যুক্তৰাজ্যৰ ব্যক্তি
১২৩ প্ৰবন্ধ
-
এণ্ড্ৰিউ মাৰ্ভেল
এণ্ড্ৰিউ মাৰ্ভেল (Andrew Marvell, 31 মাৰ্চ 1621-16 আগষ্ট 1678) এজন ইংৰাজ মেটাভিজিকেল কবি, ব্যংগলেখক আৰু ৰাজনীতিবিদ। তেখেত ১৬৫৯ চনৰ পৰা ১৬৭৮ চনৰ সময়ছোৱাত হাউচ অৱ কমন্সৰ আসনত বহিছিল। কমনৱেলথৰ সময়ছোৱাত তেওঁজন মিল্টনৰ সহকৰ্মী আৰু বন্ধু আছিল।
-
এলিজাবেথ প্ৰথম
এলিজাবেথ প্ৰথম ( Elizabeth I; ৭ ছেপ্তেম্বৰ ১৫৩৩ – ২৪ মাৰ্চ ১৬০৩) আছিল ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ ৰাণী, যিয়ে ১৫৫৮ চনৰ পৰা ১৬০৩ চনলৈকে ৰাজত্ব কৰিছিল। তেওঁ আছিল হেনৰী অষ্টম আৰু এন্ বোলিনৰ কন্যা আৰু টিউডৰ বংশৰ শেষ শাসক।
-
কেইৰা নাইটলি
কেইৰা ক্ৰীষ্টিনা নাইটলি (Keira Christina Knightley; জন্ম: ২৬ মাৰ্চ ১৯৮৫) এগৰাকী ইংৰাজী অভিনেত্ৰী। স্বতন্ত্ৰ ছবি আৰু পিৰিয়ড ড্ৰামাত কৰা কামৰ বাবে পৰিচিত নাইটলিয়ে দুটা একাডেমী বঁটা, দুটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, চাৰিটা গোল্ডেন গ্ল’ব আৰু এটা লৰেন্স অলিভিয়াৰ বঁটাৰ বাবে মনোনয়নকে ধৰি বহুতো…
-
ক্লোক অৰ্কিন
ক্লো মেভ অৰ্কিন (ইংৰাজী: Chloe Meave Orkin) এগৰাকী ব্ৰিটিছ চিকিৎসক আৰু কুইন মেৰী ইউনিভাৰ্চিটি অৱ লণ্ডনৰ এইচআইভি/এইডছ চিকিৎসা বিজ্ঞানৰ অধ্যাপিকা। তেওঁ বাৰ্টছ হেল্থ এনএইচএছ ট্ৰাষ্টৰ অন্তৰ্গত ৰয়েল লণ্ডন হাস্পতালত এগৰাকী পৰামৰ্শদাতা হিচাপে কাম কৰে।
-
ক্ৰিষ্টোফাৰ মাৰ্লো
ক্ৰিষ্টোফাৰ মাৰ্লো (২৬ ফেব্ৰুৱাৰী ১৫৬৪-৩০ মে ১৫৯৩), যাক কিট মাৰ্লো বুলিও জনা যায়, এলিজাবেথ যুগৰ এজন ইংৰাজ নাট্যকাৰ, কবি আৰু অনুবাদক। সমকালীন নাট্যকাৰসকলৰ ভিতৰত মাৰ্লো আছিল আটাইতকৈ বিখ্যাত।
-
গীতা বাছৰা
গীতা বাছৰা (ইংৰাজী: Geeta Basra; জন্ম: ১৩ মাৰ্চ, ১৯৮৪) এগৰাকী ইংৰাজ প্ৰাক্তন অভিনেত্ৰী যিয়ে বলিউডৰ চলচ্চিত্ৰত অভিনয় কৰিছে। ২০০৬ চনত তেওঁ বলিউডত অভিনয় জীৱনৰ পাতনি মেলিছিল।
-
চুজি চ্যু
চুজান জেনেট বেলিয়ান (জন্ম ২৭ মে', ১৯৫৭), যি পেছাদাৰীভাৱে চুজি চ্যু (ইংৰাজী: Siouxsie Sioux) নামেৰে পৰিচিত, এগৰাকী ইংৰাজ গায়িকা আৰু গীতিকাৰ। তেওঁ ৰক বেণ্ড চুজি এণ্ড দ্য বানশ্বিছৰ গায়িকা আৰু মুখ্য গীতিকাৰ হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
চুজি পেৰী
