মাঝী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি নেপালৰ কোনো কোনো অংশত ব্যৱহাৰ কৰা হয়। আগতে চুবুৰীয়া ভাৰততো এই ভাষা কোনো কোনো অঞ্চলত ব্যৱহাৰ কৰা হৈছিল।১ এই ভাষা মুখ্যতঃ মাঝী লোকে ব্যৱহাৰ কৰে, যি ঐতিহাসিকভাৱে সপ্তকোশী নদী আৰু এই নদীৰ উপনদীসমূহৰ পাৰত বাস কৰিছিল। তদুপৰি নেপালৰ কেন্দ্ৰীয় আৰু পূৰ্বী ভাগতো এই গোষ্ঠীৰ বসতি আছিল। মাঝী লোকে মুখ্যতঃ নদীৰ সৈতে সম্বন্ধীয় কাম কাজেই পৰম্পৰাগতভাৱে কৰিছিল, যেনে মাছ মৰা আৰু নাও চলোৱা।১:2 মাঝী ভাষা দেৱনাগৰী লিপিত লিখা হয়।
স্থিতি
এথনলগৰ মতে মাঝী এটি 6b বিপদাপন্ন ভাষা। নেপালত মাঝী ভাষাৰ প্ৰায় ২৪৪০০ L1 কথোঁতা আছে। বিশ্বত এই ভাষাৰ প্ৰায় ৪৬১২০ L1 আৰু L2 কথোঁতা আছে। নেপালত বাস কৰা গড়িষ্ঠসংখ্যক মাঝী ভাষী লোকেই দ্বিভাষিক: তেওঁলোকে প্ৰায় মাঝীৰ উপৰিও অধিক প্ৰভাৱশালী নেপালী ভাষা জানে।১:2 নেপালী ভাষায় লাহে লাহে মাঝী ভাষাক গ্ৰাস কৰি আহিছে ব্যৱহাৰৰ ক্ষেত্ৰত। মাঝী ভাষাৰ কোনো আনুষ্ঠানিক মৰ্যদা নাই। তদুপৰি ই শিক্ষা, সংবাদ মাধ্যম, ছপা মাধ্যম আদিতো বিশেষভাৱে উপস্থিত নহয়। সেয়ে এই ভাষাৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে।১:2
ভাৰতত মাঝী ভাষাৰ অন্তিম কথোঁতা, ছিক্কিম ৰাজ্যৰ জৰেথাঙৰ থক বাহাদুৰ মাঝীৰ ২০১৬ চনত মৃত্যু হোৱাত ভাৰতত এই ভাষা বিলুপ্ত হৈ পৰিল।২
ধ্বনি তত্ত্ব
স্বৰধ্বনি
মাঝী ভাষাত ১৩টা স্বৰধ্বনি আছে।.:6, 8
| Front | Central | Back | |
|---|---|---|---|
| High | i | u | |
| High-mid | e | o | |
| Low-mid | ə əː | ||
| Low | a aː |
টোকা: মাঝী ভাষাত যুক্তস্বৰ eu, əu, au, əi আৰু oi।:8 স্বৰধ্বনি /ɜː, acː/ কেৱল শব্দৰ শেষ অংশতহে ব্যৱহাৰ কৰা হয়। আন সকলো স্বৰধ্বনি য'তে ত'তে ব্যৱহাৰ কৰিব পৰা যায়।:7
ব্যঞ্জনধ্বনি
মাঝী ভাষাত ২৮টা ব্যঞ্জনধ্বনি আছে।:9
| Bilabial | Dental | Alveolar | Retroflex | Palatal | Velar | Glottal | ||
|---|---|---|---|---|---|---|---|---|
| Nasal | ||||||||
| Plosive/ Affricate | voiceless | |||||||
| aspirated | ||||||||
| voiced | ||||||||
| breathy | ||||||||
| Fricative | ||||||||
| Liquid | lateral | |||||||
| rhotic | ||||||||
| Glide |
তথ্যসূত্ৰ
- ↑ Dhakal, Dubi Nanda. (2014). A Grammar of Majhi. LINCOM EUROPA. ISBN 9783862885497
- ↑ TNN. (22 July 2016). Last speaker of Majhi language dead · Vadodara News - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাঝী ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭২২৪৩ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।