অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডেনিয়েল ৰেডক্লিফ

ডেনিয়েল জেকব ৰেডক্লিফ '(Daniel Radcliffe) (জন্ম: ২৩ জুলাই, ১৯৮৯) এজন ইংৰাজ অভিনেতা। হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা)ত হেৰী পটাৰৰ ভূমিকাত অভিনয় কৰি বিশেষভাবে পৰিচিত হয়। ইয়াৰ উপৰিও ৰেডক্লিফে একাধিক মঞ্চ, টিভি আৰু চলচ্চিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ১৮ মে’ ২০২৬ ১,১৬০ শব্দ · ৬ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ডেনিয়েল জেকব ৰেডক্লিফ ১২ '(Daniel Radcliffe) (জন্ম: ২৩ জুলাই, ১৯৮৯)৩ এজন ব্ৰিটিছ অভিনেতা। হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা)ত হেৰী পটাৰৰ ভূমিকাত অভিনয় কৰি বিশেষভাবে পৰিচিত হয়। ইয়াৰ উপৰিও ৰেডক্লিফে একাধিক মঞ্চ, টিভি আৰু চলচ্চিত্ৰত অভিনয় কৰিছে। ইয়াৰ ভিতৰত আছে ৰয়েছে আইটিভি ফিল্ম মাই বয় জেক আৰু ইকুয়াছ নাটকখন। নাটকখনত ৰেডক্লিফৰ অভিনয় বিশেষভাবে প্ৰশংসিত হয়। ডেনিয়েল ৰেডক্লিফে ১০ বছৰ বয়সত বিবিচি ৱানৰ ১৯৯৯ চনৰ টেলিভিছন চলচ্চিত্ৰ ডেভিড কপাৰফিল্ডত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে। ২০০১ চনত দা টেলৰ অফ পানামা নামৰ চলচ্চিত্ৰখনত অভিলয় কৰে। ১১ বছৰ বয়সত ৰেডক্লিফে হেৰী পটাৰ (চলচ্চিত্ৰ শৃংখলা)ৰ প্ৰথমখন চলচ্চিত্ৰ হেৰী পটাৰ এণ্ড দা ফিল’ছ’ফাৰ্ছ ষ্ট’নৰ মূল চৰিত্ৰ হেৰী পটাৰ চৰিত্ৰত অভিনয় কৰে। ৰেডক্লিফে এই শৃংখলাৰ আটাইকেইখন চলচ্চিত্ৰৰ হেৰী পটাৰ চৰিত্ৰত অভিনয় কৰে।

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৮৯ চনৰ ২৩ জুলাইত ইংলেণ্ডৰ পশ্চিম লণ্ডনত ডেনিয়েল ৰেডক্লিফে জন্মগ্ৰহণ কৰে৪। ১৯৯৯ চনৰ ডিচেম্বৰ মাহত, পাঁচ বছৰ বয়সতে৫ ৰেডক্লিফে ডেভিড কপাৰফিল্ড নামৰ চলচ্চিত্ৰখনত শিশু ডেভিড কপাৰফিল্ডৰ চৰিত্ৰত৬ অভিনয় কৰে। ৰেডক্লিফে লণ্ডনৰ ছেলছীৰ ছাছেক্স হাউচ স্কুল৭ আৰু তাৰ পিছত চিটি অফ লণ্ডন স্কুল,৮ত শিক্ষাগ্ৰহণ কৰিছিল। হেৰী পটাৰ এণ্ড দা ফিল’ছ’ফাৰ্ছ ষ্ট’ন মুক্তি পোৱাৰ পিছত স্কুলত যোৱা ৰেডক্লিফৰ বাবে কঠিন হৈ পৰে। ৰেডক্লিফে কৈছে যে, হেৰী পটাৰৰ চৰিত্ৰক লৈ সকলোৱে হিংসাতে ঠাট্টা কৰিবলৈ আৰম্ভ কৰিছিল৯। যেতিয়া ডেনিয়েল অভিনয় কেৰিয়াৰত ব্যস্ত হ’ল, তেতিয়া ঘৰুৱা শিক্ষকৰ সহায়ত শিক্ষাগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ২০০৬ চনত ডেনিয়েলে শিক্ষাৰ পৰা বিৰতি ল’বলৈ সিদ্ধান্ত লয়১০। ইয়াৰ কাৰণ হৈছে যে, সাধাৰণ কলেজীয়া জীৱনতকৈ ডেনিয়েলে অভিনয় আৰু লিখাৰ ওপৰত গুৰুত্ব দিব বিচাৰিছিল।

