মিলি ববি ব্ৰাউন (Millie Bobby Brown; জন্ম: ১৯ ফেব্ৰুৱাৰী ২০০৪) হৈছে এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু মডেল।১২ মিলিয়ে নেটফ্লিক্সৰ বিজ্ঞান-কল্পকাহিনী ড্ৰামা-ছিৰিজ ষ্ট্ৰেঞ্জাৰ থিংছ (২০১৬–বৰ্তমান)ত এলেভেন চৰিত্ৰটো ৰূপায়ণ কৰি স্বীকৃতি লাভ কৰে। এই অভিনয়ৰ বাবে অভিনেত্ৰীগৰাকীয়ে অসামান্য সহযোগী অভিনেত্ৰী-ড্ৰামা ছিৰিজ শিতানত দুটাকৈ প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰে; আৰু ড্ৰামা ছিৰিজত অসাধাৰণ অভিনয়-প্ৰদৰ্শন কৰা মহিলাৰ শিতানত দুটাকৈ স্ক্ৰীন গীল্ড বঁটাৰ মনোনয়নৰ গৰাকী হয়। উক্ত মনোনয়ন লাভ কৰা তেঁৱেই হৈছে কনিষ্ঠতম অভিনেত্ৰী। ৩ ২০১৮ চনত ব্ৰাউনক টাইমে যুগুতোৱা বিশ্বৰ প্ৰভাৱশালী ১০০ লোকৰ তালিকাত অন্তৰ্ভুক্ত কৰে।৪ ২০১৮ বৰ্ষতে মিলিক ইউনিচেফৰ সদিচ্ছা ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়। এই পদৰ বাবে নিৰ্বাচিত হোৱা তেঁৱেই কনিষ্ঠতম ব্যক্তি।৫
মিলি ববি ব্ৰাউনে গডজিলা: কিং অৱ দ্য মনষ্টাৰছ (২০১৯)ত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। একেটা চৰিত্ৰতে তেওঁক গডজিলা বনাম কং (২০২১)তো দেখা যায়। নেটফ্লিক্সৰ ৰহস্যধৰ্মী ছবি এন’লা হোমছ (২০২০)তো মিলিয়ে অভিনয় কৰিছিল। ছবিখনৰ প্ৰযোজনাৰ দিশটোও তেওঁ চম্ভালিছিল।
প্ৰাৰম্ভিক জীৱন
ব্ৰাউনৰ জন্ম হৈছিল ৬২০০৪ চনৰ ১৯ ফেব্ৰুৱাৰীত স্পেইনৰ মাৰ্বেলাত ৭ ইংৰাজ পিতৃ-মাতৃ কেলি আৰু ৰবাৰ্ট ব্ৰাউনৰ চাৰিটা সন্তানৰ ভিতৰত মিলি তৃতীয়গৰাকী।[8] জন্মতে মিলিৰ এখন কাণৰ আংশিক শ্ৰৱণ ক্ষমতা হেৰাইছিল, আৰু পৰৱৰ্তী সময়ত তেওঁ কাণৰ সম্পূৰ্ণ শ্ৰৱণ ক্ষমতা হেৰুৱাই পেলাইছিল।৮ চাৰি বছৰ বয়সত তেওঁ পৰিয়ালৰ সৈতে ইংলেণ্ডলৈ উভতি যায় আৰু বোৰ্ণমাউথত থাকে। আঠ বছৰ বয়সত তেওঁলোকৰ পৰিয়ালটো ফ্ল'ৰিডাৰ অৰলেণ্ডোলৈ গুচি যায়।৯
কেৰিয়াৰ
২০১৩-২০১৭
ৱান্স আপন এ টাইমৰ স্পিন অফ ড্ৰামা ছিৰিজ (এবিচি ফেণ্টাচিৰ) ৱান্স আপন এ টাইম ইন ৱণ্ডাৰলেণ্ডত অতিথি শিল্পী হিচাপে অভিনয়ৰ জগতত মিলিয়ে আত্মপ্ৰকাশ কৰে। তেওঁ কিশোৰী এলিচৰ চৰিত্ৰটি ৰূপায়ণ কৰে। ২০১৪ চনত তেওঁ বিবিচি আমেৰিকাৰ পেৰানৰ্মেল ড্ৰামা-থ্ৰিলাৰ ছিৰিজ ইনট্ৰুডাৰ্ছ এছ মেডিচন অ'ডনেলৰ চৰিত্ৰত অভিনয় কৰিছিল।১০ তেওঁ চিবিএছৰ আৰক্ষীৰ প্ৰক্ৰিয়াগত ড্ৰামা এনচিআইএছ, এবিচিৰ চিটকম মডাৰ্ণ ফেমিলি আৰু এবিচিৰ চিকিৎসা ড্ৰামা ছিৰিজ গ্ৰেজ এনাটমীত অতিথি শিল্পী হিচাপে অভিনয় কৰে।১১১২
২০১৬ চনত ব্ৰাউনক নেটফ্লিক্সৰ কল্পবিজ্ঞান হৰৰ ছিৰিজ ষ্ট্ৰেঞ্জাৰ থিংছত এলেভেনৰ চৰিত্ৰত অভিনয় কৰিবলৈ নিৰ্বাচিত কৰা হয়।১৩ বিশেষ চৰিত্ৰটিত অভিনয়ৰ জৰিয়তে তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰে১৪ লগতে ড্ৰামা ছিৰিজত এগৰাকী মহিলা অভিনেত্ৰীৰ দ্বাৰা অসাধাৰণ অভিনয়ৰ শিতানত স্ক্ৰীণ এক্টৰছ গিল্ড বঁটা আৰু ড্ৰামা-ছিৰিজত অসাধাৰণ সহযোগী অভিনেত্ৰীৰ বাবে প্ৰাইমটাইম এমি বঁটাৰ বাবে মনোনীত হয়। ইয়াৰ পিছত তেওঁ সহ অভিনেতাসকলৰ সৈতে এন্সেম্বল ইন এ ড্ৰামা ছিৰিজৰ অসাধাৰণ অভিনয়ৰ বাবে স্ক্ৰীণ এক্টাৰ্ছ গিল্ড বঁটা লাভ কৰে১৫ আৰু টেলিভিছন ছিৰিজত এগৰাকী কনিষ্ঠ অভিনেতাৰ শ্ৰেষ্ঠ অভিনয়ৰ বাবে ৪৩ সংখ্যক চেটাৰ্ণ বঁটা লাভ কৰে।১৬ ষ্ট্ৰেঞ্জাৰ থিংছৰ দ্বিতীয় ছিজনত এলেভেনৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ ২০১৮ চনত স্ক্ৰীণ এক্টাৰ্ছ গিল্ড বঁটা আৰু প্ৰাইমটাইম এমি বঁটাৰ বাবে দ্বিতীয়বাৰৰ বাবে মনোনয়ন লাভ কৰে।১৭
