অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
খ
খ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২য় আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে। 'খ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'খ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'খ'-ক এনেদৰে লিখা যায়।
-
খন্তীয়া হাঁহ
খন্তীয়া হাঁহ (Northern Shoveler, বৈজ্ঞানিক নাম-Anas clypeata) এবিধ বহুলভাৱে বিস্তৃত হৈ থকা হাঁহৰ প্ৰজাতি। ই প্ৰধানকৈ ইউৰোপ, এছিয়া আৰু উত্তৰ আমেৰিকাত প্ৰজনন কৰে। । শীতকালত খন্তীয়া হাঁহে দক্ষিণ ইউৰোপ, আফ্ৰিকা, ভাৰত উপমহাদেশ, দক্ষিণ এছিয়া তথা আমেৰিকালৈ পৰিভ্ৰমণ কৰে।
-
খামটি ভাষা
টাই-খামটি ভাষা (খামটি:တဲးၵံးတီႈ) উত্তৰ-পূব ভাৰত আৰু মানদেশত বসবাস কৰা খামটি জনগোষ্ঠীৰ লোকসকলৰ দ্বাৰা ব্যৱহৃত এটা দক্ষিণ-পশ্চিমীয় টাই ভাষা। উত্তৰ পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত খামটি ভাষী লোকসকলে বাস কৰে।
-
খোৱাং বিধানসভা সমষ্টি
পূৰ্ৱতে এই সমষ্টিৰ নাম মৰাণ আছিল, ২০২৩ চনত খোৱাং হিচাপে পুনৰ নামকৰণ কৰা হয়৷
-
খৰিকাজাঁই
খৰিকাজাঁই হৈছে Oleaceae পৰিয়ালৰ অন্তৰ্গত এবিধ লতা জাতীয় সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ডাঠ হাবিত সাধাৰণতে পোৱা যায়। থোপা থোপাকৈ লাগে। ফুলবোৰৰ গোন্ধ তীব্ৰ আৰু বহু দুৰলৈ বিয়পি পৰে। বহাগৰ সময়ত ফুলে। ইংৰাজীত ইয়াক মালাবাৰ জেছমিন (Malabar jasmine) আৰু ৱাইল্ড জেছমিন (wild jasmine) বুলি কয়।
-
গংগামোহন মিলি
গংগামোহন মিলি (ইংৰাজী:Gongamohan Mili) একবিংশ শতিকাৰ অসমীয়া কাব্য সাহিত্যৰ এগৰাকী অন্যতম বিশিষ্ট আৰু প্ৰতিভাশালী কবি। তেওঁ মূলত নিজৰ সুকীয়া কাব্যশৈলী আৰু সমাজ সচেতনতামূলক লিখনীৰ বাবে পৰিচিত।
-
গছ ভালুক
গছ ভালুক (Sun Bear, বৈজ্ঞানিক নাম: Helarctos malayanus) দক্ষিণ-পূব এছিয়াৰ গ্ৰীষ্মমণ্ডলীয় অৰণ্যত পোৱা Ursidae পৰিয়ালৰ (Helarctos প্ৰজাতিৰ একমাত্ৰ প্ৰাণী) এটা ভালুক প্ৰজাতিৰ বনৰীয়া প্ৰাণী। ই ভালুকৰ আটাইকৈ সৰু প্ৰজাতি।
-
গণিতৰ কথা (গ্ৰন্থ)
গণিতৰ কথা (Gonitor Kotha) হৈছে এখন গণিত বিষয়ক প্ৰবন্ধৰ সংকলন। লেখক হৈছে গণিতজ্ঞ,শিক্ষাবিদ ড॰ ভূপতি চন্দ্ৰ ডেকা। অসম বিজ্ঞান সমিতিয়ে ১৯৬৮ চনত প্ৰথম প্ৰকাশ কৰা এই গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ ১৯৯১ চনৰ জানুৱাৰী মাহত আৰু তৃতীয় সংস্কৰণ ২০০৩ চনৰ অক্টোবৰত প্ৰকাশ পায়।
