অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন

ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন (Frederick Duncan Michael Haldane; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৫১) এজন ব্ৰিটিছ পদাৰ্থ বিজ্ঞানী। তেওঁ আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সন্মানীয় ইউজিন হিগিন্স আসনৰ অধ্যাপক আৰু পেৰিমিটাৰ ইনষ্টিটিউট ফৰ থিয়ৰীটিকেল ফিজিক্সেৰ সন্মানীয় আসনৰ অধ্যাপক।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন (Frederick Duncan Michael Haldane; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৫১) এজন ব্ৰিটিছ পদাৰ্থ বিজ্ঞানী। তেওঁ আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সন্মানীয় ইউজিন হিগিন্স আসনৰ অধ্যাপক আৰু পেৰিমিটাৰ ইনষ্টিটিউট ফৰ থিয়ৰীটিকেল ফিজিক্সেৰ সন্মানীয় আসনৰ অধ্যাপক।১ তেওঁ ডেভিদ জেমছ থুলছ আৰু জন মাইকেল কষ্টাৰলিটজৰ লগত পদাৰ্থৰ ট'প'লজিকেল ফেজ ট্ৰান্সজিছন বিষয়ৰ বাবে যুটীয়া ভাবে ২০১৬ চনৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।২ ৩

শিক্ষা আৰু কৰ্মজীৱন

তেওঁ চেইণ্ট প'লছ স্কুল, লণ্ডন আৰু খ্ৰীষ্ট'ছ কলেজ, কেম্ব্ৰিজত শিক্ষা লাভ কৰে।৪ তেওঁ মৌলিক ঘনীভুত পদাৰ্থ বিজ্ঞানৰ দিশত ভালে মান অৱদান আগবঢ়াইছে। তাৰে ভিতৰত উল্লেখযোগ্য হল: তৰলৰ লুটটিংগাাৰ সূত্ৰ, একমাত্ৰীয় স্পীন চেইনৰ সূত্ৰ, ফ্ৰেকচনেল কোৱাণ্টাম হল ইফেক্ট, এক্সক্লুচিভ পৰিসংখ্যা, এনটেংগেল বৰ্ণালী ইত্যাদি।

বঁটা আৰু সন্মান

  • আমেৰিকান ফিজিকেল ছোচাইটিৰ অলিভাৰ ই. বাকলী বঁটা(১৯৯৩)
  • আলফ্ৰেড পি. শ্লোণ ফাউণ্ডেচনৰ ৰিচাৰ্ছ ফেলো(১৯৮৪-৮৮)
  • লৰেণ্টজ আসন(২০০৮)
  • ডিৰাক মেডেল (২০১২)৫
  • পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা (২০১৬)

লগতে তেওঁ লণ্ডনৰ ৰয়েল ছোচাইটি, বস্তনৰ আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্স, আমেৰিকান ফিজিকেল ছোচাইটি, যুক্তৰাষ্ট্ৰৰ ইনষ্টিটিউট অফ ফিজিক্স আৰু আমেৰিকান এছোচিয়েছচন ফৰ দা এডভান্সমেণ্ট অফ চাইন্সৰ সন্মানীয় ফেলোশ্বিপ লাভ কৰিছে।

তথ্যসূত্ৰ

  1. ↑ PERIMETER WELCOMES NEW DISTINGUISHED VISITING RESEARCH CHAIRS · Perimeter Institute. www.perimeterinstitute.ca
  2. ↑ The international who's who 1991-92
  3. ↑ The Nobel Prize in Physics 2016
  4. ↑ ‘HALDANE, Prof. (Frederick) Duncan (Michael)’, Who's Who 2016, A & C Black, an imprint of Bloomsbury Publishing plc, 2016
  5. ↑ F. Duncan M. Haldane. Princeton University

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তিপদাৰ্থ বিজ্ঞানীপদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন” প্ৰবন্ধৰ সংশোধন ৩৮১৯২৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।