২০১৬ চনৰ নৱেম্বৰ মাহত ব্ৰাউনে চিগমা আৰু বাৰ্ডিৰ একক গীত "ফাইণ্ড মি"ৰ মিউজিক ভিডিঅ'ত অভিনয় কৰে। ২০১৬ চনৰ নৱেম্বৰৰ পৰা তেওঁ চিটিগ্ৰুপৰ বাণিজ্যিক বিজ্ঞাপনত দেখা দিয়ে।[19] ২০১৭ চনৰ জানুৱাৰী মাহত তেওঁ কেলভিন ক্লেইনৰ "বাই এপইণ্টমেণ্ট" অভিযানত মডেলিঙৰ আত্মপ্ৰকাশ কৰে।[20] পিছৰ মাহত তেওঁক আইএমজি মডেলছ নামৰ সংস্থাটোৰ সৈতে চুক্তিবদ্ধ কৰা হয়।[21] ২০১৮ চনৰ গ্ৰীষ্মকালত ইটালীৰ ব্ৰেণ্ড মনক্লাৰৰ প্ৰচাৰ অভিযানত ব্ৰাউনে অভিনয় কৰিছিল।১৮
২০১৮–2021

২০১৮ চনৰ জানুৱাৰী মাহত ব্ৰাউনক দ্য এন'লা হোমছ মিষ্ট্ৰীজৰ চলচ্চিত্ৰ অভিযোজনাত অভিনয় আৰু প্ৰযোজনা কৰিবলৈ নিৰ্বাচিত কৰা হয়।১৯ ডেৰেন এৰ'নফস্কিৰ ভাৰ্চুৱেল ৰিয়েলিটি অভিজ্ঞতা স্ফিয়াৰছ: ছংছ অৱ স্পেচটাইমত কণ্ঠদান কৰিবলৈও তেওঁক নিৰ্বাচিত কৰা হৈছিল।২০ ২০১৮ চনৰ ২০ এপ্ৰিলত টাইম আলোচনীয়ে বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম হিচাপে মিলিক নিৰ্বাচিত কৰে আৰু এই তালিকাত অন্তৰ্ভুক্ত হোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে মিলি পৰিগণিত হয়।২১২২ইয়াৰ উপৰি টাইম আলোচনীয়ে তেওঁক ২০১৭ আৰু ২০১৮ চনৰ অন্যতম প্ৰভাৱশালী কিশোৰী হিচাপে নিৰ্বাচিত কৰে।২৩ ২০১৮ চনৰ ২০ নৱেম্বৰত ঘোষণা কৰা হয় যে তেওঁ ইউনিচেফৰ সদিচ্ছা ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি পোৱা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হৈছে। .২৪ ২০১৮ চনৰ নৱেম্বৰ মাহত ইএ গেমছে ঘোষণা কৰে যে ব্ৰাউনে দ্য চিমছ ৪ প্ৰগ্ৰেমাৰৰ সৈতে সহযোগিতা কৰি চিমছ ৪ পজিটিভিটি চেলেঞ্জত অংশগ্ৰহণ কৰে।২৫ ২০১৮ চনত দ্য হলিউড ৰিপ'ৰ্টাৰে ব্ৰাউনক আঠাইশ বছৰৰ তলৰ হলিউডৰ শীৰ্ষ ত্ৰিশগৰাকী তাৰকাৰ ভিতৰত স্থান দিয়ে।২৬
ব্ৰাউনে ২০১৯ চনত মুক্তিপ্ৰাপ্ত গডজিলা: কিং অৱ দ্য মনষ্টাৰছ ছবিৰ জৰিয়তে মূলসুঁতিৰ হলিউডৰ ছবিত আত্মপ্ৰকাশ কৰে।২৭পৰৱৰ্তী ছিকুৱেল গডজিলা বনাম কং (২০২১)তো তেওঁ পুনৰ অভিনয় কৰে।২৮ ২০১৯ চনৰ মাৰ্চ মাহত তেওঁ ইউএফএৰ টুগেদাৰ #WePlayStrong অভিযানৰ ৰাষ্ট্ৰদূত হয়।২৯ সেই মাহতে ঘোষণা কৰা হৈছিল যে ব্ৰাউনে আলী বেঞ্জামিনৰ দ্য থিং এবাউট জেলিফিছৰ চলচ্চিত্ৰ অভিযোজনত চুজিৰ চৰিত্ৰত অভিনয় কৰিব।৩০ ২০১৯ চনত ব্ৰাউনে নিজৰ বিউটি প্ৰডাক্ট লাইন ফ্ল’ৰেন্স বাই মিলছ মুকলি কৰে। ইয়াক ব্ৰিটেইনৰ ফাৰ্মাচী বুটছত উপলব্ধ,৩১৩২৩৩ আৰু শেহতীয়াকৈ কানাডাত শ্বপাৰ্ছ ড্ৰাগ মাৰ্টৰ জৰিয়তে উপলব্ধ কৰা হৈছে।৩৪
