ভাৰতৰ ভাষা
১২২ প্ৰবন্ধ
-
নহৰী ভাষা
নহৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ ছত্তীসগঢ় আৰু উৰিষ্যা ৰাজ্যত ঘাইকৈ ব্যৱহাৰ কৰা হয়। এই ভাষা এটি হলবিক উপগোটৰ ভাষা, যি অসমীয়া-বঙালী, ওড়িয়া আৰু বিহাৰীৰ লগতে পূৰ্বী ভাৰতীয়-আৰ্য ভাষাগোটৰ এটি ভাগ। এই ভাষা ২০০০ চনত প্ৰায় ২০০০০ লোকে কৈছিল।
-
নিমাড়ী ভাষা
নিমাড়ী হৈছে মধ্যপ্ৰদেশ ৰাজ্যৰ ভিতৰত পশ্চিম-মধ্য ভাৰতৰ নিমাৰ অঞ্চলত প্ৰচলিত পশ্চিম ভাৰত-আৰ্য্য ভাষা। এই অঞ্চলটো মহাৰাষ্ট্ৰৰ কাষতে আৰু মালৱাৰ দক্ষিণে অৱস্থিত। নিমাড়ী ভাষা কোৱা জিলাকেইখন হ'ল: বৰুৱানী, খাণ্ডৱা, বৰৱাহা, খাৰগোনে, বুঢ়ানপুৰ, সনাৱাদ আৰু ধৰ, হৰদা আৰু দেৱাছ জিলাৰ দক্ষিণৰ অধিকাংশ অঞ্চল।
-
পংগৱাড়ী
পংগৱাড়ী (টাকৰী লিপিত: 𑚞𑚫𑚌𑚦𑚭𑚪𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা মুখ্যতঃ উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যৰ চম্বা জিলাৰ পংগী অঞ্চলত ব্যৱহাৰ কৰা হয়। পংগৱাড়ীৰ নিজা লিপি টাকৰী, কিন্তু বৰ্তমানে অনেকে দেৱনাগৰী লিপিতো ভাষাটো লিখে।
-
পূব মৈথিলী
পূব মৈথিলী বা পূৰ্বী মৈথিলী হৈছে মৈথিলী ভাষাৰ এটা উপভাষা, যিটো প্ৰধানকৈ ভাৰতৰ মিথিলা অঞ্চলত কোৱা হয়। ইয়াক প্ৰধানকৈ ভাৰতৰ বিহাৰ ৰাজ্যৰ পূৰ্ণিয়া বিভাগত কোৱা হয়। ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই ভাষাৰ প্ৰায় ১১,১১৬ জন বক্তা আছে। ই ভাগলপুৰ আৰু দুমকা অঞ্চলত কোৱা অংগিকা ভাষাৰ সৈতে বহুত মিল আছে।
-
প্ৰাচীন মণিপুৰী ভাষা
প্ৰাচীন মণিপুৰী ভাষা বৰ্তমানৰ মণিপুৰী ভাষাৰ প্ৰাৰম্ভিক ৰূপ আছিল আৰু প্ৰাচীন মণিপুৰৰ ৰাষ্ট্ৰীয় ভাষা আছিল। ভাষাটো প্ৰাচীন মণিপুৰত সম্ৰাট "তাঙজা লিলা পাখঙবা"ৰ ৰাজত্বকালৰ খ্ৰীষ্টপূৰ্ব ১৪৪৫ চনৰ পৰা মধ্যযুগীয় মণিপুৰৰ আৰম্ভণিলৈকে কোৱা হৈছিল।
-
বাগড়ী ভাষা
বাগড়ী ভাষা (باگڑی/बागड़ी) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। ই হাৰিয়ানৱী, ৰাজস্থানী আৰু পাঞ্জাবীক সংযোগ কৰা ভাষা। এই ভাষাৰ নাম বাগড় অঞ্চলৰ পৰা অহা।
-
বুক্সা ভাষা
বুক্সা, বুক্সাৰী বা ভোক্সা এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ ৰাজ্যৰ বুক্সা লোকে মুখ্যতঃ ব্যৱহাৰ কৰে। ই অসমীয়া, বাঙালী, মৈথিলী, ভোজপুৰী আদি ভাষাৰ ভগ্নী ভাষা।
-
ভুঞ্জিয়া ভাষা (হলবিক)
