অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেন গুডঅল

ডেম জেন মৰিছ গুডঅল(Dame Jane Morris Goodall) (; জন্মতে ভালেৰি জেন মৰিছ-গুডঅল, ৩ এপ্ৰিল ১৯৩৪-১ অক্টোবৰ ২০২৫), পূৰ্বতে বেৰোনেছ জেন ভেন লাৱিক-গুডঅল, হৈছে এগৰাকী ইংৰাজ প্ৰাইমেটোলজিষ্ট আৰু নৃতত্ত্ববিদ৷ সাধাৰণ চিম্পাঞ্জীৰ এগৰাকী নেতৃস্থানীয় বিশেষজ্ঞ হিচাপে গুডঅল পৰিচিত৷ বনৰীয়া চিম্পাঞ্জীৰ সামাজিক আৰু…

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ৬২৯ শব্দ · ৩ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

ডেম জেন মৰিছ গুডঅল(Dame Jane Morris Goodall) (; জন্মতে ভালেৰি জেন মৰিছ-গুডঅল, ৩ এপ্ৰিল ১৯৩৪-১ অক্টোবৰ ২০২৫),১ পূৰ্বতে বেৰোনেছ জেন ভেন লাৱিক-গুডঅল, হৈছে এগৰাকী ইংৰাজ প্ৰাইমেটোলজিষ্ট আৰু নৃতত্ত্ববিদ৷ ২সাধাৰণ চিম্পাঞ্জীৰ এগৰাকী নেতৃস্থানীয় বিশেষজ্ঞ হিচাপে গুডঅল পৰিচিত৷ বনৰীয়া চিম্পাঞ্জীৰ সামাজিক আৰু পাৰিবাৰিক দিশৰ অধ্যয়নৰ লগত তেখেত ৬০ বছৰৰ জড়িত হৈ আছিল৷ টাঞ্জানিয়াত থকা গম্বে ষ্ট্ৰিম ৰাষ্ট্ৰীয় উদ্যানলৈ গুডঅল ১৯৬০ চনতে পোনপ্ৰথমবাৰৰ বাবে গৈছিল আৰু চিম্পাঞ্জীৰ মাজত মানৱ-সদৃশ আচৰণ প্ৰত্যক্ষ কৰিছিল৷ ইয়াৰ লগতে তেখেতে গম্বে চিম্পাঞ্জীৰ মাজত সশস্ত সংঘাতো দেখা পাইছিল৷৩

তেখেত "জেন গুডঅল প্ৰতিষ্ঠান" আৰু "ৰুটছ এণ্ড শ্বুটছ" কাৰ্যসূচীৰ প্ৰতিষ্ঠাপক৷ বন্যপ্ৰাণীৰ কল্যাণ-সম্বন্ধীয় আৰু সংৰক্ষণৰ লগত জড়িত দিশত তেখেতে ব্যাপকভাৱে কাম কৰিছে৷ ১৯৯৬ চনত প্ৰতিষ্ঠা হোৱা "ননহিউমেন ৰাইটছ্ প্ৰজেক্ট"ৰ পৰিষদত তেখেতে ইয়াৰ প্ৰতিষ্ঠাকালৰ পৰাই কাম কৰি আছে৷ ৪৫ ২০০২ চনৰ এপ্ৰিলত জেন গুডঅলক ৰাষ্ট্ৰসংঘই শান্তিৰ দূত আখ্যা দিয়ে৷ গুডঅল বিশ্ব ভৱিষ্যত পৰিষদৰ এগৰাকী সন্মানীয় সদস্য৷

