ভাৰত চৰকাৰৰ মন্ত্ৰী
২৫ প্ৰবন্ধ
-
সৰ্বানন্দ সোণোৱাল
সৰ্বানন্দ সোণোৱাল অসমৰ এগৰাকী উল্লেখযোগ্য ৰাজনীতিবিদ, যিয়ে ২০১৬–২০২১ চনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। ছাত্ৰ আন্দোলনৰ নেতৃত্বৰ পৰা আৰম্ভ কৰি লোকসভা আৰু বিধানসভাৰ সংসদীয় ৰাজনীতিলৈকে তেখেতৰ ৰাজনৈতিক জীৱন বিস্তৃত আৰু বহুমাত্ৰিক।
-
অমিত শ্বাহ
অমিত অনিলচন্দ্ৰ শ্বাহ (জন্ম ২২ অক্টোবৰ ১৯৬৪) ভাৰতৰ ৰাজনৈতিক নেতা আৰু ভাৰতৰ বৰ্তমান গৃহমন্ত্ৰী। তেওঁ ২০১৪ চনৰপৰা ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰত তেওঁ গান্ধীনগৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।
-
ৰাজনাথ সিং
ৰাজনাথ সিং (Rajnath Singh; জন্ম ১০ জুলাই ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ভাৰতৰ ৰক্ষামন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ইয়াৰ আগতে তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভাত কৃষিমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল।
-
অৰুণ জেটলী
অৰুণ জেটলী (২৮ ডিচেম্বৰ ১৯৫২ – ২৪ আগষ্ট ২০১৯) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ আছিল। তেওঁ ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰী আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
সুষমা স্বৰাজ
সুষমা স্বৰাজ (১৪ ফেব্ৰুৱাৰী, ১৯৫২ – ৬ আগষ্ট, ২০১৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ অধিবক্তা আছিল। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী স্বৰাজে আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে ২০১৮ চনৰ ২৬ মে'ৰ পৰা ২০১৯ চনৰ ৩০ মে'লৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
-
জৰ্জ ফাৰ্নাণ্ডেজ
জৰ্জ মেথিউ ফাৰ্নাণ্ডেজ (George Mathew Fernandes) (৩ জুন ১৯৩০ – ২৯ জানুৱাৰী ২০১৯) এজন ভাৰতীয় শ্ৰমিক সঙ্ঘৰ সদস্য, ৰাজনীতিবিদ, সাংবাদিক, কৃষিবিদ, আৰু বিহাৰৰ পৰা ৰাজ্য সভাৰ সদস্য আছিল। তেখেত জনতা দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য আছিল আৰু সমতা দলৰ প্ৰতিষ্ঠাপক আছিল।
-
স্মৃতি ইৰানী
স্মৃতি জুবিন ইৰানী (Smriti Zubin Irani; জন্মৰ নাম: স্মৃতি মলহোত্ৰা; জন্ম ২৩ মাৰ্চ ১৯৭৬) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী তথা পূৰ্বৰ মডেল, টেলিভিছন অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ গুজৰাট ৰাজ্যৰ পৰা ৰাজ্যসভাৰ সাংসদ। তেওঁৰ ভাৰত চৰকাৰৰ বৰ্তমান বস্ত্ৰমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে।
-
কিৰেণ ৰিজিজু
কিৰেণ ৰিজিজু (Kiren Rijiju; জন্ম: ১৯ নৱেম্বৰ ১৯৭১) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু অধিবক্তা। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। তেওঁ লোকসভাত পশ্চিম অৰুণাচল লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ প্ৰথম মোদী কেবিনেটত গৃহ ৰাজ্যিক মন্ত্ৰী আছিল। তেওঁ দ্বিতীয় মোদী কেবিনেটতো স্থান লাভ কৰে।
-
চিদাম্বৰম সুব্ৰমনিয়াম
চিদাম্বৰম সুব্ৰমনিয়াম (Chidambaram Subramaniam; ৩০ জানুৱাৰী ১৯১০ – ৭ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ কেন্দ্ৰীয় চৰকাৰত কৃষি, বিত্ত আৰু ৰক্ষা মন্ত্ৰণালয়ৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহন কৰিছিল। পিছলৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল।
