ছাৰ জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট (Sir James Fraser Stoddart) (জন্ম: ২৪ মে, ১৯৪২) এজন স্কটিছ ৰসায়ন বিজ্ঞানী। তেঁও বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ ষ্টদদাৰ্ট মেকান'ষ্টেৰীঅকেমিষ্ট্ৰী গোটৰ মুৰব্বী অধ্যাপক।১ তেওঁ অতিআণৱিক ৰসায়ন আৰু নেন'প্ৰযুক্তি ক্ষেত্ৰত বহুতো অৱদান আগবঢ়াইছে। তেওঁ আণৱিক ব'ৰ'মীন ৰিং, কেটেনেন আৰু আণৱিক চিনাক্তকৰণত ৰোটেক্সেনৰ ব্যৱহাৰ আৰু ইয়াৰ আণৱিক চেল্ফএচেম্বলি আদিৰ দৰে অতি উপযোগী যান্ত্ৰীকভাৱে সংযুক্ত আণৱিক সংৰচনাৰ উন্নতি সাধন কৰিছে। তেওঁ দেখুৱাইছিল যে ট'প'লজি সমূহ আণৱিক চুইচ আৰু মটৰ অণু হিচাপে ব্যৱহাৰ কৰিব পাৰি।২ তেওঁৰ গোটে এই সংৰচনা সমূহ ব্যৱহাৰ কৰি নেন'ইলেক্ট্ৰনিক্স সঁজুলি আৰু নেন'ইলেক্ট্ৰমেকানিকেল তন্ত্ৰত ব্যৱহাৰ কৰিছিল।৩ তেওঁৰ অৱদানৰ বাবে বহুতো আন্তৰ্জাতিক বঁটা আৰু সন্মান লাভ কৰিছে।৪৫ তেওঁ বেৰনাৰ্ড লুকাছ ফেৰীনগা আৰু জিন-পিয়েৰী চাওভেজৰ লগত যুটীয়া ভাবে "আণৱিক যন্ত্ৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু সংশ্লেষণ"ৰ কাৰণে ২০১৬ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।৬



প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৪২ চনৰ ২৪ মে তাৰিখে স্কটলেণ্ডৰ এডিনবাৰ্গত ফ্ৰাছাৰৰ জন্ম হৈছিল। তেওঁ এডজল'ৰ ফাৰ্মত ডাঙৰ-দীঘল হয়। তেওঁ স্থানীয় গাওঁ কেৰিংটন, মিডলথিয়ানত প্ৰাথমিক শিক্ষা লাভ কৰে। তাৰ পিছত তেওঁ এডিনবাৰ্গৰ মেলভিল্লে কলেজত যোগদান কৰে।৭৮তেওঁ এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৪ চনত বিজ্ঞানৰ স্নাতক আৰু ১৯৬৭ চনত একাচিয়া গছৰ পৰা পোৱা প্ৰাকৃতিক আঠাৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ফিগ্ৰী লাভ কৰে।৯১০
বঁটা আৰু সন্মান
২০০৬ চনত যুক্তৰাজ্যৰ ৰাণী এলিজাবেথ দ্বিতীয়য়ে তেওঁক নাইট বেচেলৰ হিচাপে নিযুক্ত কৰে।১১১২ ২০০৭ চনত তেওঁ এলবাৰ্ট আইনষ্টাইন বিজ্ঞান বঁটা লাভ কৰে। আণৱিক চিনাক্তকৰণ আৰু চেল্ফএচেম্বলি ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।১৩
সদস্যপদ
- আমেৰিকাৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ২০১৪১৪
- আমেৰিকান কলা আৰু বিজ্ঞান একাডেমীৰ ফেল'শ্বিপ ২০১২১৫
- যুক্তৰাজ্যৰ ৰয়েল ছোচাইটি অফ কেমিষ্ট্ৰীৰ সন্মানীয় ফেল'শ্বিপ,২০১১১৬
- ৰয়েল ছোচাইটি অফ এডিনবাৰ্গৰ সন্মানীয় ফেল'শ্বিপ, ২০০৮১৭
- ৰাণী এলিজাবেথ দ্বিতীয়ৰ দ্বাৰা নাইট বেচেলৰ নিযুক্তি, ২০০৬১২
- ৰয়েল নেদাৰলেণ্ডছ একাডেমী অফ আৰ্টছ এণ্ড চাইন্সৰ বৈদেশিক সদস্য, ২০০৬১৮
- আমেৰিকান এছোচিয়েছন ফৰ দি এডভান্সমেণ্ট অফ চাইন্সৰ ফেল'শ্বিপ, ২০০৫১৯
- একাডেমী অফ নেচাৰেল চাইন্স,লীঅপলদিনা, জাৰ্মানীৰ ফেল'শ্বিপ, ১৯৯৯ ২০
- লণ্ডনৰ ৰয়েল ছোচাইটিয়ে ফেল', ১৯৯৪
বঁটা
- ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা, ২০১৬
- চেন্টানেৰী প্ৰাইজ, ৰয়েল ছোচাইটি অফ কেমিস্ত্ৰী, ২০১৪ ২১
- দৃষ্টিনগুইছ চিটিজেন বঁটা, ইলিনইছ চেইণ্ট এন্দ্ৰীউ ছোচাইটি, চিকাগো,২০১২
- ডিউক অফ এডিনবাৰ্গে প্ৰদান কৰা ৰয়েল মেডেল, ২০১০২২২৩
- ডেভি মেডেল, ৰয়েল ছোচাইটি অফ লণ্ডন, ২০০৮২৪
- আৰ্থাৰ চি. কোপ বঁটা, আমেৰিকান কেমিকেল ছোচাইটি,২০০৮২৫
- নেন'প্ৰযুক্তিৰ ফেইনমেন প্ৰাইজ,২০০৭২৬
- এলবাৰ্ট আইনষ্টাইন বিজ্ঞান বঁটা, ২০০৭১৩
- জৈৱৰসায়নত সৃজনিশীলতাৰ বাবে টেত্ৰাহেদ্ৰন বঁটা, ২০০৭২৭
- বিজ্ঞানৰ ৰজা ফাইজল আন্তৰ্জাতিক বঁটা, ২০০৭৪৫
- যাবিৰ ইবন হ্যয়ান মেডেল, চৌডি কেমিকেল ছোচাইটি, ২০০৭
- এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ বৰ্ষৰ এলুমিনাছ বঁটা, ২০০৫১০
- জৈৱৰসায়নত নাগয়া গোল্ড মেডেল, ২০০৪২৮
