অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চন্দ্ৰ চৌধুৰী

চন্দ্ৰ চৌধুৰী (ইংৰাজী: Chandra Choudhury) অসমৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা আৰু নাট পৰিচালক। ইয়াৰোপৰি কবি, গীতিকাৰ, নাট্যকাৰ আৰু সংগীত শিল্পী ৰূপেও তেখেতে খ্যাতি লাভ কৰিছিল। ব্ৰজনাথ শৰ্মা আৰু ফণী শৰ্মাৰ সতীৰ্থ চন্দ্ৰ চৌধুৰী অসমৰ নাট্যমঞ্চত সহ অভিনয়ৰ অন্যতম বাটকটীয়া।

হালনাগাদ: ১৩ জুলাই ২০২৬ ৯৩৭ শব্দ · ৫ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

চন্দ্ৰ চৌধুৰী (ইংৰাজী: Chandra Choudhury) অসমৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা আৰু নাট পৰিচালক। ইয়াৰোপৰি কবি, গীতিকাৰ, নাট্যকাৰ আৰু সংগীত শিল্পী ৰূপেও তেখেতে খ্যাতি লাভ কৰিছিল। ব্ৰজনাথ শৰ্মা আৰু ফণী শৰ্মাৰ সতীৰ্থ চন্দ্ৰ চৌধুৰী অসমৰ নাট্যমঞ্চত সহ অভিনয়ৰ অন্যতম বাটকটীয়া। ফণী শৰ্মা আৰু চন্দ্ৰ চৌধুৰীৰ সহযোগত ব্ৰজ শৰ্মাই ব্যৱসায়িক যাত্ৰাদল কোহিনুৰ অপেৰা পাৰ্টি ৰ জৰিয়তে সহ অভিনয়ৰ সূচনা কৰিছিল।১ চন্দ্ৰ চৌধুৰী অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী নাট পৰিচালক।২ ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰফুল্ল বৰা ৰচিত দেৱযানী,তেজীমলা, অলংকাৰ, আশীৰ্বাদ, কাজিৰঙাৰ বাঘ, পাহাৰৰ জুই, স্নেহবন্ধন আদি মৌলিক অসমীয়া মঞ্চ সফল আৰু জনপ্ৰিয় নাটকসমূহৰ পৰিচালক আৰু মুখ্য অভিনেতা আছিল চন্দ্ৰ চৌধুৰী।৩ সত্তৰ আৰু আশীৰ দশকত নাট্যকাৰ প্ৰফুল্ল বৰা আৰু নাট পৰিচালক চন্দ্ৰ চৌধুৰী যুটীয়ে ভ্ৰাম্যমাণ থিয়েটাৰত এক নব্য ধাৰাৰ সূচনা কৰিছিল। যাত্ৰাদলৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰলৈকে নিজৰ ষাঠী বছৰীয়া অভিনয় জীৱনত ছোকৰা, নাৰী চৰিত্ৰ, নায়ক, খলনায়ক আদি সকলো ধৰণৰ চৰিত্ৰত অতি দক্ষতাৰে অভিনয় কৰা নাট্যশিল্পী আছিল চন্দ্ৰ চৌধুৰী।৪ব্লেকমাণি, ধৰ্মকাই, উপগ্ৰহ, ব'হাগৰ দুপৰীয়া চন্দ্ৰ চৌধুৰী অভিনীত অসমীয়া চলচ্চিত্ৰ। বিভিন্ন বঁটা, সন্মান আৰু স্বীকৃতি লাভ কৰা আজন্ম শিল্পী চন্দ্ৰ চৌধুৰীক বৰপেটা মিলন মন্দিৰে ১১ জুন, ১৯৭২ চনত আনুষ্ঠানিকভাৱে নাট্যসম্ৰাট অভিধা প্ৰদান কৰিছিল। ১৯৮৫ চনৰ ৪ ছেপ্টেম্বৰত দেহাৱসান ঘটা নাট্যশিল্পী চন্দ্ৰ চৌধুৰীক অসম নাট্য সন্মিলনৰ ৪৯ সংখ্যক শিৱসাগৰ অধিৱেশনত মৰণোত্তৰভাৱে ব্ৰজনাথ শৰ্মা বঁটা প্ৰদান কৰা হৈছিল। প্ৰয়াত নাট্যশিল্পী চন্দ্ৰ চৌধুৰীৰ স্মৃতি যুগমীয়া কৰিবলৈ তথা শিল্পীগৰাকীৰ কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰী স্মৃতি ৰক্ষা সমিতিয়ে প্ৰতি বছৰে ৰাজ্যখনৰ এগৰাকী বিশিষ্ট নাট্যশিল্পীক নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰী সোঁৱৰণী বঁটা প্ৰদান কৰি অহাৰ লগতে প্ৰকাশ কৰি উলিয়াইছে অসমৰ নাট্য ইতিহাসৰ চক্ৰনাভি নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰী শীৰ্ষক এখনি সোঁৱৰণী গ্ৰন্থ।৫

