গছ ভালুক (Sun Bear, বৈজ্ঞানিক নামকৰণ পদ্ধতি: Helarctos malayanus) দক্ষিণ-পূব এছিয়াৰ গ্ৰীষ্মমণ্ডলীয় অৰণ্যত পোৱা Ursidae পৰিয়ালৰ (Helarctos প্ৰজাতিৰ একমাত্ৰ প্ৰাণী) এটা ভালুক প্ৰজাতিৰ বনৰীয়া প্ৰাণী। ই ভালুকৰ আটাইকৈ সৰু প্ৰজাতি। প্ৰায় ৭০ চে.মি.(২৮ ইঞ্চি) থিয় হৈ থকা উচ্চতা আৰু ইয়াৰ ওজন ২৫–৬৫ কিলোগ্ৰাম (৫৫–১৪৩ পাউণ্ড)। ১ ইহঁতৰ গাটো নোমেৰে আবৃত্ত, শকত ঠেং, শক্তিশালীভাৱে বক্ৰ নখ, সৰু, ঘূৰণীয়া কাণ আৰু চুটি থুঁতৰি থাকে। গাটো সাধাৰণতে চুটি নোমেৰে আবৃত্ত আৰু কিচকিচিয়া ক’লা, কেতিয়াবা ধোঁৱাবৰণীয়াৰ পৰা ৰঙা ৰঙৰো হ’ব পাৰে। ডিঙিৰ তলত থকা বৈশিষ্ট্যপূৰ্ণ কমলা ৰঙৰ বা ক্ৰীম ৰঙৰ বুকুৰ চিহ্নটোৰ বাবে ইয়াক সূৰ্য ভালুক বুলি কোৱা হয়। ইয়াৰ অনন্য আকৃতিৰ ভিতৰলৈ ঘূৰি থকা সম্মুখৰ ভৰি, চেপেটা বুকু, ডাঙৰ নখ থকা শক্তিশালী আগ ঠেঙে বগাই যোৱাৰ বাবে সুবিধাৰ হয়।

সকলো ভালুকৰ ভিতৰত আটাইতকৈ সৰু, বৃক্ষবাসী (গছত জীৱিত) গছ ভালুক এটা উৎকৃষ্ট পৰ্বতাৰোহী জন্তু। ই মাটিৰ পৰা ২ ৰ পৰা ৭ মিটাৰ (৭ ৰ পৰা ২৩ ফুট) উচ্চতাত থকা গছত ৰ’দত গা গৰম কৰি বা শুই থাকিয়েই প্ৰায় সময় কটায়। ই প্ৰধানকৈ দিনৰ ভাগত সক্ৰিয় হয় যদিও মানুহে সঘনাই অহা-যোৱা কৰা অঞ্চলত নিশাচৰো হয়। গছ ভালুকবোৰৰ অকলশৰীয়া হৈ থকাৰ প্ৰৱণতা বেছি যদিও কেতিয়াবা দুজনীয়া পৰিয়ালৰো গোট পোৱা যায়।
গছ ভালুকৰ বিস্তৃতি উত্তৰে উত্তৰ-পূব ভাৰত, তাৰ পিছত দক্ষিণৰ পৰা দক্ষিণ-পূবলৈ বাংলাদেশ, কম্বোডিয়া, ম্যানমাৰ, লাউচ, থাইলেণ্ড, আৰু পূব এছিয়াৰ ভিয়েটনামৰ মাজেৰে দক্ষিণে ব্ৰুণেই, ইণ্ডোনেছিয়া আৰু মালয়েছিয়ালৈকে সীমাবদ্ধ। এই ভালুকবোৰৰ জীৱনলৈ প্ৰচণ্ড বনাঞ্চল ধ্বংসই, খাদ্যৰ বাবে অবৈধ চিকাৰীয়ে আৰু বন্যপ্ৰাণী ব্যৱসায়ীয়ে ভাবুকি কঢ়িয়াই আনিছে। মানুহৰ সৈতে সংঘাতত কৃষিভূমি, বাগিচা আৰু ফলৰ বাগিচাত প্ৰৱেশ কৰিলেও ইয়াৰ ক্ষতি হয়। ১৯৯০ চনৰ পৰা ইহঁতৰ জনসংখ্যা ৩৫% হ্ৰাস পোৱা বুলি অনুমান কৰা হৈছে। আই ইউ চি এন-এ এই প্ৰজাতিটোক বিলুপ্তপ্ৰায় বুলি তালিকাভুক্ত কৰা হৈছে।
বৈশিষ্ট্যসমূহ
গছ ভালুকৰ চুলি ৰেচমী আৰু মিহি, আৰু সকলো ভালুক প্ৰজাতিৰ ভিতৰত আটাইতকৈ চুটি, ইয়াৰ উষ্ণ গ্ৰীষ্মমণ্ডলীয় বাসস্থানৰ লগত খাপ খাই পৰে। বুকুৰ বৈশিষ্ট্যপূৰ্ণ ঠাই, সাধাৰণতে U আকৃতিৰ, কিন্তু কেতিয়াবা বৃত্তাকাৰ বা দাগযুক্ত, কমলা বা সামান্য হালধীয়াৰ পৰা মাখন আনকি বগালৈকে ভিন্ন হয়। ২ গছ ভালুকে শত্ৰুৰ বিৰুদ্ধে ভাবুকিৰ প্ৰদৰ্শন হিচাপে পিছ ভৰিৰে থিয় হৈ বুকু অংশটো উন্মোচন কৰিব পাৰে। পোৱালিবোৰ ধূসৰ ক’লা আৰু থুঁতৰি শেঁতা বাদামী বা বগা আৰু বুকুৰ ঠাই লেতেৰা বগা; বয়সিয়াল বোৰ কলা বা গাঢ় বাদামী ৰঙৰ হ’ব পাৰে। কান্ধত দুটা ঘূৰণীয়া ঘেৰ থাকে, য’ৰ পৰা চুলিবোৰ সকলো দিশতে হৈ পৰে। ডিঙিৰ কাষত এটা টুপি দেখা যায় আৰু স্তনৰ মাজত এটা ঘূৰণীয়া ঘেৰ দেখা যায়। ৩
খাদ্য