কেৰিয়াৰ

হেৰী পটাৰ

''ৰ প্ৰিমিয়াৰত ডেনিয়েল ৰেডক্লিফ]]

২০০০ চনত প্ৰযোজক ডেভিড হেইমেনে জে কে ৰাউলিঙৰ গ্ৰন্থ হেৰী পটাৰ এণ্ড দা ফিল’ছ’ফাৰ্ছ ষ্ট’নৰ ওপৰত আধাৰিত চলচ্চিত্ৰত ৰেডক্লিফক হেৰী পটাৰৰ চৰিত্ৰটোৰ বাবে পৰীক্ষা দিবলৈ আমন্ত্ৰণ কৰে১১১২। ৰাউলিঙে এই চৰিত্ৰটোৰ বাবে এজন অচিনাকি ব্ৰিটিছ অভিনেতা বিচাৰি আছিল। কিন্তু ৰেডক্লিফৰ মাক-দেউতাকে এই চৰিত্ৰটোৰ বাবে ডেনিয়েল পৰীক্ষাত অৱতীৰ্ণ হোৱাতো বিচৰা নাছিল। কাৰণ, চুক্তি মতে, হেৰী পটাৰৰ আটাইকেইখন চলচ্চিত্ৰ লছ এঞ্জেলছ, কেলিফৰ্নিয়াত শ্বুটিং হোৱাৰ কথা১৩। আঠ মাহৰ পাছত আৰু কেইবাটাও পৰীক্ষাৰ অন্তত ডেনিয়েলক হেৰী পটাৰ চৰিত্ৰটোৰ বাবে নিৰ্বাচিত হয়.১৪। ৰাউলিঙে পাছত কৈছিল, "I don't think Chris Columbus could have found a better Harry."১৫। ডেনিয়েলৰ পিতৃ-মাতৃয়ে প্ৰথমতে এই চুক্তিটো প্ৰত্যাখান কৰিছিল, কাৰণ হেৰী পটাৰ শৃংখলাৰ ছখন চলচ্চিত্ৰৰ শ্বুটিং লছ এঞ্জেলছত কৰা হ’ব১৬। পাছত ৱাৰ্ণাৰ ব্ৰ’ছয়ে হেৰী পটাৰ শৃংখলাৰ দুখন চলচ্চিত্ৰৰ বাবে ডেনিয়েলক চুক্তি কৰে১৩। তথাপি চুক্তি কৰাৰ সময়ত ৰেডক্লিফে পাছৰ চলচ্চিত্ৰ কেইখনত অভিনয় কৰিব নে নকৰে তাক লৈ অনিশ্চিয়তা আছিল১৭।

২০০১-২০০৯

২০০৭ চনৰ ''ডিচেম্বৰ বয়জ''ৰ প্ৰিমিয়াৰত ৰেডক্লিফ
২০০৭ চনৰ ডিচেম্বৰ বয়জৰ প্ৰিমিয়াৰত ৰেডক্লিফছবি: DavidDjJohnson at English Wikipedia · CC BY 3.0

