যুক্তৰাজ্যৰ ব্যক্তি
১২৩ প্ৰবন্ধ
-
জন কীটছ
জন কীটছ (John Keats; ৩১ অক্টোবৰ ১৭৯৫ – ২৩ ফেব্ৰুৱাৰী ১৮২১) আছিল এগৰাকী ইংৰাজী ৰমন্যাসবাদৰ কবি। ২৫ বছৰ বয়সত যক্ষ্মা ৰোগত মৃত্যু হোৱাৰ মাত্ৰ চাৰি বছৰ পূৰ্বে তেওঁৰ সৃষ্টিৰাজি প্ৰকাশ পোৱা সত্ত্বেও তেওঁ আছিল লৰ্ড বাইৰণ, পাৰ্ছি বাইছ শ্যেলী আদিৰ লগত দ্বিতীয় প্ৰজন্মৰ ৰোমাণ্টিক কবিসকলৰ অন্যতম।
-
জন বেৰী হোৱাইট
ছাৰ জন বেৰী হোৱাইট (Sir John Berry White, জন্ম: ৫ জুন, ১৮৩৪, মৃত্যু: ১৯ নৱেম্বৰ, ১৮৯৬),অসমত চিকিৎসা বিজ্ঞানৰ প্ৰৱৰ্তক তথা অসমত শিল্পদ্যোগৰ অন্যতম ভেটি স্থাপন কৰোতা। তেওঁ বেংগল মেডিকেল চাৰ্ভিচৰ (Bengal Medical Services) অসামৰিক শল্য চিকিৎসক আছিল।
-
জেমছ কুক
কেপ্টেইন জেমছ কুক এজন ব্ৰিটিছ অভিযানকাৰী, নাৱিক, নক্সাকাৰ তথা ৰাজকীয় নৌ বাহিনী অধিনায়ক আছিল। কুকে প্ৰশান্ত মহাসাগৰ ভ্ৰমণ কৰাৰ আগতে নিঊ ফাউণ্ডলেণ্ডৰ নিখুঁত নক্সা আঁকি ওলিয়াইছিল।
-
ডেনিয়েল ৰেডক্লিফ
ডেনিয়েল জেকব ৰেডক্লিফ '(Daniel Radcliffe) (জন্ম: ২৩ জুলাই, ১৯৮৯) এজন ইংৰাজ অভিনেতা। হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা)ত হেৰী পটাৰৰ ভূমিকাত অভিনয় কৰি বিশেষভাবে পৰিচিত হয়। ইয়াৰ উপৰিও ৰেডক্লিফে একাধিক মঞ্চ, টিভি আৰু চলচ্চিত্ৰত অভিনয় কৰিছে।
-
জন মাইকেল কষ্টাৰলিটজ
জন মাইকেল কষ্টাৰলিটজ এজন ব্ৰিটিছ ঘনীভুত পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান ব্ৰাউন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ জৈৱৰসায়নবিদ হান্স কষ্টাৰলিটজৰ পুত্ৰ।
-
জেন অষ্টিন
জেন অষ্টিন (Jane Austen) হৈছে এগৰাকী ইংৰাজ ঔপন্যাসিক। যি মুখ্যতঃ ছয়খন উপন্যাসৰ বাবে জনাজাত, যিয়ে অষ্টাদশ শতিকাৰ শেষত ব্ৰিটিছ লেণ্ডেড গ্ৰেণ্ট্ৰিৰ বাখ্যা, সমালোচনা আৰু এই বিষয়ে মন্তব্য কৰে।
-
জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট
ছাৰ জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট (Sir James Fraser Stoddart) (জন্ম: ২৪ মে, ১৯৪২ তেওঁ অতিআণৱিক ৰসায়ন আৰু নেন'প্ৰযুক্তি ক্ষেত্ৰত বহুতো অৱদান আগবঢ়াইছে। তেওঁ আণৱিক ব'ৰ'মীন ৰিং, কেটেনেন আৰু আণৱিক চিনাক্তকৰণত ৰোটেক্সেনৰ ব্যৱহাৰ আৰু ইয়াৰ আণৱিক চেল্ফএচেম্বলি আদিৰ দৰে অতি উপযোগী যান্ত্ৰীকভাৱে সংযুক্ত আণৱিক…
-
ডেভিদ জেমছ থুলছ
ডেভিদ জেমছ থুলছ ( জন্ম: ২১ ছেপ্টেম্বৰ ১৯৩৪) এজন ব্ৰিটিছ ঘনীভুত পদাৰ্থ বিজ্ঞানী। তেওঁ ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন আৰু জন মাইকেল কষ্টাৰলিটজৰ লগত পদাৰ্থৰ ট'প'লজিকেল ফেজ ট্ৰান্সজিছন বিষয়ৰ বাবে যুটীয়া ভাবে ২০১৬ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