২০২০ চনৰ ২৮ জুলাইত ঘোষণা কৰা হয় যে তেওঁ তেওঁৰ পিচিএমএ প্ৰডাকচনৰ জৰিয়তে টেছ শ্বাৰপৰ একে নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত দ্য গাৰ্লছ আই হেভ বিন নামৰ এখন ছাচপেন্সধৰ্মী ছবিত অভিনয়ৰ লগতে প্ৰযোজনা কৰিব।৩৫ ডেন মেজ'ৰ চিত্ৰনাট্যৰ ওপৰত আধাৰিত স্পেনিছ চলচ্চিত্ৰ নিৰ্মাতা জুয়ান কাৰ্লোছ ফ্ৰেছনাডিলোৰ পৰিচালনাত ব্ৰাউনে নেটফ্লিক্সৰ বাবে ডেমচেল নামৰ ফেণ্টাচি ছবিখনো অভিনয় কৰিব আৰু কাৰ্যবাহী প্ৰযোজকৰ ভূমিকা পালন কৰিব।৩৬ ২০২০ চনৰ ডিচেম্বৰ মাহত ঘোষণা কৰা হৈছিল যে ৰুছ' ভাতৃদ্বয়ে চাইমন ষ্টেলেনহাগৰ গ্ৰাফিক উপন্যাস দ্য ইলেক্ট্ৰিক ষ্টেট ফৰ ইউনিভাৰ্চেল পিকচাৰ্ছৰ অভিযোজনা পৰিচালনা কৰিব য'ত ব্ৰাউনে মুখ্য চৰিত্ৰত অভিনয় কৰিব।৩৭ সেই ডিচেম্বৰ মাহত ৰিপৰ্ট কৰা হৈছিল যে নেটফ্লিক্সে তাইক একাধিক প্ৰজেক্ট অন্তৰ্ভুক্ত কৰা এটা ফাৰ্ষ্ট লুক চুক্তি আগবঢ়াইছিল।৩৮ ২০২১ চনৰ ১৩ মে'ত ঘোষণা কৰা হয় যে তেওঁ এন'লা হোমছ ২ৰ ছিকুৱেলত ইনোলা হোমছৰ চৰিত্ৰত পুনৰ অভিনয় কৰিব।৩৯
ব্যক্তিগত জীৱন
ব্ৰাউনে আমেৰিকান গায়ক জেকব ছাৰ্টৰিয়াছৰ সৈতে সাত মাহ ধৰি ৰোমাণ্টিক সম্পৰ্ক বৰ্তাই ৰাখি ২০১৮ চনৰ জুলাই মাহত বিচ্ছেদ ঘটায়।৪০৪১ ২০২১ চনলৈকে তেওঁ ৰক ষ্টাৰজন বন জোভিৰ পুত্ৰ অভিনেতা জেক বংগিঅ'ভিৰ সৈতে সম্পৰ্ক স্থাপন কৰিছিল।৪২ ষ্ট্ৰেঞ্জাৰ থিংছত অভিনয় কৰাৰ পিছৰে পৰা মিলিয়ে তেওঁৰ সতীৰ্থ সহ অভিনেতা নোৱাহ শ্নেপ্পৰ সৈতে গাঢ় বন্ধুত্ব বৰ্তাই ৰাখিছে।
বঁটা আৰু মনোনয়ন
| + মূল সংস্থা | |||||
| বৰ্ষ | সংস্থা | শিতান | কৰ্ম | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১৭ | Primetime Emmy Awards | Outstanding Supporting Actress in a Drama Series | ষ্ট্ৰেঞ্জাৰ থিংছ | ৪৩ | |
| Screen Actors Guild Awards | Outstanding Performance by a Female Actor in a Drama Series | ৪৪ | |||
| Outstanding Performance by an Ensemble in a Drama Series | |||||
| ২০১৮ | Primetime Emmy Awards | Outstanding Supporting Actress in a Drama Series | ৪৫ | ||
| Screen Actors Guild Awards | Outstanding Performance by a Female Actor in a Drama Series | ৪৬ | |||
| Outstanding Performance by an Ensemble in a Drama Series | |||||
| ২০২০ | Screen Actors Guild Awards | Outstanding Performance by an Ensemble in a Drama Series | ৪৭ |
| + Miscellaneous awards | |||||
| বৰ্ষ | সংস্থা | শিতান | কৰ্ম | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১৭ | NME Awards | বৰ্ষটোৰ নায়ক | ৪৮ | ||
| Fangoria Chainsaw Awards | Best TV Actress | ষ্ট্ৰেঞ্জাৰ থিংছ | ৪৯ | ||
| Gold Derby | Drama Supporting Actress | ৫০ | |||
| Breakthrough Performer of the Year | |||||
| IGN People's Choice Award | Best Dramatic TV Performance | ৫১ | |||
| MTV Movie & TV Awards | Best Performance in a Show | ৫২ | |||
| Best Hero | ৫২ | ||||
| Online Film & Television Association | Best Supporting Actress in a Drama Series | ৫৩ | |||
| People's Choice Awards | Favorite Sci-Fi/Fantasy TV Actress | ৫৪ | |||
| Saturn Awards | Best Younger Actor in a Television Series | ১৬ | |||
| Teen Choice Awards | Choice Breakout TV Star | ৫৫ | |||