২০০১ চনত ৰেডক্লিফৰ প্ৰথম ছবি দা টেলৰ অফ পানামাই মুক্তি পায়১৮। ইয়াৰ পিছত ২০০২ চনত দা প্লে হোৱাট আই ৰ’ট (The Play What I Wrote)ৰ জৰিয়তে ৰেডক্লিফে প্ৰথমবাৰৰ বাবে মঞ্চত অভিনয় কৰে৬১৯। ইয়াৰ পিছত ৰেডক্লিফে ডিচেম্বৰ বয়জত অভিনয় কৰে। ২০০৭ চনত এই ছবিখনে মুক্তি লাভ কৰে২০। ইয়াৰ উপৰিও ৰেডক্লিফে টেলিভিছন ড্ৰামা ফিল্ম মাই বয় জেকত অভিনয় কৰে।

Radcliffe in Theatre District, New York, 13 December 2008
Radcliffe in Theatre District, New York, 13 December 2008ছবি: Laura Bittner · CC BY 2.0

ব্যক্তিগত জীৱন

ৰেডক্লিফ এজন নাস্তিক আৰু কৈছে যে তেওঁ এজন ইহুদী হিচাপে গৰ্ব অনুভৱ কৰে২১২২২৩। ২০০৮ চনত ৰেডক্লিফে কয় যে তেওঁ dyspraxia নামৰ স্নায়ুৰোগত আক্ৰান্ত। ইয়াৰ ফলত ৰেডক্লিফে কেতিয়াবা লিখিবলৈ, নিজৰ জোতাৰ ফিতা আদিৰ নিচিনা সৰু সৰু কাম কৰাত অসুবিধা পায়। ৰেডক্লিফে কৈছে যে, তেওঁ স্কুলত এই ৰোগৰ বাবে বহুতো অসুবিধা হৈছিল২৪।

ৰেডক্লিফ আণ্ডাৰগ্ৰাউণ্ড২৫ আৰু পাংক ৰক মিউজিক২৬২৭ আৰু ভাৰতীয় ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰ২৮২৯ৰ বিশেষ অনুৰাগী। ডেনিয়েলে চুটি গল্প আৰু কবিতাও লিখে৩০। ২০০৭ চনৰ নৱেম্বৰত ৰাবিশ্ব (Rubbish) নামৰ ফেশ্বন আলোচনীখনত "জেকব গেৰশ্বন'' ছদ্মনামত কেইবাটাও কবিতা প্ৰকাশ কৰে২৩৩০। হেৰী পটাৰৰ সহ-অভিনেতা টম ফেলটন২৫ আৰু ইমা ৱাটছন৩১ ৰ লগত গভীৰ বন্ধুত্ব আছে।

কিছুমান উৎসৰ মতে প্ৰথমখন হেৰী পটাৰ চলচ্চিত্ৰৰ৩২ পৰা ৰেডক্লিফে প্ৰায় ১মিলিয়ন পাউণ্ড আৰু ষষ্ঠখনৰ৩৩ পৰা প্ৰায় ১৫ মিলিয়ন উপাৰ্জন কৰে। ২০০৬ চনৰ ছানডে টাইমছ ৰিছ লিষ্টত প্ৰায় ১৫ মিলিয়ন পাউণ্ড সম্পত্তিৰ সৈতে ইংলেণ্ডৰ কম বয়সীয়া ধনী লোকসকলৰ মাজত ৰেডক্লিফৰ নাম প্ৰকাশ পায়৩৪। ২০০৯ চনৰ মাৰ্চত ফৰ্বছ আলোচনীৰ "Most Valuable Young Stars" তালিকাত শীৰ্ষস্থান,৩৫ আৰু এপ্ৰিলত দা ডেইলি টেলিগ্ৰাফত ৩০ মিলিয়ন পাউণ্ড সম্পত্তিৰ সৈতে ইংলেণ্ডৰ কম বয়সীয়া লোকৰ ভিতৰত দ্বাদশ স্থান পায়৩৬। সেই বছৰতে ৰেডক্লিফ ইংলেণ্ডৰ আটাইতকৈ ধনী কিশোৰৰ ভিতৰত শীৰ্ষস্থান পায়৩৩। ২০১০ চনৰ ফেব্ৰুৱাৰীত ৰেডক্লিফৰ নাম হলিউডৰ আটাইতকৈ বেছি উপাৰ্জনকাৰী ষষ্ঠজন অভিনেতা হিচাপে স্থান পায়৩৭। ২০১০ চনৰ অন্তত ৰেডক্লিফৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল প্ৰায় ২৮.৫ মিলিয়ন পাউণ্ড৩৮। ৰেডক্লিফে কৈছে যে তেওঁ বিলাসী জীৱনতকৈ সাধাৰণভাৱে থাকিবলৈহে বেছি ভাল পায়। তেওঁ কিতাপ কিনাত বহুতো খৰচ কৰে আৰু কৈছে "I read a lot"৩৯। ৰেডক্লিফে কৈছে যে, অৰ্থ আৰু সম্পত্তিৰ ওপৰত কেতিয়াও জীৱনটো কেন্দ্ৰীভূত কৰিব নালাগে৩৩।

