মাইকেল হাউটন (Michael Houghton)(জন্ম ১৯৪৯)১ এগৰাকী ব্ৰিটিছ-কানাডীয়ান অণুজীৱবিদ আৰু ভাইৰাছবিদ। তেওঁ কিউ লিম চু, জৰ্জ কুও আৰু ডেনিয়েল ডব্লিউ. ব্ৰডলেৰ সৈতে ১৯৮৯ চনত হেপাটাইটিছ চিৰ আৱিষ্কাৰ কৰিছিল।২ তেওঁ ১৯৮৬ চনত হেপাটাইটিছ ডিৰ জিনম সহ-আবিষ্কাৰ কৰিছিল।৩ হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰৰ ফলত তেজৰ যোগানত এইচচিভি চিনাক্ত কৰিবলৈ নিৰ্ণয় প্ৰতিকাৰক দ্ৰুত বিকাশ হয়, যাৰ ফলত তেজ সঞ্চাৰৰ যোগেৰে এইচচিভি প্ৰাপ্ত কৰাৰ আশংকা তিনিৰ ভিতৰত এজনৰ পৰা দুই মিলিয়নৰ ভিতৰত প্ৰায় একলৈ হ্ৰাস হয়।৪৫ অনুমান কৰা হৈছে যে এই এণ্টিবডি পৰীক্ষাই প্ৰতি বছৰে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু বহুতো দেশত কমেও ৪০,০০০ নতুন সংক্ৰমণ প্ৰতিৰোধ কৰিছে।৬
হাউটন বৰ্তমান ভাইৰ'লজিত কানাডা এক্সেলেন্স ৰিচাৰ্চ চেয়াৰ আৰু এলবাৰ্টা বিশ্ববিদ্যালয়ত ভাইৰোলজীৰ লি কা শ্বিং আসনৰ অধ্যাপক। ইয়াত তেওঁ লি কা শ্বিং প্ৰায়োগিক ভাইৰ'লজি প্ৰতিষ্ঠানৰ সঞ্চালক।৭ ২০২০ চনত তেওঁক চাৰ্লছ এম. ৰাইচ আৰু হাৰ্ভি জে. অল্টাৰৰ সৈতে "হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্কাৰৰ বাবে" চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হৈছিল।৮
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৪৯ চনত যুক্তৰাজ্যত মাইকেল হাউটন জন্ম হৈছিল।৯ ১৭ বছৰ বয়সত হাউটনে লুই পেষ্ট'ৰৰ বিষয়ে পঢ়াৰ পিছত এজন অণুজীৱবিদ হবলৈ অনুপ্ৰাণিত হৈছিল।১০১১ হাউটনে ইষ্ট এঞ্জেলিয়া বিশ্ববিদ্যালয়ৰ পৰা ১৯৭২ চনত জৈৱবিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু পৰৱৰ্তী সময়ত ১৯৭৭ চনত কিংছ কলেজ লণ্ডনত জৈৱ ৰসায়নত পি এইচ ডি সম্পূৰ্ণ কৰে।১২
কৰ্মজীৱন
১৯৮২ চনত কিৰন কৰ্পোৰেচনলৈ যোৱাৰ আগতে হাউটনে জি ডি চেৰলে এণ্ড কোম্পানী]ত যোগদান কৰিছিল। কিৰনত হাউটনে সহকৰ্মী কুই-লিম চু, জৰ্জ কুও আৰু ডেনিয়েল ডব্লিউ ব্ৰডলীৰ সৈতে একেলগে ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ পৰা হেপাটাইটিছ চিৰ আৱিষ্কাৰ কৰিছিল।১৩ হাউটনে ১৯৮৯ চনৰ পৰা ১৯৯০ চনলৈ প্ৰকাশিত এক শৃংখলাগত একলানি অধ্যয়নৰ সহ-লেখক আছিল। তেওঁ তেজত হেপাটাইটিছ চি এণ্টিবডি চিনাক্ত কৰিছিল। এইসময়ত তেওঁ বিশেষকৈ ৰোগৰ সংক্ৰমণৰ অধিক বিপদাশংকা থকা ৰোগীসকলৰ মাজত, লগতে তেজ সঞ্চাৰণৰ বিষয়ে বিস্তৃত অধ্যয়ন।১৪১৫১৬১৭ তেওঁৰ গৱেষণাৰ ফলত ১৯৯০ চনত তেজ স্ক্ৰীণিং পৰীক্ষাৰ বিকাশ হৈছিল। অধিক সংবেদনশীল পৰীক্ষাৰ বিকাশৰ সৈতে ১৯৯২ চনত আৰম্ভ হোৱা বিস্তৃত তেজ স্ক্ৰীণিংৰ পিছত কানাডাত দান কৰা ৰক্ত সৰবৰাহৰ হেপাটাইটিছ চি দূষিত হোৱা প্ৰায় হ্ৰাস হৈছে।১৮১৯ একে সময়চোৱাত প্ৰকাশিত অন্যান্য অধ্যয়নত হাউটন আৰু তেওঁৰ সহযোগীসকলে হেপাটাইটিছ চিক যকৃতৰ কৰ্কট ৰোগৰ সৈতে সংযোজিত কৰে।২০২১২২ ২০১৩ চনত এলবাৰ্টা বিশ্ববিদ্যালয়ৰ হাউটনৰ দলে দেখুৱাইছিল যে হেপাটাইটিছ চি-ৰ এটা নমুনাৰ পৰা প্ৰস্তুত কৰা এটা ভেকছিন হেপাটাইটিছ ভাইৰাছৰ সকলো প্ৰকাৰৰ বিৰুদ্ধে কাৰ্যকৰী আছিল।২৩২৪ এই ভেকছিনটো বৰ্তমানে নিদানিক পৰীক্ষণত অৱস্থাত আছে।২৫