প্ৰাৰম্ভিক জীৱন

লণ্ডনৰ হেম্পষ্টেডত, ১৯৩৪ চনত জেন গুডঅলৰ জন্ম হৈছিল৷৬জেন গুডঅলৰ পিতৃ মৰ্টিমাৰ হাৰ্বাৰ্ট মৰিছ-গুডঅল (১৯০৭-২০০১) আছিল এগৰাকী ব্যৱসায়ী৷ আনহাতে মাতৃ মাৰ্গাৰেট মাইফানৱে জোছেফ (১৯০৬-২০০০) আছিল এগৰাকী ঔপন্যাসিকা৷ ৭তেখেতৰ ঘৰ আছিল পেমব্ৰুকশ্বায়াৰৰ মিলফৰ্ড হাভেনত৷৮ মাৰ্গাৰেটে ভান্নে মৰিছ-গুডঅল নামেৰে লিখা-মেলা কৰিছিল৷১

পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰিলায়টো বাৰ্ণেমাউথলৈ স্থানান্তিৰত হয়৷ ইয়াত গুডঅলে আপলেণ্ডছ্ স্কুলত নামভৰ্তি কৰে৷১

শিশু অৱস্থাত পিতৃ মৰ্টিমাৰ হাৰ্বাৰ্টে জেনক পুতলা ভালুকৰ পৰিৱৰ্তে "জুবিলী" নামৰ এটি চিম্পাঞ্জী উপহাৰ দিয়ে৷ গুডঅলে কয় যে-এই পুতলাটোৰ জৰিয়তেই জন্তুৰ প্ৰতি থকা ভালপোৱাৰ বিকাশ সাধন হৈছিল৷ তেখেতৰ ভাষাত-"মোৰ মাতৃৰ বন্ধুমহলে পুতলাটো দেখি আতংকিত হৈছিল আৰু ভাবিছিল যে পুতলাটো মোৰ বাবে দুস্বপ্নৰ কাৰণ হৈ উঠিব৷" পিছে "জুবিলী" আজিও গুডঅলৰ লণ্ডনত থকা ড্ৰেছাৰ ৰূমত অক্ষত অৱস্থাত আছে৷৯

আফ্ৰিকাত

গুডঅলৰ সদায়েই জীৱ-জন্তু আৰু আফ্ৰিকাৰ প্ৰতি আকৰ্ষণ আছিল৷ সেই আকৰ্ষণৰ সূত্ৰেই তেখেতে ১৯৫৭ চনত কেনিয়াত থকা বন্ধু এগৰাকীৰ কৃষিক্ষেত্ৰলৈ লৈ আহিছিল৷১০ ইয়াৰে পৰা জেন গুডঅলে ছেক্ৰেটাৰী হিচাপে নিযুক্তি লাভ কৰিলে আৰু বন্ধুৰ পৰামৰ্শ অনুযায়ী তেখেতে লুইছ লিকীক টেলিফোন কৰিলে৷ ১১ লুইছ লিকী আছিল কেনিয়াৰ প্ৰত্নতত্ত্ববিদ আৰু জীৱাশ্মবিদ৷ জেন গুডঅলে ফোনযোগে কথা পাতি লুইছ লিকীৰ সৈতে জন্তুৰ সম্পৰ্কে কথাবাৰ্তা পাতিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে৷ লিকীয়ে ভাবিছিল যে বৰ্তমান সময়ৰ কপিকুলৰ অধ্যয়নে প্ৰাৰম্ভিক পৰ্যায়ৰ হমিনয়ডসকলৰ আচৰণৰ বিষয়ে কেতবোৰ কথা জনাত সহায় কৰিব৷ ১২ লিকীয়ে সেইসময়ত বিচাৰি আছিল এগৰাকী চিম্পাঞ্জীৰ গৱেষকক৷ অৱশ্যে সেই চিন্তাটো তেওঁ নিজৰ মাজতে ৰাখিছিল৷ ইয়াৰ পৰিৱৰ্তে লিকীয়ে গুডঅলক নিজৰ ছেক্ৰেটাৰী হিচাপে কাম কৰিবলৈ প্ৰস্তাৱ আগবঢ়ালে৷ নিজৰ পত্নী আৰু সহ-গৱেষিকা পত্নী ব্ৰিটিছ জীৱাশ্মবিদ মেৰি লিকীৰ পৰা অনুমোদন লাভ কৰাৰ পাছত লুইছে গুডঅলক বৰ্তমান সময়ৰ টাঞ্জানিয়া আৰু তেতিয়া টাঞ্জানিয়াকৰ অলদুভাই গৰ্জেলৈ প্ৰেৰণ কৰিলে৷ ইয়াতেই তেওঁ নিজৰ পৰিকল্পনাসমূহ সাজু কৰিলে৷

