অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ডেক্কানী ভাষা

ডেক্কানী ভাষা দক্ষিণ মধ্য ভাৰতৰ ডেক্কান অঞ্চলত কথিত হিন্দুস্তানী ভাষাৰ ওপৰত আধাৰিত এটা ইণ্ডো-এৰিয়ান ভাষা আৰু ই ডেক্কানী লোকসকলৰ মূল ভাষা। ডেক্কানীৰ ঐতিহাসিক ৰূপে মোগল যুগৰ শেষৰ ফালে উৰ্দু সাহিত্যৰ বিকাশৰ সূচনা কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৪৪ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ডেক্কানী ভাষা১২৩ দক্ষিণ মধ্য ভাৰতৰ ডেক্কান অঞ্চলত কথিত হিন্দুস্তানী ভাষাৰ ওপৰত আধাৰিত এটা ইণ্ডো-এৰিয়ান ভাষা আৰু ই ডেক্কানী লোকসকলৰ মূল ভাষা।৪৫ ডেক্কানীৰ ঐতিহাসিক ৰূপে মোগল যুগৰ শেষৰ ফালে উৰ্দু সাহিত্যৰ বিকাশৰ সূচনা কৰে।৬৭ উত্তৰ দিশৰ পৰা হোৱা বাণিজ্যৰ বিস্তাৰ আৰু প্ৰব্ৰজনে ডেক্কানত দিল্লী আৰু বাহমণি চুলতানীৰ পৃষ্ঠপোষকতাত হিন্দুস্তানীৰ প্ৰৱৰ্তন হৈছিল আৰু ই এক সংযোগী ভাষা হিচাপে গঢ় লৈ উঠিছিল। পিছলৈ ডেক্কান চুলতানীৰ পৃষ্ঠপোষকতাত এই ভাষাত এক সাহিত্যিক পৰম্পৰা গঢ়ি তুলিছিল। ডেক্কানীয়ে নিজেই আধুনিক মানদণ্ডৰ উৰ্দু আৰু পিছলৈ হিন্দীকো প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰে।৮

ডেক্কান চুলতানীৰ চৰকাৰী ভাষা আছিল পাৰ্চী আৰু সেই বাবেই ডেক্কানীত পাৰ্চী ভাষাৰ প্ৰভাৱ পৰিছে। আধুনিক যুগত সাহিত্যিক ভাষা নহয় যদিও বেছিভাগ মানুহৰ কথিত ভাষা হিচাপে ই জীয়াই আছে। মধ্যকালীন যুগৰ পৰা চলি অহা পুৰাতনতাৰ বাবে উত্তৰৰ হিন্দুস্তানী ভাষাৰ সৈতে ডেক্কানী পৃথক; লগতে তেলংগানা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ কিছু অংশত কোৱা তেলেগু, তামিল, কন্নড়. মাৰাঠীৰ দৰে ডেক্কানৰ আঞ্চলিক ভাষাৰ সৈতে অভিসৰণ আৰু ধাৰে লোৱা শব্দৰ কাৰণেও এই পৃথকতা দেখা যায়। ডেক্কানী মান্য উৰ্দুৰ দ্বাৰা ক্ৰমান্বয়ে প্ৰভাৱিত হৈছে, বিশেষকৈ হায়দৰাবাদী উৰ্দুত লক্ষ্য কৰা হৈছে।

আজিৰ দিনত কথিত ডেক্কানী ভাষাৰ তিনিটা প্ৰাথমিক উপভাষা আছে- হায়দৰাবাদী উৰ্দু, মহীশূৰী উৰ্দু, আৰু মাদ্ৰাচী উৰ্দু। এই উপভাষাসমূহৰ ভিতৰত হায়দৰাবাদী উৰ্দু হৈছে মান্য উৰ্দুৰ আটাইতকৈ ওচৰৰ আৰু আটাইতকৈ বেছিকৈ কোৱা হয়।

"ডেক্কানী" শব্দটো আৰু ইয়াৰ ভিন্নতাসমূহ প্ৰায়ে দুটা ভিন্ন প্ৰসংগত ব্যৱহাৰ কৰা হয়: এটা ঐতিহাসিক, অপ্ৰচলিত, মধ্যযুগৰ সাহিত্যিক পূৰ্বসূৰী হিন্দী-উৰ্দুক বুজায়;৯ আৰু এটা মৌখিক উৰ্দুক বুজায়, যি আজি ডেক্কানৰ বহু অঞ্চলত প্ৰচলিত উপভাষা।১০ দুয়োটা প্ৰসংগৰে জটিল ঐতিহাসিক সম্পৰ্ক আছে।

মূল

আধুনিক হিন্দুস্তানীৰ পূৰ্বসূৰী হিচাপে১১ ডেক্কানীৰ উৎপত্তি দিল্লীৰ আশে-পাশে প্ৰচলিত সংযোগী ভাষাৰ পৰা হৈছে, যাক তেতিয়া দেহলৱী নামেৰে জনাজাত আৰু বৰ্তমান পুৰণি হিন্দী বুলি কোৱা হয়। চতুৰ্দশ শতিকাৰ আৰম্ভণিতে আলাউদ্দিন খিলজীৰ সামৰিক আগ্ৰাসনৰ জৰিয়তে ডেক্কান অঞ্চলত এই উপভাষা প্ৰৱৰ্তন কৰা হয়।১২ ১৩২৭ খ্ৰীষ্টাব্দত মহম্মদ বিন টোঘলকে নিজৰ চুলতানীৰ ৰাজধানী দিল্লীৰ পৰা দৌলতাবাদলৈ (বৰ্তমানৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ঔৰংগাবাদৰ ওচৰত) স্থানান্তৰিত কৰে আৰু যাৰ ফলত এক বৃহৎ গণ প্ৰব্ৰজনৰ সৃষ্টি হয়। ৰাজ্য পালক, সৈনিক আৰু সাধাৰণ লোকসকলৰ যোগেদি এই উপভাষাটো লৈ দক্ষিণলৈ গুচি যায়।১৩ এই সময়ত আৰু পৰৱৰ্তী কেইটামান শতিকালৈকে উত্তৰ ভাৰতীয় উপমহাদেশৰ সাংস্কৃতিক কেন্দ্ৰসমূহ পাৰ্চী ভাষাৰ আধিপত্য চলি আছিল।১৪

