১৯৭০ দশকৰ অসমীয়া চলচ্চিত্ৰ
৩২ প্ৰবন্ধ
-
অৰণ্য (চলচ্চিত্ৰ)
অৰণ্য (Aranya) ১৯৭১ চনত মুক্তি পোৱা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক আছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱ আৰু প্ৰযোজক আছিল মঙ্গলদৈৰ ইউনাইটেড প্ৰডাকচন।সঙ্গীত সুধীন দাশগুপ্তৰ। চোৰাং চিকাৰ আৰু অৰণ্য ধ্বংসযজ্ঞক বিষয়বস্ত হিচাপে লৈ ছবিৰ কাহিনী ৰচনা কৰা হৈছিল।
-
বৰুৱাৰ সংসাৰ
বৰুৱাৰ সংসাৰ ১৯৭০ চনৰ ২ অক্টোবৰৰ দিনা মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত এখন অসমীয়া কথাছবি। ৰাজজ্যোতি চিনে আৰ্টৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল মনোৰঞ্জন আগৰৱালা, দেৱৰঞ্জন আগৰৱালা আৰু নিভা বৰুৱাই।
-
মানৱ আৰু দানৱ
মানৱ আৰু দানৱ (Manav Aru Danav) ১৯৭১ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ইন্দুকল্প হাজৰিকা। সংলাপ ৰচনা কৰিছিল নাট্যকাৰ প্ৰফুল্ল বৰাই। নগাঁৱৰ শ্ৰীকৃষ্ণ ফিল্মছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল কাশীপ্ৰসাদ বিহানীয়ে।
-
দূৰণীৰ ৰঙ
দূৰণীৰ ৰঙ (Duranir Rong ) ১৯৭৯ত মুক্তিপ্ৰাপ্ত জন্ছ মহলীয়া পৰিচালিত আৰু প্ৰযোজিত এখন ক’লা-বগা অসমীয়া ছবি। পুণেৰ ফিল্ম এণ্ড টেলিভিচন ইঞ্চিটিটিউটৰ পৰিচালনা বিভাগৰ সদ্যোত্তীৰ্ণ মহলীয়াৰ এইখন প্ৰথম পৰিচালিত ছবি আছিল।
-
সন্ধ্যাৰাগ (চলচ্চিত্ৰ)
সন্ধ্যাৰাগ (Sandyaraag) ১৯৭৭ চনত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। এইখন ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত প্ৰথম ছবি। 'বানপ্ৰস্থ' শীৰ্ষক এটি গল্পৰ আধাৰত ছবিখনৰ আধাৰত চিত্ৰনাট্য আৰু সংলাপ তেখেতে নিজেই ৰচনা কৰিছে।
-
গঙা চিলনীৰ পাখি (চলচ্চিত্ৰ)
গঙা চিলনীৰ পাখি (Ganga Chilonir Pakhi ) ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালনা আৰু সঙ্গীত আছিল পদুম বৰুৱাৰ। পদুম বৰুৱা পৰিচালিত এইখন একমাত্ৰ কথাছবি। মুক্তিৰ পিছত গঙা চিলনীৰ পাখিয়ে দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰা নাছিল। কিন্তু পিছলৈ ই ধ্ৰুপদী ছবিৰ মৰ্যাদা পাইছিল।
-
আদালত (চলচ্চিত্ৰ)
আদালত (Adalat) ১৯৭৬ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা দিলীপ ডেকাৰ। সঙ্গীত জীতু-তপনৰ। উপদেষ্টা হ’ল স্যামা মেধী৷ মূল ভূমিকাত অভিনয় কৰিছে জৰ্জ বেকাৰ দীনেশ দাস, অনুপমা ভট্টাচাৰ্য আদিয়ে।
-
পুতলা ঘৰ
পুতলা ঘৰ (Putala Ghar) ১৯৭৬ চনত মুক্তিপ্ৰাপ্ত সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত এখন ক'লা-বগা ছবি। ছবিখন প্ৰযোজনা কৰিছিল মঙ্গলদৈৰ ইউনাইটেড প্ৰডাকচনে। সঙ্গীত তফজ্জুল আলিৰ।
-
ললিতা
ললিতা (Lalita) ব্ৰজেন বৰুৱা পৰিচালিত ১৯৭২ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া বোলছবি। চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে অপূৰ্ব চৌধুৰীয়ে। কাহিনী আৰু চিত্ৰনাট্য ব্ৰজেন বৰুৱাৰ। সঙ্গীত ৰমেন বৰুৱাৰ।
-
অভিযান (চলচ্চিত্ৰ)
অভিযান (Abhijaan) ১৯৭৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বিশ্বনাথ চাৰিআলিৰ পৰা নিৰ্ম্মাণ হোৱা প্ৰথমখন অসমীয়া কথাছবি। সুজিত সিংহই ছবিখনৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰাৰ উপৰিও চিত্ৰগ্ৰহণো কৰিছিল।
-
চামেলি মেমচা'ব
