চেমুৱেল বেকেট (Samuel Beckett) হৈছে এগৰাকী আইৰিছ ঔপন্যাসিক, নাট্যকাৰ, চুটি গল্প লেখক,কবি আৰু সাহিত্য অনুবাদক।
জন্ম আৰু বংশ পৰিচয়
১৯০৬ চনৰ ১৩ এপ্ৰিল চেমুৱেল বেকেটৰ জন্ম হয়। দেউতাকৰ নাম উইলিয়াম ফ্ৰেংক বেকেট।১
শিক্ষা
ফক্সৰকত হাইস্কুলীয়া জীৱন আৰম্ভ কৰে ৰজা জেমচে স্থাপন কৰা পৰ্টাৰয়েল স্কুলত। ১৯২৩ চনত ডাবলিনৰ ত্ৰিনিটি কলেজত ভৰ্তি হয় আৰু তাৰ পৰাই স্নাতক ডিগ্ৰী লয়।
চাকৰি জীৱন
বেকেটে চাৰিবছৰ ত্ৰিনিটি কলেজত অধ্যাপনা কৰিছিল।১
সাহিত্যৰাজি
১৯৩৫ চনত Echo's Bones and other Precipitates নামৰ কবিতা পুথি এখন প্ৰকাশিত হয়।১ ১৯৩৮ চনত লণ্ডনত থকা কালত বেকেটে মাৰফি (Marphy) নামৰ এখন উপন্যাস ৰচনা কৰে। দ্বিতীয় মহাযুদ্ধৰ পিছতে বেকেটে ফৰাচী ভাষাত Eleutheria নামৰ নাটক লিখি উলিয়ায়।
বঁটা আৰু সন্মান
১৯৬৯ চনত চেমুৱেল বেকেটে সাহিত্যৰ ন'বেল বঁটা পায়।১
তথ্যসূত্ৰ
- ↑ কেইজনমান নোবেল বিজয়ী সাহিত্যিক, নৱকান্ত বৰদলৈ, প্ৰথম প্ৰকাশ: ২০০০, পৃষ্ঠা: ৭৫-৭৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেমুৱেল বেকেট” প্ৰবন্ধৰ সংশোধন ৩০১২৮০ (২৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।