চুজি পেৰী (ইংৰাজী: Suzi Perry; জন্ম: মে' ১৯৭০) এগৰাকী ব্ৰিটিছ টেলিভিছন উপস্থাপক যিয়ে বিটি স্প'ৰ্টৰ বাবে গ্ৰেণ্ড প্ৰিক্স মটৰ চাইকেল ৰেচিং কভাৰ কৰে। ১৩ বছৰ ধৰি বিবিচিৰ বাবে গ্ৰেণ্ড প্ৰিক্স মটৰ চাইকেল ৰেচিং, আঠ বছৰত চেনেল ৫-ত দ্য গেজেট শ্ব’ আৰু ২০১৩ চনৰ পৰা ২০১৫ চনলৈকে বিবিচিৰ ফৰ্মুলা ৱান কভাৰেজৰ…
-
চেণ্ড্ৰা কেৰন
চেণ্ড্ৰা এল. ক'গান (২৭ আগষ্ট ১৯৩৬ – ১ ছেপ্টেম্বৰ ২০২৫), চেণ্ড্ৰা কেৰন নামেৰে পৰিচিত, এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। পূব লণ্ডনৰ ষ্টেপনীত জন্মগ্ৰহণ কৰা তেওঁ আইডা ফষ্টাৰ থিয়েটাৰ স্কুলত প্ৰশিক্ষণ লৈছিল।
-
ছফী জেংগেম্ব্ৰে এণ্ডাৰছন
ছফী জেংগেম্ব্ৰে এণ্ডাৰছন ( Sophie Gengembre Anderson; ১৮২৩ – ১০ মাৰ্চ ১৯০৩) ফ্ৰান্সত জন্মগ্ৰহণ কৰা ব্ৰিটিছ ভিক্টোৰিয়ান যুগৰ চিত্ৰশিল্পী, যিয়ে আমেৰিকাতো দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ আছিল। শিশু আৰু মহিলাৰ চিত্ৰকলাৰ ধাৰাৰ, সাধাৰণতে গ্ৰাম্য পৰিৱেশৰ, তেওঁ বিশেষজ্ঞ আছিল।
-
ছিয়াৰা চেক্সটন
চিয়াৰা চেক্সটন (জন্ম ১৬ মে' ১৯৮৮) এগৰাকী ইংৰাজ মহিলা তথা পাঁচবাৰৰ বিশ্ব চেম্পিয়ন পেছাদাৰী আইৰিছ নৃত্যশিল্পী, যিয়ে লৰ্ড অৱ দ্য ডান্সৰ সৈতে ভ্ৰমণ কৰিছে।
-
জন ডান
জন ডান (John Donne) (১৫৭২-১৬৩১) এজন ইংৰাজ কবি, পণ্ডিত, সৈনিক। পিছলৈ তেখেত ইংলেণ্ডৰ গীৰ্জাৰ এজন ধৰ্মীয় যাজক হিচাপে নিয়োজিত হৈছিল। ৰাজকীয় পৃষ্ঠপোষকতাৰ দ্বাৰা তেওঁক লণ্ডনৰ ছেইণ্ট পলছ কেথেড্ৰেলৰ ডিন হিচাপে নিযুক্তি দিয়া হৈছিল (১৬২১-১৬৩১)।
-
জন মেনাৰ্ড কেইনছ
জন মেনাৰ্ড কেইনছ (ইংৰাজী: John Maynard Keynes; জন্ম: ৫ জুন ১৮৮৩ – মৃত্যু: ২১ এপ্ৰিল ১৯৪৬) এজন খ্যাতনামা ইংৰাজ অৰ্থনীতিবিদ আছিল। তেওঁ ২০শ শতিকাৰ অন্যতম প্ৰভাৱশালী চিন্তাবিদ হিচাপে পৰিগণিত।
-
জাহা হাদিদ
ডেম জাহা মুহাম্মদ হাদিদ (জন্ম: ৩১ অক্টোবৰ ১৯৫০ – মৃত্যু: ৩১ মাৰ্চ ২০১৬) এগৰাকী ইৰাক আৰু ব্ৰিটিছ স্থপতি, শিল্পী আৰু ডিজাইনাৰ আছিল। তেওঁ বিংশ শতিকাৰ শেষ আৰু একবিংশ শতিকাৰ আৰম্ভণি স্থাপত্যকীৰ্তিত মুখ্য ব্যক্তি হিচাপে স্বীকৃত।
-
জুলিয়ান বাৰ্ণছ
জুলিয়ান বাৰ্ণছ (জন্ম: ১৯ জানুৱাৰী, ১৯৪৬) বিংশ শতিকাৰ শেষৰ দশকৰ এজন বৃটিছ ঔপন্যাসিক। ২০১১ চনত তেওঁ বুকাৰ বঁটা লাভ কৰিছিল। দ্য চেন্স অৱ এণ এণ্ডিং নামৰ উপন্যাসখনৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়।
-
জোচেফ মৰ্গেন (অভিনেতা)