১৩৪৭ খ্ৰীষ্টাব্দত দৌলাতাবাদক ৰাজধানী হিচাপে লৈ বাহমনী চুলতানী গঠন কৰা হয়। পিছলৈ ৰাজধানী গুলবাৰ্গ আৰু পুনৰবাৰ ১৪৩০ চনত বিদাৰলৈ স্থানান্তৰ কৰা হয়। এই সময়লৈকে এই উপভাষাই অঞ্চলটোৰ নামৰ পৰাই দখনী নাম লাভ কৰিছিল আৰু এই অঞ্চলৰ বিভিন্ন লোকৰ মাজত এটা সংযোগী ভাষালৈ ৰূপান্তৰিত হৈছিল, মূলতঃ মুছলমানসকলে স্থায়ীভাৱে বসতি স্থাপন কৰা অঞ্চলটোত। বাহমনীসকলে পাৰ্চী ভাষাক বহু পৰিমাণে পৃষ্ঠপোষকতা কৰিছিল, আৰু ডেক্কানীৰ বাবে কোনো উল্লেখযোগ্য পৃষ্ঠপোষকতা দেখুওৱা হোৱা নাছিল।১৫ কিন্তু তেওঁলোকৰ ১৫০ বছৰীয়া শাসনকালত দৰবাৰৰ বাহিৰত এক স্থানীয় ডেক্কানী সাহিত্য সংস্কৃতিৰ বিকাশ ঘটিছিল, কিয়নো এই ভাষাত ধৰ্মীয় গ্ৰন্থ ৰচিত হৈছিল। অঞ্চলটোৰ চুফীসকল (যেনে শ্বাহ মিৰাঞ্জী) ডেক্কানীৰ এক গুৰুত্বপূৰ্ণ বাহক আছিল; তেওঁলোকে ইয়াক তেওঁলোকৰ প্ৰচাৰত ব্যৱহাৰ কৰিছিল। কাৰণ আঞ্চলিক ভাষাসমূহ সাধাৰণ জনসাধাৰণৰ বাবে পাৰ্চীতকৈ অধিক সুলভ আছিল।১৬

তথ্যসূত্ৰ

  1. ↑ Kellman, Steven G.; Lvovich, Natasha. (2021). The Routledge Handbook of Literary Translingualism. Routledge. ISBN 978-1-000-44153-6
  2. ↑ Khan, Abdul Jamil. (2006). Urdu/Hindi: An Artificial Divide: African Heritage, Mesopotamian Roots, Indian Culture & Britiah Colonialism. Algora Publishing. ISBN 978-0-87586-438-9
  3. ↑ Alam, Sarwar. (2019). Cultural Fusion of Sufi Islam: Alternative Paths to Mystical Faith. Routledge. ISBN 978-0-429-87294-5
  4. ↑ Social History — 1750-1780: Document. Museum of London
  5. ↑ Hirschmann, Edwin. (11 December 2019). The Accidental Viceroy: Robert Lytton in India. Rowman & Littlefield. পৃ. 41. ISBN 978-1-4985-9853-8
  6. ↑ Emeneau, Murray B.; Fergusson, Charles A. (2016). Linguistics in South Asia. Walter de Gruyter GmbH & Co KG. ISBN 978-3-11-081950-2
  7. ↑ Imam, Syeda. (2008). The Untold Charminar. Penguin UK. ISBN 978-81-8475-971-6
  8. ↑ Alam, Sarwar. (2019). Cultural Fusion of Sufi Islam: Alternative Paths to Mystical Faith. Routledge. ISBN 978-0-429-87294-5
  9. ↑ Urdu-Phonology and Morphology
  10. ↑ Kama Maclean. (26 September 2021). Language and Cinema: Schisms in the Representation of Hyderabad
  11. ↑ Matthews, David. Urdu. Encyclopaedia Iranica
  12. ↑ (1957). A History of the Freedom Movement:Being the Story of Muslim Struggle for the Freedom of Hind-Pakistan, 1707–1947. Pakistan Historical Society
  13. ↑ Schmidt, Ruth L. (1981). Dakhini Urdu: History and Structure. পৃ. 3 & 6
  14. ↑ Digby, Simon. (2004). Before Timur Came: Provincialization of the Delhi Sultanate through the Fourteenth Century. Journal of the Economic and Social History of the Orient. পৃ. 333–335
  15. ↑ Eaton, Richard. (2005). A Social History of the Deccan, 1300–1761. The New Cambridge History of India. Cambridge University Press. পৃ. 142–144. ISBN 9780521254847
  16. ↑ Faruqi, Shamsur Rahman. (2003). Urdu Literary Culture, Part 1. Literary Cultures in History. Reconstructions from South Asia.. University of California Press. পৃ. 837 & 839. ISBN 0520228219

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভাষাঅন্ধ্ৰপ্ৰদেশৰ সংস্কৃতিতেলংগানাৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেক্কানী ভাষা” প্ৰবন্ধৰ সংশোধন ৬৩১৭৫১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।