ্টি

মঙলদৈ বিধানসভা সমষ্টি (ইংৰাজী: Mangaldai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মঙলদৈ বিধানসভা সমষ্টি (ইংৰাজী: Mangaldai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয় আৰু ইয়াৰ পূৰ্বৰ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি সংৰক্ষণ উঠাই লৈ সাধাৰণ সমষ্টি হিচাপে ঘোষণা কৰা হয়।

এই সমষ্টিটো দৰং জিলাৰ অন্তৰ্গত আৰু ই দৰং–ওদালগুৰি লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত।

বিধানসভাৰ সদস্যসকল

নিৰ্বাচন বৰ্ষবিধায়কৰাজনৈতিক দল
১৯৫১পুৰন্দৰ শৰ্মাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৭ধৰণীধৰ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২দণ্ডীৰাম দত্তভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭এম. এ. আলীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭২কাৰেন্দ্ৰ চন্দ্ৰ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮অনিল দাসজনতা পাৰ্টী
১৯৮৩কাৰেন্দ্ৰ চন্দ্ৰ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫নীলমণি দাসস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯১নকুল চন্দ্ৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬হিৰেণ কুমাৰ দাসঅসম গণ পৰিষদ
২০০১বসন্ত দাসভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৬হিৰেণ কুমাৰ দাসঅসম গণ পৰিষদ
২০১১বসন্ত দাসভাৰতীয় জাতীয় কংগ্ৰেছ
২০১৬গুৰুজ্যোতি দাসভাৰতীয় জনতা পাৰ্টী
২০২১বসন্ত দাসভাৰতীয় জাতীয় কংগ্ৰেছ
২০২৬নীলিমা দেৱীভাৰতীয় জনতা পাৰ্টী

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী দলৰ প্ৰাৰ্থী নীলিমা দেৱীয়ে বিজয় সাব্যস্ত কৰি মঙলদৈ সমষ্টিৰ বিধায়িকা হিচাপে নিৰ্বাচিত হয়।

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঙলদৈ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৯১ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।