অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ভিল ভাষাসমূহ

ভিল ভাষাসমূহ হৈছে ভিল লোকসকলে ব্যৱহাৰ কৰা ভাষা/উপভাষাসমূহৰ এটা গোট, যাক সাধাৰণতে ইণ্ডো-আৰ্য ভাষাসমূহৰ অন্তৰ্গত গুজৰাটী আৰু ৰাজস্থানী ভাষাৰ উপভাষা হিচাপে শ্ৰেণীবদ্ধ কৰা হয়। ২০১১ চনৰ তথ্য অনুসাৰে, পশ্চিম আৰু মধ্য ভাৰতত প্ৰায় ১.০৪ কোটি ভিল লোকে এই ভাষাসমূহ ব্যৱহাৰ কৰে।

হালনাগাদ: ২৭ জানুৱাৰী ২০২৬ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভিল ভাষাসমূহ হৈছে ভিল লোকসকলে ব্যৱহাৰ কৰা ভাষা/উপভাষাসমূহৰ এটা গোট, যাক সাধাৰণতে ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত গুজৰাটী আৰু ৰাজস্থানী ভাষাৰ উপভাষা হিচাপে শ্ৰেণীবদ্ধ কৰা হয়।১২ ২০১১ চনৰ তথ্য অনুসাৰে, পশ্চিম আৰু মধ্য ভাৰতত প্ৰায় ১.০৪ কোটি ভিল লোকে এই ভাষাসমূহ ব্যৱহাৰ কৰে।৩ এই ভাষাসমূহ ৰাজস্থানৰ দক্ষিণ আৰাৱলী পৰ্বতমালা আৰু মধ্য প্ৰদেশৰ পশ্চিম সাতপুৰা পৰ্বতমালা, উত্তৰ-পশ্চিম মহাৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাট অঞ্চলত মুখ্য ভাষা হিচাপে ব্যৱহৃত।

ভাৰত চৰকাৰৰ সংখ্যালঘু বিষয়ক মন্ত্ৰালয়ৰ অধীনত ভাষাগত সংখ্যালঘু আয়ুক্তৰ ৫২তম প্ৰতিবেদন অনুসাৰে, দাদৰা আৰু নগৰ হাভেলী জিলাত ভিলী হৈছে আটাইতকৈ অধিক ব্যৱহৃত ভাষা, যি জিলাখনৰ মুঠ জনসংখ্যাৰ ৪০.৪২%। গুজৰাট (৪.৭৫%), মধ্য প্ৰদেশ (৪.৯৩%) আৰু ৰাজস্থান (৪.৬০%) ৰাজ্যতো ভিলী ভাষাভাষীৰ সংখ্যা উল্লেখযোগ্য।৪

সম্পৰ্ক

ভিল ভাষাসমূহে গুজৰাটী ভাষা আৰু ৰাজস্থানী ভাষা–মাৰোৱাৰী ভাষাসমূহৰ মাজত এটা সংযোগসূত্ৰ গঠন কৰে।

ভৌগোলিকভাৱে শ্ৰেণীবদ্ধ কৰিলে ভিল ভাষাসমূহ তলত দিয়া ধৰণে বিভক্ত—

  • উত্তৰ ভিল
    • বাউৰিয়া
    • ৱাগড়ী (সম্ভৱতঃ মধ্য শাখাৰ; আদিৱাসী, পাটেলীয়া আদি ভিল উপভাষাৰ সৈতে যথেষ্ট বুজাবুজি সম্ভৱ)
    • ভিলোৰী (নইৰী, ডুংগ্ৰা)
    • মাগৰী (মাগ্ৰা কি বোলী; Ethnologueত ভিলীৰ অন্তৰ্গত)
  • মধ্য ভিল
    • ভিলী (প্ৰকৃত) (পাটেলীয়া), ভিলোডী, আদিৱাসা আৰু ৰাজপুত গাৰাছিয়া
    • ভিলালী (ৰাঠাৱী)
    • চোদ্ৰী
    • ধোধীয়া–কুকনা
    • ধাঙ্কী
    • ডুবলী
  • পূৰ্ব ভিল (বাৰেলী)
    • পাল্যা বাৰেলী
    • পৌৰী বাৰেলী
    • ৰাঠৱী বাৰেলী
    • পাৰ্ধী
    • কলতো (নিহালী)

অন্যান্য ভিল ভাষাসমূহৰ ভিতৰত গামিত (গামটি) আৰু মাওচী উল্লেখযোগ্য। বাসাভী ভিল জনগোষ্ঠীয় লোকসকলে ব্যৱহাৰ কৰে যদিও ই গুজৰাটীৰ অধিক ওচৰ। তেনেদৰে মালৱী ভাষা আৰু নিমাড়ী ভাষা ৰাজস্থানী ভাষাৰ অধিক ওচৰ বুলি ধৰা হয়। শেহতীয়া বৰ্ণিত বাগ্ৰী বোলি ভাষাটোকো ভিল ভাষা হিচাপে গণ্য কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ George L. van Driem. (25 May 2021). Ethnolinguistic Prehistory. BRILL. পৃ. 220. ISBN 978-90-04-44837-7
  2. ↑ Prakash Chandra Mehta. (2004). Ethnographic Atlas of Indian Tribes. Discovery Publishing House. পৃ. 191. ISBN 978-81-7141-852-7
  3. ↑ ABSTRACT OF SPEAKERS' STRENGTH OF LANGUAGES AND MOTHER TONGUES - 2011. www.censusindia.gov.in. Indian Census 2011, Government of India
  4. ↑ Report of the Commissioner for linguistic minorities: 52nd report (July 2014 to June 2015). Commissioner for Linguistic Minorities, Ministry of Minority Affairs, ভাৰত চৰকাৰ

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিল ভাষাসমূহ” প্ৰবন্ধৰ সংশোধন ৫৭২০১০ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।