সৰ্বভোজী হোৱাৰ বাবে গছ ভালুকৰ খাদ্যত পৰুৱা, মৌমাখি, ভেকুলী, মৌ, আমৰলি পৰুৱা আৰু উদ্ভিদজাত সামগ্ৰী যেনে গছৰ গুটি আৰু কেইবাবিধো ফল আদি অন্তৰ্ভুক্ত; চৰাই আৰু হৰিণ আদি মেৰুদণ্ডী প্ৰাণীবোৰো মাজে মাজে খায়।৪

সংৰক্ষণ
গছ ভালুকটোক IUCN ৰঙা তালিকাত বিলুপ্তপ্ৰায় হিচাপে তালিকাভুক্ত কৰা হৈছে আৰু ইয়াক CITES পৰিশিষ্ট-১ত অন্তৰ্ভুক্ত কৰা হৈছে। .৫ ছাৰাৱাক (মালয়েছিয়া) আৰু কম্বোডিয়াৰ বাহিৰেও গছ ভালুকটোক ইয়াৰ সমগ্ৰ অঞ্চলটোতে চিকাৰৰ পৰা আইনগতভাৱে সুৰক্ষিত কৰা হৈছে। ২০১৪ চনৰ এটা প্ৰতিবেদনত মালয়েছিয়াৰ আন যিকোনো ঠাইতকৈ বেছিকৈ ছাৰাৱাকত গছ ভালুকৰ অংশৰ অবাধ চোৰাং চিকাৰ আৰু ব্যৱসায়ৰ নথিভুক্ত কৰা হৈছে; গৱেষকসকলে স্থানীয় গছ ভালুকক সুৰক্ষা দিবলৈ ৰাজ্যখনত কঠোৰ আইন প্ৰণয়নৰ পৰামৰ্শ দিছিল। ৬
২০০৮ চনত ছাবাহ (মালয়েছিয়া)ত ৱং ছিউ টেই প্ৰতিষ্ঠা কৰা বৰ্নিয়ান গছ ভালুক সংৰক্ষণ কেন্দ্ৰৰ লক্ষ্য হৈছে বন্দী অৱস্থাত থকা দুৰ্বল পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰা গছ ভালুকৰ কল্যাণৰ বাবে কাম কৰা আৰু ইয়াৰ সংৰক্ষণৰ বিষয়ে সজাগতা বিয়পোৱা। ৭ মালয়ৰ গছ ভালুকসমূহ ১৯৯৪ চনৰ শেষৰ ফালৰ পৰা এছ'চিয়েচন অৱ চিৰিয়াখানা আৰু একুৰিয়ামৰ অধীনত আন্তঃৰাষ্ট্ৰীয় বন্দী প্ৰজনন কাৰ্যসূচী আৰু প্ৰজাতি জীয়াই থকাৰ পৰিকল্পনাৰ অংশ।৬ সেই বছৰৰ পৰাই গছ ভালুকৰ ইউৰোপীয় জাতৰ পঞ্জীয়ন জাৰ্মানীৰ কলন প্ৰাণীবিজ্ঞান উদ্যানত ৰখা হয়। ৮
তথ্যসূত্ৰ
- ↑ Phillipps, Q. (2016). Phillipps' Field guide to the Mammals of Borneo: Sabah, Sarawak, Brunei, and Kalimantan. Princeton University Press. পৃ. 246–249. ISBN 978-0-691-16941-5
- ↑ Woods, J. G. (1885). Animate Creation: Popular Edition of "Our Living World", a Natural History. Selmar Press. পৃ. 324–325
- ↑ Pocock, R. I. (1941). The Fauna of British India, including Ceylon and Burma. Taylor and Francis. পৃ. 224–232
- ↑ Sethy, J.; Chauhan, N. P. S. (2018). Dietary preference of Malayan sun bear Helarctos malayanus in Namdapha Tiger Reserve, Arunachal Pradesh, India. Wildlife Biology. পৃ. 1–10
- ↑ Krishnasamy, K.; Shepherd, C. R. (2014). A review of the sun bear trade in Sarawak, Malaysia. TRAFFIC Bulletin. পৃ. 37–40
- ↑ Ball, J. (2000). Sun bear fact sheet. Association of Zoos and Aquariums. পৃ. 1–2
- ↑ Ball, J. (2000). Sun bear fact sheet. Association of Zoos and Aquariums. পৃ. 1–2
- ↑ Kok, J. (2008). EAZA Bear TAG Annual Report 2007–2008. European Association of Zoos and Aquaria
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গছ ভালুক” প্ৰবন্ধৰ সংশোধন ৫৬৯৬৮২ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।