অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেৰী শ্বেলী

মেৰী ৱলষ্ট’নক্ৰেফ্‌ট শ্বেলী (Mary Wollstonecraft Shelley) হৈছে উনবিংশ শতিকাৰ এগৰাকী প্ৰখ্যাত ইংৰাজ সাহিত্যিক। তেওঁ একাধাৰে এজন ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, প্ৰবন্ধকাৰ, জীৱনীকাৰ আৰু ভ্ৰমণকাহিনী লেখিকা। ১৭৯৭ চনৰ ৩০ আগষ্টত লণ্ডনত মেৰী ৱলষ্ট’নক্ৰেফ্‌ট শ্বেলীৰ জন্ম হয়।

হালনাগাদ: ৬ জুলাই ২০২৫ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মেৰী ৱলষ্ট’নক্ৰেফ্‌ট শ্বেলী (Mary Wollstonecraft Shelley) হৈছে উনবিংশ শতিকাৰ এগৰাকী প্ৰখ্যাত ইংৰাজ সাহিত্যিক। তেওঁ একাধাৰে এজন ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, প্ৰবন্ধকাৰ, জীৱনীকাৰ আৰু ভ্ৰমণকাহিনী লেখিকা। ১৭৯৭ চনৰ ৩০ আগষ্টত লণ্ডনত মেৰী ৱলষ্ট’নক্ৰেফ্‌ট শ্বেলীৰ জন্ম হয়। তেওঁৰ পিতৃ আছিল দাৰ্শনিক উইলিয়াম গডউইন আৰু মাক মেৰী ৱলষ্ট’নক্ৰেফ্‌ট সেই সময়ৰ এগৰাকী নাৰীবাদী চিন্তাৰ মহিলা আৰু লেখিকা আছিল। তেওঁ প্ৰখ্যাত ইংৰাজ কবি পাৰ্ছি বাইশ্ব শ্বেলী (Percy Bysshe Shelley)-ৰ দ্বিতীয় পত্নী আছিল।১

জন্ম আৰু বংশ পৰিচয়

১৭৯৭ চনৰ ৩০ আগষ্টত লণ্ডনৰ চমাৰছ চহৰত মেৰী শ্বেলী জন্ম হয়। তেখেতৰ পিতৃ উইলিয়াম গদউইন এজন ৰাজনীতিবিধ আৰু দাশনিৰ্ক আছিল মাতৃ মেৰী উৱলষ্টন এগৰাকী দাশনিৰ্কৰ লগতে নাৰীবাদী কামৰ লগত জড়িত আছিল। তেখেতে ১৮১৬ চনত ৰোমাণ্টিক কবি আৰু দাৰ্শনিক প্ৰচী বিচ শ্বেলীৰ লগত বিয়াত বহিছিল।

মৃত্যু

১৮৫১ চনৰ ১ ফেব্ৰুৱাৰীত লণ্ডনত মেৰী শ্বেলীৰ মৃত্যু হয়।

গ্ৰন্থসমূহ

  • ফ্ৰেংকেনষ্টাইন
  • ভালপেৰ্‌গা
  • দা ফৰছুন অৱ পাৰ্কিন ৱেৰবেক
  • দা লাষ্টত মেন
  • হিষ্টৰী অৱ এ ছিক্স উইকছ্‌ টুৰ
  • লাড’ৰ

তথ্যসূত্ৰ

  1. ↑ মেৰী শ্বেলী. Biography.com

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তিসাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰী শ্বেলী” প্ৰবন্ধৰ সংশোধন ৫২২৩৩৪ (৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।