ভৰলু নদী (Bharalu River) ব্ৰহ্মপুত্ৰ নদৰ এখনি দক্ষিণবাহিনী উপনৈ। ভৰলু নৈ মেঘালয়ৰ খাচী পাহাৰত উৎপত্তি হৈ কামৰূপ মহানগৰ জিলাৰে অসমত প্ৰৱেশ কৰিছে। অসমত প্ৰৱেশ কৰাৰ পিছত ই গুৱাহাটী মহানগৰৰ মাজেৰে বৈ গৈ ভৰলুমুখত ব্ৰহ্মপুত্ৰ নদীত পৰিছে।১ ভৰালু নদী অসমৰ আটাইতকৈ প্ৰদূষিত নদীসমূহৰ ভিতৰত অন্যতম।২
প্ৰদূষণ
ভৰলু নদীয়ে গুৱাহাটী চহৰৰ পৌৰ আৱৰ্জনাৰ এক বৃহৎ অংশ বহন কৰে। ভৰলুৱে গুৱাহাটীৰ প্ৰাকৃতিক জলনিষ্কাশন নৰ্দমা হিচাপে কাম কৰে আৰু নদীখনে বজাৰ, বাণিজ্যিক প্ৰতিষ্ঠান, হোটেল, ৰেষ্টুৰেণ্ট, বিদ্যালয় আদিৰ পৰা বৰ্জনীয় পানী আৰু অপচয় বহন কৰে।৩৪ ২০১৩ চনৰ অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ এক তথ্যৰ মতে গুৱাহাটীৰ সৰু আৰু মধ্যম সকলো ধৰণৰ উদ্যোগ, কাৰখানা, ব্যৱসায় প্ৰতিষ্ঠান, অট্টালিকা, গৃহ আদিৰ নিৰ্গত দূষিত পানী আৰু জাৱৰবোৰ ভৰলু নদীত এৰি দিয়া হয়। গুৱাহাটী মহানগৰীৰ ৩৩০টা নলাই কঢ়িয়াই নিয়া দূষিত পানী আৰু জাবৰ,পলিথিন আদিবোৰ গৈ ভৰলুতে পৰিছে।৫ তদুপৰি নুনমাটিত অৱস্থিত খাৰুৱা তেলৰ শোধনাগাৰৰ পৰায়ো আৱৰ্জনা সমূহ ভৰলুত পেলোৱা হয়।
ৰাসায়নিক অৱস্থা
ৰাষ্ট্ৰীয় নদী সংৰক্ষণ সঞ্চালকালয়ে নিৰ্ধাৰণ কৰা অনুমোদিত সীমা ৩ মিলিগ্ৰাম/লিটাৰৰ তুলনাত ভৰলু নদীৰ জৈৱৰাসায়নিক অক্সিজেনৰ চাহিদা ৫২ মিলিগ্ৰাম/লিটাৰ। জৈৱ আৰু অজৈৱ আৱৰ্জনায়ে ৰাসায়নিক সংৰচনায়ে পানীৰ প্ৰাকৃতিক অৱস্থা সলনি কৰিছে। জৈৱ আৱৰ্জনাৰ পচনৰ ফলত নদীৰ পৰা দুৰ্গন্ধ সৃষ্টি হৈছে।৬
প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা
২০১০ চনত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ভৰলু পৰিষ্কাৰকৰণৰ বাবে এখন আঁচনি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল। ২০১২-১৩ বৰ্ষত ভৰলু পৰিষ্কাৰকৰণৰ কাৰণে গুৱাহাটী পৌৰ নিগমক চৰকাৰে ২ কোটি ৮৮ লাখ ৭৩ হাজাৰ ১০৪ টকা মোকলাই দিছিল।৭ গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদৰ সৈতে সংঘৰ্ষৰ আগত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সমীপত ভৰলুৰ পানীৰ গুণাগুণ নিৰীক্ষণ কেন্দ্ৰ আছে।৮ ২০২০ চনত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশমৰ্মে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডসমূহে দেশৰ ৩৫১খন প্ৰদূষিত নদীৰ পাঁচটা বিভাগত ভাগ কৰে। ভৰলু নদীখন ইয়াৰে প্ৰথম শ্ৰেণীত অন্তৰ্ভুক্ত।৯ অসম চৰকাৰে ২০২১ চনৰ ৩১ মাৰ্চৰ ভিতৰত ভৰলুক চাফা কৰা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল।
তথ্যসূত্ৰ
- ↑ Assam: And dirty flows the Bharalu through the heart of Guwahati. Eastmojo
- ↑ Conservation of River Bharalu, Guwahati -Preparation of Detailed Project Report. Pollution Control Board, Assam
- ↑ Pollution Brings Threat To Bharalu River. Pratidin Time
- ↑ Submission of Monthly Progress Report by State of Assam for River Stretches under priority I & II. National Mission for Clean Ganga
- ↑ প্ৰাকৃতিক কাৰণত নহয়, নাগৰিকৰ বাবেই অপমৃত্যুৰ দিশে এখন নদী!
- ↑ Polluted flows the Bharalu. The Sentinel
- ↑ ভয়াৱহভাৱে প্ৰদূষিত ভৰলুৰ পানী. janambhumi.in
- ↑ পানীৰ গুণাগুণ নিৰীক্ষণ. environmentandforest.assam.gov.in
- ↑ ভৰলু নদীৰ পানী স্নান কৰাৰ কাৰণে উপযুক্ত হ’বনে?প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিশেষ আঁচনি. sentinelassam.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৰলু নদী” প্ৰবন্ধৰ সংশোধন ৫৬৫৭২৯ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।