| Young Artist Awards | Best Performance in a Digital TV Series or Film – Young Actress | ৫৬ | |||
| ২০১৮ | Empire Awards | Best Actress in a TV Series | ৫৭ | ||
| Gold Derby | Best Drama Supporting Actress | ৫৮ | |||
| Kids' Choice Awards | Favorite TV Actress | ৫৯ | |||
| MTV Movie & TV Awards | Best Performance in a Show | ৬০ | |||
| Best Kiss (with Finn Wolfhard) | |||||
| Online Film & Television Association | Best Supporting Actress in a Drama Series | ৬১ | |||
| Saturn Awards | Best Younger Actor in a Television Series | ৬২ | |||
| Teen Choice Awards | Choice Sci-Fi/Fantasy TV Actress | ৬৩ | |||
| Choice TV Ship (with Finn Wolfhard) | ৬৪ | ||||
| ২০১৯ | Kids' Choice Awards | Favorite TV Actress | ৬৫ | ||
| Teen Choice Awards | Choice Summer TV Star: Female | ৬৬ | |||
| Saturn Awards | Best Performance by a Younger Actor | গডজিলা: কিং অৱ মনষ্টাৰছ্ | ৬৭৬৮ | ||
| 2020 | Kids' Choice Awards | Favorite Female TV Star | ষ্ট্ৰেঞ্জাৰ থিংছ | ||
| ২০২১ | Kids' Choice Awards | ৬৯ | |||
| Favorite Movie Actress | এনোলা হোমছ | ||||
| Las Vegas Film Critics Society | Youth in Film - Female | ৭০ | |||
| London Film Critics' Circle | Young British/Irish Performer of the Year | ৭১ | |||
| Online Film & Television Association | Best Youth Performance | ৭২ | |||
| Seattle Film Critics Society | Best Youth Performance | ৭৩ | |||
| Washington D.C. Area Film Critics Association | Best Youth Performance | ৭৪ |
তথ্যসূত্ৰ
- ↑ Lutkin, Aimée. (2022-02-20). Millie Bobby Brown and Boyfriend Jake Bongiovi Celebrate Her 18th Birthday as Barbie and Ken. ELLE
- ↑ Millie Bobby Brown, Finn Wolfhard & Noah Schnapp Answer the Web's Most Searched Questions. YouTube
- ↑ Travers, Ben. (19 July 2016). Meet 'Stranger Things' Breakout Millie Bobby Brown, aka Lucky Number Eleven. IndieWire
- ↑ Millie Bobby Brown: The World's 100 Most Influential People. Time
- ↑ (15 May 2019). National ambassadors. UNICEF
- ↑ Sedano, Jon; de los Ríos, Ángel. (15 November 2017). Los orígenes marbellíes de Millie Bobby Brown, la joven estrella de 'Stranger Things' / The Marbella origins of Millie Bobby Brown, the young star of 'Stranger Things'. Diario Sur. Vocento
- ↑ Kit, Borys; Belloni, Matthew. (4 October 2016). 'Stranger Things' Star's Father Demands Cash From Agents to Represent Her (Exclusive). The Hollywood Reporter
- ↑ Birnbaum, Debra. (31 October 2017). How 'Stranger Things' Star Millie Bobby Brown Made Eleven 'Iconic' and Catapulted Into Pop Culture. Variety