প্ৰাইমেটৰ আচৰণৰ বিষয়ে উইলিয়াম চালৰ্ছ হিলৰ লগত আৰু প্ৰাইমেটৰ দেহতত্ত্বৰ বিষয়ে জন নেপিয়াৰৰ সৈতে অধ্যয়ন কৰিবলৈ লুইছ লিকীয়ে ১৯৫৮ চনত গুডঅলক লণ্ডনলৈ পঠায়৷১৩ এই উদ্দেশ্যে লিকীয়ে পুঁজি সংগ্ৰহ কৰিলে আৰু ১৯৬০ চনৰ ১৪ জুলাইত গুডঅল গোম্বে ৰাষ্ট্ৰীয় উদ্যানলৈ ৰাওনা হয়৷ যাক পৰৱৰ্তী সময়ত বিশ্ববাসীয়ে ট্ৰাইমেটৰ প্ৰথমগৰাকী (ট্ৰাইমেট তিনিগৰাকী হৈছে-জেন গুডঅল,ডায়ান ফচি আৰু বায়ৰুট গালডিকাছ৷ তেওঁলোকে লিকীৰ যথাক্ৰমে চিম্পাঞ্জী, গৰিলা আৰু ওৰাংওটাং অধ্যয়ন কৰিবলৈ গোম্বলৈ ৰাওনা হৈছিল) বুলি অভিহিত কৰে৷ .১৪ জেন গুডঅলৰ সংগী হৈছিল তেখেতৰ মাতৃ৷ মাতৃয়ে মুখ্য ৱাৰ্ডেন ডেভিড এণ্টছিৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায়ক হৈছিল৷ ১০ প্ৰাইমেটলোজীক কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ কৃতিত্ব গুডঅলে তেখেতৰ মাতৃক দিছে৷ কাৰণ, এইখন ক্ষেত্ৰ সেইসময়ত পুৰুষ-কেন্দ্ৰিক আছিল৷ গুডঅল কৈছে যে, ১৯৫০ৰ দশকত, তেখেতে এই ক্ষেত্ৰখনত প্ৰৱেশ কৰা সময়ত মহিলাক গ্ৰহণ কৰা নহৈছিল৷ ১৫ বৰ্তমান এই ক্ষেত্ৰখনত পুৰুষ আৰু মহিলাক সমানেই দেখিবলৈ পোৱা গৈছে৷ তাৰ আংশিক কৃতিত্ব গুডঅলক দিয়া হয়৷১৬

জেন গুডঅল প্ৰতিষ্ঠান

হাংগেৰিয়ান ৰুটছ এণ্ড শ্বুটছৰ সদস্যসকলৰ লগত গুডঅল, ২০০৯ চনত৷
হাংগেৰিয়ান ৰুটছ এণ্ড শ্বুটছৰ সদস্যসকলৰ লগত গুডঅল, ২০০৯ চনত৷ছবি: Csigabi · CC BY-SA 3.0

