অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ভৌম ৰাজবংশ

ভৌম ৰাজবংশ প্ৰাগজ্যোতিষৰ প্ৰথম ৰাজবংশ আছিল। ৰামায়ণ, মহাভাৰত, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু স্থানীয় কাহিনীত তেওঁলোকৰ উল্লেখ আছে। মহাভাৰতৰ যুদ্ধৰ কিছুকাল আগতেই দ্বাপৰ যুগত এই বংশৰ আৰম্ভণি হৈছিল। নৰকাসুৰৰ পুত্ৰ আৰু পাণ্ডুৰ বন্ধু ভগদত্তই কৌৰৱৰ হৈ যুদ্ধত অংশ লৈছিল।

হালনাগাদ: ৩ ডিচেম্বৰ ২০২৫ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ভৌম ৰাজবংশ প্ৰাগজ্যোতিষৰ প্ৰথম ৰাজবংশ আছিল। ৰামায়ণ, মহাভাৰত, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু স্থানীয় কাহিনীত তেওঁলোকৰ উল্লেখ আছে।১ মহাভাৰতৰ যুদ্ধৰ কিছুকাল আগতেই দ্বাপৰ যুগত এই বংশৰ আৰম্ভণি হৈছিল। নৰকাসুৰৰ পুত্ৰ আৰু পাণ্ডুৰ বন্ধু ভগদত্তই কৌৰৱৰ হৈ যুদ্ধত অংশ লৈছিল। এই বংশ শোণিতপুৰৰ (মধ্য অসম) বাণ বংশৰ সমসাময়িক আছিল।

দানৱ ৰাজবংশৰ শেষ ৰজা ঘটকাসুৰক বধ কৰি বিদেহৰ নৰকে এই বংশ প্ৰতিষ্ঠা কৰিছিল।১ কালিকা পুৰাণত নৰকক ধৰিত্ৰী বা ভূমিদেৱীৰ পুত্ৰ বুলি কোৱা হৈছে।২ সেয়ে নৰকৰ বংশক ভৌম বংশ বুলিও জনা যায়।

শাসকসকল

নামমাতৃপিতৃৰাণী
১নৰকাসুৰভূমিবিষ্ণুমায়া (বিদৰ্ভৰ ৰাজকুমাৰী)
২ভগদত্ত-নৰক-
৩পুষ্পদত্ত-ভগদত্ত-
৪বজ্ৰদত্ত-ভগদত্ত-

তথ্যসূত্ৰ

তথ্যসূত্ৰ

  1. ↑ Gait 1906, পৃ. 12
  2. ↑ History of Assam: The Ancient Period. Govt. of Assam

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাসঅসমৰ ৰাজবংশসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৌম ৰাজবংশ” প্ৰবন্ধৰ সংশোধন ৫৬০৭২২ (৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।