সাবিত্ৰী ( Savitri) হৈছে ১৯৩৭ চনৰ ফ্ৰেঞ্জ অষ্টিনৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় হিন্দী ভাষাৰ পৌৰাণিক ছবি।১ নিৰঞ্জন পালৰ দ্বাৰা অভিযোজিত মহাভাৰতৰ এটা কাহিনীৰ আধাৰত ছবিখনৰ সংলাপ জোচেফ উইৰ্চিঙে লিখে। সংগীত ৰচনা সৰস্বতী দেৱীৰ।২ গাৰ্গৰ মতে সাবিত্ৰী আছিল হিমাংশু ৰায়ে "গ্ৰাম্যবাদী সংস্কাৰধৰ্মী ড্ৰামা" নিৰ্মাণৰ বাবে পৰিচিত বম্বে টকীৰ বাবে প্ৰযোজনা কৰা "একমাত্ৰ পৌৰাণিক" ছবি আছিল।৩ অশোক কুমাৰ আৰু দেৱিকা ৰাণীয়ে মূল ভূমিকাত অভিনয় কৰিছিল; সহযোগী চৰিত্ৰত আছিল মায়া দেৱী, সৰোজ বৰকাৰ, মুমতাজ আলী আৰু সুনীতা দেৱী।৪
কাহিনী
ৰাজ্যহাৰা অন্ধৰজা দুমতসেনৰ পুত্ৰ সত্যৱানৰ লগত সাবিত্ৰীৰ বিবাহ হয়। নাৰদ ঋষিয়ে অৱশ্যে বিবাহৰ পূৰ্বে সাবিত্ৰীক সকিয়াই দিছিল যে বিবাহৰ এবছৰ পিছতে সত্যৱানৰ মৃত্যু হ’ব। এবছৰ পাছত যেতিয়া সত্যবানৰ আত্মা যমে কাঢ়ি নিব ওলোৱাত সাবিত্ৰীয়ে যমক কাকুতি মিনতি কৰে। তেওঁৰ সাধনাত যম সন্তুষ্ট হৈ স্বামীৰ জীৱনদানৰ সলনি তিনিটা বৰ বিচাৰিব কলে। সেই মতে তেওঁ শহুৰেকক দৃষ্টিশক্তি দান, হেৰুওৱা ৰাজ্য পুনৰুদ্ধাৰ আৰু এশ পুত্ৰ দান- এই তিনিটা বৰ বিচাৰিলে। যমে তিনিওটা বৰ দিলে। কিন্তু যম নিজেই নিজৰ কথাত বান্ধ খাই পৰিল। স্বামী অবিহনে সাবিত্ৰীয়ে এশ পুত্ৰ জন্ম দিব কেনেকৈ? অৱশেষত যমে সত্যৱানৰ আত্মা ওভতাই দিবলৈ বাধ্য হ’ল।
তথ্যসূত্ৰ
- ↑ Karanjia, B. K. (1989). Genres of Indian Cinema. The Author
- ↑ Savitri (1937). gomolo.com. Gomolo.com
- ↑ Bhagwan Das Garga. (1996). So many cinemas: the motion picture in India. Eminence Designs. ISBN 978-81-900602-1-9
- ↑ Savitri. citwf.com. Alan Goble
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাবিত্ৰী (১৯৩৭ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৭৩৪২ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।