অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শকুন্তলা দলে গামলিন

শকুন্তলা দলে গামলিন (Shakuntala Doley Gamlin) এগৰাকী অৰুণাচল প্ৰদেশ-গোৱা-মিজোৰাম-কেন্দ্ৰীয় শাসিত অঞ্চল (Arunachal Pradesh-Goa-Mizoram-Union territory- AGMUT) কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। বৰ্তমান তেওঁ ভাৰত চৰকাৰৰ বাধাগ্ৰস্ত ব্যক্তিৰ সৱলীকৰণ বিভাগৰ সচিব হিচাপে কৰ্মৰত।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৪২২ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

শকুন্তলা দলে গামলিন (Shakuntala Doley Gamlin) এগৰাকী অৰুণাচল প্ৰদেশ-গোৱা-মিজোৰাম-কেন্দ্ৰীয় শাসিত অঞ্চল (Arunachal Pradesh-Goa-Mizoram-Union territory- AGMUT) কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। বৰ্তমান তেওঁ ভাৰত চৰকাৰৰ বাধাগ্ৰস্ত ব্যক্তিৰ সৱলীকৰণ বিভাগৰ সচিব হিচাপে কৰ্মৰত। তেওঁ‌ অৰুণাচল প্ৰদেশ চৰকাৰৰ মুখ্য সচিব ৰূপেও সেৱা আগবঢ়াইছিল। উত্তৰ-পূব ভাৰতৰ পৰা কেন্দ্ৰীয় মন্ত্ৰ্যালয়ত সচিব পৰ্যায়ৰ পদবীত অধিস্থিত তেওঁৱেই প্ৰথমগৰাকী মহিলা। তেওঁ অসমৰ মিচিং জনগোষ্ঠীৰ প্ৰথমগৰাকী মহিলা আই এ এছ বিষয়া।

জন্ম আৰু শিক্ষা

শকুন্তলা দলেৰ জন্ম হৈছিল ১৯৬১ চনৰ ২৩ মাৰ্চ তাৰিখে। তেওঁ অসমৰ ভূতপূৰ্ব লোকসভাৰ সাংসদ ললিত কুমাৰ দলেৰ সাতগৰাকী সন্তানৰ ভিতৰত কনিষ্ঠতম। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লে'ডী শ্ৰীৰাম কলেজ ফৰ ৱ'মেনৰ পৰা ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ দিল্লী স্কুল অৱ্ ইক'নমিক্সৰ পৰা সমাজতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১

কেৰিয়াৰ

৩০ বছৰ জোৰা কেৰিয়াৰত শকুন্তলা দলে গামলিনে ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদবীত বিষয়া হিচাপে নিয়োজিত হৈছিল। আৰম্ভণিতে তেওঁ আন্দামান আৰু নিকোবৰ দ্বীপৰ কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনৰ পৰ্য্যটন বিভাগৰ সঞ্চালক ৰূপে নিযুক্ত হৈছিল।২ আন্দামান আৰু নিকোবৰ দ্বীপৰ পৰা আৰম্ভ কৰি অসম, অৰুণাচল প্ৰদেশক ধৰি দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী পৰিসৰৰ প্ৰশাসনলৈ, গামলিনে ভিন ভিন পদত কৰ্মৰত হৈছে। কেন্দ্ৰীয় ডেপুটেশ্যনৰ অংশ হিচাপে তেওঁ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়, আৰু নৱ আৰু পুনৰ নৱীকৰণ যোগ্য শক্তি মন্ত্ৰ্যালয়তো কাৰ্যনিৰ্বাহ কৰিছিল।৩ ১৯৯৬ চনত শকুন্তলা দলে গামলিনক দিল্লী পৌৰনিগমৰ উপ-আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল। তেতিয়াৰ পৰা তেওঁ দিল্লীৰ বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰ্যায়ৰ পদবীত নিযুক্ত হৈ আহিছে।২ ২০১৫ চনৰ জানুৱাৰী মাহত তেওঁ দিল্লী ট্ৰেন্সক' লিমিটেডৰ অধ্যক্ষ নিযুক্ত হৈছিল। দিল্লীৰ ৰাজধানী পৰিসৰ প্ৰশাসনৰ শক্তি বিভাগৰ প্ৰধান সচিব, উদ্যোগ বিভাগৰ প্ৰধান সচিবৰ, ইন্দ্ৰপ্ৰস্থ শক্তি উতপাদন ক'ম্পেনী লিমিটেড আৰু প্ৰগতি শক্তি ক'ৰ্প'ৰেচন লিমিটেডৰ অধ্যক্ষ আৰু দিল্লী শকি কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী সঞ্চালকৰ দায়িত্বও শকুন্তলা দলে গামলিনে চম্ভালিছিল। ২০১৫ চনৰ ১৫ মে' তাৰিখে দিল্লীৰ উপ-ৰাজ্যপালে তেওঁক মুখ্য সচিব হিচাপে নিযুক্তি দিছিল, আৰু ইয়াকে লৈ আম আদমী পাৰ্টীৰ চৰকাৰ আৰু উপ-ৰাজ্যপাল নাজীৱ জাঙৰ মাজত বিৰোধৰ সূত্ৰপাত ঘটিছিল।২

২০০২ চনত ৰাষ্ট্ৰসংঘৰ Conference of Parties for the United Nations Framework Convention on Climate Change সমাৱৰ্তনৰ অষ্টম সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলত শকুন্তলা দলে গামলিন সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ বিশ্ব বেংকৰ Carbon Credit Calculations in clean energy products-ৰ প্ৰশিক্ষণতো ভাগ লৈছিল। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত বাণিজ্য পদ্ধতি আৰু সন্ধি বিষয়ত প্ৰশিক্ষণ প্ৰাপ্ত হোৱা শকুন্তলা দলে গামলিন ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচী আৰু অ-সোঁচৰা ৰোগ কাৰ্যক্ৰমৰ মুখ্য বিষয়া হিচাপেও নিৰ্বাচিত হৈছিল।২

ব্যক্তিগত জীৱন

শকুন্তলা দলে গামলিনৰ পিতৃ ললিত কুমাৰ দলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি আৰু লখিমপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ আছিল। ললিত কুমাৰ দলেই ঢকুৱাখনা বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভাৰ বিধায়ক হোৱাৰ লগতে বন বিভাগৰ উপ মন্ত্ৰী (অসম) আৰু জনজাতি পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী (অসম) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। শকুন্তলা দলে গামলিনৰ স্বামী জাৰ'বাম গামলিন অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল। জাৰ'বাম গামলিন দিল্লীৰ ছেইণ্ট ষ্টিফেনছ্ কলেজৰ প্ৰাক্তন ছাত্ৰ আছিল।১

তথ্যসূত্ৰ

  1. ↑ (19 May 2015). Gamlin held in ‘high esteem’. The Indian Express
  2. ↑ The Biography of IAS Officer Shakuntala Gamlin. The Web marked News
  3. ↑ (2015-05-18). Shakuntala Gamlin at the heart of Kejriwal-Jung turf war: All you need to know about Delhi's chief secy. Firstpost

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিমিচিং জনগোষ্ঠীৰ ব্যক্তিভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শকুন্তলা দলে গামলিন” প্ৰবন্ধৰ সংশোধন ৩৮৫৮৪৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।