-
ৰাজকুমাৰী অমৃত কৌৰ
ৰাজকুমাৰী বিবিজী অমৃত কৌৰ (২ ফেব্ৰুৱাৰী ১৮৮৯ – ৬ ফেব্ৰুৱাৰী ১৯৬৪) ভাৰতৰ প্ৰথম গৰাকী স্বাস্থ্যমন্ত্ৰী আছিল। ভাৰতৰ প্ৰথম কেবিনেটত স্থান লাভ কৰা ৰাজকুমাৰী অমৃত কৌৰ ১০ বছৰ কাল ভাৰতৰ স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ এগৰাকী প্ৰখ্যাত গান্ধীবাদী, স্বাধীনতা সংগ্ৰামী আৰু সমাজকৰ্মী আছিল।
-
বিজয় কৃষ্ণ সন্দিকৈ
বিজয় কৃষ্ণ সন্দিকৈ (১ ডিচেম্বৰ ১৯৩৪ – ২৬ জুলাই ২০১৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ পঞ্চদশ লোকসভাৰ সদস্য আছিল। তেওঁ লোকসভাত যোৰহাটক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ শক্তিশালী নেতা বিজয় কৃষ্ণ সন্দিকৈয়ে ১৯৯১ চনৰ পৰা ২০১৪ চনলৈ ছয়টা কাৰ্যকালৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল।
-
ৰাজ্যৱৰ্ধন সিং ৰাথোড়
ৰাজ্যৱৰ্ধন সিং ৰাথোড় (Rajyavardhan Singh Rathore; জন্ম: ২৯ জানুৱাৰী ১৯৭০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু পূৰ্বৰ অলিম্পিয়ান। তেওঁ জয়পুৰ গ্ৰাম্য লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সাংসদ। তেওঁ ২০১৯ চনৰ মে মাহৰলৈকে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আছিল।
-
ৰাম বিলাস পাছৱান
ৰাম বিলাস পাছৱান (Ram Vilas Paswan; ৫ জুলাই ১৯৪৬ – ৮ অক্টোবৰ ২০২০) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা। তেওঁ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী আছিল। ইয়াৰ লগতে তেওঁ লোক জনশক্তি পাৰ্টিৰ অধ্যক্ষ আৰু বিহাৰৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিল।
-
উমা ভাৰতী
উমা ভাৰতী (জন্ম ৩ মে ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু বৰ্তমান নৰেন্দ্ৰ মোদীৰ কেবিনেটত পেয়জল আৰু স্বচ্ছতা মন্ত্ৰী। তেওঁ কম বয়সৰ পৰায়ে ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত। তেওঁ ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈছিল। কিন্তু তেওঁ এই নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰিলে।
-
নাজমা হেপতুল্লা
নাজমা আকবৰ আলি হেপতুল্লা (નજમા હેપ્તુલા; জন্ম: ১৩ এপ্ৰিল ১৯৪০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান মণিপুৰৰ ৰাজ্যপাল। ইয়াৰ লগতে তেওঁ জামিয়া মিলিয়া ইছলামীয়াৰ আচাৰ্য পদত অধিষ্ঠিত হৈ আছে। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় উপাধ্যক্ষ।
-
নিৰ্মলা সীতাৰমন
নিৰ্মলা সীতাৰমন (Nirmala Sitharaman; জন্ম ১৮ আগষ্ট ১৯৫৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। তেওঁ ২০১৬ চনৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে। তেওঁ ইন্দিৰা গান্ধীৰ পিছত দ্বিতীয় গৰাকী মহিলা ৰক্ষা মন্ত্ৰী।
-
নীতিন গাডকাৰী
নীতিন জয়ৰাম গাডকাৰী (; জন্ম ২৭ মে' ১৯৫৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু উদ্যোগপতি। তেওঁ বৰ্তমান ভাৰতৰ পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী আৰু ক্ষুদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰী। তেওঁ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নাগপুৰ লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হৈছিল।