- আৰ্থাৰ চি. কোপ স্কলাৰ বঁটা, আমেৰিকান কেমিকেল ছোচাইটি, ১৯৯৯২৯
- একচক্ৰিয় ৰসায়নত আন্তৰ্জাতিক ইজাত-খ্ৰীষ্টাৰছেন বঁটা, ১৯৯৩৩০
তথ্যসূত্ৰ
- ↑ (2007-08-16). Nanotechnology Star Fraser Stoddart to Join Northwestern. NewsCenter. Northwestern University
- ↑ A. Coskun, M. Banaszak, R. D. Astumian, J. F. Stoddart, B. A. Grzybowski, Chem. Soc. Rev., 2012, 41, 19–30
- ↑ A. Coskun, J. M. Spruell, G. Barin, W. R. Dichtel, A. H. Flood, Y. Y. Botros, J. F. Stoddart. Chem. Soc. Rev., 2012, 41 (14), 4827–59.
- ↑ (March 19, 2007). Stoddart Wins King Faisal International Prize. Chemical & Engineering News. পৃ. 71
- ↑ (January 17, 2007). Fraser Stoddart is awarded the 2007 King Faisal International Prize for Science. California NanoSystems Institute
- ↑ Chang, Kenneth; Chan, Sewell. (5 October 2016). 3 Makers of ‘World’s Smallest Machines’ Awarded Nobel Prize in Chemistry. New York Times
- ↑ Capecelatro, Alex N. (2007). From Auld Reekie to the City of Angels, and all the Meccano in between: A Glimpse into the Life and Mind of Sir Fraser Stoddart. The UCLA USJ
- ↑ (December 2014). It's all Kids Stuff. FP News, The magazine and Annual Review of The Stewart's Melville FP Club. Daniel Stewart's and Melville College Former Pupils Club. পৃ. 13–14
- ↑ Stoddart, James Fraser. (1967). Studies on plant gums of the Acacia group. University of Edinburgh
- ↑ 2005 – Professor J Fraser Stoddart. The University of Edinburgh
- ↑ Marcus, Jennifer. (January 4, 2007). UCLA’s J. Fraser Stoddart Adds Knight Bachelor to His List of Honors. UCLA Newsroom
- ↑ (2007-06-13). Ma'am to the Rescue. Stoddart Mechanostereochemistry Group
- ↑ Prof. Sir Fraser Stoddart. World Cultural Council
- ↑ (May 1, 2014). Sir J. Fraser Stoddart, Professor Emeritus of Chemistry and Biochemistry at UCLA, has been elected to the National Academy of Sciences (NAS). UCLA
- ↑ Anyaso, Hilary Hurd. (April 18, 2012). Faculty Members Named AAAS Fellows. Northwestern News
- ↑ Who our members are. Royal Society of Chemistry
- ↑ Directory 2016/2017. Royal Society of Edinburgh
- ↑ J.F. Stoddart. Royal Netherlands Academy of Arts and Sciences
- ↑ UCLA Members of the American Association for the Advancement of Science. UCLA
- ↑ List of Members: Sir J. Fraser Stoddart. Leopoldina
- ↑ Centenary Prize 2014 Winner Professor Sir Fraser Stoddart Professor Sir Fraser Stoddart. Royal Society of Chemistry
- ↑ Royal Medallists. The Royal Society Of Edinburgh
- ↑ Fellman, Megan. (August 3, 2010). Sir Fraser Stoddart Honored With Royal Medal. Northwestern University
- ↑ Award Winners Davy Medal. The Royal Society
- ↑ Arthur C. Cope Award. American Chemical Society
- ↑ 2007 Foresight Institute Feynman Prize. Foresight Institute
- ↑ Tetrahedron Prize for Creativity. Elsevier
- ↑ The Nagoya Medal of Organic Chemistry. Nagoya University
- ↑ Arthur C. Cope Scholar Awards. American Chemical Society
- ↑ Izatt-Christensen Awards. Brigham Young University
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট” প্ৰবন্ধৰ সংশোধন ৫৪৬২৫৭ (৩০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।