মনিকা আলী (Monica Ali; জন্ম: ২০ অক্টোবৰ ১৯৬৭) এগৰাকী বাংলাদেশী বংশোদ্ভূত ব্ৰিটিছ লেখক তথা ঔপন্যাসিক। ২০০৩ চনত তেওঁ তেওঁৰ অপ্ৰকাশিত পাণ্ডুলিপিৰ ওপৰত ভিত্তি কৰি গ্ৰাণ্টা পত্ৰিকা কৰ্তৃক "বেষ্ট অফ ইয়ং ব্ৰিটিছ নভেলিষ্ট" হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ প্ৰথম প্ৰকাশিত উপন্যাস, ব্ৰিক লেন সেই বছৰেই প্ৰকাশিত হৈছিল। উপন্যাস খনে "মেন বুকাৰ পুৰস্কাৰ"ৰ বাবে মনোনীত হৈছিল। এই নামৰেই ২০০৭ চনত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল।
প্ৰাৰম্ভিক জীৱন ও শিক্ষা
মনিকাৰ দেউতাক এগৰাকী বাংলাদেশী আৰু মাক ইংৰাজ মুলুকৰ ব্যক্তি।১ ১৯৬৭ চনত ঢাকা, পূব পাকিস্তান (বৰ্তমান বাংলাদেশ)-ত জন্মগ্ৰহণ কৰে। যেতিয়া তেওঁৰ বয়স মাত্ৰ ৩ বছৰ আছিল, তেওঁলোকৰ পৰিয়ালটো ইংলেণ্ডৰ বল্টনত চহৰত আছিল।২ তেওঁৰ দেউতাকৰ আদিতে ঘৰ আছিল মৈমনসিংহৰ জিলাত।৩ তেওঁ প্ৰাথমিকভাবে বল্টন স্কুলত ভৰ্তি হয় আৰু পিছলৈ অক্সফ'ৰ্ডৰ ৱাডহাম কলেজত দৰ্শন, ৰাজনীতি তথা অৰ্থনীতি বিষয়ত পঢ়া-শুনা কৰে।
ব্যক্তিগত জীৱন
আলী তেওঁৰ স্বামী চাইমন টৰেঞ্চ (এজন ব্যৱস্থাপনা পৰামৰ্শক)ৰ সৈতে দক্ষিণ লণ্ডনত বসবাস কৰে।১ তেওঁ লোকৰ দুটি সন্তান, যথা- ফেলিক্স নামেৰে এটি পুত্ৰ (১৯৯৯ চনত জন্ম) আৰু চুমী নামেৰে এগৰাকী কন্যা (২০০১ চনত জন্ম) আছে।
কিতাপ সমূহ
- ব্ৰিক লেন - (২০০৩)
- এনেণ্টেজো ব্লু - (২০০৬)
- ইন দ্যা কিচেন - (২০০৯)
- আনটোল্ড ষ্টোৰী - (২০১১)
তথ্যসূত্ৰ
- ↑ (8 April 2011). Interview: Monica Ali, author. The Scotsman
- ↑ "Monica Ali — Biography", Literature, British Council
- ↑ Gupta, Suman; Tope Omoniyi. (2007). The Cultures of Economic Migration. Ashgate Publishing. পৃ. 33. ISBN 978-0-8122-4146-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনিকা আলী” প্ৰবন্ধৰ সংশোধন ৩৮৫৭৭০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।