- ↑ Miller, Gregory E. (15 September 2017). At 13, 'Stranger Things' star Millie Bobby Brown is an icon in the making. New York Post
- ↑ (24 February 2014). John Simm and Mira Sorvino Start Filming BBC AMERICA's Intruders as James Frain, Tory Kittles, and Millie Brown Join Cast. BBC Worldwide
- ↑ (2021-03-27). Awesome Millie Bobby Brown Roles That'll Get You Hyped for 'Godzilla Vs Kong'. Movieweb
- ↑ (2021-03-28). How Millie Bobby Brown used her superpowers. the Guardian
- ↑ Andreeva, Nellie. (20 August 2016). Duffer Bros. Netflix Supernatural Drama Series Sets Young Cast, Gets Title. Deadline Hollywood
- ↑ Millie Bobby Brown. The Academy of Television Arts & Sciences (ATAS) Nolfi, Joey. (8 May 2017). Millie Bobby Brown mocks her MTV Movie & TV Awards breakdown in adorable video. EW.com Ziss, Sophy. (19 April 2018). Millie Bobby Brown Is 2018's Youngest 'TIME' 100 Honoree & She More Than Earned Her Spot. Bustle
- ↑ Lincoln, Ross A. (4 November 2016). 'Stranger Things' Season 2 Cast Photo Reveals Who Returns From The Upside Down. Deadline Hollywood
- ↑ Latchem, John. (29 June 2017). Star Wars among top winners 43rd Saturn Awards. Homemedia magazine
- ↑ (12 July 2018). Emmy Nominations: The Complete List. Variety
- ↑ (2 July 2018). Moncler Taps Millie Bobby Brown for Next Ad Campaign. WWD
- ↑ (9 January 2018). 'Stranger Things' Millie Bobby Brown In Legendary Film Deal To Produce & Star In Enola Holmes Mysteries. Deadline Hollywood
- ↑ Keslassy, Elsa. (16 August 2018). 'Stranger Things' Star Millie Bobby Brown to Narrate Darren Aronofsky's 'Spheres'. Variety
- ↑ (3 November 2017). The 30 Most Influential Teens of 2017. Time
- ↑ (7 December 2018). TIME's 25 Most Influential Teens of 2018. Time
- ↑ Kirkpatrick, Emily. (13 February 2017). Millie Bobby Brown Officially Signs with a Major Modeling Agency. People
- ↑ Millie Bobby Brown: 'I've been bullied: that inspires me'. BBC News
- ↑ (13 November 2018). Introducing The Sims 4 Positivity Challenge with Millie Bobby Brown
- ↑ (8 August 2018). Hollywood's Top 30 Stars Under Age 18. The Hollywood Reporter
- ↑ Kit, Borys. (27 January 2017). 'Stranger Things' Breakout Millie Bobby Brown Set to Star in 'Godzilla' Sequel (Exclusive). The Hollywood Reporter
- ↑ Caron, Nathalie. (2 June 2018). GODZILLA VS. KONG CASTS DEADPOOL 2 STAR JULIAN DENNISON. IGN
- ↑ (26 March 2019). Millie Bobby Brown signs up for Together #WePlayStrong. UEFA.com
- ↑ (14 March 2019). Millie Bobby Brown, Filmmaker Wanuri Kahiu Tackling 'The Thing About Jellyfish' for Universal (Exclusive). The Hollywood Reporter
