অসম
অসমৰ ইতিহাস, ভূগোল, সংস্কৃতি, ব্যক্তিত্ব আৰু প্ৰকৃতি বিষয়ক প্ৰবন্ধ। · ৫,২৭৯ প্ৰবন্ধ
-
ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়
ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় (Dibrugarh Govt. Boys' Higher Secondary School) ব্ৰিটিছৰ ৰাজত্ব কালত ১৮৪০ চনত উজনি অসমৰ ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল। এইখনে উজনি অসমৰ আটাইতকৈ পুৰণি উচ্চ মাধ্যমিক বিদ্যালয়।
-
ডিব্ৰুগড় বিধানসভা সমষ্টি
অসম বিধান সভাত ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ তালিকা তলত উল্লেখ কৰা হ’ল। {| ! বৰ্ষ !! নাম !! দল |- | ১৯৫৭ || নীলমণি বৰঠাকুৰ || || ভাৰতীয় কমিউনিষ্ট পাৰ্টি |- | ১৯৬১ (নিৰ্বাচিত) || ৰমেশ চন্দ্ৰ বৰুৱা || || ভাৰতীয় জাতীয় কংগ্ৰেছ |- | ১৯৬২ || |- | ১৯৬৭ || |- | ১৯৭২ || |- | ১৯৭৮ ||…
-
ডিমৌ নদী
ডিমৌ নদী হৈছে দিচাঙ নদীৰ উপনদী। এই নদীখনৰ দৈৰ্ঘ্য ৫৮ কি:মি: আৰু অৱবাহিকাৰ কালি ৩২০ বৰ্গ কি:মি:।
-
ডিমৰু
ডিমৰু (Fig, বৈজ্ঞানিক নাম: "ফিকাছ কেৰিকা", প্ৰজাতি ফিকাছ, জাতি কেৰিকা, কুল ম’ৰেছী) পকিলে সৰি পৰা এবিধ গছৰ ফল। ফলটো পকিলে খায়। ফলটো শুকাই বেচা হয়। শুকান ফলটো টুকুৰা কৰি গাখীৰৰ লগত খায়। ফলবিধৰ বহুতো গুণ আছে। ইয়াৰে জেলীও বনোৱা হয়। শুকান ফলটোত ৬২% চেনি আৰু সতেজ ফলটোত ২২% থাকে।
-
ডেকা চাং
ডেকা চাং কিছুমান জনজাতিৰ বিয়া নকৰা ডেকাবিলাক থকা চাং-ঘৰ। পাহাৰীয়া আৰু বানপানীৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলৰ জনজাতি সকলে সাধাৰণতে মাটিৰ পৰা ওখকৈ চাং ঘৰত বাস কৰে। পৃথিৱীৰ বিভিন্ন ঠাইৰ জনজাতীয় গাওঁসমূহত ডেকা চাং দেখা যায়।
-
ঢোলবিৰি
ঢোলবিৰি এবিধ অসমীয়া অলংকাৰ। সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ই দেখিবলৈ ঢোল বাদ্যটোৰ দৰে। ঢোলবিৰিৰ অন্য এটা নাম হৈছে মতাবিৰি। আকৃতিত ডাঙৰ আৰু বাখৰ নোহোৱাকৈ গঢ়া ঢোলবিৰিটো আগতে কেৱল মতা মানুহেহে পিন্ধিছিল বাবে ইয়াক মতাবিৰি বোলা হৈছিল।
-
তামুলপুৰ বিধানসভা সমষ্টি
তামুলপুৰ বিধানসভা সমষ্টি) অসম বিধানসভা ৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। তামুলপুৰ কোকৰাঝাৰ (লোকসভা সমষ্টি) ৰ অন্তৰ্গত।.
