ডোমাৰী হৈছে বিলুপ্তপ্ৰায় ভাৰত-আৰ্য্য ভাষা, যিটো মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাত সিঁচৰতি হৈ থকা ডোম লোকসকলে কয়৷ এই ভাষাটো আজাৰবাইজানৰ উত্তৰ দিশত আৰু মধ্য চুডানৰ দক্ষিণলৈকে চলে। এই ভাষাৰ মানুহ তুৰস্ক, ইৰাণ, ইৰাক, পেলেষ্টাইন, ইজৰাইল, জৰ্ডান, ইজিপ্ত, চুডান, লিবিয়া, টিউনিছিয়া, আলজেৰিয়া, মৰক্কো, ছিৰিয়া আৰু লেবাননত বাস কৰে বুলি জানিব পৰা গৈছে। শব্দৰ পৰিৱৰ্তনৰ পদ্ধতিগততাৰ ওপৰত ভিত্তি কৰি মোটামুটি নিশ্চয়তাৰে জনা যায় যে ডোমাৰী আৰু ৰোমানী নামটো ভাৰত-আৰ্য্য শব্দ ডোমৰ পৰাই উদ্ভৱ হৈছে। ১ যদিও দুয়োটা মধ্য ভাৰত-আৰ্য্য ভাষা, ডোমাৰী আৰু ৰোমানীৰ উৎপত্তি একেজন নিকট পূৰ্বপুৰুষৰ পৰা নহয়। আৰবৰ মানুহবিলাকে ডোমসকলক নাৱাৰ বুলি কয় কাৰণ তেওঁলোক আছিল যাযাবৰী জনগোষ্ঠী যিয়ে প্ৰথমে ভাৰত উপমহাদেশৰ পৰা মধ্যপ্ৰাচ্যলৈ প্ৰব্ৰজন কৰিছিল ৷ ২
ডোমাৰীক "মধ্যপ্ৰাচ্যৰ ৰোমানী", "চিগেনে", "লুটি", বা "মেহতাৰ" বুলিও জনা যায়। আৰবীয় দেশত, মাজে মাজে আৰবী লিপি ব্যৱহাৰ কৰি এই ভাষা লিখা হয় আৰু ইয়াত বহুতো আৰবী আৰু পাৰ্চী ঋণ শব্দ আছে। ৩ এই ভাষাৰ ওপৰত বৰ্ণনাত্মক বিশ্লেষণ আগবঢ়াইছিল ইয়াৰন মাট্ৰাছে ৪ যিয়ে গৌণ উৎসৰ ঐতিহাসিক আৰু উপভাষাবিজ্ঞানৰ মূল্যায়নৰ লগতে ভাষাটোৰ এক বিস্তৃত ব্যাকৰণ প্ৰকাশ কৰিছিল (মাত্ৰাছ ২০১২)।
ডোমাৰী ভাষা বিলুপ্তপ্ৰায়, কিয়নো বৰ্তমান নৱ প্ৰজন্মৰ মাজত ইয়াৰ পৰা আঁতৰি যোৱাৰ হেঁচা পৰিছে বুলি য়াৰন মাট্ৰাছে কয়। ৫ জেৰুজালেমৰ দৰে কিছুমান অঞ্চলত “মধ্যপ্ৰাচ্যৰ জিপ্সী” নামেৰে পৰিচিত এই ডোম লোকসকলৰ মাত্ৰ প্ৰায় ২০% লোকেহে দৈনন্দিন যোগাযোগত ডোমাৰী ভাষা কয়। এই ভাষাটো মূলতঃ জেৰুজালেম সম্প্ৰদায়ৰ বৃদ্ধসকলে কয়। নৱ প্ৰজন্ম আৰবী ভাষাৰ দ্বাৰা অধিক প্ৰভাৱিত, সেয়েহে বেছিভাগেই কেৱল মৌলিক শব্দ আৰু বাক্যাংশহে জানে। জেৰুজালেমৰ আধুনিক যুগৰ ডোমছ সম্প্ৰদায়টো ১৯৪০ চনৰ পৰা ১৯৬৭ চনত ইজৰাইলী প্ৰশাসনৰ অধীনলৈ অহালৈকে পুৰণি চহৰখনৰ ভিতৰত বসতি স্থাপন কৰাৰ সিদ্ধান্ত লোৱা যাযাবৰী লোকসকলে স্থাপন কৰিছিল (মাট্ৰাছ ১৯৯৯)।
বৰ্তমান এই ভাষা ক'ব পৰা মানুহৰ সংখ্যা তিনি লাখৰো কম। ডোমাৰীৰ উপভাষা সমূহ হ'ল - নবাৰী, কুৰবাটি, হেলেবি, হালাব, কৰাচী, মাৰাশী, গৰাকা, চুৰি-বালি আৰু নাৰিকুৰাবা। এই ভাষা লিখাৰ ক্ষেত্ৰত অঞ্চল বিশেষে লেটিন, হিব্ৰু আৰু আৰৱী আখৰ ব্যৱহাৰ কৰা হয়।
ডোমাৰী সংখ্যা
১ য়েক / য়িকা
২ দি
৩ তিৰিন
৪ ইষ্টাৰ
৫ পাঞ্জ
৬ ছাছ
৭ হাৱ্ত / হফ্ত
৮ হায়ছ্থ / হায়তেক
৯ নু
১০ দেজ
২০ ৱিচ
১০০ ছায়
ডোমাৰী শব্দ
মই - আমা
আমি - এমে / আমিন