-
ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন
ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন (Frederick Duncan Michael Haldane; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৫১) এজন ব্ৰিটিছ পদাৰ্থ বিজ্ঞানী। তেওঁ আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সন্মানীয় ইউজিন হিগিন্স আসনৰ অধ্যাপক আৰু পেৰিমিটাৰ ইনষ্টিটিউট ফৰ থিয়ৰীটিকেল ফিজিক্সেৰ সন্মানীয় আসনৰ অধ্যাপক।
-
মীৰাবেন
মীৰাবেন (Mirabehn; জন্ম:মেডেলিন শ্লেড; ২২ নৱেম্বৰ ১৮৯২ - ২০ জুলাই ১৯৮২) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী আৰু পৰিৱেশবিদ। তেওঁ ১৯২০ৰ দশকত মহাত্মা গান্ধীৰ সৈতে থাকিবলৈ আৰু কাম কৰিবলৈ ইংলেণ্ডৰ গৃহ ত্যাগ কৰিছিল।
-
ৱিলিয়াম ৱৰ্ড্ছৱৰ্থ
ৱিলিয়াম ৱৰ্ডচৱৰ্থ (William Wordsworth,; ৭ এপ্ৰিল ১৭৭০ – ২৩ এপ্ৰিল ১৮৫০) এজন ইংৰাজী ৰোমাণ্টিক কবি আছিল যিয়ে চেমুৱেল টেইলৰ কোলৰিজৰ সৈতে তেওঁলোকৰ যুটীয়া প্ৰকাশন লিৰিকেল বালাডছৰ জৰিয়তে ইংৰাজী সাহিত্যত ৰোমাণ্টিক যুগ আৰম্ভ কৰাত সহায় কৰিছিল। ৰোমাণ্টিক ধাৰাৰ কবিতা কবি বৰ্ডছৱৰ্থৰ হাততে পূৰ্ণাংগ হৈ উঠে।
-
আলেকজেণ্ডাৰ কানিংহাম
মেজৰ জেনেৰেল ছাৰ আলেকজেণ্ডাৰ কানিংহাম কেচিআইই চিএছআই (২৩ জানুৱাৰী ১৮১৪ – ২৮ নৱেম্বৰ ১৮৯৩) ব্ৰিটিছ সেনাবাহিনীৰ "বেংগল চেপাৰ্ছৰ এজন অভিযন্তা আছিল আৰু পিছলৈ ভাৰতৰ ইতিহাস আৰু পুৰাতত্ত্বৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল।
-
এম. ষ্টেনলী হুইটটিনগাম
মাইকেল ষ্টেনলী হুইটটিনগাম এগৰাকী ইংৰাজ ৰসায়নবিদ। তেওঁ ষ্টেট ইউনিভাৰ্চিটি অফ নিউয়ৰ্কৰ অধীনত বিনগামটন বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু মেটেৰীয়েল ৰিচাৰ্ছ আৰু মেটেৰীয়েল চাইন্স আৰু প্ৰকৌশল প্ৰগ্ৰেমৰ দুয়ো প্ৰতিষ্ঠানৰ নিৰ্দেশক। তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে বিশেষ ভাবে জনাজাত।
-
কৱি শাস্ত্ৰী
কৱি শাস্ত্ৰী (Kavi Shastri) (জন্ম: ফেব্ৰুৱাৰী ১৯, ১৯৮৬) হৈছে এজন ভাৰতীয় ব্ৰিটিছ অভিনেতা। প্ৰবাসী ভাৰতীয় এই অভিনেতাজনে পূৰ্বতে কিছুসংখ্যক ছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছিল যদিও তেওঁ য়শ ৰাজ ফিল্মছৰ ধাৰাবাহিক "ৰিস্তা ডট কম"-ত কৰা অভিনয়ৰ বাবেহে ভাৰতীয় দৰ্শকৰ মাজত পৰিচয় আৰু জনপ্ৰিয়তা লাভ কৰে।
-
চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ
চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছ (Charles Alexander Bruce; ১১ জানুৱাৰী ১৭৯৩ – ২৩ এপ্ৰিল ১৮৭১) এগৰাকী ব্ৰিটিছ সৈনিক, অভিযানকাৰী আৰু লেখক। তেওঁক ভাৰতৰ চাহ উদ্যোগৰ পিতৃ পুৰুষ বুলি গণ্য কৰা হয়। তেওঁৰ ভাতৃ ৰবাৰ্ট ব্ৰুছে ১৮২৩ চনত অসমত অসম চাহ আৱিষ্কাৰ কৰিছিল।
-
চেমুৱেল বেকেট
চেমুৱেল বেকেট (Samuel Beckett) হৈছে এগৰাকী আইৰিছ ঔপন্যাসিক, নাট্যকাৰ, চুটি গল্প লেখক,কবি আৰু সাহিত্য অনুবাদক।
-
জেন গুডঅল
ডেম জেন মৰিছ গুডঅল(Dame Jane Morris Goodall) (; জন্মতে ভালেৰি জেন মৰিছ-গুডঅল, ৩ এপ্ৰিল ১৯৩৪-১ অক্টোবৰ ২০২৫), পূৰ্বতে বেৰোনেছ জেন ভেন লাৱিক-গুডঅল, হৈছে এগৰাকী ইংৰাজ প্ৰাইমেটোলজিষ্ট আৰু নৃতত্ত্ববিদ৷ সাধাৰণ চিম্পাঞ্জীৰ এগৰাকী নেতৃস্থানীয় বিশেষজ্ঞ হিচাপে গুডঅল পৰিচিত৷ বনৰীয়া চিম্পাঞ্জীৰ সামাজিক আৰু…
-
জেমছ হেডলি ছেজ
জেমছ হেডলি ছেজ (James Hadley Chase; ২৪ ডিচেম্বৰ,১৯০৬–৬ ফেব্ৰুৱাৰী, ১৯৮৫) এগৰাকী ইংৰাজ লেখক আছিল। যদিও তেখেতৰ আচল নাম আছিল René Lodge Brabazon Raymond, তেখেত কেইবাটাও ছদ্মনামেৰে প্ৰসিদ্ধি লাভ কৰিছিল। যেনে, জেমছ হেডলি চেজ, জেমছ এল ডকাৰ্টি (James L.
-
জোছেফ শ্বান
ছাৰ জোছেফ ৱিলছন শ্বান (Sir Joseph Wilson Swan, ৩১ অক্টোবৰ ১৮২৮-২৭ মে' ১৯১৪) আছিল এগৰাকী ইংৰাজ পদাৰ্থ বিজ্ঞানী, ৰসায়নবিদ আৰু উদ্ভাৱক। বিজুলী বাতিৰ এগৰাকী স্বতন্ত্ৰ আৰু প্ৰাৰম্ভিক পৰ্যায়ৰ উদ্ভাৱক হিচাপে শ্বান পৰিচিত।
-
জৰ্জ এলিয়ট
মেৰী এন ইভান্স (২২ নৱেম্বৰ ১৮১৯ – ২২ ডিচেম্বৰ ১৮৮০; বৈকল্পিকভাৱে মেৰী এনি বা মাৰিয়ান), যাক তেওঁৰ কলম নাম জৰ্জ ইলিয়ট বুলি জনা যায়, এগৰাকী ইংৰাজ ঔপন্যাসিক, কবি, সাংবাদিক, অনুবাদক আৰু ভিক্ট'ৰিয়ান যুগৰ এগৰাকী আগশাৰীৰ লেখিকা আছিল।
-
ডগলাছ ষ্টুৱাৰ্ট
ডগলাছ ষ্টুৱাৰ্ট (Douglas Stuart; জন্ম: ১৯৭৬)এজন স্কটিছ-আমেৰিকান লেখক আৰু ফেশ্বন ডিজাইনাৰ। তেওঁৰ প্ৰথমখন উপন্যাস শ্বাগি বেইন হৈছে ২০২০ চনত বুকাৰ বঁটা লাভ কৰা গ্ৰন্থ।
-
ডেনিয়েল ডিফো
ডেনিয়েল ডিফো (Daniel Defoe) হৈছে ১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্ম গ্ৰহণ কৰা এগৰাকী সাহিত্যিক, সাংবাদিক, ৰাজনীতিবিদ, ব্যৱসায়ী, চোৰাংচোৱা আৰু অৰ্থনীতিবিদ। তেওঁৰ বিখ্যাত উপন্যাসসমূহৰ ভিতৰত 'ৰবিনছন ক্ৰুছো'ই তেওঁক অমৰ কৰি ৰাখিছে।
-
পিটাৰ জন ৰেটক্লিফ
ছাৰ পিটাৰ জন ৰেটক্লিফ (জন্ম: ১৪ মে' ১৯৫৪) এগৰাকী ব্ৰিটিছ চিকিৎসক আৰু কোষ আণৱিক জীৱবিজ্ঞানী। বৰ্তমান তেওঁ অক্সফোৰ্ডৰ জন ৰেডক্লিফ হস্পিটেলত চিকিৎসক হিচাপে কৰ্মৰত। তেওঁ ২০০৪ চনৰ পৰা ২০১৬ চনলৈ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ক্লিনিকেল মেডিচিন বিভাগৰ অধ্যাপক আৰু মুৰব্বী আছিল।