-
তাম্ৰধ্বজৰ যুদ্ধ
তাম্ৰধ্বজৰ যুদ্ধ হৈছে মূলত প্ৰাক্-শঙ্কৰী যুগৰ এখন কাব্য। গ্ৰন্থখনৰ ৰচক হৰিবৰ বিপ্ৰ। হৰিবৰ বিপ্ৰৰ মুঠ তিনিখন কাব্যগ্ৰন্থ হৈছে - লৱ-কুশৰ যুদ্ধ, বব্ৰুবাহনৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ। হৰিবৰ বিপ্ৰৰ তাম্ৰধ্বজৰ যুদ্ধ কাব্যখন মূল জৈমিনীয় মহাভাৰতৰ অশ্বমেধ পৰ্বৰ ৪১শ-৪৬শ অধ্যায়ৰ কাহিনীৰ ওপৰত আধাৰিত।
-
তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Tinsukia Medical College & Hospital) অসমৰ তিনিচুকীয়া জিলাৰ মাকুমত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২৪ চনত চিকিৎসা মহাবিদ্যালয়খন কাৰ্যক্ষম হয়।
-
তুলসী নাৰায়ণ শৰ্মা
তুলসী নাৰায়ণ শৰ্মা(Tulshi Narayan Sharma; ১৮৯৯-১৯৫২)এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ আছিল। ১৮৯৯ চনৰ ৫ ছেপ্টেম্বৰত তুলসী নাৰায়ণ শৰ্মাৰ যোৰহাটৰ চাৰিগাঁৱত জন্ম হয়। পিতৃৰ নাম সোণাৰাম।
-
তুলিকা শইকীয়া
তুলিকা শইকীয়া (Tulika Saikia) হৈছে এগৰাকী অসমীয়া সাহিত্যিক। ২০০৮ বৰ্ষত ‘চাৰিশাল গোসাঁনীৰ তেজ’ শীৰ্ষক গ্ৰন্থৰ বাবে তেখেতে ‘মুনীন বৰকটকী’ বঁটা লাভ কৰে।
-
তেজপুৰ আইন মহাবিদ্যালয়
তেজপুৰ আইন মহাবিদ্যালয় হৈছে এখন ব্যক্তিগত খণ্ডৰ আইন মহাবিদ্যালয়। এই মহাবিদ্যালয়খন অসমৰ তেজপুৰ চহৰৰ ধনুৱা নগৰ, মহাভৈৰৱ পথৰ দাঁতিত দৰং মহাবিদ্যালয়ৰ কাষতে অৱস্থিত। ৰাজ্যখনৰ পুৰণা আইন মহাবিদ্যালয় সমূহৰ ভিতৰত এখন।
-
তেজপুৰ বিধানসভা সমষ্টি
তেজপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Tezpur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও শোণিতপুৰ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
-
ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়
ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত নদুৱাৰৰ জামুগুৰিহাট অঞ্চলৰ এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। ১৯৬৩ চনত এই মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠা কৰা হয়। ত্যাগবীৰ হেম বৰুৱাৰ নামেৰে মহাবিদ্যালয় খনৰ নাম ৰখা হয়। তেওঁ অসমৰ এজন স্বাধীনতা আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকৰি, সমাজকৰ্মী তথা লেখক।
-
তৰা (অসমীয়া চলচ্চিত্ৰ)
তৰা (Tora) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজনা চিলড্ৰেনছ ফিল্ম ছ'ছায়টি, ইণ্ডিয়াৰ। ২০০৪ত এই ছবিখন মুক্তি দিয়া হয়।
-
তৰাৱতী মিলি বড়ি