-
গমধৰ কোঁৱৰ
গমধৰ কোঁৱৰ (ইংৰাজী ভাষা:Gamadhar Konwar) অসম তথা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামী সকলৰ এজন। তেখেতৰ পিতৃৰ নাম আছিল ফেনা কোঁৱৰ। ১৮২৮ চনত গমধৰ কোঁৱৰৰ নেতৃত্বত ধনজয় বৰগোহাঁই আদি কৰি বহুকেইজন আহোম কোঁৱৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল।
-
গীতালী বৰুৱা
গীতালী বৰুৱা (জন্ম: ১ জুলাই ১৯৬১) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী।
-
গুৱাহাটী গৌৰৱযাত্ৰা
কুইয়াৰ প্ৰাইড গুৱাহাটী বা গুৱাহাটী গৌৰৱযাত্ৰা (Queer Pride Guwahati) অসমৰ গুৱাহাটীত অনুষ্ঠিত বাৰ্ষিক গৌৰৱ যাত্ৰা। ২০১৪ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত স্থানীয় এলজিবিটি সম্প্ৰদায়ৰ সদস্য আৰু এলজিবিটি অধিকাৰ সমৰ্থকসকলে প্ৰথমবাৰৰ বাবে এই প্ৰাইডৰ আয়োজন কৰিছিল।
-
গেজেং কপৌ
গেজেং কপৌ বা চিম্বিডিয়াম এলইফলিয়াম হৈছে একপ্ৰকাৰৰ অৰ্কিডৰ প্ৰজাতি। ইয়াক এছিয়া মহাদেশৰ চীন আৰু দক্ষিণ-পূব এছিয়াত বাৰ্মাৰ পৰা সুমাত্ৰা পৰ্যন্ত পোৱা যায়। ইয়াক শিলৰ মাজত বা আন উদ্ভিদৰ ওপৰত গজি থকা দেখা যায়। চিম্বিডিয়াম শব্দটো গ্ৰীক কুম্বছৰ পৰা আহিছে। ইয়াৰ অৰ্থ গাঁত বা গুহা।
-
গো-বগ
গো-বগ বা গৰু বগলী (Cattle Egret, বৈজ্ঞানিক নাম-Bubulcus ibis) এটা বহুলভাৱে বিস্তৃত হৈ থকা বগলীৰ প্ৰজাতি। ই Ardeidae পৰিয়াল তথা Bubulcus গোত্ৰৰ অন্তৰ্ভুক্ত। পূৰ্বতে ই কেৱল এছিয়া, আফ্ৰিকা তথা ইউৰোপত বিস্তৃত হৈ আছিল যদিও শেহতীয়াকৈ ইয়াৰ জনসংখ্যাই পৃথিৱীৰ অন্য অঞ্চলসমূহলৈ দ্ৰুত বিস্তৃতি লাভ কৰিছে।
-
গোলকগঞ্জ বিধানসভা সমষ্টি
গোলকগঞ্জ বিধানসভা সমষ্টি (Golakganj Assembly constituency) ভাৰতৰ উত্তৰ-পূব প্ৰান্তৰ অসম বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত অন্যতম এখন সমষ্টি। এই সমষ্টিটো অসমৰ ধুবুৰী জিলাত অৱস্থিত। ই ধুবুৰী লোকসভা সমষ্টিৰ এটা অংশ।
-
গোলাঘাট বিধানসভা সমষ্টি
গোলাঘাট বিধানসভা সমষ্টি (ইংৰাজী: Golaghat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।
-
গৌৰীপুৰ বিধানসভা সমষ্টি
গৌৰীপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Gauripur Assembly constituency) হৈছে অসম বিধানসভাৰ ১২৬ খন আসনৰ ভিতৰত অন্যতম এখন বিধানসভা সমষ্টি। ই ধুবুৰী জিলাত অৱস্থিত আৰু ই ধুবুৰী লোকসভা সমষ্টিৰ এক অংশ।