তুমি - আতু / তো
কোন - কানি / কো
কি - কি / কায়
ক'ত - কাতে / কেতা
কেতিয়া - কাৱাস / কাচি
কেনেকৈ - কেকে / কেনে কাত
নহয় - না
সকলো - গিছ / গিছতানে
বহুত - বল / বু
কম - আকাম / টিকা
দীঘল - দীৰ্গা / দ্ৰংগে
মানুহ - মানুস / নাফাৰ
সাপ - সাপ / সাব
বাহু - দুদ
গছ - ছাদজ়াৰ / লাউৰা
ফল - ফাৱাকে
ঘাঁহ - হাছিছ
মাংস - মাচি
কণী - আনা
চুলি - ৱালভাল
মূৰ - ছিৰি / ছেৰ
কাণ - কান
চকু - আক্কি
নাক - পিৰিন
দাঁত - দান্দ
জিভা - ঝিভ / জিব
নখ - নাইল
ভৰি - পাৱ
হাত - হস্ত / সস্ত
পেট - পেট
পিঠি - পিষ্ট
পান কৰা - পি
খোৱা - কোৱা
জানা - ঝান / জান
শুৱা - ছুছ
মৰা - মাৰি / ম্ৰা
মাৰা - মাৰ
আহা - আও / আউ
দিয়া - দে
গোৱা (গানৰ ক্ষেত্ৰত) - গাক
পানী - পানী
বৰষুণ - ৱাৰচ
নিমখ - লোন
জুই - আগ
কলা - কালা
ৰাতি - আৰাত
দিন - দিচ
বছৰ - ৱাৰচ
ঠাণ্ডা - সিল্দা
নতুন - নাৱা
আৰু - উ / ৱা
নাম - নাম
বাহ্যিক সংযোগসমূহ
- Windfuhr Gernot L. Gypsy ii. Gypsy Dialects in Encyclopædia Iranica, Online Edition. 2002.
- Description of Domari from the Romani Project
- Learning Domari - from the Dom Research Centre
- More Information and Official Website of the Dom People
Further reading
- Herin, B. (2012). "The Domari language of Aleppo (Syria)" Linguistic Discovery 10 (2), 1-52.
- Herin, B. (2014). "The Northern Dialects of Domari," Zeitschrift der Deutschen Morgenländischen Gesellschaft 164 (2): 407–450.
- Matras, Y. (1999). "The state of present-day Domari in Jerusalem." Mediterranean Language Review 11, 1–58.
- Matras, Y. (2002). Romani: a linguistic introduction. Cambridge: Cambridge University Press.
- Matras, Y. (2012). A grammar of Domari. Berlin: De Gruyter Mouton (Mouton Grammar Library).
তথ্যসূত্ৰ
- ↑ ROMANI Project - Manchester. Romani.humanities.manchester.ac.uk"ROMANI Project - Manchester" আৰ্কাইভ কপি
- ↑ Matras, Yaron. (2000). Two Domari Legends about the origins of the Doms. Romani.humanities.manchester.ac.ukMatras, Yaron (2000)
- ↑ The Gypsies of Lebanon: A DRC Update, April 2000, by Dr. G. A. Williams
- ↑ (1996). আৰ্কাইভ কপিMatras, Yaron (1996)
- ↑ The State of Present-day Domari in Jerusalem
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডোমাৰী ভাষা” প্ৰবন্ধৰ সংশোধন ৬৩৯৮২৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।