ভুঞ্জিয়া এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ উৰিষ্যা আৰু ছত্তীসগঢ় ৰাজ্যত বসবাদ কৰা ভুঞ্জিয়া সম্প্ৰদায়ে ব্যৱহাৰ কৰে। এই ভাষা ২০০০ চনত প্ৰায় ৬৭৯০ লোকে কৈছিল।
-
মাঝী ভাষা
মাঝী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি নেপালৰ কোনো কোনো অংশত ব্যৱহাৰ কৰা হয়। আগতে চুবুৰীয়া ভাৰততো এই ভাষা কোনো কোনো অঞ্চলত ব্যৱহাৰ কৰা হৈছিল। এই ভাষা মুখ্যতঃ মাঝী লোকে ব্যৱহাৰ কৰে, যি ঐতিহাসিকভাৱে সপ্তকোশী নদী আৰু এই নদীৰ উপনদীসমূহৰ পাৰত বাস কৰিছিল।
-
মাল পহাড়িয়া ভাষা
মাল পাহাড়িয়া ভাৰতৰ ঝাৰখণ্ড আৰু পশ্চিমবংগত তথা বাংলাদেশত কথিত এটি ভাষা যি ৫১০০০ৰ পৰা ১১০০০০ লোকে ব্যৱহাৰ কৰে। ভিন ভিন সূত্ৰই এই ভাষাক ভিন ভিন ভাষাগোষ্ঠীৰ অন্তৰ্গত বুলি দাবী কৰে। কোনো কোনোৰ মতে, ই অসমীয়া-বাঙালী ভাষাগোষ্ঠীৰ অন্তৰ্গত, আনৰ মতে ই মালটো ভাষাৰ উপভাষা।
-
সিৰমৌৰী
সিৰমৌৰী এটি পশ্চিমীয়া পাহাড়ী ভাষা যি ঘাইকৈ ভাৰতৰ হিমাচল প্ৰদেশৰ সিৰমৌৰ জিলাত কোৱা হয়। এই ভাষাৰ দুই প্ৰধান উপ-ভাষা হ'ল গিৰিৱাৰী (বা ধাৰথী) আৰু গিৰিপাৰী।
-
সুৰগুজীয়া ভাষা
সুৰগুজীয়া হৈছে ইন্দো-আৰ্য ভাষা-গোষ্ঠীৰ অন্তৰ্গত উপভাষা বা ভাষিক প্ৰকাৰ, যি ছত্তীছগঢ়ী ভাষাৰ এটা ৰূপ। এই ভাষাটো মুখ্যত ছত্তীছগঢ়ৰ সুৰগুজা অঞ্চলত কোৱা হয়। কেতিয়াবা ইয়াক পূৰ্বীয় হিন্দী ভাষাগোষ্ঠীৰ অন্তৰ্ভুক্ত বুলিও গণ্য কৰা হয়।
-
হলবী ভাষা
হলবী, বস্তৰী, হলব, হলৱস বা হলৱী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা, যি ওড়িয়া আৰু মাৰাঠীৰ মাজৰ ৰূপান্তৰণৰ ভাষা। মধ্য ভাৰতত কমেও ৭৬৬২৯৭জন লোকে এই ভাষা ব্যৱহাৰ কৰে। মহৰী উপভাষা অন্য উপভাষাসমূহতকৈ কিছু পৃথক আৰু কষ্টেৰেহে বুজিব পৰা যায়। এই ভাষাৰ আনুমানিক ২০০০০০ দ্বিতীয়-ভাষা কথোঁতাও আছে (২০০১ চনত)।
-
হাড়ৌতী ভাষা
হাড়ৌটী বা হাড়োটী এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। এই ভাষা ভাৰতৰ ৰাজস্থান ৰাজ্যৰ হাড়োটী অঞ্চলত ঘাইকৈ ব্যৱহাৰ কৰা হয়। এই ভাষা ভাষী লোক ঘাইকৈ কোটা, বৰণ, বুণ্ডী আৰু ঝলাৱৰ জিলাত থাকে। তদুপৰী চুবুৰীয়া মধ্য প্ৰদেশৰ কোনো কোনো অঞ্চলতো এই ভাষা কোৱা হয়।
-
ৰেলী ভাষা
ৰেলী বা ৰেল্লী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ পূব ভাৰত আৰু দক্ষিণ ভাৰতত ঘাইকৈ বাস কৰা ৰেলী লোকে ব্যৱহাৰ কৰে। এই ভাষা ওড়িয়া উপগোটৰ অন্তৰ্গত, অৰ্থাৎ অসমীয়া বা বাংলা ভাষাতকৈ এই ভাষা ওড়িয়া ভাষাৰ নিকটৱৰ্তী, যদিও ই তিনিওটাৰেই ভগ্নী ভাষা।