- ↑ Cannon, Sophie. (24 May 2021). Millie Bobby Brown debuts new positivity-focused eye makeup. New York Post
- ↑ Chan, Emily. (21 August 2019). Why is Millie Bobby Brown's new beauty brand one of the most powerful in the world?. Vogue Paris
- ↑ Skvaril, Celia. We tested out hyped products from Millie Bobby Brown's beauty line. Business Insider
- ↑ (2021-09-03). Millie Bobby Brown's Beauty Line Is Now Available in Canada. The Kit
- ↑ Kroll, Justin. (28 July 2020). Millie Bobby Brown To Star And Produce Netflix's Adaptation of 'The Girls I've Been'; Jason Bateman's Aggregate Films Also Producing. Deadline
- ↑ D'Alessandro, Anthony. (11 November 2020). Millie Bobby Brown To Star In & Executive Produce Netflix Fantasy Movie 'Damsel'. Deadline
- ↑ McNary, Dave. (18 December 2020). Millie Bobby Brown to Star in the Russo Brothers' Sci-Fi Film 'The Electric State'. Variety
- ↑ Campbell, Scott. (6 December 2020). Netflix Reportedly Offering Millie Bobby Brown A Big First Look Deal. We Got This Covered
- ↑ Campbell, Scott. (6 December 2020). 'Enola Holmes' Sequel A Go At Netflix With Millie Bobby Brown And Henry Cavill Set To Return. Deadline
- ↑ Milan, Aidan. (May 27, 2022). Millie Bobby Brown relationship history – from Jacob Sartorius to Jake Bongiovi. Metro
- ↑ Olson, Samantha. (February 26, 2021). So, Millie Bobby Brown Just Commented on Ex Jacob Sartorius' Instagram. Seventeen
- ↑ (2022-05-23). Millie Bobby Brown, BF Jake Bongiovi Are Official! Relationship Details. Life & Style
- ↑ (13 July 2017). 2017 Emmy® Awards Nominations for Programs Airing June 1, 2016 – May 31, 2017. Academy of Television Arts & Sciences
- ↑ Nolfi, Joely. (14 December 2016). SAG Awards nominations 2017: See the full list. Entertainment Weekly
- ↑ (12 June 2018). Emmys Nominations List 2018 – Variety. Variety
- ↑ Gonzalez, Sandra. (13 December 2017). SAG Awards nominations 2018: The complete list. CNN
- ↑ Maglio, Tony. (December 11, 2019). SAG Awards 2020: The Complete List of Nominations. TheWrap
- ↑ Trendell, Andrew. (15 February 2017). Here's the full list of VO5 NME Awards winners 2017. NME
- ↑ (7 February 2017). Never mind Oscar, here's the 2017 FANGORIA Chainsaw Awards Nominees Ballot!. Fangoria
- ↑ Dixon, Daniel Montgomery,Chris Beachum,Marcus James. (7 September 2017). 2017 Gold Derby TV Awards winners: 'Big Little Lies' and 'SNL' sweep, while 'Stranger Things' takes Best Drama. Gold Derby
- ↑ (2017). Best of 2017. IGN
- ↑ (6 April 2017). Get Out Leads the Nominations for MTV's First Ever Movie & TV Awards. People
