ভাৰতৰ ভাষা
১২২ প্ৰবন্ধ
-
মণ্ডিয়ালী
মণ্ডিয়ালী (টাকৰী লিপিত: 𑚢𑚘𑚶𑚖𑚮𑚣𑚭𑚥𑚯) উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশত ঘাইকৈ কথিত এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। হিমাচল প্ৰদেশৰ মণ্ডী জিলাত এই ভাষাৰ প্ৰচলন অধিক। ইউনেস্ক'ৰ মতে এই ভাষা অতিকৈ লুপ্তপ্ৰায় ভাষাসমূহৰ অন্যতম। ১৯৬১ চনৰ পৰা ২০০১ চনলৈ এই ভাষা ভাষী লোকৰ সংখ্যতা ২১ শতাংশ হ্ৰাস পাইছে।
-
ডোটেলী ভাষা
ডোটেলী ভাষা প্ৰায় ৮,০০,০০০ মানুহে ব্যৱহাৰ কৰে, যাৰ ভিতৰত বেছিভাগেই নেপালত বসবাস কৰে। এই ভাষা দেৱনাগৰী লিপিৰে লিখা হয়। নেপালী ভাষাৰ লগত এই ভাষাৰ বহুক্ষেত্ৰত মিল দেখা যায়। ভাৰতৰ কুমাঊনী ভাষাৰ লগতো ৭৫% মিল আছে।
-
থাৰু ভাষা
থাৰু হৈছে ইণ্ডো-আৰ্য ভাষাসমূহৰ অন্তৰ্গত কেইটামান ভাষা, যিবোৰ নেপালৰ তৰাই অঞ্চল আৰু উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত প্ৰচলিত থাৰু জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। থাৰু ভাষা নেপালৰ অন্যতম প্ৰধান ভাষা।
-
নেফামিজ
নেফামিজ বা অৰুণামিজ (Nefamese বা Arunamese) ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ ৮৩,৭৪৩ বৰ্গ কিঃমিঃ ব্যাপ্ত হৈ থকা ৰাজ্য অৰুণাচল প্ৰদেশৰ মিশ্ৰিত (pidgin) ভাষা। পূৰ্বে এই প্ৰদেশখনক উত্তৰ-পূব সীমান্ত অঞ্চল যাক ইংৰাজীত North East Frontier Agency বা চমুকৈ NEFA বুলি জনা গৈছিল।
-
পৈশাচী (ভাষা)
পৈশাচী হৈছে প্ৰাচীন কালৰ প্ৰাকৃত আৰু সংস্কৃত ব্যাকৰণত উল্লেখ কৰা ভাৰতৰ মধ্যৱৰ্তী ৰাজ্যসমূহৰ লিপিবদ্ধ ৰূপত বহুলাংশে উপলব্ধ নোহোৱা এক সাহিত্যিক ভাষা। ইয়াক সাধাৰণতে প্ৰাকৃতসমূহৰ সৈতে একগোট কৰা হয়।
-
বঘেলী ভাষা
বঘেলী (দেৱনাগৰী লিপি: बघेली, অথবা বঘেলখণ্ডী) হৈছে এটা মধ্য ইন্দো-আৰ্য ভাষা, যাক ভাৰতৰ মধ্য অঞ্চলৰ বঘেলখণ্ড অঞ্চলত কোৱা হয়।
-
বিলাসপুৰী
বিলাসপুৰী (টাকৰী লিপিত: 𑚠𑚮𑚥𑚭𑚨𑚞𑚱𑚤𑚯) বা কহলূৰী (টাকৰী লিপিত: 𑚊𑚩𑚥𑚱𑚤𑚯) উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশৰ বিলাসপুৰ জিলাত ঘাইকৈ কথিত এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা পাঞ্জাব পাহাড়ত স্থিত পূৰ্বৰ বিলাসপুৰ ৰাজপুত্ৰ শাসিত ৰাজ্যৰ সৈতে জড়িত।
-
মহাসু পাহাড়ী