-
ৰামেশ্বৰ তেলী
ৰামেশ্বৰ তেলী (Rameswar Teli) এজন ভাৰতীয় ৰাজনৈতিক নেতা। তেওঁ ডিব্ৰুগড় জিলাৰ দুলীয়াজানত বাস কৰে। তেওঁ বৰ্তমান ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ। ২০১৪ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ টিকটত তেওঁ সাংসদ নিৰ্বাচিত হয়।
-
বুটা সিং
বুটা সিং (Buta Singh, ২১ মাৰ্চ ১৯৩৪ - ২ জানুৱাৰী ২০২১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আছিল। তেওঁ ভাৰত চৰকাৰৰ বিভিন্ন পদবী যেনে কেন্দ্ৰীয় গৃহমন্ত্ৰী, কৃষি মন্ত্ৰী, গ্ৰামোন্নয়ন মন্ত্ৰী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী, ক্ৰীড়া মন্ত্ৰী, যোগান, গ্ৰাহক পৰিক্ৰমা আৰু ৰাজহুৱা…
-
আগথা চাংমা
আগথা কঙ্গকাল চাংমা (জন্ম ২৪ জুলাই ১৯৮০) ভাৰতৰ পূৰ্বৰ সাংসদ সদস্য (এম.পি) আৰু ১৫ তম লোকসভাৰ সদস্য আছিল। ২০০৯ চনৰ সংসদীয় নিৰ্বাচনত জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ (এন.চি.পি) প্ৰাৰ্থী হিচাপে তেওঁ মেঘালয়ৰ তুৰা নিৰ্বাচন ক্ষেত্ৰক প্ৰতিনিধিত্ব কৰিছিল।
-
অম্বিকা সোনী
অম্বিকা সোনী (জন্ম ১৩ নৱেম্বৰ ১৯৪২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। মনমোহন সিঙৰ কেবিনেটত তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰী আৰু পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী আছিল। বৰ্তমান তেওঁ পঞ্জাব ৰাজ্যৰ পৰা ৰাজ্যসভালৈ সাংসদ।
-
সুব্ৰমনিয়ম জয়শংকৰ
সুব্ৰমনিয়ম জয়শংকৰ (Subrahmanyam Jaishankar; জন্ম ৯ জানুৱাৰী ১৯৫৫) এগৰাকী কূটনীতিবিদ আৰু বৰ্তমান ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী। ইয়াৰ আগতে তেওঁ ২০১৫ চনৰ পৰা ২০১৮ চনলৈ ভাৰতৰ বিদেশ সচিব পদত অধিষ্ঠিত আছিল। তেওঁ ১৯৭৭ চনত ভাৰতীয় বৈদেশিক সেৱাত অংশগ্ৰহণ কৰিছিল।
-
ৰাণী নৰহ
ৰাণী নৰহ (Ranee Narah, জন্ম-জাহানাৰা চৌধুৰী; ৩১ অক্টোবৰ ১৯৬৫) অসমৰ এগৰাকী ৰাজনীতিবিদ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য। তেওঁ ২০১৬ চনৰ পৰা ২০২২ চনলৈ ৰাজ্যসভাত অসমক সংসদ সদস্য হিচাপে প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ, আৰু পুনৰ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ তেওঁ লোকসভাত লখিমপুৰক প্ৰতিনিধিত্ব কৰিছিল।
-
ভাৰতী পাৱাৰ
ভাৰতী প্ৰবীণ পাৱাৰ (Bharati Pravin Pawar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ১১ জুনলৈ তেওঁ ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কৰ্মনিৰ্বাহ কৰিছে৷ পুনৰ ২০২৩ চনৰ ৭ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ ১১ জুনলৈ জনজাতি পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ…
-
হৰচিমৰত কৌৰ বাদল
হৰচিমৰত কৌৰ বাদল (জন্ম: ২৫ জুলাই ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ বৰ্তমান ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰী। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ ভাটিন্দা লোকসভা সমষ্টিৰ পৰা সংসদলৈ শিৰোমণি অকালি দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ শিৰোমণি অকালি দলৰ সদস্য।