- ↑ 21st Annual TV Awards (2016-17). Online Film & Television Associations
- ↑ Hipes, Patrick. (15 November 2016). People's Choice Awards Nominees Set. Deadline Hollywood
- ↑ (14 August 2017). Teen Choice Awards 2017 Winners: The Complete List
- ↑ 38th Annual Awards. Young Artist Association
- ↑ Travis, Ben. (18 January 2018). Star Wars The Last Jedi and Thor Ragnarok Lead Empire Awards 2018 Nominations. Empire
- ↑ Montgomery, Daniel; Beachum, Chris; Dixon, Marcus James. (6 September 2018). 2018 Gold Derby TV Awards winners: 'Versace' and 'Handmaid's Tale' are top winners, but 'Game of Thrones' takes Best Drama. Gold Derby
- ↑ Pedersen, Erik. (26 February 2018). Nickelodeon Unveils 2018 Kids' Choice Awards Nominations. Deadline Hollywood
- ↑ Nordyke, Kimberly. (3 May 2018). MTV Movie & TV Awards: 'Black Panther,' 'Stranger Things' Top Nominations. The Hollywood Reporter
- ↑ 22nd Annual TV Awards (2017-18). Online Film & Television Associations
- ↑ McNary, Dave. (15 March 2018). 'Black Panther,' 'Walking Dead' Rule Saturn Awards Nominations. Variety
- ↑ Mathews, Liam. (13 June 2018). 2018 Teen Choice Awards Nominees. TV Guide
- ↑ (12 August 2018). Teen Choice Awards 2018 Winners: The Complete List. Enews
- ↑ Nordyke, Kimberly; Forstadt, Jillian. (23 March 2019). Kids' Choice Awards: Full List of Winners. The Hollywood Reporter
- ↑ Swift, Andy. (8 July 2019). Teen Choice Awards: Stranger Things Leads Final Wave of 2019 Nominations. TVLine
- ↑ Anderton, Ethan. (16 July 2019). 45th Saturn Awards Nominations: 'Avengers: Endgame' Leads with 14 Nods, 'Game of Thrones' Tops TV Category. /Film
- ↑ Mancuso, Vinnie. (15 July 2019). 'Avengers: Endgame', 'Game of Thrones' Lead the 2019 Saturn Awards Nominations. Collider
- ↑ Nordyke, Kimberly. (2 February 2021). Kids' Choice Awards Unveils Nominees, Taps Kenan Thompson to Host. The Hollywood Reporter
- ↑ Neglia, Matt. (March 5, 2021). The 2020 Las Vegas Film Critics Society (LVFCS) Winners. NextBestPicture
- ↑ Neglia, Matt. (January 12, 2021). The 2020 London Film Critics Circle (LFCC) Nominations. NextBestPicture
- ↑ 25th Annual Film Awards (2020). Online Film & Television Associations
- ↑ (February 8, 2021). "Minari" Leads the 2020 Seattle Film Critics Society Nominations. Seattle Film Critics Society
- ↑ (2021-02-08). The 2020 WAFCA Awards. The Washington DC Area Film Critics Association
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিলি ববি ব্ৰাউন” প্ৰবন্ধৰ সংশোধন ৫৯৬৫৮৫ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।