-
গৌৰীশংকৰ কলিতা
গৌৰীশংকৰ কলিতা অসমৰ এজন বিশিষ্ট সাংবাদিক আৰু কেইবাখনো বাতৰি কাকতৰ সম্পাদক আছিল৷ অসমীয়া আৰু ইংৰাজী উভয় সংবাদ-পত্ৰত সেৱা আগবঢ়োৱা গৌৰীশংকৰ কলিতাই ১৯৯০ চনতে ইংৰাজী ছেণ্টিনেল কাকতত ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে৷ ইয়াৰ পিছত ক্ৰমে ছেণ্টিনেল, দি নৰ্থ-ইষ্ট টাইমছ, জনসাধাৰণ, এন ই…
-
গৰখীয়া দ'ল
গৰখীয়া দ'ল বা গৰখীয়া দৌল, যোৰহাট নগৰৰ উত্তৰে প্ৰায় পাঁচ কিলোমিটাৰ আঁতৰৰ বালিগাঁৱত অৱস্থিত এখন প্ৰাচীন দেৱালয়। অসম বুৰঞ্জীত ইয়াৰ উল্লেখ নাই যদিও এই দ'ল জাগ্ৰত বুলি জনবিশ্বাস আছে। গৰখীয়া দ'লৰ নামঘৰ আৰু মণিকূট থকাটো উল্লেখযোগ্য। ইয়াত থকা উঁই-হাফলুৰ দ'লটো চৈধ্য-পোন্ধৰফুটমান ওখ।
-
গৰিমা হাজৰিকা
গৰিমা হাজৰিকা অসমৰ এগৰাকী শাস্ত্ৰীয় নৃত্য পটিয়সী। তেওঁ সত্ৰীয়া আৰু ওড়িছী নৃত্য বিশাৰদ। ভাৰতৰ বিভিন্ন আগশাৰীৰ মহানগৰীত নৃত্য পৰিৱেশন কৰি হাজৰিকাই সুনাম অৰ্জন কৰিছে। তেখেতে কেইবাখনো নৃত্য-নাটিকা ৰচনা কৰিছে। হাজৰিকা ৰচিত আৰু পৰিচালিত চেতনা নামৰ নৃত্য-নাটিকাখনে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছে।
-
গৰু (চলচ্চিত্ৰ)
গৰু (Goru) ২০২১ত মুক্তি পোৱা, ক্ৰেয়ন ট্ৰী প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু হিমাংশু প্ৰসাদ দাস পৰিচালিত এখন ৰাজনৈতিক ব্যঙ্গাত্মক শৈলীৰ অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা গীতা পাঠকৰ। সঙ্গীত পৰিচালক পলাশ সূৰ্য গগৈ।
-
ঘিলা হাঁহ
ঘিলা হাঁহ বা নাক খেচখেচী, বৈজ্ঞানিক নাম-Nettapus coromandelianus) এটা সৰু আকাৰৰ হাঁহৰ প্ৰজাতি। ই ঘাইকৈ পাকিস্তান, ভাৰত, বাংলাদেশ আৰু অষ্ট্ৰেলিয়াত প্ৰজনন কৰে।
-
ঘৰ জেউতি
অভিধান মতে, ঘৰ জেউতি মানে ঘৰত থকা উপদেৱতা। অসমৰ লোক কথাত ঘৰ জেউতি বুলিলে ঘৰৰ লক্ষ্মী বুলি মনা হয়। ঘৰ জেউতি এবিধ শান্ত মাইকী ভূত। ই সাধাৰণতে শান্ত মতামানুহৰ ঘৰত থাকে আৰু ই কাৰো অপকাৰ নকৰে। ইয়াৰ সংখ্যা বৰ কম। ৰাতি শুই থকা মানুহৰ গাৰ ওপৰেদি ঘূৰি ফুৰিবলৈ ই ভালপায়।
-
চকোৱা চাউল
চকোৱা চাউল বা চকোৱা ধান অসমৰ বিভিন্ন ঠাইত উৎপাদিত এবিধ থলুৱা জাতৰ শালিধান। এই চাউলবিধত এমিলুজ উপাদান (শৰ্কৰা অণু) তুলনামূলকভাৱে কম পৰিমাণে পোৱা যায়। আন চাউলসমূহত এমিলুজ উপাদান ২০-২৭% হোৱাৰ পৰিৱৰ্তে চকোৱা চাউলত এই পৰিমাণ ১২-১৭% হয়। চকোৱা চাউল কিছু পৰিমাণে আঠাজাতীয় হয়।
-
চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়
চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় বা চিকেবি কমাৰ্চ কলেজ যোৰহাটত অৱস্থিত এখন চৰকাৰী পোষকতা লাভ কৰা মহাবিদ্যালয়। ১৯৬৫ চনৰ ৬ ফেব্ৰুৱাৰীত যোৰহাট ফাউণ্ডেচন ছচাইটীৰ সহযোগত বাণিজ্যৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যৰে মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল।
-
চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়
চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰত ১৯৫৯ চনত স্থাপন কৰা হৈছিল। এই মহাবিদ্যালয় খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
চন্দ্ৰ চৌধুৰী
চন্দ্ৰ চৌধুৰী (ইংৰাজী: Chandra Choudhury) অসমৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা আৰু নাট পৰিচালক। ইয়াৰোপৰি কবি, গীতিকাৰ, নাট্যকাৰ আৰু সংগীত শিল্পী ৰূপেও তেখেতে খ্যাতি লাভ কৰিছিল। ব্ৰজনাথ শৰ্মা আৰু ফণী শৰ্মাৰ সতীৰ্থ চন্দ্ৰ চৌধুৰী অসমৰ নাট্যমঞ্চত সহ অভিনয়ৰ অন্যতম বাটকটীয়া।
-
চন্দ্ৰমুখ বৰ্মা
চন্দ্ৰমুখ বৰ্মা (Chandramukha Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ নৱমতম ৰজা আছিল। এওঁ ভূতি বৰ্মা আৰু বিজনানাৱতীৰ পুত্ৰ আছিল। এওঁ ৫৪২খ্ৰীষ্টাব্দৰ পৰা ৫৬৬ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁ ভগাৱতীক বিয়া কৰাইছিল। তেওঁৰ পিছত স্থিত বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
চম্পাৱতী জলপ্ৰপাত
চম্পাৱতী (Champawati Waterfall) বা চাপানলা জলপ্ৰপাত হৈছে অসমৰ নগাঁও জিলাৰ চাপানলা নামৰ গাঁৱত অৱস্থিত এটা বিখ্যাত জলপ্ৰপাত আৰু পৰ্যটনস্থলী। জলপ্ৰপাতটোৰ লগতে ইয়াৰ চৌপাশে থকা চাহ-বাগান আৰু তাত ভ্ৰমণ কৰিবলৈ অহা পক্ষী পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ। জলপ্ৰপাতটিৰ তিনিটা কুণ্ড আছে।
-
চাতক
চাতক বা টেলটুপী (Barn Swallow, বৈজ্ঞানিক নাম-Hirundo rustica) চাতক(Swallow) এইজাতীয় চৰাইসমূহৰ ভিতৰত আটাইতকৈ বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি। ই এবিধ সহজে চিনিব পৰা চৰাই-ইয়াৰ দেহৰ ওপৰভাগ নীল-বৰণীয়া, নেজ জোঙা আৰু দকৈ দুভাগকৈ কটা।
-
চাপৰ
চাপৰ (IPA: ˈtʃɑːpə) (Chapar)অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন ঠাই ৷ এই অঞ্চলটো অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰো গৃহভূমি৷