ভাৰতৰ ভাষা
১২২ প্ৰবন্ধ
-
মিজো ভাষা
মিজো ভাষা ভাৰতৰ মিজোৰাম ৰাজ্যত প্ৰচলিত এটি ভাষা। ই চীনা-তিব্বত ভাষাপৰিবাৰৰ তিব্বত-বৰ্মী উপপৰিবাৰৰ কুকি-চীন দলৰ এটা ভাষা। মিজোভাষীসকল মূলত মিজোৰামত বাস কৰিলেও তাৰ বাহিৰেও ভাৰতৰ মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যত, বাংলাদেশৰ পাৰ্বত্য চট্টগ্ৰামত আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ চীন পৰ্বত অঞ্চলত মিজো ভাষাভাষীসকল বাস…
-
গাৰো ভাষা
গাৰো ভাষা বা মান্দি ভাষা এটি চীনা-তিব্বতি ভাষা। এই ভাষা ভাৰতৰ মেঘালয় ৰাজ্যৰ গাৰো পাহাৰ অঞ্চলৰ অধিবাসীসকলৰ প্ৰধান ভাষা। ই পাৰ্শ্বৱৰ্তী বাংলাদেশতো প্ৰচলিত। মেঘালয়ৰ প্ৰতিবেশী ৰাজ্য অসমত প্ৰচলিত বড়ো আৰু ৰাভা ভাষাৰ লগত ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে। গাৰো ভাষা লেটিন লিপিৰে লিখা হয়।
-
খাচী ভাষা
খাচী হ'ল এটা অষ্ট্ৰো-এছীয় ভাষা, যিটো ঘাইকৈ ভাৰতৰ মেঘালয় ৰাজ্যত প্ৰচলিত। খাচী ভাষাৰ প্ৰায় ৯ লাখ মানুহৰ সৰহভাগেই মেঘালয় ৰাজ্যত বাস কৰে। অসম আৰু বাংলাদেশতো কিছু সংখ্যক খাচী ভাষাৰ মানুহ আছে। খাচী ভাষাৰ মৌখিক সাহিত্য লোককথা আৰু লোকগাথাৰে সমৃদ্ধ।
-
ককবৰক ভাষা
ককবৰক ভাষা ( তিপ্ৰকাক বা ত্ৰিপুৰী ভাষা বুলিও জনা যায়) ভাৰতৰ ত্ৰিপুৰা ৰাজ্য আৰু চুবুৰীয়া বাংলাদেশত বসবাস কৰা ত্ৰিপুৰী লোকসকলৰ মাতৃভাষা৷ ককবৰক শব্দটো দুটা অংশ লগ হৈ গঠিত। কক মানে "ভাষা" আৰু বৰকৰ অৰ্থ "মানুহ", বিশেষকৈ ত্ৰিপুৰী জাতিৰ মানুহ; অৰ্থাৎ ককবৰক শব্দৰ অৰ্থ ত্ৰিপুৰী মানুহৰ ভাষা।
-
অৱধী ভাষা
অৱধী (দেৱনাগৰী: अवधी, কৈথী: 𑂃𑂫𑂡𑂲), যাক ঔধী বুলিও কোৱা হয়, হৈছে এটা ইণ্ডো-আৰ্য ভাষা যি ইণ্ডো-ইৰাণীয় শাখাৰ অন্তৰ্গত আৰু ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ অংশ। এই ভাষাটো উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ অৱধ অঞ্চলত আৰু পশ্চিম নেপালৰ তেৰাই অঞ্চলত কোৱা হয়।
-
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা
বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা এটা ইণ্ডো-আৰ্য ভাষা। ভাৰতৰ মূলতঃ অসম, ত্ৰিপুৰা, মণিপুৰ আদি ৰাজ্য, বাংলাদেশৰ চিলেট অঞ্চল, ম্যানমাৰ আদি দেশত এই ভাষাটো প্ৰচলিত। বিষ্ণুপ্ৰিয়া মনিপুৰী লোকসকলে নিজৰ ভাষাক ইমাৰ ঠাৰ বা মাতৃভাষা বোলে। এই ভাষা লিখিবৰ বাবে অসমীয়া-বঙালী লিপিৰ ব্যৱহাৰ কৰা হয়।
-
ব্ৰজ ভাষা
