উজনি অসমৰ গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত এখন ৰাজহ গাঁও লেঙেৰা চাপৰি। ই এখন মজলীয়া আকৃতিৰ গাঁও। গাঁওখনৰ দক্ষিণে দিচৈ আৰু উত্তৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। গাঁওখনৰ পূবা-পশ্চিমাকৈ নেঘেৰিটিং-বংকুৱাল মথাউৰি পাৰ হৈ গৈছে। ই এটা বান পীড়িত এলেকাত অৱস্থিত এখন গাঁও।
গাঁওখনৰ নামৰ উৎপত্তিৰ ইতিহাস সম্পৰ্কে প্ৰচলিত প্ৰবাদ অনুসৰি কছাৰীৰ ডেকা ৰজা ডেডচা বা খোৰাই এই অঞ্চল চোৱা-চিতা কৰিছিল। খোৰা শব্দৰ অৰ্থ লেঙেৰা। এই খোৰা ৰজাৰ পৰাই অঞ্চলটো খোৰা চাপৰি বা পাছলৈ লেঙেৰা চাপৰি নামে পৰিচিত হৈছিল।
বৰ্তমান গাঁওখনত প্ৰায় ১০০০ ৰ ওপৰত জনসংখ্যা আছে। ইয়াৰে অধিকাংশই অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাসিন্দা। অনুসূচিত জনজাতিৰ ভিতৰত মিচিং আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰত বিশেষকৈ সূত সম্প্ৰদায়ৰ লোকেই গাঁওখনত সৰ্বাধিক। ইয়াৰোপৰি গাঁওখনত চুতীয়া, কোচ, কলিতা সম্প্ৰদায়ৰ লোকে বাস কৰে। গাঁওখনৰ এলেকাৰ ভিতৰত থকা ৰাজহুৱা অনুষ্ঠান যেনে এটি পুৰণি বৰ নামঘৰ, দুখন প্ৰাথমিক বিদ্যালয়, এখন মধ্য ইংৰাজী বিদ্যালয়, এটি অংগনবাড়ি কেন্দ্ৰ, এটা নাট্য মঞ্চ, এটা পুথিভঁৰাল,এটা যুৱ সংঘ, গাঁও উন্নয়ন সমিতি, মহিলা সংগঠন, এটা চৰকাৰী পানী যোগান আঁচনি আদি। গাঁওখনৰ বিশেষকৈ কৃষি অৰ্থনীতি আৰু কলা-সংস্কৃতিৰ চৰ্চাত বিশেষ গুৰুত্ব আছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেঙেৰা চাপৰি” প্ৰবন্ধৰ সংশোধন ৪৪২৭৩৭ (৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।