জোচেফ মাৰ্টিন মৰ্গেন (Joseph Martin Morgan, জন্ম: ১৬ মে', ১৯৮১) এগৰাকী ইংৰাজ অভিনেতা। তেওঁ এটা পিপলছ চয়েছ বঁটা, এটা টিভি গাইড বঁটা লাভ কৰাৰ উপৰি আঠবাৰকৈ টিন চয়েছ বঁটাৰ বাবে মনোনীত হৈছে।
-
জৰ্জ হাবাৰ্ট
জৰ্জ হাবাৰ্ট (George Herbert) সোতৰ শতিকাৰ ইংলেণ্ডৰ এজন মহান ভক্তিবাদী কবি আছিল।
-
ডায়ানা, প্ৰিন্সেছ অৱ ৱেলছ
ডায়ানা, প্ৰিন্সেছ অফ ৱেলছ (ইংৰাজী: Diana, Princess of Wales; জন্ম: ডায়ানা ফ্ৰান্স স্পেঞ্চাৰ; ১ জুলাই ১৯৬১ – ৩১ আগষ্ট ১৯৯৭) ব্ৰিটিছ ৰাজপৰিয়ালৰ এগৰাকী সদস্য আছিল। তেওঁ ৰজা চাৰ্লছ তৃতীয়ৰ (সেই সময়ৰ প্ৰিন্স অফ ৱেলছ) প্ৰথম পত্নী আৰু প্ৰিন্স উইলিয়াম তথা প্ৰিন্স হেৰীৰ মাতৃ আছিল।
-
নীলাঞ্জনা দত্ত
নীলাঞ্জনা দত্ত হ'ল এগৰাকী ভাৰতীয় বংশোদ্ভত ব্ৰিটিছ অংকবিদ। তেওঁৰ বিষয় হৈছে কোৱাণ্টাম তথ্য তত্ত্ব। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ "প্ৰায়োগিক গণিত আৰু তাত্ত্বিক পদাৰ্থবিজ্ঞান" বিভাগত তেওঁ এই বিষয়টোত ৰিডাৰ হিচাপে নিযুক্ত। ইয়াৰ উপৰি তেওঁ পেম্ব্ৰক মহাবিদ্যালয়ৰো এগৰাকী সভ্য।
-
পাৰ্চি ইভান্স
পাৰ্চি ইভান্স (Percy Evans; ২ ডিচেম্বৰ ১৮৯২ – ১৪ ডিচেম্বৰ ১৯৭৪) এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদ আছিল। তেওঁ ভাৰতৰ তৈলক্ষেত্ৰত ব্যাপকভাৱে কাম কৰিছিল আৰু পিছলৈ বাৰ্মা অইল কোম্পানীৰ মুখ্য ভূতত্ত্ববিদ হৈছিল। ১৯৪৭ চনত তেওঁক লণ্ডনৰ জিঅ'লজিকেল ছ'চাইটিৰ মাৰ্চিছন পদক প্ৰদান কৰা হয়।
-
বেনেডিক্ট কাম্বাৰবেটছ্
বেনেডিক্ট টিম'থি কাৰ্লটন কাম্বাৰবেটছ্ (Benedict Timothy Carlton Cumberbatch; জন্ম: ১৯ জুলাই ১৯৭৬) হৈছে এগৰাকী ইংৰাজ অভিনেতা। মানচেষ্টাৰ ভিক্টোৰিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী স্নাতক কাম্বাৰবেটছে লণ্ডন সংগীত আৰু নাট্যকলাৰ একাডেমীত প্ৰশিক্ষণ লয় আৰু ধ্ৰুপদী অভিনয়-কলাত কলাৰ স্নাতক ডিগ্ৰী লাভ কৰে।
-
মেৰী মেকি
মেৰী মেকি (জন্ম কেথলিন মেৰী হুইটলাম, জন্ম ১৯৪০ চনৰ আৰম্ভণিতে) ১৯৭১ চনৰপৰা ৭০খনতকৈও অধিক কল্পকাহিনী আৰু অকল্পনীয় কিতাপৰ ইংৰাজী লেখক। তেওঁৰ ৰচনা ২০টা ভাষালৈ অনুবাদ কৰা হৈছে। বিশেষকৈ নেচনেল ট্ৰাষ্টৰ বাবে এটা দেশীয় ঘৰ চোৱা-চিতা কৰা জীৱনৰ লঘু হৃদয়ৰ বিৱৰণৰ বাবে তেওঁ পৰিচিত।
-
লুইছ ব্ৰাউন