অভিনয়

চলচ্চিত্ৰ

বৰ্ষনামক্ষৰিত্ৰতথ্য
২০০১মাৰ্ক পেণ্ডেল
২০০১হেৰী পটাৰ এণ্ড দা ফিল'চ'ফাৰ্ছ ষ্ট'নহেৰী পটাৰReleased as Harry Potter and the Sorcerer's Stone in the আমেৰিকা যুক্তৰাষ্ট্ৰ and ভাৰত
২০০২হেৰী পটাৰ এণ্ড দা চেম্বাৰ অফ চিক্ৰেটছহেৰী পটাৰ
২০০৪হেৰী পটাৰ এণ্ড দা প্ৰিজনাৰ অৱ আজকাবান (চলচ্চিত্ৰ)হেৰী পটাৰ
২০০৫হেৰী পটাৰ এণ্ড দা গ'বলেট অফ ফায়াৰ (চলচ্চিত্ৰ)হেৰী পটাৰ
২০০৭হেৰী পটাৰ এণ্ড দা অৰ্ডাৰ অফ দা ফিনিক্সহেৰী পটাৰ
2007ডিচেম্বৰ বয়জমেপছ
2009হেৰী পটাৰ এণ্ড দা হাফ ব্লাড প্ৰিন্সহেৰী পটাৰ
২০১০হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-প্ৰথম খণ্ডহেৰী পটাৰ
২০১১হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-দ্বিতীয় খণ্ডহেৰী পটাৰ
২০১২আৰ্থাৰ কিপছ
২০১৩কিল য়'ৰ ডাৰ্লিঙছএলেন গিঞ্চবাৰ্গ

টেলিভিছন

বৰ্ষনামচৰিত্ৰতথ্য
১৯৯৯ডেভিড কপাৰফিল্ডশিশু ডেভিড কপাৰফিল্ড
২০০৫ফ'লি এণ্ড মেকক'ল:দিছ ৱে আপট্ৰেফিক ৱাৰ্ডেন / নিজে
২০০৬এক্সট্ৰাছলিজে
২০০৭মাই বয় জেকজেক কিপলিঙ
২০১০The Simpsonsএডমাণ্ড"Treehouse of Horror XXI", কণ্ঠ
২০১০QIনিজে
২০১২চেটাৰডে নাইট লাইভনিজেHost on 14 January episode
২০১৩Filming; Four episode mini-series

নাটক

বৰ্ষনামচৰিত্ৰতথ্য
2002অতিথিWyndham's Theatre
2007EquusAlan StrangGielgud Theatre
2008-09EquusAlan StrangBroadhurst Theatre
2011-12How to Succeed in Business Without Really TryingJ. Pierrepont FinchAl Hirschfeld Theatre