ব্ৰজ হৈছে ভাৰত-আৰ্য ভাষা পৰিয়ালৰ ভিতৰৰ এটা ভাষা পশ্চিম উত্তৰ প্ৰদেশৰ ব্ৰজ অঞ্চলত মথুৰাক কেন্দ্ৰ কৰি প্ৰচলিত। আৱাধিৰ লগতে ই উত্তৰ-মধ্য ভাৰতৰ দুটা প্ৰধান সাহিত্যিক ভাষাৰ ভিতৰত অন্যতম আছিল আৰু তাৰ পিছত ক্ৰমান্বয়ে একত্ৰিত হৈ ১৯ শতিকাত মানক হিন্দী ভাষাৰ বিকাশত অৰিহণা যোগাইছিল।
-
ভাৰতীয় ভাষা
ভাৰতৰ ভাষাসমূহ বহুতো ভাষা পৰিয়ালত বিভক্ত, যাৰ ভিতৰত মুখ্য দুটা হৈছে ইণ্ডো-আৰ্য ভাষা (ভাৰত-আৰ্য ভাষা বুলিও কোৱা হয়)—যি ৭৮.০৫% ভাৰতীয়ই কোৱা ভাষাসমূহৰ অন্তৰ্গত; আৰু দ্ৰাবিড় ভাষা—যি ১৯.৬৪% ভাৰতীয়ই ব্যৱহাৰ কৰে। এই দুয়োটা পৰিয়ালক একেলগে কেতিয়াবা ইণ্ডিক ভাষা পৰিয়াল বুলিও কোৱা হয়।
-
ৰাভা ভাষা
ৰাভা ভাৰতৰ চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ ভাষা। ৰাভা জনগোষ্ঠীৰ লোকে এই ভাষা ব্যৱহাৰ কৰে। ৰাভা জনগোষ্ঠী অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম। অসমৰ গোৱালপাৰা জিলা, কামৰূপ জিলা আৰু দৰং জিলাত মূলতঃ এওঁলোকৰ বসতি। তদুপৰি ভাৰতৰ পশ্চিম বংগ আৰু মেঘালয় ৰাজ্যতো ৰাভা জনগোষ্ঠীৰ লোকে ৰাভা ভাষা কয়।
-
ব্ৰজাৱলী ভাষা
মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মা প্ৰমুখ্যে গৱেষক পণ্ডিতসকলৰ মত অনুসৰি ব্ৰজাৱলী ভাষা অসম পঞ্চদশ-ষোড়শ শতাব্দীত মহাপুৰুষ শঙ্কৰদেৱৰ দ্বাৰা নিৰ্মিত আৰু ব্যৱহৃত এক ধৰণৰ সাহিত্যিক ভাষা বিশেষ।
-
হিন্দুস্তানী ভাষা
হিন্দুস্তানী (দেৱনাগৰী: हिंदुस्तानी) হৈছে এটা বহুকেন্দ্ৰিক ভাষা যাৰ দুটা মানক উপভাষা, হিন্দী (অধিকভাৱে সংস্কৃতকৃত) আৰু উৰ্দু (বেছি পৰিমাণে ফাৰ্চী- আৰবীকৃত)।
-
ডিমাছা ভাষা
ডিমাছা ভাষা (Dimasa Language) ভাৰতৰ অসম বিভিন্ন ঠাইত যেনে, নগাঁও, কাৰ্বি আংলং, ডিমা হাচাও আৰু নাগালেণ্ড ৰাজ্যৰ ডিমাছা জনগোষ্ঠী সকলৰ মাতৃভাষা। ডিমাছাসকল ঘাইকৈ ডিমা হাচাও (পূৰ্বৰ উত্তৰ কাছাৰ) জিলাত বাস কৰে৷ ডিমাছাসকল অসমৰ আদিম অধিবাসীসকলৰ অন্যতম৷ ডিমাছাসকল তিব্বত-বৰ্মী শাখাৰ বড়োসকলৰ সৈতে প্ৰায়…
-
দেউৰী ভাষা
দেউৰী ভাষা হৈছে উত্তৰ পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশৰ অধিবাসী দেউৰী জনগোষ্ঠীৰ লোকসকলৰ দ্বাৰা ব্যৱহৃত চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত এটা মান-তিব্বতীয় ভাষা। দেউৰী জনগোষ্ঠীৰ অন্তৰ্ভুক্ত তিনিটা প্ৰধান বংশৰ ভিতৰত কেৱল দিবঙীয়া (Dibongya) নামৰ ঠালটোয়েহে দেউৰী ভাষা বৰ্তাই ৰাখিছে।
-
চাকমা ভাষা
চাকমা ভাষা (; autonym: 𑄌𑄋𑄴𑄟𑄳𑄦 𑄞𑄌𑄴, Changmha Bhach) হৈছে চাকমা আৰু দাইঙেত জনগোষ্ঠীৰ লোকে কোৱা এটা ভাৰত-আৰ্য ভাষা। বাংলাদেশৰ চট্টগ্ৰামীয়া ভাষা, তাঞ্চঙীয়া, ৰাখাইনীয়া আদি ভাষাৰ সৈতে এই ভাষাৰ কিছু মিল আছে।
-
নাগপুৰী ভাষা