হাউটনৰ তেওঁৰ গৱেষণাৰ সৈতে সম্পৰ্কিত ৭৩টা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেটেণ্ট আছে আৰু সাতটা পেটেণ্ট বাকী আছে।
বঁটা আৰু সন্মান
- ১৯৯২ – কাৰ্ল লেণ্ডষ্টেইনাৰ মেমৰিয়েল বঁটা২৬
- ১৯৯৩ – ৰবাৰ্ট কচ পুৰস্কাৰ২৭
- ১৯৯৪ – উইলিয়াম বিউমণ্ট পুৰস্কাৰ২৮
- ১৯৯৪ – বিট্ৰিচ ভিটিয়েল' বঁটা
- ১৯৯৮ – আন্তৰ্জাতিক হেপাটাইটিছ ফাউণ্ডেচন বঁটা
- ১৯৯৯ - হান্স পপাৰ বঁটা
- ২০০০ – লাস্কাৰ বঁটা২৯
- ২০০৫ – ডেল এ. স্মিথ মেমৰিয়েল বঁটা
- ২০০৯ – হেপাৰ্ট জীৱনজোৰা কৃতিত্ব বঁটা
- ২০১৩ – তেওঁ গেৰ্ন্দাৰ ফাউণ্ডেচন আন্তৰ্জাতিক বঁটাক প্ৰত্যাক্ৰমণ কৰা প্ৰথম ব্যক্তি হিচাপে পৰিণত হৈছিল আৰু তেওঁৰ ভাষাত "মই অনুভৱ কৰিছিলো যে দুজন সহকৰ্মী ড॰ কুই লিম চু আৰু ড॰ জৰ্জ কুওক অন্তৰ্ভুক্ত নকৰাকৈ এই বঁটা গ্ৰহণ কৰাটো মোৰ বাবে অনুচিত। "৩০৩১
- ২০২০ - চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা৮
২০১৯ চনত তেওঁৰ মাতৃশিক্ষানুষ্ঠান ইষ্ট এঞ্জেলিয়া বিশ্ববিদ্যালয়ৰ পৰা তেওঁক বিজ্ঞানৰ সন্মানীয় ডক্তৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল।৩২
তথ্যসূত্ৰ
- ↑ Houghton -Geburtsjahr 1949
- ↑ (April 1989). Isolation of a cDNA clone derived from a blood-borne non-A, non-B viral hepatitis genome. Science. পৃ. 359–62
- ↑ Wang, KS; Choo, QL; Weiner, AJ. (9 October 1986). Structure, sequence and expression of the hepatitis delta (delta) viral genome. Nature. পৃ. 508–14
- ↑ Opinion: Nobel-worthy discovery right in our backyard. Canadian for Health Research
- ↑ Science world abuzz as virologist turns down Gairdner award. The Globe and Mail
- ↑ Thompson, Gilbert. (2014). Pioneers of Medicine Without a Nobel Prize. পৃ. 209. ISBN 978-1-78326-386-8
- ↑ MMI Faculty – Michael Houghton, PhD
- ↑ Press release: The Nobel Prize in Physiology or Medicine 2020. Nobel Foundation
- ↑ Houghton -Geburtsjahr 1949
- ↑ Michael Houghton, PhD. Canadians for Health Research
- ↑ Eureka moments in research. Alberta Innovates: Health Solutions
- ↑ Boyer, J.L; Blum, H.E; Maier, K.P. (2001-03-31). Liver Cirrhosis and Its Development – Google Books. ISBN 978-0-7923-8760-2
- ↑ Houghton, M. (2009). The long and winding road leading to the identification of the hepatitis C virus.. J. Hepatol.. পৃ. 939–948
- ↑ Kuo, G; Choo, Q-L; Alter, HJ. (1989). An assay for circulating antibodies to a major etiologic virus of human non-A, non-B hepatitis.. Science. পৃ. 362–364