তৰাৱতী বড়ি (জন্ম: ১৬ এপ্ৰিল ১৯৫০) হৈছে এগৰাকী অসমীয়া লোক-কণ্ঠশিল্পী। তেওঁ অসমৰ অন্যতম পৰম্পৰাগত সংগীত মিচিং ভাষাৰ ঐনিতম পৰিবেশন কৰে। তেওঁৰ আজীৱন সংস্কৃতি চৰ্চাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে লোক-সংগীত শাখাত ২০২২ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰিছে।
-
তৰুণ শইকীয়া
তৰুণ শইকীয়া (২৪ ফেব্ৰুৱাৰী, ১৯৭৬) মাউণ্ট এভাৰেষ্ট শৃংগত আৰোহণ কৰিবলৈ সফল হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি। ২০১৩ চনৰ ১৮ মে তাৰিখে দোকমোকালিতে তৰুণ শইকীয়াই এভাৰেষ্টত ভৰি দি এই শৃংগ আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া হোৱাৰ গৌৰৱ লাভ কৰে। তৰুণ শইকীয়াৰ পিতৃ প্ৰয়াত অতুল শইকীয়া আৰু মাতৃ চাৰু শইকীয়া।
-
থিয়নাম
থিয়নাম বা বীৰনাম ( Thiyonaam or Beernaam) অসমৰ একশৰণ নৱবৈষ্ণৱ ধৰ্মৰ বিবিধ সংস্কৃতিৰ ভিতৰৰে এক পৰিৱেশ্য কলা৷ থিয়নামেৰে আনন্দময় পৰিৱেশত হৰিৰ কীৰ্তন কৰা হয়৷ অৰ্থাৎ ই একপ্ৰকাৰ কীৰ্তন৷
-
থুৰীয়া
থুৰীয়া (অথবা থুৰিয়া) হৈছে অসমীয়া পৰম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ। এইবিধ অলংকাৰ অকল সোণেৰে গঢ়োৱা হয়। বাখৰ খটোৱা নহয়। থুৰীয়া পিন্ধিবলৈ কাণৰ ফুটাটো যথেষ্ট ডাঙৰ হ’ব লাগিছিল। সেইবাবে সকলোৱে ইয়াক পৰিধান কৰিব নোৱাৰিছিল। আজিকালি অৱশ্যে ইয়াক বিশেষ কৌশলেৰে গঢ়োৱা হয় যাতে সকলোৱে পিন্ধিবা পাৰে।
-
দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ
তেজপুৰ নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমে দ-পৰ্বতীয়া নামৰ গাঁৱত ইতিহাস প্ৰসিদ্ধ দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ অৱস্থিত। এই স্থান ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে।
-
দখনা
দখনা (दख'ना; Dokhona) বড়ো মহিলাই কঁকালত মেখেলাৰ দৰে মেৰাই বুকু-পিঠি আৱৰি পিন্ধা এবিধ পাৰম্পৰিক জনজাতীয় কাপোৰ। বড়ো তিৰোতাই বুকুত দখনা মাৰি বা মেখেলা-চাদৰ পিন্ধি, গাত ফাছ্ৰা লৈ ঘিলাখোপা বান্ধি, খোপাত একোটাকৈ কাকৈ গুজি লৈ সাজি-কাচি ভাল পায়। দখনা বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰতীক।
-
দানৱ ৰাজবংশ
দানৱ ৰাজবংশই উত্তৰ-পূব ভাৰতৰ অসমত ৰাজনৈতিক শাসনৰ সূত্ৰপাত কৰিছিল। মহীৰংগ দানৱে এই বংশ প্ৰতিষ্ঠা কৰিছিল। তেওঁলোক কিৰাট মূলৰ লোক আছিল। কালিকা পুৰাণত এই শাসকসকলৰ উল্লেখ আছে কিন্তু একো পুৰাতাত্বিক প্ৰমাণ নাই। কিৰাট শাসকৰ শেষজন ঘটকাসুৰক নৰক ৰাজবংশৰ কিংবদন্তি ৰজা নৰকাসুৰে বধ কৰি নিজৰ শাসন আৰম্ভ কৰে।
-
দিগন্ত বৰ্মন
