অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গমধৰ কোঁৱৰ

গমধৰ কোঁৱৰ (ইংৰাজী ভাষা:Gamadhar Konwar) অসম তথা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামী সকলৰ এজন। তেখেতৰ পিতৃৰ নাম আছিল ফেনা কোঁৱৰ। ১৮২৮ চনত গমধৰ কোঁৱৰৰ নেতৃত্বত ধনজয় বৰগোহাঁই আদি কৰি বহুকেইজন আহোম কোঁৱৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল।

হালনাগাদ: ১৩ অক্টোবৰ ২০২৫ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

গমধৰ কোঁৱৰ (ইংৰাজী ভাষা:Gamadhar Konwar) অসম তথা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামী সকলৰ এজন। তেখেতৰ পিতৃৰ নাম আছিল ফেনা কোঁৱৰ। ১৮২৮ চনত গমধৰ কোঁৱৰৰ নেতৃত্বত ধনজয় বৰগোহাঁই আদি কৰি বহুকেইজন টাই-আহোম জনগোষ্ঠী কোঁৱৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। ১

ইয়াণ্ডাবু সন্ধিৰ পিছত ১৮২৮ চনৰ আগভাগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসন ভাৰ নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল। আৰম্ভণিতে ব্ৰিটিছ শাসনে কথা দিছিল যে মানক অসমৰ পৰা খেদি শাসন ভাৰ আহোমসকলক গতাই দিব। কিন্তু এই প্ৰতিশ্ৰুতি নৰখাৰ বাবেই ১৮২৮ চনত গমধৰ কোঁৱৰৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে এক বিদ্ৰোহে গা কৰি উঠে। ভাৰত বুৰঞ্জীত এই বিদ্ৰোহ হৈছে ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভণিৰ এক স্বাধীনতা সংগ্ৰাম।

বিদ্ৰোহী সকলে যোৰহাটত আহোম ৰীতিমতে গমধৰ কোঁৱৰক অসমৰ স্বৰ্গদেউ ৰূপে প্ৰতিষ্ঠা কৰে যদিও ব্ৰিটিছে ১৮২৮ চনৰ শেষ ভাগলৈ এই বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হয়। বিদ্ৰোহৰ অন্তত গমধৰ কোঁৱৰ নগা পাহাৰলৈ পলাই যায়। কিন্তু ব্ৰিটিছে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ব্ৰিটিছ শাসনে তেওঁক ৰাজদ্ৰোহৰ অপৰাধত ১৪ বছৰৰ বাবে কাৰাদণ্ড বিহে আৰু ৰংপুৰৰ (বৰ্তমান বাংলাদেশত) জেললৈ প্ৰেৰণ কৰে। কিন্তু বেমাৰৰ বাবে তেওঁক ৭ বছৰ কাৰাবাসৰ পিছত নিজৰ জন্মভূমিলৈ উভতাই পঠোৱা হয়। ২

তথ্যসূত্ৰ

  1. ↑ Assam seeks national recognition for prince who fought british
  2. ↑ Gomdhar Konwar..The unsung hero

সম্পৰ্কিত শ্ৰেণী

অসমৰ স্বাধীনতা সংগ্ৰামীআহোম ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গমধৰ কোঁৱৰ” প্ৰবন্ধৰ সংশোধন ৫৪৩৪৫৫ (১৩ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।