মহাসু পাহাড়ী (টাকৰী লিপিত: 𑚢𑚩𑚭𑚨𑚱 𑚞𑚩𑚭𑚪𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা, যি ঘাইকৈ ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত ব্যৱহাৰ কৰা হয়। এই ভাষাক মহাসুঈ বা মহাসুৱী নামেৰেও জনা যায়। ২০০১ চনত এই ভাষা প্ৰায় ১০০০০০০ লোকে কৈছিল বুলি অনুমান কৰা হয়। এই ভাষাক মুখ্যতঃ চিমলা আৰু চোলান জিলাত কোৱা হয়।
-
গদী ভাষা
গদী, গদকী, গদিয়ালী বা ভৰমৌড়ী (টাকৰী লিপিত: 𑚌𑚛𑚯, 𑚌𑚛𑚊𑚯, 𑚌𑚛𑚮𑚣𑚭𑚥𑚯, 𑚡𑚤𑚢𑚵𑚪𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা মুখ্যতঃ উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশৰ চম্বা জিলাৰ ভাৰমৌড় অঞ্চলৰ গদী লোকে ব্যৱহাৰ কৰে। তদুপৰি, চুবুৰীয়া জম্মুৰ উধমপুৰ, কথুৱা আৰু দোদা জিলাতো এই ভাষা কোৱা হয়।
-
চুৰাহী
চুৰাহী (টাকৰী লিপিত: 𑚏𑚰𑚤𑚭𑚩𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশত কোৱা হয়। এই ভাষা মুখ্যতঃ চম্বা জিলাৰ চৌৰাহ আৰু সলুনী তেহসীলত ব্যৱহাৰ কৰা হয়। এই ভাষা এটি বিপন্ন ভাষা।
-
ঢূণ্ঢাড়ী ভাষা
ঢূণ্ঢাড়ী বা জয়পুৰী এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা প্ৰকাৰ যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ চাৰিখন জিলা: জয়পুৰ, সৱাই মাধোপুৰ, দৌসা আৰু তোংকত ব্যৱহাৰ কৰা হয়।
-
দেশিয়া ভাষা
দেশিয়া, দেশিয়া ওড়িয়া, কোৰাপুটী ওড়িয়া বা দক্ষিণ-পশ্চিম ওড়িয়া এটি ভাৰতীয়-আৰ্য ভাষা প্ৰকাৰ (সামাজিক-ভাষাবৈজ্ঞানিকভাৱে ওড়িয়াৰ উপ-ভাষা গণ্য কৰা হয়) যি ভাৰতৰ পূৰ্বী ৰাজ্য উৰিষ্যাৰ কোৰাপুট, নবৰংগপুৰ, ৰায়গড় আৰু মলকানগিৰি তথা অন্ধ্ৰ প্ৰদেশৰ বিশাখাপাট্টনং আৰু বিজিয়ানগৰঙত ব্যৱহৃত।
-
পাহাড়ী কিনৌৰী ভাষা
পাহাড়ী কিনৌৰী, কিনৌৰী পাহাড়ী (টাকৰী লিপিত: 𑚊𑚮𑚝𑚵𑚤𑚯 𑚞𑚩𑚭𑚪𑚯) বা ওৰাস বোলী (টাকৰী লিপিত: 𑚈𑚤𑚭𑚨 𑚠𑚴𑚥𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা, যি ভাৰতীয়-আৰ্ষ ভাষা পৰিয়ালৰ এটি উপ-গোট। এই ভাষা ঘাইকৈ ভাৰতৰ হিমাচল প্ৰদেশৰ কিনৌৰ জিলাৰ বিভিন্ন জনজাতীয় লোকে ব্যৱহাৰ কৰে।
-
ভটিয়ালী
ভটিয়ালী বা ভট্টিয়ালী এটি পশ্চিমীয়া পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা মুখ্যতঃ হিমাচল প্ৰদেশৰ চম্বা জিলাৰ ভট্টিয়ত বিভাগ, কাংগ্ৰা জিলাৰ নূৰপুৰ বিভাগ আৰু পাঠানকোটৰ পাহাড়ীয়া অঞ্চলত কঠিত। ২০১১ চনৰ ভাৰতৰ জনগণনা অনুযায়ী এই ভাষা কোৱা লোকৰ সংখ্যা ২৩৯৭০ আছিল। তাৰেই ১৫১০৭জন চম্বা জিলাৰ বাসিন্দা আছিল।
-
ভত্ৰী ভাষা