১৯৭৭ চনত, গুডঅলে জেন গুডঅল প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিলে৷ এই প্ৰতিষ্ঠানে গম্বে ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণাক সহযোগিতা কৰে৷ এইক্ষেত্ৰত গুডঅলে চিম্পাঞ্জী আৰু তেওঁলোকৰ বাসস্থানসমূহ ৰক্ষা কৰাৰ বাবে গোলকীয় নেত্ৰী হিচাপে কাম কৰি আছে৷ বৰ্তমান এই প্ৰতিষ্ঠানৰ সমগ্ৰ বিশ্বতে মুঠ ঊনৈশটা কাৰ্যালয় আছে৷ তেওঁলোকৰ বিশ্বজনীন যুৱ কাৰ্যসূচী ৰুটছ এণ্ড শ্বুটছ্ ১৯৯১ চনত আৰম্ভ হয়, যেতিয়া ১৬গৰাকী স্থানীয় কিশোৰ-কিশোৰীয়ে টাঞ্জানিয়াত লগ কৰিছিল৷ পৃথিৱীৰ এশখন দেশত প্ৰতিষ্ঠানটোৰ বৰ্তমান দহ হাজাৰতকৈও অধিক গোট আছে৷১৭

ব্যক্তিগত জীৱন

গুডঅলে এতিয়ালৈকে দুবাৰ বিয়া পাতিছে৷ ১৯৬৪ চনৰ ২৮ মাৰ্চত তেখেতে নেদাৰলেণ্ডৰ বন্যপ্ৰাণী ফটোগ্ৰাফাৰ হিউগো ভেন লাৱিকৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে৷ ১৮ তেওঁলোকৰ এটি পুত্ৰ সন্তান হয়-হিউগো এৰিক লুইছ (জন্ম ১৯৬৭)৷ পিছে ১৯৭৪ চনত দম্পতীটোৰ মাজত বিবাহ-বিচ্ছেদ হয়৷ পৰৱৰ্তী বৰ্ষটোত জেন গুডঅলে ডেৰেক ব্ৰাইচেছনৰ লগত নতুনকৈ যুগ্ম জীৱনৰ পাতনি মেলে৷ তেওঁ আছিল টাঞ্জানিয়াৰ সদনৰ এগৰাকী সদসয় আৰু দেশৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সঞ্চালক৷ ১৯৮০ চনৰ অক্টোবৰ মাহত তেখেতে কৰ্কট ৰোগত মৃত্যুবৰণ কৰে৷১৯ ১৯ গুডঅলে কৈছে যে কুকুৰ তেখেতৰ প্ৰিয় জন্তু৷২০

গুডঅল 'প্ৰচোপেগনেছিয়া'ত আক্ৰান্ত৷ যিয়ে তেখেতক পৰিচিত মুখবোৰ চিনাক্তকৰণ কৰাত অসুবিধাৰ সৃষ্টি কৰে৷ ২১

বঁটা-বাহন

  • ১৯৮০: অৰ্ডাৰ অৱ দ্য গোল্ডেন আৰ্ক, সংৰক্ষণৰ বাবে বিশ্ব বন্যপ্ৰাণী বঁটা
  • ১৯৮৭: গোল্ডেন প্লেট বঁটা, আমেৰিকান একাডেমি অৱ এচিভমেণ্ট২২
  • ১৯৮৯: এনচাইক্লপেডিয়া ব্ৰিটানিকা বঁটা, বৰ্ষটোৰ নৃতত্ত্বিদ
  • ১৯৯৬: লণ্ডনৰ প্ৰাণীবৈজ্ঞানিক সমাজৰ ৰূপৰ পদক,
  • ১৯৯৯: আন্তৰ্জাতিক শান্তি বঁটা
  • ২০০৪: ৰাজহুৱা স্বাৰ্থত বিজ্ঞানৰ বাবে নিৰেনবাৰ্গ বঁটা
  • ২০০৫: চিৰাকাছ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত সন্মানীয় ডক্তৰেট ডিগ্ৰী ২৩২৪
  • ২০০৫: আৱিষ্কাৰ আৰু কল্পনা বঁটা
  • ২০১৪: ব্ৰিটিছ একাডেমীৰ পৰা ৰাষ্ট্ৰপতিৰ পদক২৫
  • ২০১৭: আন্তৰ্জাতিক ব্ৰহ্মাণ্ড বঁটা২৬
  • ২০২০: বহনক্ষম বিকাশত টাং বঁটা২৭
  • ২০২১: টেম্পলেটন বঁটা২৮

