অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰুণ জেটলী

অৰুণ জেটলী (২৮ ডিচেম্বৰ ১৯৫২ – ২৪ আগষ্ট ২০১৯) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ আছিল। তেওঁ ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰী আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২২ আগষ্ট ২০২২ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অৰুণ জেটলী (২৮ ডিচেম্বৰ ১৯৫২ – ২৪ আগষ্ট ২০১৯)১ এজন ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ আছিল। তেওঁ ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰী আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ভাৰতীয় জনতা পাৰ্টীৰ সদস্য জেটলীয়ে অটল বিহাৰী বাজপায়ী চৰকাৰৰ তৃতীয় মন্ত্ৰীসভা আৰু নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰথম মন্ত্ৰীসভাত বিত্ত, প্ৰতিৰক্ষা, কৰ্পোৰেট পৰিক্ৰমা, বাণিজ্য আৰু উদ্যোগ, আৰু আইন আৰু ন্যায় দপ্তৰৰ দায়িত্ব বহন কৰিছিল। ২০০৯ চনৰ পৰা ২০১৪ চনলৈকে তেওঁ ৰাজ্যসভাত বিপক্ষ দলৰ মুৰব্বীৰ দায়িত্ব পালন কৰিছিল।২৩ তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰবীণ আইনজ্ঞ আছিল।৪৫৬ স্বাস্থ্যজনিত কাৰণত তেওঁ ২০১৯ চনত মোদী কেবিনেটত অংশ লোৱা নাছিল।৭৮ ২০১৯ চনৰ ২৪ আষ্টত নতুন দিল্লীৰ এইম্‌ছত তেওঁৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ (24-08-2019). Arun Jaitley: Former India finance minister dies
  2. ↑ (30 January 2003). Arun Jaitley — A Profile. PIB Press Releases. Press Information Bureau
  3. ↑ Hall of Fame – Top 50. J. Sagar Associates
  4. ↑ Khandelwal, Avani. (10 July 2014). Who is Arun Jaitley: The rise of India's newest finance minister. Daily News and Analysis
  5. ↑ Arun Jaitley is no 'outsider' to Amritsar – Niticentral
  6. ↑ (26 May 2014). Arun Jaitley, the eyes and ears of Modi. The Indian Express
  7. ↑ (30 May 2019). Arun Jaitley opts out of new government for health reasons. The Economic Times
  8. ↑ (29 May 2019). Arun Jaitley writes letter to PM Modi, opts out of new Cabinet citing health reasons. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰত চৰকাৰৰ মন্ত্ৰীপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণ জেটলী” প্ৰবন্ধৰ সংশোধন ৩৩১১৭১ (২২ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।