-
মনিকা আলী
মনিকা আলী (Monica Ali; জন্ম: ২০ অক্টোবৰ ১৯৬৭) এগৰাকী বাংলাদেশী বংশোদ্ভূত ব্ৰিটিছ লেখক তথা ঔপন্যাসিক। ২০০৩ চনত তেওঁ তেওঁৰ অপ্ৰকাশিত পাণ্ডুলিপিৰ ওপৰত ভিত্তি কৰি গ্ৰাণ্টা পত্ৰিকা কৰ্তৃক "বেষ্ট অফ ইয়ং ব্ৰিটিছ নভেলিষ্ট" হিচাপে নিৰ্বাচিত হৈছিল।
-
মাইকেল হাউটন
মাইকেল হাউটন (Michael Houghton)(জন্ম ১৯৪৯) এগৰাকী ব্ৰিটিছ-কানাডীয়ান অণুজীৱবিদ আৰু ভাইৰাছবিদ। তেওঁ কিউ লিম চু, জৰ্জ কুও আৰু ডেনিয়েল ডব্লিউ. ব্ৰডলেৰ সৈতে ১৯৮৯ চনত হেপাটাইটিছ চিৰ আৱিষ্কাৰ কৰিছিল। তেওঁ ১৯৮৬ চনত হেপাটাইটিছ ডিৰ জিনম সহ-আবিষ্কাৰ কৰিছিল।
-
মিলি ববি ব্ৰাউন
মিলি ববি ব্ৰাউন (Millie Bobby Brown; জন্ম: ১৯ ফেব্ৰুৱাৰী ২০০৪) হৈছে এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু মডেল। মিলিয়ে নেটফ্লিক্সৰ বিজ্ঞান-কল্পকাহিনী ড্ৰামা-ছিৰিজ ষ্ট্ৰেঞ্জাৰ থিংছ (২০১৬–বৰ্তমান)ত এলেভেন চৰিত্ৰটো ৰূপায়ণ কৰি স্বীকৃতি লাভ কৰে।
-
মেৰী শ্বেলী
মেৰী ৱলষ্ট’নক্ৰেফ্ট শ্বেলী (Mary Wollstonecraft Shelley) হৈছে উনবিংশ শতিকাৰ এগৰাকী প্ৰখ্যাত ইংৰাজ সাহিত্যিক। তেওঁ একাধাৰে এজন ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, প্ৰবন্ধকাৰ, জীৱনীকাৰ আৰু ভ্ৰমণকাহিনী লেখিকা। ১৭৯৭ চনৰ ৩০ আগষ্টত লণ্ডনত মেৰী ৱলষ্ট’নক্ৰেফ্ট শ্বেলীৰ জন্ম হয়।
-
লুডৱিগ গুটমেন
ছাৰ লুডৱিগ গুটমেন (Ludwig Guttmann, ৩ জুলাই ১৮৯৯ – ১৮ মাৰ্চ ১৯৮০) এগৰাকী জাৰ্মান-ব্ৰিটিছ স্নায়ুৰোগ বিশেষজ্ঞ আছিল। তেওঁ ষ্টক মেণ্ডেভিল গেমছ নামৰ প্ৰতিবন্ধী লোকসকলৰ বাবে ক্ৰীড়া প্ৰতিযোগিতা প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী কালত এই ক্ৰীড়া প্ৰতিযোগিতা ইংলেণ্ডত পেৰালিম্পিক গেমছলৈ বিকশিত হয়।
-
লৰ্ড বেডেন পাৱেল
ইউৰোপ আৰু আমেৰিকাৰ বহুতো দেশৰ আৰ্হিত এচিয়াৰো কেতবোৰ দেশত আজি স্কুলীয়া শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত 'স্কাউট আৰু গাইড'ৰ (Scouts & Guides) প্ৰশিক্ষণ দিয়া হয়। ভাৰতৰো প্ৰায়বোৰ বিদ্যালয়তে ’স্কাউটিং’ শিক্ষাৰ এক অভিন্ন অংগ হৈ পৰিছে।
-
সৰলা বেন
সৰলা বেন (Sarla Behn; জন্ম: কেথেৰিন মেৰী হেইলমেন; ৫ এপ্ৰিল ১৯০১ – ৮ জুলাই ১৯৮২) এগৰাকী ব্ৰিটিছ গান্ধীবাদী সমাজকৰ্মী আছিল। তেওঁ উত্তৰাখণ্ডৰ কুমাও অঞ্চলত কৰা কামে ৰাজ্যখনৰ হিমালয়ৰ অৰণ্যত পৰিৱেশ ধ্বংসৰ বিষয়ে সজাগতা সৃষ্টি কৰাত সহায় কৰিছিল।