ডেভিদ জেমছ থুলছ ( জন্ম: ২১ ছেপ্টেম্বৰ ১৯৩৪) এজন ব্ৰিটিছ ঘনীভুত পদাৰ্থ বিজ্ঞানী। তেওঁ ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন আৰু জন মাইকেল কষ্টাৰলিটজৰ লগত পদাৰ্থৰ ট'প'লজিকেল ফেজ ট্ৰান্সজিছন বিষয়ৰ বাবে যুটীয়া ভাবে ২০১৬ চনৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।১ ২
শিক্ষা
থুলছে ৱিনচেষ্টাৰ কলেজ আৰু ট্ৰিনিটি হ'ল, কেম্ব্ৰিজত শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ হান্স বেথেৰ তত্ত্ববধনাত কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা পিএইছডি ডিগ্ৰী লাভ কৰে।৩
কৰ্মজীৱন
তেওঁ প্ৰথমে বেৰ্কেলীত অৱস্থিত কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ত যোগদান কৰে। তাৰপিছত তেওঁ যুক্তৰাজ্যৰ বীৰমিংগাম বিশ্ববিদ্যালয়ত গাণিতিক পদাৰ্থ বিজ্ঞান বিষয়ৰ অধ্যাপক হিচাপে যোগ দিয়ে। ১৯৮০ চনত তেওঁ চিটলীত অৱস্থিত ৱাছিংটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰূপে নিযুক্তি লাভ কৰে। থুলছে পৰমাণু, ইলেক্টন আৰু নিউট্ৰন তন্ত্ৰ বিষয়ত ভালেমান বৰঙণি আগবঢ়ায়। তেওঁৰ গৱেষণাৰ বিষয়বস্তু আছিল অতিপৰিবাহী প্ৰক্ৰিয়া, নিউক্লিয়াৰ পদাৰ্থৰ ধৰ্ম আৰু পৰমাণুৰ নিউক্লিয়াছৰ ভিতৰতে উত্তেজিত আৰু সংগ্ৰাহীত গতি।
বঁটা আৰু সন্মান
তেওঁ ৰয়েল ছোচাইটি, আমেৰিকান ফিজিকেল ছোচাইটি আৰু আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সৰ সন্মানীয় ফেলোশ্বিপ আৰু যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সদস্য। তেওঁ লাভ কৰা বঁটা সমূহ হ'ল,
- পদাৰ্থ বিজ্ঞানৰ ৱল্ফ বঁটা (১৯৯০)
- পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানৰ পল ডিৰাক মেডেল (১৯৯৩)
- আমেৰিকান ফিজিকেল ছোচাইটিৰ লাৰ্চ অনচাগেৰ বঁটা (২০০০)
- পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা(২০১৬)
গ্ৰন্থৰাজি
- J. M. Kosterlitz & D. J. Thouless, "Ordering, metastability and phase transitions in two-dimensional systems", Journal of Physics C: Solid State Physics, Vol. 6 pages 1181-1203 (1973)
- D. Thouless, M. Kohmoto, M. Nightingale & M. den Nijs, "Quantized Hall Conductance in a Two-Dimensional Periodic Potential", Phys. Rev. Lett. 49, 405 (1982).
- Topological Quantum Numbers in Nonrelativistic Physics, World Scientific Publishing Co. Pte Ltd, 1998
- The quantum mechanics of many-body systems (Pure and applied physics series), Academic Press, 1972
বহিঃসংযোগ
- Lars Onsager recipient 2000
- Launch of Kosterlitz Centre in Aberdeen 2010
- Research profile at Brown University
তথ্যসূত্ৰ
- ↑ The international who's who 1991-92
- ↑ The Nobel Prize in Physics 2016
- ↑ ‘THOULESS, Prof. David James’, Who's Who 2016, A & C Black, an imprint of Bloomsbury Publishing plc, 2016
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেভিদ জেমছ থুলছ” প্ৰবন্ধৰ সংশোধন ৪৩৭০১৯ (১২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।