অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিজয় কৃষ্ণ সন্দিকৈ

বিজয় কৃষ্ণ সন্দিকৈ (১ ডিচেম্বৰ ১৯৩৪ – ২৬ জুলাই ২০১৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ পঞ্চদশ লোকসভাৰ সদস্য আছিল। তেওঁ লোকসভাত যোৰহাটক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ শক্তিশালী নেতা বিজয় কৃষ্ণ সন্দিকৈয়ে ১৯৯১ চনৰ পৰা ২০১৪ চনলৈ ছয়টা কাৰ্যকালৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ৩২৯ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

বিজয় কৃষ্ণ সন্দিকৈ (১ ডিচেম্বৰ ১৯৩৪ – ২৬ জুলাই ২০১৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ পঞ্চদশ লোকসভাৰ সদস্য আছিল। তেওঁ লোকসভাত যোৰহাটক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ শক্তিশালী নেতা বিজয় কৃষ্ণ সন্দিকৈয়ে ১৯৯১ চনৰ পৰা ২০১৪ চনলৈ ছয়টা কাৰ্যকালৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ১৯৮০ চনৰ পৰা ১৯৮৬ চনলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে অসমক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ যোৰহাট বিধানসভা সমষ্টিৰ পৰা ১৯৭১ চনত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।১ পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ তেওঁৰ পিতৃ।

প্ৰাৰম্ভিক জীৱন

১ ডিচেম্বৰ ১৯৩৪ চনত বিজয় কৃষ্ণ সন্দিকৈৰ জন্ম হৈছিল। তেওঁৰ পিতৃ কৃষ্ণকান্ত সন্দিকৈ আৰু মাতৃ হেমলতা সন্দিকৈ। তেওঁ প্ৰাৰম্ভিক শিক্ষা যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ত গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ কলিকতাৰ প্ৰেচিডেন্সী কলেজত ইংৰাজী সাহিত্য অধ্যয়ন কৰে। পিছলৈ তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

অষ্টম শ্ৰেণীত থাকোঁতেই তেওঁ স্বাধীনতা সংগ্ৰামৰ সময়ত স্থানীয় ছাত্ৰ কংগ্ৰেছত যোগদান কৰিছিল। তেওঁ ১৯৪৫ চনৰ অসম প্ৰাদেশিক নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাইছিল।২ তেওঁ ১৯৬১ চনত যুৱ কংগ্ৰেছৰ সদস্যপদ লাভ কৰিছিল।২

হেমলতা সন্দিকৈ ইনষ্টিটিউট

১৯৬০ৰ দশকত তেওঁ উজনি অসমত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ অভাৱ অনুভৱ কৰি ১৯৬২ চনত উজনি অসমৰ প্ৰথম ইংৰাজী মাধ্যমৰ বিদ্যালয় হেমলতা সন্দিকৈ মেমৰীয়েল ইনষ্টিটিউট স্থাপন কৰিছিল।

কৰ্মজীৱন

তেওঁ ১৯৭১ চনত অসম বিধানসভালৈ যোৰহাট বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। তেওঁ ১৯৮০ চনৰ পৰা ১৯৮৬ চনলৈ ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰিছিল।৩ তাৰপিছত তেওঁ যোৰহাট লোকসভা সমষ্টিৰ পৰা ১৯৯১ চনৰ পৰা ২০১৪ চনলৈ দশম, একাদশ, দ্বাদশ, ত্ৰয়োদশ, চতুৰ্দশ আৰু পঞ্চদশ সাধাৰণ নিৰ্বাচনত জয়ী হৈ ছয়টা কাৰ্যকালৰ বাবে লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছিল। তেওঁ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙৰ প্ৰথম কেবিনেটত ভিন ভিন কাৰ্যকালৰ বাবে ৰক্ষা, সংসদীয় পৰিক্ৰমা, খনি আৰু ৰসায়ন আৰু সাৰ ৰাজ্যিক মন্ত্ৰী পদবী লাভ কৰিছিল। সেইদৰে তেওঁ মনমোহন সিঙৰ দ্বিতীয় কেবিনেটত খনি আৰু উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰীৰ দায়িত্বভাৰ লাভ কৰিছিল।

ব্যক্তিগত জীৱন

বিজয় কৃষ্ণ সন্দিকৈয়ে ১৯৬৫ চনত ৰাণী বৰগোহাঁইৰ লগত বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ তিনিগৰাকী কন্যা সন্তান আছে। অৱসৰৰ পিছত তেওঁ লেখা-মেলা আৰু পৰিৱেশবিদ হিচাপে কাম কৰিছিল। তেওঁ বন্যপ্ৰাণী সংৰক্ষণৰ লগত গভীৰভাৱে জড়িত।

মৃত্যু

২০১৫ চনৰ ২৬ জুলাই তাৰিখে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৮০ বছৰ বয়সত বিজয় কৃষ্ণ সন্দিকৈৰ মৃত্যু হয়।

বঁটা আৰু সন্মান

তেওঁ ২০০৬ চনত দুৰ্লভ চৰাইৰ সংৰক্ষণৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বেণু মোহন ৰাষ্ট্ৰীয় প্ৰাণী বঁটা সংৰক্ষণাত্মক নেতৃত্বৰ শিতানত লাভ কৰিছিল।

গ্ৰন্থৰাজি

তেওঁৰ ৩৫ বছৰ সাংসদ হিচাপে আগবঢ়োৱা তৰ্ক, বক্তৃতা আদি তিনিখন গ্ৰন্থত প্ৰকাশিত হৈছে।৪

  • এ লাইফ ইন পাৰ্লিয়ামেণ্ট: ভলিউম ১ (ৰাজ্য সভা ১৯৮০-১৯৮৬)
  • এ লাইফ ইন পাৰ্লিয়ামেণ্ট: ভলিউম ২ (লোকসভা ১৯৯১ - ২০০৪)
  • এ লাইফ ইন পাৰ্লিয়ামেণ্ট: ভলিউম ৩ (লোকসভা আৰু ৰাজ্যসভা ২০০৪ - ২০১৪)

তথ্যসূত্ৰ

  1. ↑ Former union minister BK Handique is dead. Zee News
  2. ↑ Conversation with B K Handique and others
  3. ↑ Lok Sabha. 47.132
  4. ↑ bkhandique.wordpress.com/ Handique's blog

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ ৰাজনীতিকভাৰত চৰকাৰৰ মন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয় কৃষ্ণ সন্দিকৈ” প্ৰবন্ধৰ সংশোধন ৪১২৩৭৮ (১৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।