- ↑ Esteban, JI; Viladomiu, L; Bonzalez, A. (1989). Hepatitis C virus antibodies among risk groups in Spain.. Lancet. পৃ. 294–297
- ↑ Van Der Poel, CL; Ressink, HW; Lelie, PN. (1989). Anti-hepatitis C antibodies and non-A, non-B post-transfusion hepatitis in the Netherlands.. Lancet. পৃ. 297–298
- ↑ Alter, HJ; Purcell, RH; Shih, JW. (1989). Detection of antibody to hepatitis C virus in prospectively followed transfusion recipients with acute and chronic non-A, non-B hepatitis. N. Engl. J. Med.. পৃ. 1494–1500
- ↑ Cha, T-A; Kolberg, J; Irvine, B. (1991). Use of a signature nucleotide sequence of hepatitis C virus for detection of viral RNA in human serum and plasma. J. Clin. Microbiol.. পৃ. 2528–2534
- ↑ Bresters, D; Cuypers, HT; Reesink, HW. (1992). Enhanced sensitivity of a second generation ELISA for antibody to hepatitis C virus.. Vox Sang.. পৃ. 213–217
- ↑ Hasan, F; Jeffers, L; de Medina, M. (1989). Hepatitis C HCV associated hepatocellular carcinoma.. Hepatology. পৃ. 580
- ↑ De Bisceglie, AM; Alter, H; Kuo, G. (1989). Detection of antibody to hepatitis C virus in patients with various chronic liver diseases.. Hepatology. পৃ. 581
- ↑ Saito, I; Miyamura, T; Ohbayashi, A. (1990). Hepatitis C virus infection is associated with the development of hepatocellular carcinoma.. Proc. Natl. Acad. Sci. USA. পৃ. 6547–6549
- ↑ Law, JL; Chen, C; Wong, J. (March 19, 2013). A hepatitis C virus (HCV) vaccine comprising envelope glycoproteins gpE1/gpE2 derived from a single isolate elicits broad cross-genotype neutralizing antibodies in humans.. PLOS ONE. পৃ. e59776
- ↑ Houghton, M; Law, J; Tyrrell, DL. (2013). An inactivated hepatitis C virus vaccine on the horizon?. Gastroenterology. পৃ. 285–288
- ↑ University of Alberta virologist awarded Nobel Prize in Physiology or Medicine. EurekAlert!
- ↑ Karl Landsteiner Memorial Award 1992
- ↑ Robert Koch Prize 1993
- ↑ William Beaumont Prize 1994
- ↑ Albert Lasker Clinical Medical Research Award 2000
- ↑ (March 22, 2013). World-renowned virologist named recipient of Gairdner Award
- ↑ Boesveld, Sarah. (20 March 2013). Edmonton scientist turns down $100,000 'baby Nobel' because it shut out colleagues
- ↑ A Titanic actor, climate change trailblazer and banking boss: Meet UEA’s newest honorary graduates. Eastern Daily Press
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইকেল হাউটন” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৫০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।