-
ইৰুলা ভাষা
ইৰুলা (থলুৱাভাৱে: ër̠la/ïr̠la, ) হৈছে এটা দ্ৰাবিড়ীয় ভাষা। ভাৰতৰ তামিলনাডু, কেৰালা আৰু কৰ্ণাটক ৰাজ্যৰ নীলগিৰি অঞ্চলত বাস কৰা ইৰুলা জনগোষ্ঠীৰ লোকে এই ভাষা কয়। এই ভাষা তামিল ভাষাৰ অতি ঘনিষ্ঠ। ইয়াৰ বাবে তামিল লিপি ব্যৱহাৰ কৰা হয়।
-
কৰ্মকাৰ ভাষা
কৰ্মকাৰ বা কুৰ্মুকাৰ এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা অসমীয়া-বাঙালী উপগোটৰ অন্তৰ্গত, আৰু তাৰ ভিতৰতো ই অসমীয়াতকৈ বাংলা ভাষাৰহে অধিক নিকটৱৰ্তী। এই ভাষা ব্যৱহাৰ কৰা লোকে মুখ্যতঃ অসমৰ বৰপেটা, গোৱালপাৰা আৰু ধুবুৰী জিলা, পশ্চিমবংগ, ত্ৰিপুৰা আৰু মধ্য প্ৰদেশৰ কিছু কিছু অঞ্চলত বাস কৰে।
-
খাময়াং ভাষা
খাময়াং ভাষা অসমৰ এক সংকটজনক টাই ভাষা, যিটো খাময়াং জনগোষ্ঠীয়ে কয় ৷ প্ৰায় পঞ্চাশজন লোকে এই ভাষা কয়; তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ পৰা সাত মাইল দূৰৈত অৱস্থিত পোৱাইমুখ গাঁৱত তেওঁলোকে বাস কৰে।
-
গালো ভাষা
গালো হ'ল চীন-তিব্বতীয় শাখাৰ তানি ভাষাৰ অন্তৰ্গত ভাষা, যিটো ভাষা গালো জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। ইয়াৰ সঠিক স্থান তানি ভাষাসমূহৰ ভিতৰত এতিয়াও নিশ্চিত হোৱা নাই, কাৰণ ই তানি অঞ্চলৰ কেন্দ্ৰত অৱস্থিত আৰু আন্তঃ-তানি যোগাযোগৰ প্ৰভাৱত বিকশিত হৈছে।
-
চিংফৌ ভাষা
চিংফৌ ভাষা হৈছে চিংফৌ জনগোষ্ঠীৰ কথিত ভাষা। ভাৰতবৰ্ষৰ উত্তৰ-পূব অঞ্চলত অৱস্থিত অৰুণাচল প্ৰদেশ আৰু অসমৰ উজনি অংশত চিংফৌসকলৰ বসবাস পোৱা যায়। অৰুণাচল প্ৰদেশৰ চাংলাং আৰু লোহিত জিলাত আৰু অসমৰ মাৰ্ঘেৰিটা অঞ্চলত বসবাস কৰা চিংফৌসকল বৌদ্ধ ধৰ্মী। অৰুণাচল প্ৰদেশত একুৰি চাৰিখন গাঁৱত চিংফৌসকল বসবাস কৰে।
-
ডোমাৰী ভাষা
ডোমাৰী হৈছে বিলুপ্তপ্ৰায় ভাৰত-আৰ্য্য ভাষা, যিটো মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাত সিঁচৰতি হৈ থকা ডোম লোকসকলে কয়৷ এই ভাষাটো আজাৰবাইজানৰ উত্তৰ দিশত আৰু মধ্য চুডানৰ দক্ষিণলৈকে চলে।
-
বড়ো–গাৰো ভাষা
বড়ো–গাৰো ভাষাসমূহ হৈছে চীনা-তিব্বতীয় ভাষাৰ এটা শাখা, যি প্ৰধানকৈ উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ কিছু অংশত কোৱা হয়। বড়ো–গাৰো ভাষাসমূহ মুঠ চাৰিটা ভাগত বিভক্ত: বড়ো, গাৰো, কোচ আৰু দেউৰী।
-
বাংলা শব্দভাণ্ডাৰ