প্ৰাৰম্ভিক জীৱন

চন্দ্ৰ চৌধুৰীৰ জন্ম হয় ১৯১৭ চনৰ ২৭ এপ্ৰিল তাৰিখে পাঠশালাৰ অন্তৰ্গত পাঠলা গাঁৱত। পিতৃ ৰঘুনাথ চৌধুৰী আৰু মাতৃ ভাগ্যেশ্বৰী চৌধুৰী। দুই পুত্ৰ চন্দ্ৰ আৰু ভোলাৰ শৈশৱ কালতেই অকাল বিয়োগ ঘটে ৰঘুনাথ চৌধুৰীৰ। দুৰ্ভগীয়া মাতৃ ভাগ্যেশ্বৰী চৌধুৰীয়ে অশেষ দুখ কষ্টেৰে দুই পুত্ৰক লালন পালন কৰে। শৈশৱতে চন্দ্ৰ চৌধুৰীয়ে মাতৃ ভাগ্যেশ্বৰীৰ কণ্ঠত বৰগীত, লোকগীত, দেহ বিচাৰৰ গীতৰ সুৰ শুনি শিল্প কলাৰ অনুৰাগী হৈ পৰিছিল। গাঁৱৰ নামঘৰত পাঠকে ভোৰ তাল বজাই নাম গোৱা দেখি ঘৰলৈ আহি ৰাগ টানি নাম গাবলৈ শিকিছিল। সৰস্বতী পূজা, স্থানীয় সভা আদিত যাত্ৰা, গায়ন-বায়নৰ ( কামৰূপীয়া ভাওনা) নাটক চাই আহি ঘৰত লগ সমনীয়া গোটাই মঞ্চ সাজি নাটক কৰিছিল। এনেদৰে শৈশৱতে চন্দ্ৰ চৌধুৰীৰ মনত অংকুৰিত হৈছিল নাট্যশিল্পী হোৱাৰ বাসনা। সেই উদ্দেশ্যে শৈশৱতে সাক্ষাৎ কৰিছিল প্ৰখ্যাত নাট্য শিল্পী সন্তৰাম চৌধুৰীক।