ভত্ৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ওড়িয়া উপগোটৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ চত্তীছগঢ় আৰু উৰিষ্যাৰ ভটড়া জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। এই ভাষা ভাষী লোকে প্ৰায় পূব বস্তৰ জিলা আৰু উৰিষ্যাৰ কোৰাপুত আৰু নবৰংপুৰ জিলাত বাস কৰে।
-
ভাৰতৰ ধ্ৰুপদী ভাষা
ভাৰতৰ ধ্ৰুপদী ভাষা বা শাস্ত্ৰীয় ভাষা বুলিলে প্ৰাচীন, মূল্যৱান, মৌলিক আৰু সুকীয়া সাহিত্যিক ঐতিহ্য থকা ভাৰতীয় ভাষাসমূহক বুজায়৷ ভাৰত চৰকাৰে এঘাৰটা ভাষাক ভাৰতৰ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে।
-
ভীলী ভাষা
ভীলী (Deva, Gujr) হৈছে পশ্চিম-মধ্য ভাৰতৰ ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশ ৰাজ্যত কথিত এটা পশ্চিম ইণ্ডো-আৰ্য ভাষা। এই ভাষাটোৰ আন নামসমূহৰ ভিতৰত ভিলবোলী অন্তৰ্ভুক্ত, আৰু ভীলী ভাষাৰ কেইবাটাও ৰূপক গৰাসিয়া বুলি কোৱা হয়।
-
মালৱী ভাষা
মালৱী (माळवी भाषा) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ ভাৰতৰ মালৱা অঞ্চলত ব্যৱহাৰ কৰা হয়। ই নিমাড়ীৰ সৈতে সামঞ্জস্য ৰাখে, যি মধ্য প্ৰদেশৰ নিমাড় অঞ্চলত ব্যৱহাৰ কৰা হয়।
-
সম্বলপুৰী ভাষা
সম্বলপুৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ওড়িশাৰ পশ্চিম ভাগত কথিত। এই ভাষাক পশ্চিমীয়া ওড়িয়া আৰু কোসলী নামেৰেও জনা যায়। কোসালী এটি নতুনকৈ জনপ্ৰিয় হৈ উঠা নাম, যি বিবাদাস্পদ, কাৰণ ই ঐতিহাসিক দক্ষিণ কোসল অঞ্চলৰ সৈতে সম্পৰ্কৰ ইংগিত দিয়ে, যি অঞ্চলত বৰ্তমানৰ সম্বলপুৰ অঞ্চলো আছিল।
-
হাফলং হিন্দী
হাফলং হিন্দী (हफ़लौंग हिन्दी) অসমৰ ডিমা হাছাও জিলাত (পূৰ্বৰ উত্তৰ কাছাৰ) বহুল প্ৰচলিত এটা সংযোগী ভাষা (lingua franca)। হিন্দীৰ পৰা উদ্ভূত এই সংমিশ্ৰিত ভাষা বা ক্ৰে'য়ল ভাষা(creole language)টোৰ শব্দাৱলী অন্য কেইবাটাও ভাষাৰ শব্দেৰে গঠিত হৈছে।
-
হাৰিয়াণৱী ভাষা
হাৰিয়াণৱী (हरियाणवी বা हरयाणवी) হৈছে এটা ইণ্ডো-আৰ্য ভাষা যি মূলতঃ ভাৰতৰ হাৰিয়ানা ৰাজ্য আৰু দিল্লী কেন্দ্ৰশাসিত অঞ্চলত কথিত। হাৰিয়াণৱী ভাষা পশ্চিমী হিন্দী উপভাষা গোটৰ অংশ হিচাপে গণ্য কৰা হয়, যাৰ ভিতৰত খাৰীবোলী আৰু ব্ৰজ ভাষাও অন্তৰ্ভুক্ত। এই ভাষাটো সাধাৰণতে দেৱনাগৰী লিপি ব্যৱহাৰ কৰি লিখা হয়।
-
কমৰ ভাষা
কমৰ এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মধ্য প্ৰদেশৰ এখন জিলা আৰু ছত্তীসগঢ়ৰ এখন জিলাত ব্যৱহাৰ কৰা হয়। পূৰ্বী ভাৰতীয়-আৰ্য ভাষাসমূহৰ মাজত ই হলবিক গোটত আহে, যি অসমীয়া-বঙালী, ওড়িয়া আৰু বিহাৰী, তিনিওৰে পৰা পৃথক।