পুৰস্কাৰ

বৰ্ষসংস্থানপুৰস্কাৰকামফলাফল
2001Broadcast Film Critics Association Awards৪০Best Young PerformerHarry Potter and the Philosopher's Stone
Hollywood Women's Press Club৪১Male Youth Discovery of the Year
MTV Movie Awards৪২Best Breakthrough Male Performance
Young Artist Awards৪৩Best Ensemble in a Feature Film (shared with the movie's cast)
2005Broadcast Film Critics Association Awards৪৪৪৪Best Young ActorHarry Potter and the Prisoner of Azkaban
2006Harry Potter and the Goblet of Fire
MTV Movie Awards৪৫Best On-Screen Team (shared with Rupert Grint and Emma Watson)
Best Hero
2007National Movie Awards৪৬Best Male PerformanceHarry Potter and the Order of the Phoenix
2008Empire Award৪৭Best Actor
MTV Movie Awards৪৮Best Kiss (shared with Katie Leung)
Saturn Awards৪৯Best Performance by a Young Actor
2009Broadway.com Audience Award৫০Favorite Leading Actor in a Broadway PlayEquus
Favorite Breakthrough Performance
Drama Desk Award৫১Outstanding Actor in a Play
Drama League Award৫২Distinguished Performance Award
2010J-14's Teen Icon Awards৫৩Iconic Movie Star
MTV Movie Awards৫৪Best Male PerformanceHarry Potter and the Half-Blood Prince
Global Superstar
2011Broadway.com Audience Award৫৫Favorite Actor in a Broadway PlayHow to Succeed in Business Without Really Trying
Favorite Onstage Pair (shared with John Larroquette)
Outer Critics Circle Award৫৬Outstanding Actor in a Musical
Drama League Award৫৭Distinguished Performance Award
Drama Desk Award৫৮Outstanding Actor in a Musical
Do Something Awards৫৯Movie Star
MTV Movie Awards৬০Best Kiss (shared with Emma Watson)হেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-প্ৰথম খণ্ড
Best Fight (shared with Rupert Grint and Emma Watson)
Best Male Performance
Scream Awards৬১৬২Best Fantasy Actorহেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-দ্বিতীয় খণ্ড
Best Ensemble (shared with rest of cast)
Teen Choice Awards৬৩Choice Movie Actor: Sci-Fi/Fantasyহেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-প্ৰথম খণ্ড
Choice Movie: Liplock (shared with Emma Watson)
Choice Summer Movie Star: Maleহেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-দ্বিতীয় খণ্ড
2012People's Choice Awards৬৪Favorite Movie Ensemble (shared with rest of cast)
Favorite Movie Actor
Favorite Movie Star (under 25)
Nickelodeon Kids' Choice AwardsFavorite Movie Actor
MTV Movie Awards৬৫৬৬Best Male Performanceহেৰী পটাৰ এণ্ড দা ডেথলি হেল’জ-দ্বিতীয় খণ্ড
Best Cast (shared with Rupert Grint, Emma Watson, and Tom Felton)
Best Hero

