লাহৰিঘাট বিধানসভা সমষ্টি (ইংৰাজী: Laharighat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও এই সমষ্টিটো বাহাল ৰখা হয়।
এই সমষ্টিটো মৰিগাঁও জিলাৰ অন্তৰ্গত আৰু ই নগাঁও লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।
বিধানসভাৰ সদস্যসকল
| Election | Member | Party affiliation | |
|---|---|---|---|
| ১৯৫১ | মহম্মদ ৰফিক | স্বতন্ত্ৰ প্ৰাৰ্থী | |
| ১৯৫২ (উপ-নিৰ্বাচন) | নুৰুল ইছলাম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৫৭ | মতিৰাম বৰা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬২ | লক্ষ্মী প্ৰসাদ গোস্বামী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬৭ | মহম্মদ ওমৰুদ্দিন | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭২ | আব্দুল কাছেম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭৮ | আব্দুল কাছেম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৩ | আব্দুল কাছেম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | আব্দুল কাছেম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯১ | ড° নজৰুল ইছলাম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | ড° নজৰুল ইছলাম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০১ | ড° নজৰুল ইছলাম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | ড° নজৰুল ইছলাম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১১ | ড° নজৰুল ইছলাম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০১৬ | ড° নজৰুল ইছলাম | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০২১ | ড° আচিফ মহম্মদ নাজাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০২৬ |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী ড° আচিফ মহম্মদ নাজাৰ বিজয় সাব্যস্ত কৰি লাহৰিঘাট সমষ্টিৰ বিধায়ক হিচাপে পুনৰ নিৰ্বাচিত হয়।
২০২১ চনৰ বিধানসভা নিৰ্বাচন
২০২১ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ ড° আচিফ মহম্মদ নাজাৰে অতি কম ব্যৱধানত স্বতন্ত্ৰ প্ৰাৰ্থী চিদ্দিক আহমেদক পৰাস্ত কৰিছিল। ফলাফল তলত দিয়া ধৰণৰ:
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাহৰিঘাট বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৮৩ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।