-
কুৰ্মালী ভাষা
কুৰ্মালী, কুড়মালী বা পঞ্চপৰগনিয়া এটি পূৰ্বী ভাৰতীয় আৰ্য ভাষা যি বিহাৰী উপ-গোটৰ অন্তৰ্গত। ই এটি বাণিজ্যিক উপভাষা যি ঝাৰখণ্ডৰ পাঁচ পৰগণাত ব্যৱহাৰ কৰা হয়, যাৰ বাবে এই ভাষাক পঞ্চপৰগনিয়া নামেৰেও জনা যায়।
-
খৰিয়া থাৰ ভাষা
খৰিয়া থাৰ এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ঘাইকৈ ভাৰতৰ পাহাড়ীয়া খৰিয়া লোকে ব্যৱহাৰ কৰে। যদিও তেওঁলোকৰ এভাগে খৰিয়া থাৰ ভাষা কয়। এই ভাষা ওড়িয়াতকৈ অসমীয়া আৰু বাঙালী ভাষাৰহে অধিক নিকটৱৰ্তী।
-
গুজৰী ভাষা
গুজৰী, গোজৰী বা গুৰ্জৰী এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। ই ঘাইকৈ ভাৰত আৰু পাকিস্তানৰ গুজ্জৰ সম্প্ৰদায়ৰ লোকে ব্যৱহাৰ কৰে। কিছু সংখ্যক কথোঁতা আফগানিস্তানতো আছে।
-
জয়ন্তীয়া ভাষা
জয়ন্তীয়া বা প্নাৰ (ইংৰাজী: Pnar / Ka Ktien Pnar) হ'ল ভাৰত আৰু বাংলাদেশত প্ৰচলিত এটা অষ্ট্ৰ-এছিয়াটিক ভাষা। এই ভাষা মূলতঃ ভাৰতৰ মেঘালয় ৰাজ্যৰ জয়ন্তীয়া পাহাৰ অঞ্চলত কোৱা হয়। জয়ন্তীয়া ভাষাত ৩০টা ধ্বনি আছে: ৭টা স্বৰবৰ্ণ আৰু ২৩টা ব্যঞ্জনবৰ্ণ।
-
জুমলী ভাষা
জুমলী বা জুমলী খছ হৈছে নেপালত কথিত এটি ভাৰতীয়-আৰ্য় ভাষা, যি নেপালী ভাষাৰ এটি ভগ্নী ভাষা। এই ভাষা মুখ্যতঃ নেপালৰ কৰ্ণালী প্ৰান্তত ব্যৱহাৰ কৰা হয়। ভাষাটোক কোনো কোনোৱে নেপালীৰ উপ-ভাষা আখ্যা দিয়ে যদিও নেপালৰ চৰকাৰে ইয়াক এক পৃথক ভাষা বুলি গণ্য কৰে।
-
জৌনসাৰী ভাষা
জৌনসাৰী (দেৱনাগাৰী লিপিত: जौनसारी, ) এটি পশ্চিমীয়া পাহাড়ী ভাষা যাক উত্তৰাখণ্ড ৰাজ্যৰ গঢ়ৱাল অঞ্চলৰ দেহৰাদুন জিলাৰ চক্ৰতা আৰু কালসীত জৌনসাৰী লোকে ব্যৱহাৰ কৰে। জৌনসাৰীৰ উপ-ভাষাসমূহে চুবুৰীয়া বংগনী, জৌনপুৰী, নাগপুৰীয়া আৰু সিৰমৌৰীৰ সৈতে প্ৰায় ৬০% শব্দাৱলী একেই ৰাখে।
-
ঠেঠী মৈথিলী
ঠেঠী মৈথিলী ভাষা মৈথিলী ভাষাৰ এটা প্ৰধান উপভাষা। ইয়াক ঠেঠীয়া, ঠেন্থী বা ঠাটি বুলিও জনা যায়। ই প্ৰধানকৈ ভাৰত আৰু নেপালৰ মিথিলা অঞ্চলত প্ৰচলিত মৈথিলী ভাষাৰ উপভাষা৷ প্ৰধানকৈ ভাৰতৰ বিহাৰৰ কোশী, পূৰ্ণিয়া আৰু মুংগেৰ বিভাগ আৰু নেপালৰ কোশী প্ৰদেশত এই ভাষা কোৱা হয়।
-
ডেক্কানী ভাষা
ডেক্কানী ভাষা দক্ষিণ মধ্য ভাৰতৰ ডেক্কান অঞ্চলত কথিত হিন্দুস্তানী ভাষাৰ ওপৰত আধাৰিত এটা ইণ্ডো-এৰিয়ান ভাষা আৰু ই ডেক্কানী লোকসকলৰ মূল ভাষা। ডেক্কানীৰ ঐতিহাসিক ৰূপে মোগল যুগৰ শেষৰ ফালে উৰ্দু সাহিত্যৰ বিকাশৰ সূচনা কৰে।