চামেলি মেমচা'ব (Madame Chameli) হৈছে ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত সেউজ বোলছবি সন্থা প্ৰযোজিত আৰু আব্দুল মজিদ পৰিচালিত এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। অসমৰ চাহ বাগিছাৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰখনত চাহ বাগিচাৰ এজন ব্ৰিটিছ মালিক আৰু বাগিছাখনত কাম কৰা এগৰাকী স্থানীয় শ্ৰমিক যুৱতীৰ প্ৰেম কাহিনী দেখুওৱা হৈছে।
-
সন্তান
সন্তান (Santaan) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল অমৰ পাঠকে। সঙ্গীত প্ৰভাত শৰ্মাৰ। ইয়াত সঠিক পথ-নিৰ্দেশনাৰ অভাৱ আৰু অনিশ্চিত ভৱিষ্যতে উচ্ছৃংখল, অস্থিৰ কৰি তোলা এচাম যুৱকৰ কাহিনী বৰ্ণনা কৰা হৈছে।
-
ওপজা সোণৰ মাটি (চলচ্চিত্ৰ)
ওপজা সোণৰ মাটি (Opaja Sonar Mati) ১৯৭২ চনত মুক্তি পোৱা সমবায় আন্দোলনৰ ওপৰত আধৰিত এটা কাহিনীৰে নিৰ্মিত এখন অসমীয়া ছবি। ছবিখন পৰিচালনা কৰিছিল ব্ৰজেন বৰুৱাই। বৰুৱাই মুঠতে ৫খন ছবি পৰিচালনা কৰিছিল। তেখেতৰ শেষ পৰিচালিত ছবি ওপজা সোণৰ মাটি। এই ছবিখনৰ শ্বুটিং হৈছিল লক্ষীমপুৰত।
-
কল্লোল (চলচ্চিত্ৰ)
কল্লোল (Kallol) অতুল বৰদলৈ পৰিচালিত এখন ক'লা-বগা অসমীয়া ছবি। সঙ্গীত পৰিচালনা ৰুদ্ৰ বৰুৱাৰ। ছবিখনে ১৯৭৯ত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল। ইয়োৰপৰি ছবিখন ১৯৭৮-৭৯ৰ ভাৰতীয় পেনোৰামালৈও নিৰ্বাচিত হৈছিল৷
-
ভাইটি (চলচ্চিত্ৰ)
ভাইটি (Bhaiti) হৈছে প্ৰথমখন অসমীয়া সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰ। ১৯৭২ চনত মুক্তি লাভ কৰা চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল অজিত সিংহই।
-
অপৰাজেয় (চলচ্চিত্ৰ)
অপৰাজেয় (Aparajeyo) ১৯৭০ চন ৬ মে'ত মুক্তিপ্ৰাপ্ত সমান্তৰাল ধাৰা বা কলাত্মক ধাৰাৰ প্ৰভাৱপুষ্ট প্ৰথম অসমীয়া চলচ্চিত্ৰ। ছবিখন ক'লা-বগাকৈ নিৰ্মাণ কৰা হৈছিল। ফণী তালুকদাৰৰ 'মোৰে মলুৱা' শীৰ্ষক অঁনাতাৰ নাটক এখনৰ আধাৰত অতুল বৰদলৈয়ে চিত্ৰনাট্য ৰচনা কৰা ছবিখন 'চতুৰঙ্গ' নামত চাৰিজন পৰিচালকে পৰিচালনা কৰিছিল।
-
কাঁচঘৰ
কাঁচঘৰ (Kanchghar) ১৯৭৫ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য বিজয় চৌধুৰী আৰু পীযুষ কান্তি ৰয়ৰ। কাঁচঘৰ তেওঁলোকৰ প্ৰথম আৰু একমাত্ৰ পৰিচালিত ছবি৷ পৰিচালকদ্বয় মূলতঃ চলচ্চিত্ৰৰ কাৰিকৰী দিশৰ প্ৰশিক্ষিত লোক আছিল৷ তেওঁলোক পুনা ফিল্ম ইনষ্টিটিউটৰ ক্ৰমে সম্পাদনা…
-
মমতা (চলচ্চিত্ৰ)
মমতা (Mamata) নলীন দুৱৰা পৰিচালিত ১৯৭৩ত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কথাছবি। তেৱেঁ ছবিখনৰ চিত্ৰগ্ৰহণো কৰিছে। অসমৰ গ্ৰাম্যজীৱনৰ পটভূমিত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে। ১৯৭৩ৰ ২১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ শিতানত মমতাই ৰজত পদক লাভ কৰে।
-
যোগ-বিয়োগ
যোগ-বিয়োগ (Jog Biyog) ১৯৭১ চনত মুক্তি পোৱা এখন সঙ্গীত-মধুৰ অসমীয়া চলচ্চিত্ৰ। পৰিচালনা দ্বিবন বৰুৱাৰ। বৰুৱাই ছবিৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। প্ৰযোজনা কৰিছিল সুপ্ৰভা দেৱীয়ে। সঙ্গীত ৰমেন বৰুৱাৰ। শব্দগ্ৰহণ অনিল দাসগুপ্তৰ।
-
শ্ৰীমতী মহিমাময়ী