নাগপুৰী বা সাদৰী (চাদ্ৰী) এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মুখ্যতঃ ভাৰতৰ ঝাৰখণ্ড, ছত্তীশগঢ়, উৰিষ্যা আৰু বিহাৰ ৰাজ্যত কোৱা হয়। ই ঘাইকৈ ছোটা নাগপুৰ অঞ্চলৰ পশ্চিম আৰু কেন্দ্ৰীয় ভাগত ব্যৱহৃত। কোনো কোনোৱে এই ভাষাক ভোজপুৰীৰ উপভাষা আখ্যা দিয়ে।
-
মগহী ভাষা
মগহী (Kthi) বা মগধী (Kthi) এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগত ব্যৱহাৰ কৰা হয়। নেপালৰ তেৰাঈ অঞ্চলতো মহগী কোৱা হয়। অসমীয়া, বাঙালী আৰু ওড়িয়াৰ দৰে অন্য পূৰ্বী ভাৰতীয়-আৰ্য ভাষাসমূহৰ দৰেই, এই ভাষাৰ জনকো মাগধী প্ৰাকৃত, যাৰ নামৰ পৰাই এই ভাষাৰ নামো আহিছে।
-
হাজং ভাষা
হাজং ভাষা এটা ভাৰত-আৰ্য ভাষা, যাৰ তিব্বত-বৰ্মী ভাষাৰ সৈতেও সম্পৰ্ক আছে। হাজং ১৯৫,০০০ থলুৱা হাজং জনগোষ্ঠীৰ মানুহে কয়, ভাৰতৰ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, পশ্চিম বংগত আৰু বাংলাদেশৰ ময়মনচিং জিলাত। হাজং ভাষাক অসমীয়া লিপিত লিখা হয়।
-
কোচ ভাষা
কোচ হৈছে ভাৰত আৰু বাংলাদেশৰ কোচ লোকসকলে কোৱা এটা তিব্বত-বৰ্মী ভাষা। ভাৰতৰ কোচসকলে মেঘালয়, অসম আৰু উত্তৰ বংগৰ কিছুমান অঞ্চলত তথা বাংলাদেশৰ কোচসকলে বৃহত্তৰ মৈমনসিং জিলাৰ শ্বেৰপুৰ, নেত্ৰকোনা, কিশোৰগঞ্জ, গাজীপুৰ আৰু বৰেন্দ্ৰ অঞ্চলৰ পাবনা, বগৰা, ৰাজশাহী, মালদাহ, ৰংপুৰ, দিনাজপুৰ, জয়পুৰহাট আৰু নাওগাঁও…
-
নাগামিজ
নাগামিজ (Nagamese) নাগালেণ্ডত প্ৰচলিত এটা মিশ্ৰ ভাষা (Creole)। অসমীয়া ভাষাক ভিত্তি কৰিয়েই ইয়াৰ সৃষ্টি হৈছে। তাৰ লগতে বঙালী, হিন্দী, বিভিন্ন নগা ভাষা আৰু আন আন ভাষাৰো কিছু সমলো ইয়াত দেখা যায়। পাঁচ লাখতকৈও বেছি নাগালেণ্ডৰ বিভিন্ন ভাষাৰ মানুহে ইয়াক যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে।
-
অংগিকা ভাষা
অংগিকা, অংগ, অংগিকাৰ বা ছিকা-ছিকী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ বিহাৰ, ঝাৰখণ্ড আৰু নেপালৰ কোনো কোনো অংশত কোৱা হয়। অংগিকা চুবুৰীয়া মৈথিলী, অসমীয়া, বাঙালী, ভোজপুৰী আৰু মগহীৰ সৈতে সম্বন্ধিত। ঐতিহাসিকভাৱে এই ভাষা অংগ লিপি ব্যৱহাৰ কৰি লিখা হৈছিল।
-
কাংগড়ী
কাংগড়ী (টাকৰী লিপিত: 𑚊𑚭𑚫𑚌𑚪𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতত কথিত। এই ভাষা মুখ্যতঃ হিমাচল প্ৰদেশৰ কাংগড়া, উনা আৰু হমীৰপুৰ তথা পাঞ্জাবৰ গুৰদাসপুৰ, ৰূপনগৰ আৰু হোশ্বিয়াৰপুৰত ব্যৱহাৰ কৰা হয়। এই ভাষাৰ সৈতে কাংগড়া উপত্যকাৰ লোক জড়িত। ২০১১ চনত ১১ লাখ কাংগড়ী ভাষী লোক আছিল।
-
কুমাঊঁনী ভাষা