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Daniel Jacob Radcliffe (actor bio). HarryPotter.Warnerbros
  2. ↑ Daniel Radcliffe, or Daniel Jacob Radcliffe (British actor) - Britannica Online Encyclopedia
  3. ↑ DanRadcliffe.com: Daniel Radcliffe Biography
  4. ↑ Daniel Radcliffe. Heat World. Bauer Media Group
  5. ↑ (2 March 2007). Faces of the week: DANIEL RADCLIFFE. BBC News
  6. ↑ Roberts, Sheila. (10 September 2007). Daniel Radcliffe Interview, December Boys. Movies Online
  7. ↑ Sussex House School, London. Independent Special Boarding International
  8. ↑ "From Potter to Poet: Daniel Radcliffe Unmasked as a Budding Creative Writer". Daily Mail. 13 July 2009. Retrieved 1 November 2011
  9. ↑ Garfield, Simon. (June 2007). DANIEL RADCLIFFE. Details. পৃ. 2
  10. ↑ Vineyard, Jennifer. (10 July 2007). 'Harry Potter' Star Daniel Radcliffe Gets Leather-y In Racy Photo Spread. MTV
  11. ↑ McLean, Craig. (15 July 2007). Hobnobs & broomsticks. Sunday Herald. Herald & Times Group
  12. ↑ Koltnow, Barry. (8 July 2007). One Enchanted Night at Theater, Radcliffe Became Harry Potter. East Valley Tribune
  13. ↑ (4 March 2007). Who owns Daniel Radcliffe? The curse of child fame. The Independent. Independent Print Limited
  14. ↑ (21 August 2000). Young Daniel gets Potter part. BBC News. BBC
  15. ↑ Sussman, Paul. (22 August 2000). British child actor 'a splendid Harry Potter'. CNN
  16. ↑ (22 November 2011). Daniel Radcliffe turned down Harry Potter film offer at first. The Daily Telegraph
  17. ↑ Daly, Steve. (11 July 2007). Mr. Wizard. Entertainment Weekly. Time Warner Inc. পৃ. 2
  18. ↑ Daniel Radcliffe. The-Numbers.com. Nash Information Services, LLC
  19. ↑ Nathan, John. (2 November 2006). Equus Revivalwith "Harry Potter" Star RadcliffeSets West End Dates. Playbill. Playbill, Inc
  20. ↑ Daly, Steve. (27 July 2007). Daniel Radcliffe Talks 'Deathly Hallows'. Entertainment Weekly
  21. ↑ Sessums, Kevin. (26 January 2009). Dirty Harry. The Daily Beast. The Newsweek Daily Beast Company
  22. ↑ Singh, Anita. (4 June 2009). Daniel Radcliffe: a cool nerd. The Daily Telegraph. Telegraph Media Group Limited
  23. ↑ McLean, Craig. (4 July 2009). Dan the Man. The Guardian. Guardian News and Media Limited
  24. ↑ Friedman, Emily. (19 August 2008). Dyspraxia Explains Harry Potter's Klutziness. ABC News. American Broadcasting Company
  25. ↑ (July 2009). Harry Potter Y EL MISTERIO DEL PRINCIPE. Cinemanía
  26. ↑ Norwich 2005, পৃ. 120–121
  27. ↑ (20 July 2007). Harry Potter reveals his favourite band. NME
  28. ↑ Pidd, Helen. (7 September 2007). 'If the script says have sex, I have sex'. The Guardian. Guardian News and Media Limited
  29. ↑ Bansal, Robin. (15 July 2011). Daniel Radcliffe is a huge Sachin fan. Hindustan Times
  30. ↑ (11 July 2009). Harry Potter actor Daniel Radcliffe's 'secret life as a published poet'. The Daily Telegraph. Telegraph Media Group Limited
  31. ↑ Emma Watson. Friday Night with Jonathan Ross
  32. ↑ (3 November 2001). When Danny Met Harry. The Times
  33. ↑ Kaplan, James. (28 June 2009). Daniel Radcliffe Breaks Free. Parade. Parade Publications
  34. ↑ Coates, Sam; Asthana, Anushka. (2006). Daniel Radcliffe. The Times
  35. ↑ Burman, John. (10 March 2009). In Pictures: Hollywood's Most Valuable Young Stars. Forbes. Forbes.com LLC
