জন কীটছ (John Keats; ৩১ অক্টোবৰ ১৭৯৫ – ২৩ ফেব্ৰুৱাৰী ১৮২১) আছিল এগৰাকী ইংৰাজী ৰমন্যাসবাদৰ কবি। ২৫ বছৰ বয়সত যক্ষ্মাত মৃত্যু হোৱাৰ মাত্ৰ চাৰি বছৰ পূৰ্বে তেওঁৰ সৃষ্টিৰাজি প্ৰকাশ পোৱা সত্ত্বেও তেওঁ আছিল লৰ্ড বাইৰণ, পাৰ্ছি বাইছ শ্যেলী আদিৰ লগত দ্বিতীয় প্ৰজন্মৰ ৰোমাণ্টিক কবিসকলৰ অন্যতম।
জীৱিত কালত তেখেতৰ কবিতাই সমালোচকসকলৰ সমাদৰ লাভ কৰা নাছিল যদিও,মৃত্যুৰ পিচতহে তেখেতৰ কবিতাসমূহে সঠিক মূল্যায়ন লাভ কৰে, উনৈশ শতিকাৰ শেষৰভাগত সেই সময়ৰ জনপ্ৰিয় ইংৰাজ কবিসকলৰ মাজৰ তেৱোঁ এজন অন্যতম জনপ্ৰিয় ইংৰাজ কবিৰ স্বীকৃতি লাভ কৰিছিল। পৰৱৰ্তী কালত অসংখ্য কবি আৰু সাহিত্যিকৰ ওপৰত ইয়াৰ প্ৰভাৱ দেখা পোৱা গৈছিল। হোৰ্হে লুইস বৰ্হেইসৰ মতে কীটছৰ সৃষ্টিৰাজীৰ সৈতে তেখেতৰ প্ৰথম পৰিচয়েই হৈছে তেখেতৰ সাহিত্যিক জীৱনৰ উল্লেখযোগ্য অভিজ্ঞতা।
কিটছৰ কবিতাৰ অন্যতম বৈশিষ্ট্য হৈছে আৱেদনময়ী শৈলী। বিশেষকৈ তেওঁৰ অ'ডছ শৃংখলাত এয়া স্পষ্টৰূপত ফুটি উঠিছে। এয়া ৰোমাণ্টিক কবিসকলৰ এক সাধাৰণ বৈশিষ্ট্যস্বৰূপ কিয়নো তেওঁলোকে প্ৰাকৃতিক প্ৰতীকৰ মাধ্যমত দুৰন্ত আৱেগৰ বহিৰ্প্ৰকাশ ঘটাব বিচাৰে। বৰ্তমান তেওঁৰ কবিতা আৰু চিঠিবোৰ ইংৰাজী সাহিত্যৰ অন্যতম জনপ্ৰিয় আৰু বিশ্লেষণ হোৱা বিষয়। তেওঁৰ বহুল সমাদৃত সৃষ্টিৰাজিৰ মাজৰ অন্যতম হ'ল "অ'ড ট্যু নাইটিংগেল", "শ্লিপ এণ্ড পয়েট্ৰি", 'ওড অন এ গ্ৰেচিয়ান আৰ্ন’১ আৰু জনপ্ৰিয় ছনেট "অন ফাৰ্ষ্ট লুকিং ইনটু ছেপেনচ্ হ'মাৰ"।
জীৱনী
প্ৰাৰম্ভিক জীৱন
থমাচ কিটছ আৰু তেওঁৰ পত্নী ফ্ৰাঞ্চেচ জেনিংছৰ সন্তান জন কীটছৰ জন্ম হয় ৩১ অক্টোবৰ ১৭৯৫ চনত লণ্ডনৰ ম'ৰগেট নামৰ ঠাইখনত। যদিওবা কীটছৰ জন্মস্থানৰ সঠিক তথ্য প্ৰমাণ নাই তেখেতৰ পৰিয়ালবৰ্গই তেওঁৰ জন্ম ২৯ অক্টোবৰ বুলি বিবেচনা কৰে। চাৰিওটি সন্তানৰ আটাইতকৈ জেষ্ঠজনেই আছিল জন কীটছ। তেখেতৰ পিচত একাদিক্ৰমে তেওঁৰ ভাতৃ জৰ্জ(১৭৯৭-১৮৪১),থমাছ(১৭৯৯-১৮১৮) আৰু ভগ্নী ফ্ৰাঞ্চেছ মেৰী "ফেনী"(১৮০৩-১৮৮৯)যিয়েই ঘটনাক্ৰমে স্পেইনৰ প্ৰবন্ধকাৰ ভেলেণ্টিন চেন'চ গুটিয়াৰেচৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জন কীটছ” প্ৰবন্ধৰ সংশোধন ৬১৪৬২৪ (২৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।