কুমাঊঁনী (कुमाऊँनी, কুমাওনি) এটি ভাৰতীয়-আৰ্য ভাষা যি ২ নিযুততকৈ অধিক লোকৰ দ্বাৰা ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ কুমাঊঁ অঞ্চল আৰু পশ্চিম নেপালৰ ডোটী অঞ্চলত ঘাইকৈ কথিত। ১৯৬১ চনৰ জনগণনাত ১,০৩০,২৫৪ ভাৰতৰ কুমাঊঁনীভাষী লোক চিহ্নিত হৈছিল। এই সংখ্যা বাঢ়ি ২০১১ চনত ২.২ নিযুত হ'ল।
-
গঢ়ৱালী ভাষা
গঢ়ৱালী (গঢ়ৱালী ভাষাত: गढ़वळि, ) এটি ভাৰতীয়-আৰ্য ভাষা যি কেন্দ্ৰীয় পাহাড়ী উপ-গোটৰ। এই ভাষা মুখ্যতঃ হিমালয়ী ৰাজ্য উত্তৰাখণ্ডৰ গঢ়ৱাল প্ৰান্তত গঢ়ৱালী লোকে কয়। গঢ়ৱালীৰ কেইবাটাও স্থানীয় উপ-ভাষা আছে।
-
মৰাণ ভাষা
মৰাণ ভাষা (Moran language) বড়ো-গাৰো পৰিয়ালৰ অন্তৰ্গত আৰু পূৰ্ব্বতে উত্তৰ পূব ভাৰতৰ অসম (বিশেষভাৱে তিনিচুকীয়া জিলা)-ত কথিত এটা বিলুপ্ত ভাষা। এই ভাষা অসমৰে আন এক ভাষা ডিমাছাৰ সৈতে সম্পৰ্কিত। তথ্য অনুসৰি মৰাণভাষী লোকৰ সংখ্যা ১৯০১ চনৰ লোকপিয়লত ৭৮, ১৯১১ চনত ২৪ আৰু ১৯৩১ চনত ০ আছিল।
-
আদি ভাষা
আদি হৈছে চীন-তিব্বতীয় শাখাৰ তিব্বত-বৰ্মী ভাষাৰ অন্তৰ্গত এটা ভাষা। এই ভাষা প্ৰধানকৈ অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে। এই ভাষাক আবৰ, আবৰ-মিৰি বা লহ'বা নামেও জনা যায়।
-
কুলূঈ
কুলূঈ বা কুলৱী (টাকৰী লিপিত: 𑚊𑚰𑚥𑚷𑚱𑚃/𑚊𑚰𑚥𑚷𑚱𑚦𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা যি ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যত ঘাইকৈ ব্যৱহাৰ কৰা হয়।
-
চম্বয়ালী
চম্বয়ালী (টাকৰী লিপিত: 𑚏𑚢𑚶𑚠𑚣𑚭𑚥𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা যি উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশৰ চম্বা জিলাত ঘাইকৈ ব্যৱহাৰ কৰা হয়।
-
ছত্তীছগঢ়ী ভাষা
ছত্তীছগঢ়ী ভাষা (छत्तीसगढ़ी) হৈছে এটা ইন্দো-আৰ্য ভাষা, যাক প্ৰায় ১৬.২৫ মিলিয়ন লোক ভাৰতৰ ছত্তীছগঢ়, ওড়িশা, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰত ব্যৱহাৰ কৰে। ই হিন্দীৰ সৈতে একেলগে ছত্তীছগঢ় ৰাজ্যৰ সহ-অধিকাৰিক ভাষা।
-
প্ৰাকৃত ভাষা
প্ৰাকৃত ভাষা (Prakrit language) খ্ৰীষ্টপূৰ্ব প্ৰায় ৫ম শতিকাৰ পৰা দ্বাদশ শতিকালৈকে ভাৰতীয় উপমহাদেশত ব্যৱহৃত স্থানীয় ধ্ৰুপদী মধ্য ভাৰত-আৰ্য ভাষাৰ এটা গোট।প্ৰাকৃত শব্দটো সাধাৰণতে পালিৰ বাহিৰে মধ্য ইন্দো-আৰ্য ভাষাৰ মাজৰ সময়ছোৱাত প্ৰয়োগ কৰা হয়।
-
বজ্জিকা ভাষা
বজ্জিকা এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা প্ৰকাৰ যি পূৰ্বী ভাৰত আৰু নেপালৰ কোনো কোনো অংশত ব্যৱহাৰ কৰা হয়। এই ভাষা মৈথিলীৰ সৈতে ওচৰেৰে সম্বন্ধিত আৰু ইয়াক অনেকে মৈথিলীৰ উপভাষাও জ্ঞান কৰে।