তথ্যসূত্ৰ

  1. ↑ The Biography Channel. (2010). Jane Goodall Biography
  2. ↑ Holloway, M. (1997) Profile: Jane Goodall – Gombe's Famous Primate, Scientific American 277(4), 42–44
  3. ↑ (April 2003). Jane in the Forest Again. National Geographic
  4. ↑ About Us. NhRP Website. Nonhuman Rights Project
  5. ↑ (16 January 2013). 2013 is here, and we are ready!. NhRP Website. Nonhuman Rights Project
  6. ↑ "Morris-Goodall, Valerie J" in Register of Births for Hampstead Registration District, volume 1a (1934), p. 748
  7. ↑ England & Wales, Civil Registration Death Index, 1916–2007
  8. ↑ 1911 England Census
  9. ↑ Goodall, Jane; Phillip Berman. (2000). Reason for Hope: A Spiritual Journey. Warner Books. পৃ. 4. ISBN 978-0-446-67613-7
  10. ↑ (2010). Early Days. Jane Goodall Institute
  11. ↑ Jane Goodall Biography and Interview. www.achievement.org. American Academy of Achievement
  12. ↑ (June 2007). Jane Goodall helps humans and animals live together. TED
  13. ↑ Morell, Virginia. (1995). Ancestral Passions: the Leakey family and the quest for humankind's beginnings. Simon & Schuster. পৃ. 242. ISBN 978-0-684-80192-6
  14. ↑ Goodall, Jane; Peterson, Dale. (25 September 2002). Beyond Innocence: An Autobiography in Letters: The Later Years. Houghton Mifflin Harcourt. পৃ. 1. ISBN 978-0-618-25734-8
  15. ↑ Morgen, B.(Director).(2017). Jane [Motion Picture]. United States: National Geographic Studios
  16. ↑ CBC/Radio Canada, She Walks with Apes, accessed 16 January 2022
  17. ↑ Our History. Roots & Shoots. The Jane Goodall Institute
  18. ↑ Simone, Morgan. (2019-12-10). Interesting facts about Jane Goodall. Geeky Camel
  19. ↑ Montgomery, Sy. (1991). Walking With the Great Apes. Houghton Mifflin. পৃ. 125–126. ISBN 978-0-395-51597-6
  20. ↑ Bielski, Zosia. (April 7, 2011). Jane Goodall: 'My favourite animal is a dog's. The Globe and Mail
  21. ↑ (May 23, 2013). Photos: The faces of those who don't recognize faces. CNN
  22. ↑ Golden Plate Awardees of the American Academy of Achievement. www.achievement.org. American Academy of Achievement
  23. ↑ World-renowned primatologist Jane Goodall to speak at Syracuse University and SUNY ESF Commencement. SU News
  24. ↑ (2005-02-16). Goodall named grad speaker; Primatologist chosen after suggestions by student body. The Daily Orange – The Independent Student Newspaper of Syracuse, New York
  25. ↑ The British Academy President's Medal. British Academy
  26. ↑ The Prizewinner. Expo '90 Foundation
  27. ↑ Sustainable Development: Jane Goodall. Tang Prize. Tang Prize Foundation
  28. ↑ Naturalist Jane Goodall wins 2021 Templeton prize for life’s work The Guardian

সম্পৰ্কিত শ্ৰেণী

যুক্তৰাজ্যৰ ব্যক্তিপৰিৱেশ কৰ্মীবিজ্ঞানীনৃতত্ত্ববিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেন গুডঅল” প্ৰবন্ধৰ সংশোধন ৬০২২৭৮ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।