অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভেলেউগুৰি ৰতনপুৰ

ভেলেউগুৰি ৰতনপুৰ গাঁও যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত নকছাৰি মৌজাত অৱস্থিত এখন গাঁও।

হালনাগাদ: ২৬ ডিচেম্বৰ ২০২৫ ২৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ভেলেউগুৰি ৰতনপুৰ গাঁও যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত নকছাৰি মৌজাত অৱস্থিত এখন গাঁও।

ইতিহাস

১৯৫০ চনৰ বৰভূঁইকঁপৰ ফলত বৰলুইতত পূৰ্বপুৰুষৰ মাটি-ভেটি লীন হোৱাত ষাঠী দশকৰ শেষৰফালে মাজুলীৰ পৰা কেইখনমান গাঁও চৰকাৰে বৰ্তমানৰ ঠাইলৈ আনি সংস্থাপন কৰিছিল। তাৰে এখন গাঁও হৈছে ভেলেউগুৰি ৰতনপুৰ। ইয়াৰ পূৰ্বে এই ঠাইখিনি বৰ্তমানৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ (তেতিয়াৰ হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল)ৰ ভিতৰৰ অঞ্চল আছিল।

নামৰ উৎপত্তি

প্ৰথম সংস্থাপনৰ সময়ত এই ঠাইখিনি ভেলেউ গছেৰে ভৰি আছিল আৰু যিহেতু ইয়াৰ অধিকাংশ লোক মাজুলীৰ ৰতনপুৰ গাঁৱৰ পৰা অহা সেয়ে গাঁওখনৰ নাম ভেলেউগুৰি ৰতনপুৰ হয়।

ভৌগোলিক বিৱৰণ

ভৌগোলিকভাৱে ভেলেউগুৰি ৰতনপুৰ গাঁওখন 26.70°N 94.45°E স্থানাংকত অৱস্থিত। এই ঠাইখন মৰিয়নি ৰে'লৱে জংচনৰ পৰা ৭ কিমি দূৰত্বত অৱস্থিত। বুৰঞ্জী প্ৰসিদ্ধ ধোদৰ আলি গাঁওখনৰ মাজেৰে পাৰ হৈ গৈছে।

যাতায়াত ব্যৱস্থা

এই গাঁওখন বুৰঞ্জীপ্ৰসিদ্ধ ধোদৰ আলিৰে সংযোগ হৈ আছে। যাতায়াতৰ ব্যৱস্থা হিচাপে ইয়ালৈ মৰিয়নিৰ পৰা বিভিন্ন সৰু-ডাঙৰ বাহন চলি থাকে। নকছাৰি ৰেলৱে ষ্টেচনলৈ ৪কি মি দূৰত্ব। তদুপৰি ৭ কি.মি. দূৰত মৰিয়নি ৰেলৱে জংচন আছে। ইয়াৰ নিকটতম বিমানবন্দৰ হৈছে যোৰহাট বিমানবন্দৰ, যি যোৰহাট চহৰৰ সমীপৱৰ্তী ৰৰৈয়াত অৱস্থিত।

জনবসতিৰ জীৱিকা

ইয়াৰ লোকসকলৰ মুখ্য জীৱিকা কৃষি। চৰকাৰী জীৱিকাৰ উপৰিও ইয়াতে বহুটো ইটা উদ্যোগ গঢ়ি উঠিছে। গাঁৱৰ যুৱচাম সেই উদ্যোগত সংস্থাপিত হৈছে।

ৰাজনীতি

ভেলেউগুৰি ৰতনপুৰ গাঁওখন ১০১ নং মৰিয়নী বিধান সভা সমষ্টি তথা ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত।

শিক্ষা

গাঁওখনত দুখন প্ৰাথমিক বিদ্যালয়, এখন মধ্য ইংৰাজী বিদ্যালয় আৰু এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে। উচ্চ শিক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকল সমীপতে থকা নকছাৰি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়, নকছাৰি মহাবিদ্যালয় তথা মৰিয়নি মহাবিদ্যালয়লৈ যায়। তদুপৰি ছাত্ৰ ছাত্ৰীসকল অন্য ঠাইলৈও যোৱা দেখা যায়।

প্ৰাথমিক বিদ্যালয়

  • ভেলেউগুৰি ৰতনপুৰ প্ৰাথমিক বিদ্যালয়়
  • অভিজিত বৰা সোঁৱৰণি প্ৰাথমিক বিদ্যালয় (বৰ্তমান বন্ধ)

উচ্চতৰ মাধ্যমিক বিদ্যালয়

  • ভেলেউগুৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়

সম্পৰ্কিত শ্ৰেণী

যোৰহাট জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেলেউগুৰি ৰতনপুৰ” প্ৰবন্ধৰ সংশোধন ৫৬৬২৬৯ (২৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।