কৰ্ম জীৱন

১৯২৪ চনত মাত্ৰ আঠ বছৰ বয়সত চন্দ্ৰ চৌধুৰীয়ে সন্তৰাম চৌধুৰীৰ পৰিচালনাত পাঠশালা নাট্য সমিতিৰ মঞ্চত অভিনেতা হিচাপে প্ৰথম আত্মপ্ৰকাশ কৰিছিল। চন্দ্ৰ চৌধুৰী অভিনীত প্ৰথম নাটখন আছিল বিজয় বসন্ত। চৰিত্ৰটোৰ নাম আছিল - বালক শ্ৰীকৃষ্ণ। ১৯৩১ চনত চন্দ্ৰ চৌধুৰীয়ে সৰভোগৰ অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাই সেই বছৰতে জন্ম দিয়া ডি অল আসাম ইউনিয়ন কোহিনুৰ অপেৰা পাৰ্টি ত যোগদান কৰে। ব্যৱসায়িক যাত্ৰাদল কহিনুৰ অপেৰা ৰ এগৰাকী মুখ্য অভিনয় শিল্পী আছিল চন্দ্ৰ চৌধুৰী। ১৯৩৩ চনত কহিনুৰ অপেৰাৰ জৰিয়তে অসমত প্ৰথমবাৰৰ বাবে ব্যৱসায়িক নাট্য মঞ্চত সহ অভিনয় প্ৰৱৰ্তন কৰা সময়ত ব্ৰজনাথ শৰ্মাৰ সহযোগী আছিল ফণী শৰ্মা আৰু চন্দ্ৰ চৌধুৰী। কহিনুৰ অপেৰাত অভিনেত্ৰী হিচাপে যোগদান কৰিছিল গোলাপী, সৰ্বেশ্বৰী, লাৱণ্য, শৈল্যবালা আৰু বিনদা গগৈয়ে। সেই সময়ত বিনদা গগৈৰ বয়স ১২/১৩ বছৰ।৪কহিনুৰ অপেৰা ত ফণী শৰ্মাৰ দৰমহা আছিল ২০ টকা আৰু চন্দ্ৰ চৌধুৰীৰ দৰমহা আছিল ৭ টকা। অভিনয়ৰ লগতে তেখেতে সংগীত শিক্ষক হিচাপেও কৰ্মৰত হৈছিল। পৰৱৰ্তীকালত চন্দ্ৰ চৌধুৰী আন কেইবাটাও ব্যৱসায়িক যাত্ৰাদলৰ সৈতে জড়িত হৈ পৰে। চন্দ্ৰ চৌধুৰীৰ যাত্ৰাদলৰ অভিনয় জীৱনৰ অন্ত পৰে ১৯৬২- ৬৩ নাট্যবৰ্ষত। তেওঁ জড়িত হৈ থকা শেষ অপেৰাটো আছিল পাঠশালাৰ সদা লহকৰ প্ৰযোজিত নটৰাজ অপেৰা। নটৰাজ অপেৰাৰ জন্ম হৈছিল ১৯৫৯ চনত। সদা লহকৰ আৰু অচ্যুত লহকৰ ভাতৃদ্বয়ে নটৰাজ অপেৰাক আধুনিক ৰূপ দি তৈয়াৰ কৰিলে নটৰাজ থিয়েটাৰ। অসমৰ প্ৰথম ভ্ৰাম্যমাণ নাট্যদল নটৰাজ থিয়েটাৰৰ নাট পৰিচালক আৰু মুখ্য অভিনেতা হিচাপে চুক্তিবদ্ধ হ'ল চন্দ্ৰ চৌধুৰী। তেখেতে নটৰাজ থিয়েটাৰৰ নৃত্য আৰু সংগীতৰ দিশটোও চোৱা- চিতা কৰিছিল। অৱশেষত ১৯৬৩ চনত অসমৰ প্ৰথমটো ভ্ৰাম্যমান থিয়েটাৰ নটৰাজ থিয়েটাৰে আত্মপ্ৰকাশ কৰে। ১৯৬৩ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীত পাঠশালাৰ হৰি মন্দিৰ প্ৰাংগনত সন্ধিয়া ৭ বজাত নটৰাজ থিয়েটাৰৰ শুভ উদ্বোধনী হয়। উদ্বোধনী নাট আছিল ফণী শৰ্মা ৰচিত আৰু চন্দ্ৰ চৌধুৰী পৰিচালিত ভোগজৰা।৬ পৰৱৰ্তীকালত অৰ্থাৎ ১৯৬৪-৬৫ নাট্যবৰ্ষৰ পৰা ১৯৮৫ চনলৈকে চন্দ্ৰ চৌধুৰী আন কেইবাটাও ভ্ৰাম্যমাণ নাট্যদল যেনে - সুৰদেৱী থিয়েটাৰ, মঞ্চৰূপা থিয়েটাৰ, অসম ষ্টাৰ, কহিনুৰ থিয়েটাৰ, আৱাহন থিয়েটাৰ আদিৰ সৈতে জড়িত হৈ পৰে। ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰফুল্ল বৰাৰ অধিকাংশ নাটকৰ পৰিচালক আৰু মুখ্য অভিনেতা আছিল চন্দ্ৰ চৌধুৰী। প্ৰফুল্ল বৰা ৰচিত আৰু চন্দ্ৰ চৌধুৰী পৰিচালিত ভ্ৰাম্যমাণ থিয়েটাৰৰ বহু চৰ্চিত নাটকসমূহ আছিল দেৱযানী, তেজীমলা, আশীৰ্বাদ, অলংকাৰ, অপৰাধ, পাহাৰৰ জুই, স্নেহবন্ধন আদি।

