অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সুৰজ কা সাতোৱা ঘোঁৰা

সুৰজ কা সাতোৱা ঘোঁৰা ( Suraj Ka Satvan GhodaStrir Patra; অনু: সুৰ্যৰ সপ্তমটো ঘোঁৰা) ১৯৯২ চনত শ্যাম বেনেগালৰ পৰিচালনাত আৰু ধৰ্মবীৰ ভাৰতীৰ “সুৰজ কা সাতোৱা ঘোঁৰা“ নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এখন ভাৰতীয় হিন্দী ছবি। ১৯৯৩ চনত ই হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ১৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

সুৰজ কা সাতোৱা ঘোঁৰা ( Suraj Ka Satvan GhodaStrir Patra; অনু: সুৰ্যৰ সপ্তমটো ঘোঁৰা) ১৯৯২ চনত শ্যাম বেনেগালৰ পৰিচালনাত আৰু ধৰ্মবীৰ ভাৰতীৰ “সুৰজ কা সাতোৱা ঘোঁৰা“ নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এখন ভাৰতীয় হিন্দী ছবি। ১৯৯৩ চনত ই হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১ আত্ম-চিন্তনশীল ছবিখন "দেৱদাস" চিনড্ৰ’মৰ ওপৰত এক বিধ্বংসী ৰূপ লোৱাৰ বাবেও জনাজাত।২ এই ছবিখন ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে (এন এফ ডি চি) প্ৰযোজনা কৰিছিল।৩ ইয়াত অভিনয় কৰিছে ৰজিত কাপুৰ, ৰাজেশ্বৰী সচদেৱ, পল্লৱ যোশী, নীনা গুপ্তা আৰু অমৰীশ পুৰী।

প্লট

গল্পকাৰ মনেক মল্লাই (ৰজিত কাপুৰ) বন্ধুসকলক জীৱনৰ বিভিন্ন সময়ত চিনাকি হোৱা তিনিগৰাকী মহিলাৰ তিনিটা কাহিনী কয়: ৰাজেশ্বৰী সচদেৱ (মধ্যবিত্ত শ্ৰেণীৰ বাবে উপমা), পল্লৱ যোশী (বুদ্ধিদীপ্ত আৰু ধনী), আৰু নীনা গুপ্তা (দৰিদ্ৰ)।৪ ছবিখনৰ বিভিন্ন মুখ্য চৰিত্ৰৰ দৃষ্টিকোণৰ পৰা চালে এই তিনিটা কাহিনী এটা একক কাহিনীৰ তিনিটা ভিন্ন ৰূপ বুলি প্ৰকাশ পাইছে।

কোনো এটা গোট বা সমাজৰ আটাইতকৈ নিম্ন, লেহেমীয়া বা দুৰ্বল সকলেই গতি বা প্ৰগতি নিৰ্ধাৰণ কৰে। ছবিখনৰ শিৰোনাম, ছবিখনৰ বাবেই এক উপমা, সমাজ আৰু সাতটা ঘোঁৰাই টনা সূৰ্য্যৰ ৰথৰ পৌৰাণিক প্ৰতীকাত্মতা মাজত এক সাদৃশ্য পোৱা যায়।

আখ্যান শৈলীয়ে বিমূৰ্ততাক আৰু অধিক বৃদ্ধি কৰে; ছবিখনক সমকালীন শিল্পী শ্যামৰ (ৰঘুবীৰ যাদৱ) ফ্লেছবেক হিচাপে উপস্থাপন কৰা হৈছে।

বঁটা

তথ্যসূত্ৰ

  1. ↑ 40th National Film Awards. Directorate of Film Festivals. পৃ. 62
  2. ↑ Rao, Maithili. (12 August 2007). Bollywood's hegemony. The Hindu
  3. ↑ Verma, Sukanya. (16 September 2017). Great film, no audience. The Hindu
  4. ↑ Clarke Fountain. (2007). Suraj Ka Satvan Ghoda (1992) - Overview. The New York Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰশ্ৰেষ্ঠ হিন্দী ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুৰজ কা সাতোৱা ঘোঁৰা” প্ৰবন্ধৰ সংশোধন ৬৪০২৯০ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।