চকোৱা চাউল বা চকোৱা ধান অসমৰ বিভিন্ন ঠাইত উৎপাদিত এবিধ থলুৱা জাতৰ শালিধান। এই চাউলবিধত এমিলুজ উপাদান (শৰ্কৰা অণু) তুলনামূলকভাৱে কম পৰিমাণে পোৱা যায়। আন চাউলসমূহত এমিলুজ উপাদান ২০-২৭% হোৱাৰ পৰিৱৰ্তে চকোৱা চাউলত এই পৰিমাণ ১২-১৭% হয়।১ চকোৱা চাউল কিছু পৰিমাণে আঠাজাতীয় হয়। উইলিয়াম উইলছন হাণ্টাৰে ১৮৭৯ চনত প্ৰকাশ পোৱা তেওঁৰ গ্ৰন্থ এ ষ্টেটিষ্টিকেল একাউণ্ট অফ আছামত অসমত পোৱা ৮৭ বিধ চাউলৰ কথা উল্লেখ কৰিছে আৰু ইয়াৰ ভিতৰত চকোৱা চাউল অন্যতম। চকোৱা চাউল ইমানেই কোমল যে অসমৰ লোকে ইয়াক নিসিজোৱাকৈ কেৱল পানীত তিয়াই ৰাখিয়েই কোমল চাউল হিচাপে ব্যৱহাৰ কৰে।২ বুৰঞ্জীবিদ সূৰ্য্যকুমাৰ ভূঞাই হিষ্ট্ৰি অফ আছাম (১৯৬৫) শীৰ্ষক গ্ৰন্থত আহোম সৈন্যবাহিনীয়ে চকোৱা চাউলৰ পৰা প্ৰস্তুত কৰা কোমল চাউল খাদ্য হিচাপে গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে।৩

বিৱৰণ
চকোৱা চাউলৰ গা-গছজোপা প্ৰায় ১৫৮ চেঃমিঃ ওখ হয়। এটা গোছাত গড়ে ৯ ডালকৈ নল থাকে আৰু ইয়াত গড়ে ১৫৮ টা পূৰ্ণ বীজ থকাৰ বিপৰীতে পতান থাকে ১৫ টা।১
প্ৰকাৰ
হাণ্টাৰে চকোৱা চাউলৰ তিনিবিধ প্ৰকাৰৰ নাম উল্লেখ কৰিছে আৰু এয়া হৈছে গৰু চকোৱা, সৰু চকোৱা আৰু বৰ চকোৱা।২ তিতাবৰৰ ধান গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ বিভিন্ন ঠাইৰ পৰা চকোৱা চাউলৰ প্ৰায় ২৩টা সঁচ সংগ্ৰহ কৰি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে।
উৎপাদন
অসমৰ তিনিচুকীয়া, ধেমাজী, ডিব্ৰুগড়, লখিমপুৰ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, নগাওঁ, মৰিগাওঁ আৰু শোণিতপুৰ জিলাতে প্ৰধানকৈ ইয়াৰ খেতি কৰা হয় যদিও মাজুলী আৰু দৰং জিলাতো চকোৱা চাউলৰ খেতি দেখা যায়। চকোৱা চাউলৰ উৎপাদন চক্ৰটো ১৩৫-১৬৫ দিনীয়া। ভূঁই ৰোৱা কাৰ্য জুন-জুলাই মাহত আৰম্ভ হয় আৰু নৱেম্বৰ-ডিচেম্বৰ মাহত শস্য চপাবৰ বাবে উপযোগী হৈ উঠে। প্ৰতি হেক্টৰ মাটিত এই ধানবিধৰ গড় উৎপাদন ২.৫ টন। কিন্তু অসমৰ কৃষকসকলে ঘৰত খাবলৈ আন ধানসমূহৰ লগতেই খেতি কৰা ওখ পৰম্পৰাগত চকোৱা চাউলৰ উৎপাদন প্ৰতি হেক্টৰত ১ টনতকৈ বেছি নহয়। ৰ’দ বা পোহৰৰ প্ৰতি সংবেদনশীলতাৰ বাবে ৰ’দ পৰা সময়ছোৱাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ বৃদ্ধি বা উৎপাদনত হীন-দেঢ়ী ঘটিব পাৰে।১
ভৌগোলিক স্বীকৃতি
২০১৬ চনত শিৱসাগৰ জিলাৰ সেউজ সতীৰ্থ নামৰ এক প্ৰতিষ্ঠানে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত চকোৱা চাউলক ভৌগোলিক স্বীকৃতি প্ৰদানৰ বাবে আবেদন জনায়।৪ ২০১৯ চনৰ ২৪ অক্টোবৰত প্ৰকাশ পোৱা ভাৰত চৰকাৰৰ ভৌগোলিক স্বীকৃতি পঞ্জীয়ন বিভাগৰ পৰা প্ৰকাশ পোৱা পত্ৰিকা ১২৪ সংখ্যক সংস্কৰণত চকোৱা চাউলক ভৌগোলিক স্বীকৃতি প্ৰদান কৰা হয়।৫
তথ্যসূত্ৰ
- ↑ (2019). CHOKUWA RICE OF ASSAM. GEOGRAPHICAL INDICATIONS JOURNAL. পৃ. ৮-১৩
- ↑ Hunter William Wilson. (১৮৭৯). A Statistical Account of Assam. Trubner & Co. পৃ. ২৫০, ২৫৩, ৩০০, ৩৭০
- ↑ Bhuyan SK. (১৯৬৫). History of Assam
- ↑ www.ipindia.nic.in/writereaddata/Portal/IPOJourn
- ↑ (November 18, 2019). Traditional Scarf (Gamosa) of Assam gets Geographical Indications tag. The Sentinel
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চকোৱা চাউল” প্ৰবন্ধৰ সংশোধন ৪০৮৪৯৯ (২৮ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।