চন্দ্ৰ চৌধুৰী এগৰাকী সুদক্ষ অভিনেতা আৰু নাট পৰিচালক হোৱাৰ লগতে নাট্যকাৰ ৰূপেও আত্মপ্ৰকাশ কৰিছিল। চন্দ্ৰ চৌধুৰী ৰচিত বহু চৰ্চিত নাটকসমূহ আছিল গংগা- যমুনা, পতিতা, বাঘিনী, নবৌ, কল্যাণী, ললিতা, বন্দিতা আৰু কাৰবালা। কাৰবালা চন্দ্ৰ চৌধুৰী ৰচিত অতি জনপ্ৰিয় আৰু মঞ্চ সফল নাট।৪

বিবাহ আৰু পৰিয়াল

১৯৩৭ চনত অসমৰ আন এটি ব্যৱসায়িক যাত্ৰাদল শিৱসাগৰ জিলাৰ গুৰুপ্ৰসাদ বৰঠাকুৰ প্ৰযোজিত আৰু ফণী শৰ্মা পৰিচালিত ডি অল আসাম ষ্টাৰ থিয়েটাৰ দলত চন্দ্ৰ চৌধুৰী আৰু বিনদা গগৈয়ে অভিনয় শিল্পীৰূপে যোগদান কৰিছিল। সেই বছৰতে চন্দ্ৰ চৌধুৰীয়ে নাজিৰা নিৱাসী লক্ষ্মীকান্ত গগৈ আৰু বিমলা গগৈৰ জীয়ৰী তথা অভিনেত্ৰী বিনদা গগৈক সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে সমাজক সাক্ষী কৰি বিয়া কৰায়। যুগ্ম জীৱনৰ সাক্ষী হিচাপে তেওঁলোকৰ মাজলৈ আহে এটি কন্যা সন্তান। তেওঁলোকে সন্তানটিৰ নাম ৰাখে অমিয়াবালা। কিন্তু ১৯৪৩ চনত বিনদা গগৈয়ে দুবছৰীয়া কন্যা অমিয়াবালাক এৰি মৃত্যুক সাৱটে। ১৯৪৬ চনত কণমানি অমিয়াক লগত লৈ চন্দ্ৰ চৌধুৰী ডিব্ৰুগড়ৰ পৰা পাঠশালালৈ ঘূৰি আহে।৪ ১৯৪৭ চনত বৰপেটা জিলাৰ সৰভোগৰ নিকটৱৰ্তী ৰামপুৰ গাঁৱৰ ৰজনীকান্ত গোস্বামীৰ জীয়ৰী গংগাপ্ৰিয়া দেৱীৰ সৈতে চন্দ্ৰ চৌধুৰী বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ প্ৰথম সন্তান প্ৰয়াত বিনয় চৌধুৰী, দ্বিতীয় সন্তান নগেন চৌধুৰী, নলিনী দাস চৌধুৰী, ব্ৰজমোহন চৌধুৰী, মীৰা দত্ত চৌধুৰী, বাবুল চৌধুৰী। প্ৰয়াত বিনয় চৌধুৰী ভাৰত চৰকাৰৰ গীত- নাট বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত সঞ্চালক। নগেন চৌধুৰী এগৰাকী লেখক, সাংস্কৃতিক কৰ্মী আৰু ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া। নলিনী দাস চৌধুৰী কণ্ঠশিল্পী, ব্ৰজমোহন চৌধুৰী লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা, মীৰা দত্ত চৌধুৰী প্ৰতিষ্ঠিত অভিনেত্ৰী, লেখিকা আৰু কণ্ঠশিল্পী আৰু বাবুল চৌধুৰী প্ৰতিষ্ঠিত ব্যৱসায়ী। জোৱাই ডা: ভবানী দাস আৰু হিতেশ দত্ত। প্ৰয়াত হিতেশ দত্ত এগৰাকী প্ৰতিষ্ঠিত লেখক, নাট্যকাৰ, কেইবাখনো গ্ৰন্থৰ সম্পাদক, সমাজকৰ্মী আৰু কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক।