শ্ৰীমতী মহিমাময়ী (Srimati Mohimamoyee) ১৯৭৯ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনা আৰু প্ৰযোজনা পুলক গগৈৰ। এইখন তেওঁৰ দ্বিতীয় ছবি। কাহিনীৰ আধাৰ লক্ষ্মীনাথ ফুকনৰ একে নামৰ হাস্যৰসাত্মক চুটিগল্প এটা। ইয়াত হাস্যৰসৰ উপাদান আছিল যদিও ইয়াত কোনো স্থূলতা নাছিল। বাজেট আছিল ১,২৫,০০০ টকা।
-
হৃদয়ৰ প্ৰয়োজন
হৃদয়ৰ প্ৰয়োজন ( Hridoyor Prayojan ) ১৯৭২ চনত মুক্তিপ্ৰাপ্ত, গৌৰী বৰ্মন পৰিচালিত এখন ক’লা-বগা অসমীয়া বোলছবি। হোমেন বৰগোহাঞিৰ কাহিনীৰ আধাৰত পৰিচালক বৰ্মনে ছবিৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল। হৃদয়ৰ প্ৰয়োজনে চেঞ্চৰ বোৰ্ডৰ পৰা A-চাৰ্টিফিকেট লাভ কৰিছিল। A-চাৰ্টিফিকেট লাভ কৰা এইখন প্ৰথম অসমীয়া ছবি।
-
পাপ আৰু প্ৰায়শ্চিত্ত (চলচ্চিত্ৰ)
পাপ আৰু প্ৰায়শ্চিত্ত (Paap aru Praischitta) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন। সংগীত জীতেন বৰুৱাৰ। ১৯৭০ চনত ধুবুৰীত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।
-
পৰিণাম
পৰিণাম ( Parinam ) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া বোলছবি। বিজয় ফিল্মছৰ বেনাৰত নিৰ্মিত এই ছবিৰ পৰিচালক আৰু প্ৰযোজক আছিল প্ৰবীণ বৰা।
-
বৃষ্টি (চলচ্চিত্ৰ)
বৃষ্টি (Bristi) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। জয়শ্ৰী প্ৰডাকছন (প্ৰাঃ) লিমিটেডৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল এজন আগশাৰীৰ নাট্যকাৰ দেউতি বৰুৱাই। মধ্যবিত্তীয় আদৰ্শ আৰু সংঘাতক কেন্দ্ৰ কৰি ছবিৰ কাহিনী গঢ় লৈছে।
-
খোজ (অসমীয়া চলচ্চিত্ৰ)
খোজ (Khoj) ১৯৭৫ চনৰ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা, প্ৰযোজনা, কাহিনী, চিত্ৰনাট্য,সংলাপ পুলক গগৈৰ। ভূপেন হাজৰিকাই সঙ্গীত পৰিচালনা কৰাৰ উপৰিও গীতো লিখিছে।
-
ধৰ্মকাই
ধৰ্মকাই (Dharmakai) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। জ্যোতি সমবায় সমিতিয়ে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালক ভবেন দাস। সঙ্গীত পৰিচালনা জয়ন্ত হাজৰিকাৰ। মূল চৰিত্ৰত অভিনয় কৰিছে বিজু ফুকন, ইলা কাকতি, প্ৰশান্ত হাজৰিকা আদিয়ে।
-
বনজুই (চলচ্চিত্ৰ)
বনজুই (Banjui) ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত আব্দুল মজিদ পৰিচালিত এখন ক’লা-বগা পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে তিনিচুকীয়াৰ ৰূপজ্যোতি চলচ্চিত্ৰম্ কো-অপাৰেটিভ ছোচাইটি লিমিটেডে। ছবিৰ কাহিনী আৰু সংলাপ ৰচনা চৈয়দ আব্দুল মালিকৰ।
-
ৰতনলাল
ৰতনলাল (Ratanlal) ১৯৭৫ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া নাট্যধৰ্মী চলচ্চিত্ৰ। অসম চাহ মজদুৰ সংঘই প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছে নলিন দুৱৰাই। ছবিখনৰ চিত্ৰগ্ৰহণো নলিন দুৱৰাৰ।
-
বনহংস
বনহংস (Banahansa) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনা, সংলাপ আৰু চিত্ৰনাট্য আব্দুল মজিদৰ। প্ৰযোজনা কৰিছে যোৰহাটৰ সেউজ বোলছবি সন্থাই। নিৰোদ চৌধুৰীৰ একে নামৰ উপন্যাসৰ আধাৰত ছবিৰ কাহিনী ৰচনা কৰা হৈছে।
-
বিভ্ৰাট (চলচ্চিত্ৰ)
বিভ্ৰাট ( Bibhrat ) ১৯৭২ চনত মুক্তি পোৱা ফণী তালুকদাৰ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছিল পীতাম্বৰ শৰ্মা, বংসীধৰ শৰ্মা আৰু ফণী তালুকদাৰে।বিভ্ৰাটৰ গীত বাণীবদ্ধ কৰা হৈছিল জ্যোতি চিত্ৰবনত।