বাংলা শব্দভাণ্ডাৰ (Bengali vocabulary) হ'ল বাংলা ভাষাৰ শব্দভাণ্ডাৰ যাৰ মূল আৰু উৎপত্তি পালি আৰু প্ৰাকৃত ভাষাৰপৰা। বাংলা শব্দভাণ্ডাৰৰ ব্যুৎপত্তিগতভাৱে মগধি প্ৰাকৃতৰপৰা উৎপত্তি হোৱাৰ লগতে অঞ্চলটোৰ পুৰণি ভাষাসমূহৰ উল্লেখযোগ্য সহযোগত বিকশিত হৈছে।
-
বুন্দেলী ভাষা
বুন্দেলী (দেৱনাগৰী: बुन्देली/बुंदेली) বা বুন্দেলখণ্ডী হৈছে মধ্য ভাৰতৰ বুন্দেলখণ্ড অঞ্চলত কথিত এটা ভাৰত-আৰ্য ভাষা। ই মধ্য ভাৰত-আৰ্য ভাষাৰ অন্তৰ্গত আৰু পশ্চিম হিন্দী উপগোটৰ অন্তৰ্গত।
-
ব্ৰজবুলি
ব্ৰজবুলি এক কৃত্ৰিম সাহিত্যিক ভাষা, যাক মৈথিলী কবি বিদ্যাপতিয়ে তেওঁৰ ৰচনাৰ দ্বাৰা জনপ্ৰিয় কৰি তুলিছিল। ৰাধা আৰু কৃষ্ণৰ প্ৰেমৰ বিষয়ে লিখা তেওঁৰ ব্ৰজাবুলি গীতৰ কথাবোৰ তেওঁৰ শ্ৰেষ্ঠ ৰচনা বুলি গণ্য কৰা হয়। আন কবিসকলেও তেওঁৰ লেখাক অনুকৰণ কৰে আৰু ১৬ শতিকাত এই ভাষা প্ৰতিষ্ঠা লাভ কৰে।
-
বৰ্মন ভাষা
বৰ্মন ঠাৰ বা বৰ্মন ভাষা হ'ল অতি সংকটাপন্ন ভাষা। ‘‘ঠাৰ’’ শব্দৰ অৰ্থ হ'ল ভাষা। ই বড়ো-গাৰো শাখাৰ অন্তৰ্গত। বৰ্মন কছাৰী জনগোষ্ঠীৰ জনসংখ্যা ২০১৭ চনৰ জনগণনা অনুসৰি ২৪,২৩৭ জন, কিন্তু ইয়াৰে অতি স্বল্পসংখ্যক লোকহে এই ভাষাত কথা কয়।
-
ভিল ভাষাসমূহ
ভিল ভাষাসমূহ হৈছে ভিল লোকসকলে ব্যৱহাৰ কৰা ভাষা/উপভাষাসমূহৰ এটা গোট, যাক সাধাৰণতে ইণ্ডো-আৰ্য ভাষাসমূহৰ অন্তৰ্গত গুজৰাটী আৰু ৰাজস্থানী ভাষাৰ উপভাষা হিচাপে শ্ৰেণীবদ্ধ কৰা হয়। ২০১১ চনৰ তথ্য অনুসাৰে, পশ্চিম আৰু মধ্য ভাৰতত প্ৰায় ১.০৪ কোটি ভিল লোকে এই ভাষাসমূহ ব্যৱহাৰ কৰে।
-
মগৰ ভাষা
মগৰ ধুত ( मगर ढुट, ) হৈছে চীন-তিব্বতী ভাষা যিটো মূলতঃ নেপাল, দক্ষিণ ভূটান, আৰু দাৰ্জিলিং, অসম আৰু ছিকিম, ভাৰতত মগৰ লোকে ব্যৱহাৰ কৰে। ইয়াক দুটা গোটত (পূব আৰু পশ্চিমীয়া) বিভক্ত আৰু অধিক উপভাষা বিভাজনে সুকীয়া জনজাতীয় পৰিচয় দিয়ে। নেপালত ৮ লাখ ১০ হাজাৰ লোকে এই ভাষা কয়।
-
মেৱাড়ী ভাষা
মেৱাড়ী হৈছে ৰাজস্থানী ভাষা গোটৰ অন্তৰ্গত এটা ইণ্ডো-আৰ্য ভাষা। এই ভাষাটো প্ৰায় পাঁচ মিলিয়ন লোকৰদ্বাৰা কথিত, যিসকল মূলতঃ ৰাজসমন্দ, ভিলৱাড়া, উদয়পুৰ, চিত্তোৰগঢ় আৰু প্ৰতাপগড় জিলাত (ৰাজস্থান ৰাজ্য), লগতে মাণ্ডসৌৰ আৰু নিমুচ জিলাত (মধ্য প্ৰদেশ ৰাজ্য) বাস কৰে।
-
যোগী ভাষা
যোগী ভাষা হ'ল ভাৰত আৰু পাকিস্তানৰ যোগী সম্প্ৰদায়ৰ কিছুসংখ্যক ব্যক্তিয়ে কোৱা ভাৰত-আৰ্য ভাষা৷ সাধাৰণতে এই ভাষাটোক মাৰোৱাৰীৰ উপভাষা বুলি গণ্য কৰা হয়, কিন্তু এই ভাষাৰ সৰ্বনামবোৰ মাৰোৱাৰী ভাষাতকৈ সুকীয়া হয়।