লুইজ জয় ব্ৰাউন (Louise Joy Brown; জন্ম: ২৫ জুলাই ১৯৭৮) হৈছে ইন ভিট্ৰ' ফাৰ্টিলাইজেচন (IVF)ৰ জৰিয়তে জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা। তেওঁৰ জন্মক "কুৰি শতিকাৰ সবাতোকৈ উল্লেখযোগ্য চিকিৎসা অগ্ৰগতি"সমূহৰ ভিতৰত অন্যতম হিচাপে বিবেচনা কৰা হয়, যিটো পদ্ধতিৰ বিকাশ যুক্তৰাজ্যত হৈছিল।
-
লৰ্ড নেলছন
লৰ্ড নেলছন ব্ৰিটিছ নৌসেনা বাহিনীৰ আটাইতকৈ প্ৰভাৱশালী নৌবিষয়া সকলৰ মাজত এজন আছিল। তেওৰ জীৱনযাত্ৰা অতি দীঘলিয়া ব্যতিক্ৰমি তথা বিশিষ্টপুৰ্ণ আছিল যিয়ে তেওক পাছলৈ নিজৰ নিৰ্ভীকতা আৰু সাহসিকতাৰ কাৰণে এজন অদ্বীতিয় যুদ্ধনীতিজ্ঞ ৰুপে খ্যাত কৰি তুলিছিল।
-
ল’ওৰা থেৰেছা
ল’ওৰা থেৰেছা, লেডী আলমা-টাডেমা ( Laura Theresa; (জন্ম: ১৬ এপ্ৰিল ১৮৫২ – ১৫ আগষ্ট ১৯০৯) এগৰাকী মহিলা আৰু শিশুৰ ঘৰুৱা আৰু ধাৰাবাহিক দৃশ্যৰ বিশেষজ্ঞ ব্ৰিটিছ চিত্ৰশিল্পী আছিল। তেওঁৰ আঠাইশখন ছবি ৰয়েল একাডেমীত প্ৰদৰ্শিত হৈছিল।
-
সুমা ভট্টাচাৰ্য
সুমা ভট্টাচাৰ্য (ইংৰাজী: Suma Bhattacharya) এগৰাকী প্ৰতিষ্ঠিত ফিনটেক উদ্যমী, মডেল, নৃত্যশিল্পী আৰু প্ৰাক্তন চলচ্চিত্ৰ অভিনেত্ৰী। বৰ্তমান তেওঁ এগৰাকী সফল ব্যৱসায়ী হিচাপে পৰিচিত।
-
হিলাৰী ডু প্ৰে
হিলাৰী এন্নে ডু প্ৰে (জন্ম ২৫ এপ্ৰিল ১৯৪২) এগৰাকী ইংৰাজী ফ্লাউটিষ্ট আৰু স্মৃতিগ্ৰন্থকাৰ যি এ জিনিয়াছ ইন দ্য ফেমিলি (১৯৯৭) নামৰ কিতাপখনৰ সহ-লেখক হিচাপে আৰু ১৯৯৮ চনৰ হিলাৰী এণ্ড জেকি ছবিখনত অৱদান আগবঢ়োৱাৰ বাবে বেছিকৈ পৰিচিত, যি দুয়োখন ছবিয়ে তেওঁৰ ভগ্নী চেলিষ্ট জেকলিন ডু প্ৰেৰ কাহিনীৰ সৈতে জড়িত।
-
হেলেন এলিংহাম
হেলেন এলিংহাম আৰ ডব্লিউ এছ(Royal Watercolour Society), (Helen Allingham), যাৰ জন্ম: ২৬ ছেপ্টেম্বৰ ১৮৪৮, নাম পেটাৰছন আৰু মৃত্যু: ২৮ ছেপ্টেম্বৰ ১৯২৬; আছিল ভিক্টোৰিয়ান যুগৰ এজন ব্ৰিটিছ ৱাটাৰকালাৰ বিশেষজ্ঞ আৰু চিত্ৰকৰ।
-
হেৰিছ জং
হেৰিছ জং, পেছাদাৰীভাৱে হেৰিছ জে বুলি জনাজাত, এজন ব্ৰিটিছ গায়ক যাক ২০১৩ চনত এৱেকেনিং মিউজিকৰ সৈতে স্বাক্ষৰ কৰা হৈছিল। তেওঁ লণ্ডনৰ ব্ৰিট স্কুল অফ প্ৰদৰ্শন কলাৰ স্নাতক। ২০১৭ চনত তেওঁ ছালাম আলাইকুম: "এ মেচেজ অফ পিচ" নামৰ এখন শশু গ্ৰন্থ প্ৰকাশ কৰিছিল।
-
হেৰিট কেৰ
হেৰিট ৰবাৰ্টা কেৰ (১৮৫৯–১৯৪০) এগৰাকী ব্ৰিটিছ ভোটাধিকাৰী আৰু মহিলা সামাজিক আৰু ৰাজনৈতিক সংঘ (WSPU)-ৰ কাৰ্যালয় পৰিচালক আছিল।