দিগন্ত বৰ্মন (Diganta Barman, জন্ম:২৬ নবেম্বৰ,১৯৬৪) এগৰাকী ৰাজনৈতিক তথা অসম বিধানসভাৰ সদস্য। ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বৰক্ষেত্ৰীৰ পৰা তেওঁ বিধানসভালৈ নিৰ্বাচিত হয়।
-
দিলীপ কুমাৰ বৰুৱা
দিলীপ কুমাৰ বৰুৱা (১৯৪৩- ২৭ এপ্ৰিল, ২০১৭) অসমৰ এজন শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ। তাৰ্কিক, তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক আৰু কুইজ মাষ্টাৰ হিচাপে তেখেত প্ৰখ্যাত আছিল। তেখেতক অসমৰ কুইজৰ জনক বুলিও অভিহিত কৰা হয়।
-
দিলীপ শৰ্মা (গণিত লেখক)
ড° দিলীপ শৰ্মা (-) এগৰাকী অসমীয়া গণিত অধ্যাপক, শিক্ষাবিদ, লেখক। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে সপ্তম স্থান অধিকাৰ কৰা দিলীপ শৰ্মাই গণিতক সন্মানীয় বিষয় হিচাপে লৈ ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বি.এ.ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ উত্তীৰ্ণ হয়।
-
দিহিং পাটকাই উৎসৱ
দিহিং পাটকাই উৎসৱ (Dehing Patkai Festival) হৈছে অসমৰ তিনিচুকীয়া জিলাৰ লেখাপানীত অনুষ্ঠিত হোৱা বাৰ্ষিক উৎসৱ। পাটকাই পৰ্বত আৰু দিহিং নদীৰ নাম অনুসৰি এই উৎসৱৰ নাম দিহিং পাটকাই উৎসৱ ৰখা হৈছে। ২০০২ চনৰ পৰা এই উৎসৱ নিয়মীয়াকৈ উদ্যাপন কৰি অহা হৈছে।
-
দীঘলতী
দীঘলতী বা দীঘলতি ল'ৰেচি পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ বনৰীয়া গছ।ই এবিধ বহুবৰ্ষজীৱী, গুল্মজাতীয় উদ্ভিদ। অসম আৰু ইয়াৰ ওচৰ-পাঁজৰৰ কিছু অঞ্চলত এই গছ পোৱা যায়। অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ সময়ত গৰু ধুওৱাৰ বাবে এই গছৰ সৰু ডালেৰে কোবাই গৰু ধুওৱাটো এক পৰম্পৰা।
-
দীপ গগৈ
দীপ গগৈ (জন্ম ১৭ ডিচেম্বৰ ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আৰু লোকসভাত অসমৰ কলিয়াবৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে।
-
দীৰ্ঘেশ্বৰী দেৱালয়
দীৰ্ঘেশ্বৰী দেৱালয় বা দীৰ্ঘেশ্বৰী মন্দিৰ অসমৰ উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদৰ পাৰত অৱস্থিত এখন ঐতিহাসিক শক্তি উপাসনাস্থলী। আহোম স্বৰ্গদেউ শিৱ সিংহয়ে নিৰ্মাণ কৰা এই দেৱালয়ক শক্তিপীঠ হিচাপে গণ্য কৰা হয়। ইয়াত বহুতো শিলৰ ভাস্কৰ্য উদ্ধাৰ হৈছে। দীৰ্ঘেশ্বৰী মন্দিৰ বছৰেকীয়া দুৰ্গা পূজাৰ বাবে বিখ্যাত।
-
দুলাল মানকি
দুলাল মানকি (Dulal Manki, জন্ম: ১৯৬৪) এগৰাকী অসমৰ লোকশিল্পী তথা সংগীতজ্ঞ। তেওঁ অসমৰ চাহ জনগোষ্ঠীৰ পাৰম্পৰিক লোকসংগীতৰ এগৰাকী শিল্পী। ঝুমুৰ গীতৰ বিশেষ পাৰদৰ্শিতাৰ বাবে তেওঁক ঝুমুৰ সম্ৰাট বুলি কোৱা হয়।