বঁটা সন্মান স্বীকৃতি

ব্যৱসায়িক যাত্ৰাদলৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰলৈকে নিজৰ ষাঠী বছৰীয়া অভিনয় জীৱনত চন্দ্ৰ চৌধুৰীয়ে বিভিন্ন বঁটা, সন্মান আৰু স্বীকৃতি লাভ কৰিছে। ইয়াৰ ভিতৰত কেইটামান বটা, সন্মান, স্বীকৃতি এনেধৰণৰ:

• ১১ জুন, ১৯৭২ চনত বৰপেটা জিলাৰ বৰপেটা মিলন মন্দিৰে নাট্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে চন্দ্ৰ চৌধুৰীক আনুষ্ঠানিকভাৱে নাট্যসম্ৰাট অভিধা প্ৰদান কৰে।

• ১৯৭৫ চনত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত শিল্পী দিৱস উপলক্ষে অসম চৰকাৰৰ দ্বাৰা চন্দ্ৰ চৌধুৰীক জনোৱা হয় শিল্পী সম্বৰ্ধনা।

• ১৪ ফেব্ৰুৱাৰী, ১৯৭৫ চনত তেজপুৰ সাহিত্য সভাই সন্মান জনায়।

• ৩০ জানুৱাৰী, ১৯৭৯ চনত ডুমডুমা নাট্য সমিতি, ডুমডুমা টাউন কমিটি আৰু ডুমডুমা নবাৰুণ সংঘৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন।

• ৩১ জানুৱাৰী, ১৯৮৫ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়, আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰে।

• ১৯৯৮ চনত অসম চৰকাৰে চন্দ্ৰ চৌধুৰীলৈ মৰণোত্তৰভাৱে আগবঢ়ায় দহ হেজাৰ টকাৰ এককালীন শিল্পী সাহায্য।

• ১৩ ফেব্ৰুৱাৰী, ২০১১ চনত অসম নাট্য সন্মিলন ৪৯ সংখ্যক শিৱসাগৰ অধিৱেশনত মৰণোত্তৰভাৱে চন্দ্ৰ চৌধুৰীক প্ৰদান কৰা হয় ব্ৰজনাথ শৰ্মা বঁটা।৪

তথ্যসূত্ৰ

  1. ↑ নটসূৰ্য ফণী শৰ্মা আৰু ভ্ৰাম্যমাণ থিয়েটাৰ | অতুল মজুমদাৰ | গ্ৰন্থ: নটসূৰ্য্য | প্ৰকাশক: বাণ থিয়েটাৰ
  2. ↑ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস প্ৰথম খণ্ড | লেখক - সংকলক: কিশোৰ কুমাৰ কলিতা | প্ৰকাশক: সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থা
  3. ↑ গ্ৰন্থ: ভ্ৰাম্যমাণ থিয়েটাৰ শিল্পীৰ পৃথিৱীত এভূমুকি প্ৰথম কুৰি বছৰ | লেখক: অতুল মজুমদাৰ | প্ৰকাশক: শৰাইঘাট সাহিত্য সমাজ
  4. ↑ গ্ৰন্থ: অসমৰ নাট্য ইতিহাসৰ চক্ৰনাভি নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰী। মুখ্য সম্পাদক হিতেশ দত্ত। প্ৰকাশক: নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰী স্মৃতি ৰক্ষা সমিতি
  5. ↑ গ্ৰন্থ: ক'ত হেৰাল কাঁথিৰ জুইকুৰা | লেখক: মীৰা দত্ত চৌধুৰী | প্ৰকাশক: লেখিকা সংস্থা অসম, মঙলদৈ শাখা
  6. ↑ গ্ৰন্থ: চন্দ্ৰ চৌধুৰী | লেখক: মীৰা দত্ত চৌধুৰী | প্ৰকাশক: গতি অসম

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅভিনেতাঅসমীয়া নাট্যকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬১৭০০৭ (১৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।