  36. ↑ Knapton, Sarah. (27 April 2009). Harry Potter magic puts Daniel Radcliffe 12th on young Rich List. The Daily Telegraph. Telegraph Media Group Limited
  37. ↑ (5 February 2010). Harry Potter star Emma Watson is top-earning actress. BBC News. BBC
  38. ↑ (16 October 2010). Now that's magic: Harry Potter star doubles his wealth to £28.5m in just a year. Daily Mail. Associated Newspapers Ltd
  39. ↑ Maddocks, Fiona. (2 February 2007). From Harry to hunk. London Evening Standard
  40. ↑ THE 7th CRITICS' CHOICE MOVIE AWARDS WINNERS AND NOMINEES. Broadcast Film Critics Association
  41. ↑ (6 December 2001). Daniel Radcliffe Wins First Award. World Entertainment News Network
  42. ↑ Mancini, Robert. (23 April 2002). 'Lord Of The Rings,' 'Fast And The Furious' Top MTV Movie Award Nominees. MTV. Viacom
  43. ↑ Twenty-Third Annual Young Artist Awards 2002. Young Artist Awards
  44. ↑ Goblet of Fire awards. Broadcast Film Critics Association
  45. ↑ Carroll, Larry. (24 April 2006). Alba, Carell, 'Crashers,' 'Virgin' Big Nominees For MTV Movie Awards. MTV. Viacom
  46. ↑ The 2011 NMAs. National Movie Awards
  47. ↑ (4 February 2008). The Empire Award Nominations Are In. Empire. Bauer Media Group
  48. ↑ Adler, Shawn. (6 May 2008). MTV Movie Award Nominations Show Some McLovin To 'Superbad,' 'Juno,' 'Transformers' And More. MTV. Viacom
  49. ↑ Weinberg, Scott. (20 February 2008). 2007 Saturn Award Nominees Have Landed. Moviefone. AOL Inc
  50. ↑ Broadway.com Staff. (22 May 2011). The Fans Have Spoken! 2009 Broadway.com Audience Award Winners Announced. Broadway.com. Broadway.com Inc
  51. ↑ (27 April 2009). Press Release. Drama Desk
  52. ↑ Broadway.com Staff. (21 April 2011). 2009 Drama League Award Nominees Announced. Broadway.com. Broadway.com Inc
  53. ↑ (14 September 2010). Vote for J-14's Teen Icon Awards!. J-14 magazine. Bauer Teen Network
  54. ↑ (12 May 2010). MTV Movie Awards 2010: Full Nominees List!. MTV
  55. ↑ Broadway.com Staff. (15 May 2011). 2011 Broadway.com Audience Choice Award Winners Announced. Broadway.com. Broadway.com Inc
  56. ↑ (26 April 2011). 2011 Outer Critics Circle Nominations Announced! SISTER ACT LEADS WITH 9!. BroadwayWorld.com. Broadway.com Inc
  57. ↑ Gans, Andrew. (20 May 2011). Mormon, War Horse, Normal Heart, Anything Goes, Mark Rylance Win Drama League Awards. Playbill. Playbill, Inc
  58. ↑ 56th ANNUAL DRAMA DESK AWARDS ANNOUNCED AT NY FRIARS CLUB BY AUDRA McDONALD AND LIEV SCHREIBER. Drama Desk
  59. ↑ (2011). Movie Star Nominees. VH1
  60. ↑ MTV Movie Award Staff. (3 May 2011). 'Eclipse,' 'Inception' Lead 2011 MTV Movie Awards Nominations. MTV. Viacom
  61. ↑ Best Fantasy Actor. Spike TV
  62. ↑ Best Ensemble. Spike TV
  63. ↑ Votta, Rae. (29 June 2011). Teen Choice Awards 2011 Nominees Announced: Harry Potter vs Twilight. Huffington Post. HuffingtonPost.com Inc
  64. ↑ (8 November 2011). Nominations Announced for the 'People's Choice Awards 2012'. TVbythenumbers. Zap2it.com
  65. ↑ (3 June 2012). MTV Movie Awards: Check out the winners here. Entertainment Weekly
  66. ↑ 2012 MTV Movie Awards Nominees: The Full List

সম্পৰ্কিত শ্ৰেণী

হেৰী পটাৰযুক্তৰাজ্যৰ ব্যক্তিঅভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেনিয়েল ৰেডক্লিফ” প্ৰবন্ধৰ সংশোধন ৬০৭১৫২ (১৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।